¤পাঠঃ এক¤ ¤
আমি গোর্খাঃ নেপালী নহয়
प्रिय मित्र स्वागतम! অসম তথা ভাৰতৰ নেপালী ভাষীসকল গোর্খা নামে পৰিচিত। জাতিৰ ক্ষেত্রত নেপালী শব্দ ব্যৱহাৰ নকৰে। আমি নিজকে “অসমীয়া গোর্খা” বুলি পৰিচয় দি গর্ববোধ কৰো । অসম চৰকাৰে অসমৰ গোর্খাসকলক খিলঞ্জীয়া জাতিত অন্তর্ভুক্ত কৰিছে আৰু “গোর্খা উন্নয়ন পৰিষদ” গঠন কৰি দিছে। অসমত য’তেই গোর্খা ৰাইজে স্থায়ীভাবে বসবাস কৰিছে তাতেই অসমীয়া মাধ্যমৰবিদ্যালয় স্থাপন কৰি অসমীয়া ভাষাতেই শিক্ষা দীক্ষা গ্রহণ কৰি আহিছে। এই অসমীয়া শিক্ষানুষ্ঠান সমূহ স্থাপন কৰাত অসমীয়াৰ পাছতেই অসমীয়া গোর্খাৰ স্থান আছে। ১৯৯২ চনৰ ২০ আগষ্ট তাৰিখে নেপালী ভাষাক ভাৰতৰ সংবিধানৰ ৮ম অনুসূচীতঅন্তর্ভূক্ত কৰা হয় । এতিয়া অসমত থকা প্রায়বোৰ সংঘ সংগঠনৰ নামত গোর্খা শব্দ ব্যৱহাৰ কৰা হৈছে । যেনেঃ সদৌ অসম গোর্খা ছাত্র সংঘ, অসম গোর্খা সন্মিলন আদি । অসমৰ গোর্খা সমাজ জীৱনত বহুতো অসমীয়া শব্দ ব্যৱহাৰ কৰা দেখা যায়। আচলতে নেপালী শব্দবোৰ পাহৰি গৈছে । অসমীয়া গোর্খা সাহিত্যিকে এইবোৰ শব্দ লিখিত ৰূপতো ব্যৱহাৰ কৰিব লৈছে । যেনেঃ
পাকঘৰ-पाकघर, বেঙেনা-बैगुन, হালধী-हर्दि, নিমখ-निमक, টেঙা-टेङा, জাপি-जापि, জবকা-जप्का, ফালি-फालि, খেৰ-खर, লাউ-लाउ, ফুলকবি – फूलकोपि, বন্ধাকবি-बन्दकोपि, কল-कोल, গোহালি-गोवाली, পঘা-पघा, ঔটেঙা-औटेङा, দাদা-दादा, দর্জা-दर्जा, পীৰা-पीरा, বাৰান্দা-बरन्दा, আলি-आलि, চাং-चाङ, গাখীৰ-गाखीर, গছ-गाछ, পুলি-पुली, ঘৰভেটী-घरभेटी, চকী-चौकि, মেজ-मेच, বেজী-बेजी, যেনেতেনে-जेनेतेने, পোৱালী-पोवाली, বগা-बोगे, বগী-बोगी, কপৌ-कपौ মেজিঘৰ-मेजिघर, বনভাত-बनभात, শৰাই-खराइ, পাংখা-हम्का, ৰিহা-रिहा, মেখেলা-मेखेला, খোপা-खोपा, গামচা-गाम्चा, আৰু-अरु, আদি…..! ¤¤¤
ক্রমশঃ
– ইন্দ্রকান্ত কাৰ্কী