জোনটো সম্পূৰ্ণ হোৱা নাই
হয়তো সেয়ে আকাশখন শুৱনি দেখা নাই ||
পচোৱা বৈছে
লগে লগে অশ্ৰু নৈয়ে বাট ভেটিছে ;
স্তব্ধ শিল এটাৰ বুকুত বহি পৰিছোঁ
চিঞৰিছে যেন এনে লাগিছে
“উঠ মই দুখ পাইছো”
মন গৈছে কব হৃদয় মোৰো আছে ,
কষ্ট মইও পাইছো ,
কান্দিব মইও বিচাৰো
নো ……..ৱা……. ৰো কিয় ??
কৰ্তব্যৰত আৰু সেয়ে অধিকাৰচ্যুত ||
– নয়নী নাথ চৌধুৰী
কটন ৰাজ্যিক বিশ্ববিদ্যালয়