বুকুত আলফুলে, সাংগোপনে বাহৰ পাতে সপোনে ৷ সপোনে বাহৰ পাতিল কি নাপাতিল সেই সপোনৰ চকমকনিত দুচকুত তিৰবিৰাই উঠে আশা ৷ সপোনৰ চকমকনি-আশাৰ তিৰবিৰণিত প্ৰাণ পাই উঠে জীৱন ৷ আনহাতে সপোনহীনতাৰ ৰোগেৰে ৰোগগ্ৰস্ত হৃদয়ৰ গৰাকীজনৰ আকৌ ‘জীৱন’ বুলিবলৈ একোৱে নাথাকে ৷ তেওঁলোক পদাৰ্থৰ নিচিনা – নিস্প্ৰাণ, নি:থৰ, নিৰস ৷
আমি আশাবাদী ৷ আমাৰ আছে প্ৰাণ-চঞ্চলতাৰে ভৰা যৌৱনময়ী সপোন ৷ উছ্বাহ আৰু আত্মবিশ্বাসেৰে ভৰা যৌৱনৰ এই পথাৰত আমি সিচিব বিচাৰিছোঁ ‘সন্ধান’ নামৰ এই বীজ ৷ ‘সন্ধান’ৰ মাজেৰে আমি সন্ধান কৰিব বিচাৰিছো আমাৰ সাংস্কৃতিৰ ঘাই শিপাডাল, সেই শ্ৰদ্ধাভাজন ব্যক্তিসকল যি দুৰ্ভাগ্যজনক ভাৱে আমাৰ অচিনাকি অথচ তেওঁলোকৰ কৃত-কৰ্মৰ মাজেৰে অসম চহকী, অসমৰ নানা প্ৰতিবন্ধকবোৰ তথা সেইবোৰ আতৰাৰ পৰা পথ তথা কিছু নতুন চিন্তা আৰু কিছু নতুন প্ৰতিভা …
ৰাইজে নখ জোকাৰিলে নৈ বয় ৷ আমিও তেনে এখন নৈয়ে হ’ব বিচাৰিছো ৷ নৈৰ সাগৰ-মুখী যাত্ৰাৰ লেখীয়া আমাৰ এই সপোন অভিমুখে যি যাত্ৰা সেই যাত্ৰা তেনেই স্ববিৰ-অৰ্থহীন হৈ পৰিব যদিহে আমি ৰাইজ মানে শ্ৰদ্ধাৰ পাঠক –লেখক তথা সৰ্বস্তৰৰ লোকৰ সঁহাৰি নাপাও ৷ আমি আশাবাদী ৷ এবুকু সপোন লৈ আশাৰ নাওঁখনেৰে আমি আৰম্ভ কৰিছো ‘সন্ধান’ৰ এই যাত্ৰা ৷ এই যাত্ৰাত বিচাৰিছো আপোনালোকৰ মৰমভৰা সঁহাৰি, আশীষ আৰু দিক-দৰ্শন …
-প্ৰণৱ ঠাকুৰীয়া
সম্পাদক, সন্ধান