— “ছিঃ!! কি কৰি থাকা তুমি! নিশাৰ আন্ধাৰতো তুমি যদি মোক দহজনী ছোৱালীৰ হাতৰ মাজৰ পৰা তোমাৰ হাতখন বিচাৰি উলিয়াবলৈ দিয়া, তেন্তে মই কাকো নেদেখাকৈয়ে কেৱল হাত কেইখন চুইচায়েই কৈ দিব পাৰিম— সেইখন তোমাৰ হাত। অথচ তুমি সদায় সদায় এনেকৈ ফেচবুকত কি অদৰকাৰী এপলিকেচনবোৰত “তোমাৰ প্ৰেমিকে তোমাক কিমান শতাংশ ভালপাই” সেইটো উলিয়াই উলিয়াই একাউণ্টটো হেক কৰিবলৈ দিয়া হা??”
— “হুহ!! কি ডায়েলগ তোমাৰ!!” — প্ৰেমিকা গৰাকীয়ে উত্তৰ দিলে— “অকল ডায়েলগ ডায়েলগ! নিশাৰ আন্ধাৰতো হাত চুই কৈ দিব পাৰে কাৰ হাত!! তুমি নাটক নিলিখা কিয়? তুমি লিখা চোন লিখা, অন্ততঃ মই পঢ়িম তোমাৰ নাটক।”
— “ঠাট্টা কৰিছা? চাই থাকা, এদিন লিখিম মই নাটক! কেৱল তুমি নহয়, আনেও পঢ়িব বা চাব মোৰ নাটক, বুজিছা?”
— “অ’………, মই ধেমালীহে কৰিছিলোঁ। ছ’ৰী…..। প্লিজ…., এইটো কথাত বেয়া নাপাবা…। আৰু শুনা, তুমি লিখিব্বই লাগিব নাটক, এইবাৰ মইয়েই লিখ্খাইহে এৰিম তোমাৰ পৰা নাটক।”
— “হাঃ হাঃ । ঠিক আছে বাৰু । কিন্তু এই অদৰকাৰী এপলিকেচনবোৰত তুমি আৰু ক্লিক কৰি নাথাকিবা।”
— “বাৰু। নকৰোঁ। কিন্তু তুমি নিশাৰ আন্ধাৰত দহজনী ছোৱালীৰ হাতৰ মাজৰ পৰা মোৰ হাতখন বিচাৰি উলিয়াই দেখুৱাব লাগিব। পাৰিবা? মই নিজে গোটাই আনিম ছোৱালী। এনেই ডায়েলগ মাৰি লাভ নাই, গম পাইছা? মোক ইমান ভালপোৱা হ’লে আছিলেই!!”
— “এইটো তেনেই সাধাৰণ কথা। ইয়াত মই তোমাক ভালপোৱাৰ কথা নাহেই।”
— “কি?? তাৰ মানে তুমি মোক ভাল নোপোৱা?”
— “অ’হ হ’….. সেইটো কেতিয়া ক’লোঁ আকৌ মই!! এইবোৰ বাদ দিয়া, সোনকালে তুমি ছোৱালী কেইজনী গোটাই আনা।”
— “অ’ অ’ অ’…., কথাটো সেইটো! ৯ জনী বেলেগ ছোৱালীৰ হাত চুবলৈ পাবতো, সোনকালে গোটাই আনিব লাগে??”
— “হ’ব নালাগে। হ’লটো? একো প্ৰমাণ চাব নালাগে।”
— “নহ’ব। চাম মই প্ৰমাণ। একদম মোৰ জোখৰ জোখৰ হাত চাই ৯ জনী ছোৱালী মাতি আনিম। চাওঁ তুমি মোৰ হাতখন উলিয়াব পাৰা নে নাই।”
ছোৱালীজনী দেখিবলৈ ধুনীয়া, আৰু তাইৰ ফেচবুকৰ প্ৰায়কেইটা এলবামৰ ফটোবোৰৰ privacy option টো ‘Only Me’ বা “Close Friends” বাছি থোৱা আছে। গতিকে সেই তেনেকুৱা এপলিকেচন এটা খোচৰাৰ পাছতেই এপলিকেচনটো নিৰ্মাণ কৰা ডেকামখাই তাইৰ পাছৱৰ্ড আদিলৈ তাইৰ ফটোবোৰ মহতীয়াই চাই ডাউনল’ড কৰি পেলাই, আৰু কেতিয়াবা য’লৈ-ত’লৈ মেছেজো দিদিয়ে। ফলত তাই এনেই অজৱ পৰিস্থিতি একোটাৰ মুখামুখি হৈ পুনৰ পাছৱৰ্ড সলোৱা বা একাউণ্টটো ডিলিট কৰি নতুন এটা খুলিবলগীয়া হোৱা আদি অৱস্থা সঘনাই হৈ থাকে। বহুবাৰ বুজাই হাক দিয়াৰ পাছতো নুশুনা বাবে তাইক আজি প্ৰেমিকজনে ধেমালীতে খং কৰা নিচিনাকৈ, আৰু লগতে অলপ জোকোৱা নিচিনাকৈ কথাখিনি কওঁতেই পৰীক্ষাটোৰ মুখামুখি হ’বলগীয়া হ’ল।
