তাই যেতিয়া মোৰ সংগ ত্যাগ কৰিলে
মধ্যাহ্ন আহাৰ গ্ৰহণৰ পিছত
মই পঢ়িলো এটি-দুটি মুহুৰ্ত্ত
কিন্তু, আচম্বিতে মই তাইক আকৌ চাব খুজিছিলোঁ ৷
আৰু মই চকুৰে দেখিছিলোঁ
তাইৰ আধা খোৱা চেণ্ডিউইচ
ৰুটি
লেইটুচ আৰু চালামি
সকলোবোৰ খাদ্য-সম্ভাৰতে জলমলাই আছিল
তাইৰ দাঁতৰ কামোৰৰ দাগ ৷