সপোন

0

এটি জীৱন্ত সপোন ৰচিম  আমাৰ বাবে,
কাঠৰোঁকা চৰাইৰ দৰে খুঁটি, খুঁটি বাহ সাজিম,
হৃদয়ৰ গোপন কোঠালিত …
আলিদোমোজা …
পোৱা নোপোৱাৰ বেদনা ..
চটফটায় আছোঁ মই …
তথাপিও, আঁকোৱালি লৈছোঁ, এটি আপোচহীন অনামী-আশা !
বাৰে বাৰে দগ্ধ,
শৰবিদ্ধ …
এনেকৈ নাচাবা, প্লীজ…
আজি তোমাৰ চাৱনিয়ে মোৰ বাবে এপাত বজ্ৰ,
শৰবিদ্ধ ..
চটফটায় আছোঁ,
জীৱনৰ অন্তিম বেলা …
তথাপি জীয়াই থকাৰ এটি আশা …
বাৰে বাৰে শৰবিদ্ধ মই,
তোমাৰ দৃষ্টিৰ কি আকুলতা …
মিঠা হাঁহি মাৰি আৰু পৰীক্ষা নল’বা !
এনেও মোৰ হৃদয়ৰ চাৰিওটা কোঠা তুমি ভাৰাত লৈ থৈছা …!
মৃতসঞ্জীৱনী …
এটি ধুনীয়া সপোনলৈ আহিছিলা …
অজানিতেই,
ভাড়াত ললা মোৰ হিদয়ৰ চাৰিওটা কোঠা …
প্ৰতিটোপাল তেজ ..
শিপাই গঁজালি মেলি …
আৱদ্ধ কৰিলা সকলো, শিৰাই-উপশিৰাই তুমি …
তোমাৰ অনুভৱ, এটি আপোন আপোন যেন লগা স্বাদ ..
বৈ আছো, মোৰ দেহৰ ইমূৰৰ পৰা সিমূৰলৈ…. এখন বোঁৱতী নৈৰ দৰে, কল্ কল্ শব্দৰে,
মাথো তুমি্ তুমি তুমি …
গুচি গলা …
ভাড়াৰ নামত দি গ’লা ..
এগালমান দুখ…
এক উপায়বিহীন অনামী যাত্রা…
মিঠা মিঠা লগা, তিক্ততাৰ তেজ…
ওহহহৈ ….
এতিয়া আৰু তোমাক বিচাৰি হাহাকাৰ নকৰোঁ, ভাবিছো,হৃদয়ৰ চাৰিওটা কোঠাত এক আপোচহীন তলা লগাম,
আৰু চাবিটো যেন তুমিয়ে…
দলিয়াই দিম,দূৰ-দিগন্তলৈ,
খালী হৈ ৰওক,হৃদয়ৰ চাৰিওটা কোঠালি …!
এক বুজাৱ নোৱাৰা,
অদ্ভুত সাহস …!
মচি পেলোৱাৰ,
নিকা কৰাৰ প্ৰতিটোপাল তেজ …!!!

 

হৰেণ চুতীয়া (যোৰহাট, মাজুলী),

প্ৰবক্তা, নগাওঁ মহাবিদ্যালয়,

নগাওঁ, ফোন: 9706422794

 

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.