আকাশীতৰা তুমি ফাগুন হৈ নাহিবা
নীলিমাৰ আচলেৰে আবেলি পৰত
এতিয়া বসন্ত নামিব,
কপৌৱে বতাহক চুমা দিব
সময়ে গাব কেঁচা কলিজাৰ নিনাদ
আৰু আমি লিখিম আমাৰ ৰূবায়ত ভালপোৱাৰ ।
তোমাৰ নামত আকাশ কিনাৰ সপোন,
দুৰন্ত হেপাহে খেদি ফুৰিছে মোক
তুমি আকাশখন ভাল পাইছিলা
আকাশখন নীলা আছিল, বিশাল আছিল,
কপৌটোৱে নিজৰ ঘৰ পাইছিল
অব্যক্তে মেলি দিছিল ভালপোৱাৰ পোহাৰ ।
উৱলি যোৱা আশাৰ ভাজে ভাজে
ভালপোৱাৰ কেঁচা হাতোৰাই লিপলিপাই ফুৰিছে
তাত আছিল,
এডাল লঙঠা সাউৰা, এখন জলন্ত ৰঙা চিতা ।
আমাৰ ৰূবায়ত, তুমি শুনিবানে ?
বসন্তৰ পৰশত আকাশে ৰং সলালে
পথাৰৰ বুকুত গোলাপ ফুলিলে
সপোনবোৰে পাহি মেলি হেঙূলী হল
মাথো ৰাতিপুৱাৰ বেলিতোৱে ৰঙাকৈ ফোঁট আঁকিলে
আৰু কপৌজনীয়ে উৰি আহি জিৰালে
জলি থকা চিতাখনৰ কাষৰ লঙঠা সাউৰাডালত ।
: সীমান্ত কলিতা