ৱেটিং লিষ্ট্‌ (প্ৰথম খণ্ড)

0

২৩ নবেম্বৰ, ২০১৫

সোমবাৰ, সময়: গধুলিৰ ৭:৩০

 

সদ্য পৰিচিত কোলাহলৰ পৰিবেশ সেইৰাতি নাছিল বিক্ৰমহঁতৰ হোষ্টেলত। ওপৰৰ মহলাৰ বাৰাণ্ডাত চলি থকা কেৰম খেলৰ পৰা অহা দুই এটা মাতেই যি কপাইছিল জানুৱাৰীৰ কুঁৱলিৰ চাদৰ। দুপৰীয়া ঘোষিত চেমিষ্টাৰ ৰিজাল্টে সৃষ্টি কৰা এই উদাসিনতা হয়তো আৰু দুই তিনি দিন বিৰাজ কৰিব’ হোষ্টেলত। অৱশ্যে ৰিজাল্ট বেয়া হোৱা বাকীবোৰ ছাত্ৰৰ মন আগৰ অবস্থালৈ ঘূৰি আহিলেও ব্যতিক্ৰম হৈ ৰব বিক্ৰমৰ ক্ষেত্ৰত। দূপৰীয়া ৰিজাল্ট চোৱাৰ পৰাই হাঁহো নে কান্দো যেন ভাব লৈ থকা বিক্ৰমৰ কোঠাত শান্তনা দিবলৈ উপস্থিত হৈছিলহি ৰাজ আৰু অমৃত।

“শিক্ষকৰ নামত কলংক সি এটা, ইমান পঢ়া লিখা মানুহ এটা ইমান তললৈ কেনেকৈ পৰিব পাৰে বে?” –ক্ষোভত ৰাজে বিক্ৰমৰ বিচনাত ঘোচা এটা মাৰি কৈছিল।

“নাপাই এনেকুৱা কৰিব’ কাৰ’বাৰ লগত, শাও খাই মৰিব সি”- অমৃতেঁও একে সুৰতে কৈছিল তল মূৰ কৰি থকা বিক্ৰমৰ দিশত চাই।

 আনহাতে বিক্ৰম তেতিয়া ব্যস্ত কি নকৰো কি কৰো ভাবি মনত সৃষ্টি হোৱা ধুমুহাজাকক শান্ত কৰাৰ চেষ্টাত,

“বহীখন ৰি-কল কৰো বুলি ভাবিছো”- বিক্ৰমে লাহেকৈ কলে। 

“ওহো লাভ নাই, সি নিজে ইচ্ছা কৰি তোক ফেইল কৰাইছে যেতিয়া বহী ৰি-কল কৰিলেও ৰিজাল্ট সলনি নহয় ।”- চিগাৰেট এটা মূখত লৈ ৰাজে পুনৰ গৰজি ৰ্উঠিল-“ আমাৰ এই পৰীক্ষাৰ বহী চোৱাৰ চিষ্টেমটোৱে বেয়া বুজিছ’, নিজ ইচ্ছা মতে যি টি কৰিব’ পাৰে শিক্ষকবোৰে।”

“কিন্তু কিবা এটা টো কৰিব’ লাগিব ন’।”-ৰাজৰ কথাত নিৰাশ হৈ অমৃতে কলে।

“ অৰুণিমাই এক্স টেকৰ এইচ আৰ জনলৈ মেইল এটা কৰিছে অনুৰোধ কৰি, পৰীক্ষাৰ আগত বেমাৰ হৈছিল বুলি লিখিব’লৈ কৈছিলো”।-বহুতদেৰিৰ মূৰত মূখত অলপ আশাৰ ভাব লৈ বিক্ৰমে কলে। 

“ৰিপ্লাই আহিছে কিবা?”-ৰাজে সুধিলে।

“নাই অহা বৰ্তমানলৈ।”

“তোক নিৰাশ কৰিব’ৰ অলপো মন নাই পিছে যোৱা বছৰ অৰুপ দাই বেক থকাৰ বাবে বেমাৰৰ অজুহাত দেখুৱায়ে এক্স-টেকৰ কেম্পাচ ইণ্টাৰভিউত বহিব খুজিছিল, বহিব নিদিলে কিন্তু”।–ৰাজৰ কথাষাৰ শুনি পূনৰ তলফালে চাইছিল বিক্ৰমে। 

ৰাজে পূনৰ কিবা এষাৰ কব খুজোতেই দুৱাৰত কোনোবাই টোকোৰিয়ালে, “দাদা, আহিব পাৰোনে?”