তেওঁলোকৰ প্ৰতিষ্ঠানত প্ৰযুক্তিউৎসৱ (Technology festival) চলি আছে। নিশালৈ জনপ্ৰিয় প্ৰখ্যাত শিল্পীৰ সংগীতানুষ্ঠান আয়োজন কৰা হৈছে। গতিকে এই নিশাতেই প্ৰমাণটো চোৱাৰ সিদ্ধান্ত হৈ গ’ল। নিশা গীতৰ চেৱে চেৱে সকলোৱে নাচ-বাগ কৰি থাকোঁতেই প্ৰেমিকাগৰাকীয়ে পূৰ্ব-পৰিকল্পনামতে লগৰ ৯জনী ছোৱালীক লগতলৈ প্ৰেমিকজনক গছৰ ছাঁ পৰি অলপ আন্ধাৰ হৈ থকা ঠাইকণলৈ লৈ গ’ল। ক’লা ৰুমাল এখনেৰে তাই প্ৰেমিকৰ মুখখনো বান্ধি দিলে। আটাইকেইগৰাকী অন্তৰংগ বন্ধু-বান্ধৱী হোৱা বাবে খেলখন বৰ মধুময় হৈ উঠিল। এগৰাকী এগৰাকীকৈ প্ৰতি গৰাকীয়ে তেওঁক হাতখনত ধৰিবলৈ দি গ’ল। পাৰ হৈ যোৱা প্ৰতি গৰাকীৰে হাতত কেই ছেকেণ্ড মান সময় ধৰি থাকি তেওঁ হাত কেইখন এৰি এৰি দিলে, কিন্তু ৮ নম্বৰৰ যুৱতীগৰাকীৰ হাতখনত কিছু সময় ধৰি থাকোঁতেই তেওঁ মুখৰ বান্ধটো খুলি পেলালে, আৰু লগে লগেই ‘জিকিলোঁ’ বুলি চিঞৰি উঠিল। কাণ্ডটো দেখি লগৰ কেউ গৰাকীয়ে গিৰ্জনী মাৰি হাঁহিবলৈ ধৰিলে। আৰু প্ৰেমিকাগৰাকীয়ে লাজতে সেমেনা সেমেনি কৰি থাকিল….। এইবাৰ তাই কুটুৰি কুটুৰি সোধাত লাগিল— “সেইখন মোৰ হাত বুলি কেনেকৈ গম পালা তুমি?” “কেনেকৈ গম পালা তুমি?”…….. নকওঁ নকওঁ বুলি কৈ কৈ অৱশেষত প্ৰেমিকজনে ক’বলৈ বাধ্য হ’ল— “সবেই মোৰ হাতত বন্ধুৱে হেণ্ডচেক দিয়াৰ নিচিনাকৈ ধৰি গৈছে….; আৰু মই কিছু সময় তেওঁলোকৰ হাতত ধৰি থাকোঁতেও তেওঁলোকৰ হাতত একো পৰিবৰ্তন নাই…; কাৰোবাৰ অলপ পৰিৱৰ্তন আহিলেও সেই পৰিৱৰ্তনে মোক কঁপাব পৰা নাই। কিন্তু তুমি মোৰ হাতত ধৰাৰ লগে লগেই তোমাৰ হাতৰ সেই একেই চিনাকি লৰচৰ….; আৰু মই কিছু সময় তোমাৰ হাতত ধৰি থকাত তোমাৰ হাতখনে আৱেগত মোৰ হাতত ধৰি মনে নধৰিম বুলি বেছিকৈ লৰচৰ কৰিবলৈ আৰম্ভ কৰিছিল, আৰু শেষৰ পিনে তুমি হাতখন নিজে আঁতৰাই নিয়া নিচিনা কৰিবলৈ আৰম্ভ কৰিছিলা…..। গতিকে সেইখনেই মই বিচাৰি থকা হাতখন বুলি মই গম পাই গ’লোঁ….।” কথাখিনি শুনি প্ৰমিকাগৰাকী মনে মনে থাকিল, আৰু তাই কল্পনা কৰিবলৈ আৰম্ভ কৰিলে— এই মুহূৰ্তত এই নিশাৰ এই মুকলি ঠাইখিনিত তেওঁলোক দুজনৰ বাহিৰে যদি আজি আন কোনো মানুহ নাথাকিলহেঁতেন………
– পংকজ জ্যোতি মহন্ত,
গৱেষক, গুৱাহাটী বিশ্ববিদ্যালয়,