বিশ্ব ঐতিহ্য দিৱস ২০১৬

0
xondhan | Group of Monuments at Hampi | World Heritage Day 2016

Group of Monuments at Hampi | World Heritage Day 2016

বিশ্বৰ ঐতিহ্যমণ্ডিত ঠাইসমূহৰ সংৰক্ষণৰ বাবে তথা মানুহৰ মাজত সজাগতা বৃদ্ধিৰ ইউনেস্ক’ই বিশেষ ভাৱে কাম কৰি আহিছে ৷ ইউনেস্ক’ই বিশ্বৰ বিভিন্ন ঐতিহ্যমণ্ডিত ঠাইসমূহৰ এখন তালিকা বনাই সেই ঠাইসমূহৰ সংৰক্ষণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এনে ঠাইসমূহ ‘বিশ্ব ঐতিহ্য ক্ষেত্ৰ’ বা ‘Word Heritage Site’ নামেৰে জনপ্ৰিয় ৷ জুলাই ২০১৫ চনলৈকে ১০৩১ খন ঠাইক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অন্তৰ্ভূক্ত কৰা হৈছে; ইয়াৰ ভিতৰত ৮০২ খন সাংস্কৃতিক, ১৯৭ খন প্ৰাকৃতিক আৰু ৩২খন মিশ্ৰিত ঐতিহ্যক্ষেত্ৰ ৷ ভাৰতত এতিয়ালৈকে ৩২খন ঠাইক ইউনেস্ক’ই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে ৷ ইয়াৰ উপৰিও মানুহৰ মাজত সজাগতা বৃদ্ধিৰ বাবে প্ৰতিবছৰে ১৮ এপ্ৰিলত “কীৰ্তিস্তম্ভ আৰু ঐতিহ্যক্ষেত্ৰৰ বাবে আন্ত:ৰাষ্ট্ৰীয় দিৱস” (International Day for Monuments and Site ) বা ‘বিশ্ব ঐতিহ্য দিৱস’ (World Heritage Day ) পালন কৰা হয় ৷ সেই উপলক্ষে বিশ্বৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লোৱা হয় ৷ পোন প্ৰথমবাৰৰ বাবে ১৯৮২ চনত এখন আলোচনাচক্ৰত International Council on Monuments and Sites (ICOMOS) য়ে সমগ্ৰ বিশ্বতে এই দিবস পালন কৰিবৰ বাবে এক প্ৰস্তাৱ হাতত লয় ৷ পাছলৈ এই প্ৰস্তাৱ ইউনেস্ক’ৰ সাধাৰণ সভাত স্বীকৃতি লাভ কৰে ৷ তাৰ পাছৰ পৰাই প্ৰতি বছৰে এই দিবস পালন কৰি অহা হৈছে ৷ এই দিবস ‘বিশ্ব এতিহ্য দিবস’ নামেৰেই বেছি জনপ্ৰিয় হৈ উঠে ৷

 

২০১৬ চনৰ বাবে থীম:

প্ৰতিবছৰে সংস্থাটোৱে এই দিৱস পালন কৰিবৰ বাবে এটা বিষয়বস্তু বা থীম মনঃস্থ কৰি লয় ৷ ২০১৬ চনৰ বিষয়বস্তু হৈছে ‘ক্ৰীড়াৰ ঐতিহ্য’ (The Heritage of Sport)৷ এইবছৰৰ আগষ্ট মাহত ব্ৰাজিলত অনুষ্ঠিত হ’ব লগা অলিম্পিক খেলৰ প্ৰতি লক্ষ্য ৰাখি এই বিষয়বস্তু লোৱা হৈছে ৷

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.