“আহ”-বিক্ৰমৰ পৰা সঁহাৰি পাই জুনিয়ৰ ল’ৰা দুটা সোমাই আহিল।

“ৰাজ দাকে বিচাৰি আহিছিলো” 

“ক’”

“দাদা, বস্তু কেইটা আপোনাৰে কোঠাতে থৈ আহিছো, বাকী থকা টকা কেইটা লওক”- ৰাজে টকা কেইটা জেপত ভৰাই বিক্ৰমৰ দিশত চালে আৰু সুধিলে,

“বীয়েৰ খাবি?” 

“তঁহতলৈ কম নহ’ব?”-খাবৰ ইচ্ছা লৈ বিক্ৰমে সুধিলে।

“নাই ৰে, এক্সট্ৰা দুটা আনিছোয়েই।”-বুলি অমৃতে কোৱাৰ লগে লগে ৰাজে ল’ৰা কেইটাক বস্তুখিনি বিক্ৰমৰ কোঠালৈকে আনিবলৈ নিৰ্দেশ দিলে।

xondhan-detective-story-magnifying-glass

প্ৰতি বছৰে অতি লোভনীয় পেকেজ আগবঢ়াই কেম্পাছ ইণ্টাৰভিউৰ বাবে আহি থকা মাল্টিনেচনেল আই টি কোম্পানী এক্স টেকৰ বাবে কলেজখনৰ শেষ বৰ্ষৰ প্ৰত্যেক ছাত্ৰ-ছাত্ৰীয়ে আগ্ৰহেৰে বাট চাই ৰৈ থাকে। বছৰি দহ লাখ টকাৰ চি টি চি-ৰ লগতে তিনি বছৰ কোনো পশ্চিমীয়া দেশত চাকৰি কৰাৰ সুযোগ দিয়া কোম্পানীটোৰ সমান সা-সুবিধা দিয়া অন্য কোনো কোম্পানী কলেজখনলৈ অহা নাই বৰ্তমানলৈ। অবশ্যে প্ৰতিবছৰে বহুখিনি ছাত্ৰ-ছাত্ৰীয়ে এক্স-টেকৰ প্ৰাৰম্ভিক যোগ্যতা নথকাৰ বাবেই ইণ্টাৰভিউত বহাৰ পৰাই বিৰত আছিল। গড়ে ষাঠি শতাংশ নম্বৰ আৰু অন্তিম ষান্মাসিকলৈ প্ৰতিটো বিষয় একে বাৰতে উত্তীৰ্ণ হোৱাটোৱে আছিল প্ৰয়োজনীয় যোগ্যতা।

