প্ৰথমজাক বৰষুণতেই
নদীখন গাভৰু হৈছিল
জীপাল মাটিত
সেউজীয়া বোৰে গোঁজ পুতিছিল
খেতিয়কৰ
ভৰুণ সপোনটো
ঠন ধৰি উঠিছিল
মেঘৰ গাজনিত
ক্ৰমান্বয়ে-
নদীখনৰ পাৰ ভঙা যৌৱনে
নৈপৰীয়া মানুহজাকৰ
সপোনবোৰ উটুৱাই নিছিল
তথাপি-
মাটি আৰু মানুহে
সেইজাক বৰষুণতেই তিতি
জুৰুলি-জুপুৰিহৈ
গাইছিল
বাৰিষাৰ একেটিগান।।
– অপৰাজিতা বড়া,
তেজপুৰ বিশ্ববিদ্যালয়