ওখ টিলা এটাৰ পৰা চালে তোমাক বোৱতী নৈ এখনৰ দৰে দেখি
তোমাক বৈ থকা চাবলৈকে মই পাহাৰটোলৈ গুচি আহিলোঁ।
দূৰণিৰপৰা চালে তোমাক উজলি থকা তৰা এটা হেন লাগে
তোমাক তৰা হোৱা চাবলৈকে মই এই দূৰণিলৈ গুচি আহিলোঁ ।
ক’ৰ’বাৰ পৰা ভাঁহি অহা শব্দবোৰৰ ভাঁজত তোমাৰ মাতষাৰ লাগি অহা যেন লাগে
প্ৰতিধ্বনিত প্ৰতিটো শব্দক চুই চাবলৈকে মই গুছি আহিলোঁ এই নিজান উপত্যকাটোলৈ ।
একা-বেঁকা বাটটোৰে গৈ থাকোঁতে ক’ৰ’বাত তোমাক লগ পাই যাম যেন লাগে
সেইবাবেই মই আজিও খোজকাঢ়ি থাকিলোঁ একেটা বাটত
ব’হাগে- শাওণে- আঘোণে- ফাগুনে …
পূৰ্ণিমা বৰুৱা,
গৱেষক ছাত্ৰী, ৰসায়ণ বিজ্ঞান বিভাগ,
তেজপুৰ বিশ্ববিদ্যালয়