প্ৰায় তিনিমাহ পূৰ্বে এক্স-টেকে এই বছৰ ডিগ্ৰী লাভ কৰিব’ লগীয়া ছাত্ৰ ছাত্ৰীখিনিৰ বাবে পতা সাক্ষাৎকাৰৰ পৰা বাছি বাছি পোন্ধৰজনক প্ৰদান কৰিছিল তেঁওলোকৰ প্ৰতিষ্ঠান যোগদান কৰাৰ আবেদন পত্ৰ।যাৰ ভিতৰত অন্যতম আছিল বিক্ৰম আৰু তাৰ প্ৰেয়সী  অৰুণিমাৰ নাম। অভিযান্ত্ৰিকৰ প্ৰথম বৰ্ষতে প্ৰেমৰ বান্ধোনত বান্ধ খোৱা  অৰুণিমা আৰু বিক্ৰমৰ হাতত একে প্ৰতিস্থানৰ চাকৰিটো গাখীৰতে মহৰ খুটি স্বৰূপ হৈছিল।ভবিষ্যত সুৰক্ষিত যেন অনুভব হোৱাত যুগ্ম জীবনৰ নতুন আশাৰে মন উপচি পৰিছিল দুয়োৰে। পিছে কণা বিধিয়ে যেন ৰৈ হে আছিল তিনিমাহে সুযোগ বিচাৰি, বিক্ৰমৰ সপ্তম ষান্মাসিকৰ ৰিজাল্ট শ্বীটৰ এটা বিষয়ৰ তলত  অনুতীৰ্ণ বুলি চাপ খাই অহাৰ লগে লগে আশাবোৰ থানবান হৈ চিটিকি পৰিল। চাকৰিত যোগদানৰ যোগ্যতা হেৰুৱাৰ লগে লগে ভবিষ্যতে বিক্ৰম আৰু  অৰুণিমাৰ মাজত অনিচ্ছাকৃত হলেও ব্যবধান অহাটো প্ৰ্যায় নিশ্চিত হৈ পৰিছিল। প্ৰ্শ্ন কাকতখন জটিল আছিল ঠিক, কিন্তু নিয়মীয় অধ্যয়নত বিশ্বাস কৰা মেধাবী বিক্ৰমক বশ কৰিব’ পৰাকৈ জটিল নাছিল। আশীৰো অধিক নম্বৰৰ প্ৰ্শ্নৰ উত্তৰ লিখি অহাৰ পাছতো উত্তীৰ্ন হ’ব নোৱাৰি স্বাভাবিকভাবেই আচৰিত হৈ পৰিছিল বিক্ৰমৰ লগতে তাৰ বন্ধুবৰ্গও, সন্দেহৰ আঙুলি ঠিয় হৈছিল উক্ত বিষয়ৰ শিক্ষক চন্দন দাসৰ দিশত।যাৰ কাৰণ আছিল দাসে চাৰিমাহ পূৰ্বে  অৰুণিমাক দিয়া বিবাহৰ প্ৰস্তাব আৰু  অৰুণিমাৰ দ্বাৰা সেই প্ৰস্তাবৰ প্ৰ্ত্যাখান। অৰুণিমাৰ দ্বাৰা প্ৰত্যাখিত হোৱাৰ কথা গোটেই কলেজত বিয়পি পৰাত দাস লজ্জিত হৈছিল সঁচা।

 


…. চিঞৰি উঠিছিল বিক্ৰম “কিয় কাটি আহিম মই? আপুনি জানে নে নাই যে এই এটা মাত্ৰ বেকৰ বাবেই মই এতিয়া পাই থকা চাকৰিটো হেৰুৱাব ওলাইছো? ফাকি কথা নক’ব, কিবা যদি হেৰফেৰ কৰিছে আপুনিয়ে কৰিছে” ….


  আঠ বাজি পঞ্চলিছ মিনিটত ডিনাৰ হলৰ বেলটো বাজি উঠাৰ লগে লগে বাগিচাখন পাৰ হৈ থিক সোমাজত থকা হলটোলৈ দুয়ো দিশৰ পৰা ঢাপলি মেলিছিল ল’ৰাৰ জাকে।আনফালে বিক্ৰমৰ কোঠাত অব্যাহত আছিল মাদকীয় পৰিবেশ, পকাত পৰি ৰোৱা তিনিটা খালীবটলৰ লগত থিয় হৈ আছিল ভৰ্তি দুটা বটল।

“মোৰ ইচ্ছা নাই আৰু, বাকী থকাখিনি তহঁতিয়ে শেষ কৰ”-বিক্ৰমে উগাৰ এটা মাৰি বাকী দুটাক কৈছিল।

“দুটাহে আছে, ভাত খাই উঠি খাম। খাই আহো ব’ল।”-অমৃতে কলে।

“মোৰ ভাত খাবও ইচ্ছা হোৱা নাই, তহঁতি যা”-বিক্ৰমে নিজকে বিচনাত পেলাই কলে।

“আৰে অলপ খাই ল’ নহলে ৰাতিপুৱা বেয়াকে হেংগ মাৰিব, উঠ”।–ৰাজে জোৰ কৰি কলে।

“হলত যাব’ মন নাই, এক ঠালি ৰুমতে পঠাই দিবি পাৰিলে, মন গলে খাই লম”

“পঠাই আছো, তই শুই নাযাবি।”-বুলি কৈ ৰাজ ওলাই গল।

  নিচাত ভাবনাৰ চাকনৈয়াৰ সৃষ্টি হৈছিল বিক্ৰমৰ মনত, য’ত দুব গৈ ক্ষোভিত হৈ পৰিছিল তাৰ মন। পুৰ্বে চন্দন দাসক ফ’ন কৰাৰ ধাৰণা মনলৈ অহা নাছিল যদিও নিচাৰ প্ৰভাবত সি ফ’ন তুলি লৈছিল হাতত আৰু টিপিছিল চন্দন দাসৰ ফন নম্বৰ। এটাই কথা জানিব বিচাৰিছিল সি।

“চাৰ”-বিক্ৰমে ক’লে।

“কোনে কৈছে?”

