সম্পাদকীয় : ২য় বৰ্ষ, ১১ম সংখ্যা

0

সচৰাচৰ আমাৰ সামাজিক ক্ষেত্ৰখনত কেতবোৰ তুলনাত্মক কথা মানুহবোৰৰ মুখে মুখে প্ৰায়ে শুনা যায় ৷ উদাহৰণস্বৰূপে অমুকৰ ল’ৰাজন ক’লা বৰণৰ; অমুকৰ ছোৱালীজনী দেখাত কম ধুনীয়া; কাৰোবাৰ তুলনাত কোনোবা বেছি চোকা; কোনোবা বেছি ধনী ইত্যাদি ইত্যাদি ৷ অৱশ্যে ভাৰতৰ দৰে গণতান্ত্ৰিক দেশ এখনত ক’থা কোৱাৰ অধিকাৰ আমি কাৰো পৰাই কাঢ়ি আনিব নোৱাৰো বা তেনে কৰাটো উচিতো নহয়৷ কিন্তু ভাৰতৰ দৰে এক পৰিয়ালতান্ত্ৰিক পদ্ধতিত এনেকুৱা ধৰণৰ কথাই উঠি অহা যুৱ চাম আৰু বিশেষকৈ সৰু সৰু ল’ৰা-ছোৱালীৰ মনত এক বেয়া প্ৰভাৱ পেলাই আৰু এই প্ৰভাৱে তেওঁলোকৰ নিজা নিজা ব্যৱহাৰৰ মাজেৰে ফুটি উঠা পৰিলক্ষিত হয় ৷

ঠায়ে ঠায়ে মানুহ বোৰে যেতিয়া ঘৰুৱা কন্দলত লিপ্ত হয় তেতিয়া ঘৰত থকা সৰু ল’ৰা ছোৱালী কেইটাৰ কথা পাহৰি যোৱাৰ উপক্ৰম হ্য় ৷ তেনে স্থলত ঘৰৰ জেষ্ঠ সকলে উগ্ৰ ভাৱৰ আশ্ৰয় লৈ বহুতো নকবলগীয়া কথাও কৈ যায় ৷ আৰু তেনেবোৰ কথা শুনি শুনিয়ে বহু শিশুৱে খুউব কম বয়সতে মানুহৰ অপ্ৰিয় হোৱা ব্যৱহাৰ কৰে ৷ যাৰ ফলত তেনে শিশুৰ পৰিবেশটোৱে তেওঁলোকৰ আটাইতকৈ ডাঙৰ শত্ৰুত পৰিগণিত হয় ৷

সাধাৰণতে দুই ধৰণৰ শিশুক এনেকুৱা ধৰণৰ পৰিৱেশে ডাঙৰ দীঘল কৰে ৷ তাৰে প্ৰথম বিধ হ’ল পিতৃ-মাতৃ হীন শিশু আৰু আন বিধ হ’ল গৃহহীন শিশু ৷ গৃহহীন শিশু বুলি ক’লে সাধাৰণতে তেনেবোৰ শিশুক বুজাব খোজা হৈছে ; যিবোৰৰ মাক বাপেকে দৰিদ্ৰতাৰ প্ৰকোপত নিজ সন্তানক ত্যাগ কৰি দিছে ৷ ভাৰতবৰ্ষৰ বিশেষকৈ উত্তৰ প্ৰদেশ, বিহাৰ , মহাৰাষ্ট্ৰ ইত্যাদি ৰাজ্য সমূহত এনে ধৰণৰ শিশু বহু দেখিবলৈ পোৱা যায় ৷ এনেবোৰ শিশুৱে খুউব সৰুৰে পৰা ভিক্ষা , চুৰি বৃত্তি , আনৰ ঘৰত চাকৰ থাকিয়েই নিজৰ জীৱন পঞ্জিকা ৰচনা কৰে ৷ কিছুমানৰ আকৌ কপাল ভাল থাকিলে কোনোবা মহান পুৰুষে নিজৰ বনায় লৈ সেই শিশুটিৰ জীৱন ৰক্ষা কৰে ৷ বাৰু যা হওক ;এনে ধৰণৰ লাখ লাখ শিশুৰ অপ্ৰিয় ব্যৱহাৰৰ প্ৰতি জগৰীয়া কোন? তেওঁলোক সঁচাই দণ্ডনীয় নেকি বাৰু ? সেই শিশুবোৰৰ শিক্ষাৰ বাবে আমি একো কৰিব নোৱাৰো নে ? অতিকৈ গুৰুত্বপূৰ্ণ কথাটি হ’ল তেনেবোৰ শিশুৰ ভৱিষ্যতৰ পৰা আমি কেনে ধৰণৰ ভাৰতবৰ্ষ কামনা কৰাটো উচিত বাৰু ? বহু ক্ষেত্ৰত আৰু সামাজিক ভাবে বহু প্ৰতিষ্ঠিত ব্যক্তিয়ে কিন্তু সেই কণমানিবোৰকে জগৰীয়া কৰা দেখা যায় ৷ কিন্তু আমি জগৰীয়া কৰাৰ আগতে এইটো কথাও মনত ৰখাটো উচিত যে সেই লক্ষ্য লক্ষ্য শিশুক আমাৰ দৰে কোনোবা কাপুৰুষেই জন্ম দি চিনাকী দিয়াৰ ভয়ত এতিয়া লুকাই আছে ৷ আৰু এনেকৈয়ে যদি বিশ্বৰ অন্যতম বৃহত গণতন্ত্ৰত কথা কোৱাৰ অধিকাৰেই গণতন্ত্ৰৰ দুৰ্বল ভৱিষ্যত গঢ়ি তোলাত সহায় কৰে ; তেতিয়াহ’লে ইয়াতকৈ আৰু লজ্জাজনক কথা সেই গণতন্ত্ৰৰ বাবে আৰু একোৱেই হ’ব নোৱাৰে ৷

গতিকে প্ৰতিজন জ্যেষ্ঠই প্ৰতিটো শিশুৰ এক নিপুণ খনিকৰ হিচাপে সেই শিশুক সন্মানজনক অৱস্থালৈ লৈ যোৱাটো অপৰিহাৰ্য্য ৷ তেনে কৰিলেহে কোনো শিশুৱে ভাৰতীয় বুলি চিনাকি দিবলৈ দুখ নকৰিব ৷

মনত ৰাখিব; সাহিত্য হ’ল এটা জাতিৰ অলংকাৰ আৰু সেই অলংকাৰেই হ’ল প্ৰতিটো শিশুৰে এক জন্মস্বত্ব অধিকাৰ …… ৷৷

 

 

– অলকেশ শৰ্মা

মুখ্য-সম্পাদক, সন্ধান -এক নতুন দিগন্তৰ

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.