ফটা কামিজৰ জোলোঙাত বন্দী
এখন পলসুৱা হৃদয়
এৰাল-ছিগা মনটোৱে
তাতেই যে বাইছে হাল
কি যে নিলৰ্জ্জ মোৰ এই মন ৷
কি প্ৰয়োজন আছিল
তেওঁৰ দুচকুৰ বসন্তৰ
গৰাখহনীয়াত উটি যাবলৈ ?
তেওঁক দিবলৈ মোৰ একোৱেই নাই
প্ৰতিশ্ৰুতিৰ মামৰে ধৰা আঙুঠিটো
মোক তেওঁ ওভতাই দিলে ৷
ৰঙা চিঞাহীৰে
শিৰত কাৰোবাৰ টিপ চহী লৈ
তেওঁ চাগে সুখী আজি
পিচে তেওঁক দিবলৈ আজি
মোৰ একোৱেই নাই
একোৱেই নাই সঁচাকৈয়ে
3 Comments
ati sundar..khub val hoise..agaloi o likhi thakiba..
That’s an inventive answer to an ineetrtsing question
সুন্দৰ…লিখকলৈ শুভেচ্ছা থাকিল….