“মই বিক্ৰম, চেভেনথ চেমৰ।”–অতি গহীন হৈ পৰিছিল বিক্ৰমৰ মাত।

“অ, কোৱাচোন বিক্ৰম।”

“চাৰ আপোনাৰ চাবজেক্টত মোৰ বেক লাগিব নালাগিছিল। আশীৰো অধিক নম্বৰৰ উত্তৰ লিখি অহাৰ পাছতো মোৰ বেক কেনেকৈ লাগিল চাৰ?”-কথাত অস্পষ্টতা আছিল বিক্ৰমৰ। দাসে অনুমান কৰিছিল বিক্ৰম যে নিচাত।

“আৰ ইউ ড্ৰাংক বিক্ৰম?”-প্ৰ্শ্নত খং আছিল দাসৰ।

“য়েচ আই এম, কিন্তু গুৰুত্ব দিবলগীয়া কথা সেইটো নহয়। মোৰ জানিব লাগে মোৰ বেক কেনেকৈ লাগিল?”–সমানেই খং আছিল বিক্ৰমৰ মাততো।

“মানে? ক’ব কি বিচাৰিছা তুমি?”-নিজৰ খ্ং অলপ পৰ লুকোৱাই দাসে সুধিলে।

“মোৰ এট লিষ্ট চেভেণ্টি ফাইভ মাৰ্কচ কাৰেক্ট আছিল আপোনাৰ চাবজেক্টত, ফিফটিৰ ওপৰত পাম বুলি মই নিশ্চিত আছিলো। তাৰ পিছতো কিয় আৰু কেনেকৈ বেক লাগিল?”

“পাগল হ’লা নেকি?মোৰ ভালদৰে মনত আছে, আধা বহীচোন তুমি নিজে কাটি থৈয়ে আহিছিলা, বাকী থকা খিনিত চেভেণ্টি বাদ দিয়া থাৰ্টি মাৰ্কসো নাছিল।”-অলপ আচৰিত হৈ দাসে কলে।

“কি”-চিঞৰি উঠিছিল বিক্ৰম “কিয় কাটি আহিম মই? আপুনি জানে নে নাই যে এই এটা মাত্ৰ বেকৰ বাবেই মই এতিয়া পাই থকা চাকৰিটো হেৰুৱাব ওলাইছো? ফাকি কথা নক’ব, কিবা যদি হেৰফেৰ কৰিছে আপুনিয়ে কৰিছে”

“ কথাৰ সুৰ সলনি কৰা বিক্ৰম। কি গৰজ পৰিছে মোৰ তোমাৰ বহীত হেৰফেৰ কৰিব’লৈ?”-সমানেই উত্তেজিত হৈ পৰিছিল সহকাৰী অধ্যাপক দাসো।

“ ইমান অভিনয় নকৰিব’ চাৰ, গোটেই কলেজে জানে অৰুণিমাই আপোনাৰ প্ৰস্তাব নাকচ কৰাৰ বাবে আপুনি এই কাম ইচ্ছাকৃত ভাবে কৰিছে বুলি”।

“অহ গড, তুমি ভাবিব কেনেকৈ পাৰা এনেদৰে।”-অলপ পৰ নিমাত হৈ থাকি চন্দনে বুজাবৰ চেষ্টা কৰিলে বিক্ৰমক, “এইটো সঁচা যে অৰুণিমাক মই নিজৰ কৰিব’ বিচাৰিছিলো কিন্তু তাই নিবিচৰাক লৈ মই অলপো বেয়া পোৱা নাছিলো। আৰু তাৰ বাবে যদি মই তোমাৰ জীবনটো ধ্বংস কৰাৰ চেষ্টা কৰিছো বুলি ভাবিছা তেন্তে তুমি বহুত অবান্তৰ এক ধাৰনা লৈছা মোৰ বিষয়ে, মই ইমান বেয়া মানুহ নহয় বিক্ৰম”।

“তেন্তে পাছ কৰিম বুলি নিশ্চিত থকা চাবজেক্টটোত বেক কিদৰে লাগিল মোৰ?”

“মই আকৌ কৈছো বিক্ৰম, মোৰ ভাল দৰে মনত আছে; তোমাৰ বহীখন মোৰ হাতত পৰাৰ আগতেই আধাতকৈও অধিক উত্তৰ কাটি থোৱা আছিল”

“সম্ভব কেনেকৈ হ’ব পাৰে সেইটো?”

“মই নাজানো, কালিলৈ যদি তোমাৰ নিচা ফাটে তেন্তে মোক আহি এবাৰ লগ কৰিবাহি কলেজত, বহীখন দেখাই দিম মই তোমাক ”

বিশ্বাস-অবিশ্বাসৰ মাজেৰে “থিক আছে”-বুলি কৈ মবাইলতো টেবুলত থৈওতেই দোৱাৰত পৰিল কাৰোবাৰ আঙুলিৰ টোকৰ।

“ভাত ইয়াতে থওনে?”- মেচৰ যতীনে ভাতৰ থালিখন টেবুলতে থৈ শুধিলে।

“অ থ’, তলৰ পৰা কাগজ এখন উলিয়াই ঢাকি থৈ যাছোন”।

যতীন যোৱাৰ পাছত নতুন কিছুমান চিন্তাই বিক্ৰমৰ মনটো হেচি ধৰিলে। দাস চাৰে কোৱা কথাবোৰ সঁচাযেন অনুভব হৈছিল তাৰ, কাৰণ তাক জানিবুজি বেক লগোৱাত দাসৰ কোনো লাভ নাছিল; ওলোটাই ধৰা পৰিলে লোকচান হোৱাৰ সম্ভাবনাই বেছি। কিন্তু তেঁও যদি নাই কৰা তেন্তে বহীখন কাটিলে কোনে? চিন্তাৰ গভীৰতাই নিচা খেদি পঠাইছিল, উজাগৰ হৈছিল নতুন নতুন প্ৰ্শ্নৰ। চন্দন চাৰে নাই কৰা বুলি ধৰি ল’লে অন্য কাৰ লাভ থাকিব পাৰে বহীখন কাটি পেলোৱাত? বেক লগাইটো কাৰো লাভ নাই, লাভ থাকিব পাৰে চাকৰিটো যোৱাৰ বাবে।যোৱা বছৰ দুই নম্বৰ হোষ্টেলৰ ৰাকেশ বৰুৱা নামৰ ল’ৰাজনৰ অন্তিম ষান্মাসিকত এটা বিষয়ত উত্তীৰ্ন হ’ব নোৱাৰাত তেঁওৰ সলনি ৱেটিং লিষ্টৰ পৰা একে হোষ্টেলৰ অৰুনাভে পাইছিল এক্স-টেকৰ চাকৰিত যোগদান কৰাৰ সুযোগ। এই বছৰ কাৰ নাম আছিল ৱেটিং লিষ্টত? ৰিজাল্ট তাৰ মেইলতে আছিল, নিজৰ নামতো দেখাৰ পাছত ফূৰ্তিত বাকীবোৰ নাম ছোৱাই নাছিল বিক্ৰমে। লেপটপটো অন কৰি হোষ্টেলৰ ৱাই-ফাইত সংযোগ কৰিলে সি ততাতৈয়াকৈ।

 জি-মেইলৰ লডিং চলি থাকোতেই ৰাজ সোমাই আহিল কোঠালৈ।

“ভাত খাই ল’ আক’”-ঢাকি থৈ যোৱা থালিখন দাঙি সি কলে।

“খাম”-লেপটপৰ ফালে চাই থাকিয়ে বিক্ৰমে কলে।

“কিবা হ’ল নেকি? ইমান চিৰিয়াছ হৈ আছ’ যে মানুহটো।

“তহঁতি যোৱাৰ পাছত মই চন্দন চাৰলৈ ফ’ন কৰিছলো।”

“পাগল নেকি? কিয় মদ খাই ৰাতিখন তাক কল কৰিছ’? কলি কি তই?”-বিক্ৰমৰ কাণ্ডত আচৰিত হৈ ৰাজে সুধিলে।

“চিধা-চিধি সুধিছিলো কিয় মোৰ লগত এনেকোৱা কৰিলে বুলি?”

“কি কলে?”

“তেঁও ইচ্ছা কৰি বেক নাই লগোৱা বুলি কৈছে আৰু তেঁওৰ কথাবোৰৰ পৰা মোৰ লগা নাই যে তেঁও মিছা কৈছে। ঘটনাটো বেলেগ কিবাহে যেন লাগিছে বুজিছ’।”

“ধেই, সিটো কবই ন’ নাই কৰা বুলি; তইও যে বৰ অকৰা ল’ৰা দেই। আৰে বেলেগ কোনে তাৰ ঘৰত সোমাই তোৰ বহীখন কাটিব যাব’’ কচোন?”-বীয়েৰ বটল দুটা হাতত লৈ ৰাজে সুধিছিল বিক্ৰমক।যাৰ উত্তৰ নিদি বিক্ৰম থৰ হৈ পৰিছিল ক্ষন্তেকৰ বাবে।

“ৰাজ”।–উশাহ ঘন হৈ পৰিছিল বিক্ৰমৰ।xondhan detective story

“কি?”

“মইটো তোক কোৱা নাছিলো বহীখন কাটি থোৱা আছিল বুলি, তই কেনেকৈ গম পালি?”-সন্দেহৰ ভাব লৈ বিক্ৰমে চালে ৰাজৰ ফালে।

“আৰে……….মানে….সেইটোৱে হ’ব ন’? নহ’লেচোন ধৰাই পৰিব বহী ৰি-কল কৰিলে”।–কোঠাটোৰ পৰা ওলাই যাব’ খুজি পূনৰ কাষ চাপি আহিছিল ৰাজ বিক্ৰমৰ।

 মেইলটো ইতিমধ্যে খোল খাইছিল। পোনচাটেই বিক্ৰমৰ দৃষ্টি গৈছিল ৱেটিং লিষ্টত থকা নাম কেইটালৈ,

আৰু প্ৰথম নামটো দেখিয়েই তাৰ চকু আৰু অলপ ডাঙৰ হৈছিল সন্দেহত।

 

২৪ নবেম্বৰ

মংগলবাৰ, সময়: পূৱাৰ ৫:৪৫

 

 বিক্ৰমৰ কোঠাৰ পৰা দুটা কোঠাৰ দূৰত্বত থকা প্ৰাঞ্জলৰ অভ্যাস আছিল প্ৰাত: ভ্ৰমনত যোৱাৰ। প্ৰতিদিনাৰ দৰে সেইদিনাও পুৱা ছয় মানে বজাতে মুখত ব্ৰাচদাল ভৰাই ওলাই অহা প্ৰাঞ্জলৰ দৃষ্টি আকৰ্ষণ কৰিলে বিক্ৰমৰ কোঠাৰ পৰা বৈ অহা ৰঙা ৰঙৰ সোঁতে, ওচৰ চাপি আহি সেয়া তেজ বুলি চিনি পোৱাৰ লগে লগে চিঞৰি উঠিল প্ৰাঞ্জল।

 কাষৰ কোঠাবোৰৰ পৰা নয়ন, অংকুৰহঁত ওলাই আহিল কি হৈছে চাবলৈ। গ্লাচৰ মাজেৰে তেজেৰে ৰঙা হৈ থকা বিচনাত পৰি থকা বিক্ৰমৰ দেহ দেখি দুৱাৰ ভাঙি প্ৰবেশ কৰিলে প্ৰাঞ্জলহঁতে। দেখা পালে বাঁওহাতত থকা আঘাত, দেখা পালে সোহাঁতত লাগি থকা তেজ সনা চাকু এখন। শান্ত হৈ থকা পূৱাৰ পৰিবেশে পলকতে বিপৰীত মূৰ্ত্তি ধাৰণ কৰিলে।

 আধা ঘণ্টামানৰ ভিতৰতে পুলিচ আৰু মেডিয়াৰ মানুহেৰে ভৰি পৰিল পাঁচ নম্বৰ হোষ্টেল। পিছে পুলিচে পোৱাৰ পূৰ্বেই বিক্ৰমৰ প্ৰিণ্টাৰত লাগি থকা চুইচাইড নটখনৰ কথাখিনি জ্ঞাত হৈছিল চাঞ্চল্যতা বিচাৰি ফুৰা টি ভি মেডিয়াৰ মানুহৰ, যত বিক্ৰমে উল্লেখ কৰ চন্দন দাসৰ কথা। চিঠিখন পাই অলপো সময় খৰচ নকৰি মেডিয়াই দায়ী সজাইছিল চন্দন দাসক।  দাসেই জানি বুজি বেক লগোৱা বুলি ভাবি থকা হোষ্টেলৰ ল’ৰাখিনিৰ মনত মেডিয়াৰ এই কাৰ্য্যই জলা জুইত ঘিউ ধলাৰ দৰে কাম কৰিছিল।

 

একে দিন

দুই ঘণ্টাৰ পাছত

 পূৱাতে ঘৰৰ সন্মূখত সৃষ্টি হোৱা কোলাহলে চন্দনৰ টোপনি ভংগ কৰিলে। বাহিৰত আন্দোলনমূখী পৰিবেশ, পুলিচ, মেডিয়া কলেজৰ ছাত্ৰ ছাত্ৰী সকলোৱে আহি আগুৰি ধৰিছিল কলেজ প্ৰাংগনতে থকা চন্দনৰ আবাস। কি হৈছে জানিব বিছাৰি দুৱাৰখন খুলিব খুজোতেই তীব্ৰ বেগী এটা শিলগূটিয়ে চূৰমাৰ কৰিলেহি তেঁওৰ দুৱাৰৰ এখন গ্লাচ। দুৱাৰখূলাৰ আৰু সাহস নহল, ভঙা গ্লাচৰ মাজেৰে চন্দনে দেখা পালে এজন পুলিচ বিষয়াক তেঁওৰ দিশত আহি থকাৰ অবস্থাত। দুৱাৰখন খুলিবলৈ দাস বাধ্য হ’ল,

“আপুনিয়ে চন্দন দাস ?”-বুকুত সৌৰভ নাথ-নামৰ লেবেল লগোৱা বিষয়া জনে অতি গহীন সুৰত সুধিলে।

“হয়, কি হৈ আছে বাহিৰত?”-চন্দনৰ চেহেৰাত আচৰ্য্যৰ ৰেঙনি।

“আপুনি গমেই পোৱা নাই?”-ইতিকিং কৰাৰ সুৰত নাথে পূনৰ সুধিলে।

“নাই, মই সাৰ পাইছোহে এইমাত্ৰ। কওক কি হৈছে।”

“পাঁচ নম্বৰ হোষ্টেলৰ বিক্ৰমজিত চৌধুৰী নামৰ ছাত্ৰ এজনে আত্মহত্যা কৰিছে যাৰ আত্মহত্যাৰ কাৰণ হিচাবে উল্লেখ আছে আপোনাৰ নাম”-কোঠাটোৰ ইফালে সিফালে চকু ফুৰাই নাথে উল্লেখ কৰিলে বাহিৰত সৃষ্টি হোৱা পৰিস্থিতিৰ কাৰণ।

“কি?”-চিঞৰি উঠিছিল চন্দন।

শোৱনি কোঠালৈ সোমাই যোৱা নাথে তাৰ পৰাই সুধিলে, “আচৰিত কোনটো কাৰণত হৈছে? ল’ৰাটোৱে আত্মহত্যা কৰাৰ বাবে নে টোকাত আপোনাৰ নাম থকাৰ বাবে?”-নাথৰ কথাত অব্যাহত আছিল তাচ্ছিল্যৰ সুৰ।

“দুয়োটা কাৰণতে। যোৱা কালি ৰাতি মই তাৰ লগত কথা পাতিছো য’ত মই তাক বাৰম্বাৰ কৈছো মই জানিবুজি তাৰ বেক লগোৱা নাই বুলি। তেতিয়াটো সি বুজি পোৱাৰ দৰেই কথা শেষ কৰিছিল, তাৰ পিছত এনেকুৱা এটা কাম সি কৰিছে বুলি মোৰ কিন্তু অলপো বিশ্বাস হোৱা নাই। কিবা এটা খেলিমেলি আছে ইন্সপেক্টৰ, ই আত্মহত্যা নহয়।”- বহুত বিশ্বাসৰ সৈতে দাসে কৈছিল।

“প্ৰাৰম্ভিক অনুসন্ধানৰ পৰাটো আত্মহত্যা যেনেই লাগিছে বাকী ফৰেনচিক লেবৰ ৰিপৰ্ট আহিলে গম পোৱা যাব’ সত্য কি। পিছে এতিয়া আপুনি যাব’ লাগিব মোৰ লগত।”

“কিন্তু মই নিৰ্দোষী ইন্সপেক্টৰ।”-অসহায় সুৰ লৈ চন্দনে নাথক কলে।

“নিৰ্দোষী যদি ভয় কিয় খাইছে? এনেও আপুনি ইয়াত থকাটো আপোনাৰ বাবে সুৰক্ষিত নহয় এই মূহুৰ্তত”।–কান্ধৰ পৰা হেণ্ডকাফডাল উলিয়াই নাথে দাঙি ধৰিলে চন্দনৰ চক্ষুৰ আগত।

“যোৱাৰ আগতে এটা ফ’ন কৰিব’ পাৰোনে?”-হাতত মবাইলটো লৈ চন্দনে সুধিলে।

“নিশ্চয় পাৰে, কাক কৰিব’? উকীলক?”

“নহয়, বন্ধু এজনক”-বুলি কৈ চন্দনে মবাইলত এ জে নামত সংৰক্ষিত নম্বৰটো ডায়েল কৰিলে।

“অ চন্দন ক’। ৰাতিপূৱাই ৰাতিপূৱাই মনত পৰিল যে আজি?”- এ জেৰ মাতৰ পৰা চন্দনে ধৰিব পাৰিছিল যে সি তেতিয়াও বিচনাতে আছিল।

“ডাঙৰ বিপদ এটাত পৰিলো বন্ধু”


… মুক্তিযোদ্ধা ককাকৰ মূখৰ পৰা কনকলতা, পিয়লি ফুকনৰ কাহিনী শুনি ডাঙৰ হোৱা অৰ্জুনৰ প্ৰতিটো সপোন অসমৰ স্পৰ্শতে গঢ় লৈছিল। বহু বছৰ বাহিৰত থাকিলেও মনৰ এদাল শিপা অসমৰ মাটিত স্থায়ী কৰি থোৱা অৰ্জুনক অসমলৈ উভতাই আনিবলৈ বিশেষ কোনো অনুপ্ৰেৰণাৰ প্ৰয়োজন নাছিল। প্ৰয়োজন আছিল মাত্ৰ উপযুক্ত সময়ৰ আগমনৰ আৰু সেই সময় অহা বুলি সি অনুভব কৰিছিল ঘোষৰ মৃত্যুৰ পাছতে। …


“কি বিপদ?”

“বহলাই কবলৈ সময়ৰ অভাব,টি ভি টো খুলি চালেই চাগে গম পাবি” 

“অ কে, চাও ৰ’।”-বুলি কৈ এ জেয়ে সংযোগ বিচ্ছিন কৰিলে।

মবাইলটো টেবুলত থৈ চন্দনে হাতদূখন আগবঢ়ালে নাথৰ দিশত -“বলক”।

নাথৰ মূখত মিচিকীয়া এক হাঁহি, “কালৈ ফ’ন কৰিলে আপুনি এই মাত্ৰ?”

“চিনি পাব চাগে, নাম অৰ্জুন জাহাংগীৰ বৰুৱা।”

“এ জে।”- নাথৰ হাঁহিটো স্পষ্ট হৈ উঠিছিল, “ভাল বন্ধু নেকি আপোনাৰ?”

“হয়”

“তন্তে আপুনি ভয় খোৱাৰ প্ৰয়োজনেই নাইচোন, যদিহে নিৰ্দোষী”- বুলি কৈ নাথে চন্দনৰ হাত অলংকৃত কৰিলে হেণ্ডকাফেৰে। 

 দুয়ো বাহিৰত ভৰি থোৱাৰ লগে লগে অধিক উত্তাল হৈ পৰিল বাহিৰৰ পৰিবেশ, “চন্দন দাস হায় হায়” “এয়া আত্মহত্যা নহয় হত্যা” ইত্যাদি শ্লগানত কঁপি উঠিল সমবেত ৰাইজ। ষ্টিল কেমেৰাৰ ফ্লাচে আৰু টি ভি সাংবাদিকৰ চিঞৰেৰে ভৰি পৰিছিল পৰিবেশ। তাৰে দুজন মানে ইতিমধ্যে চন্দন দাসেই দোষী বুলি ৰায় দিয়ে দিছিল টি ভি কেমেৰাৰ সন্মূখত। কনিষ্টবল দুজনে অতি কষ্টেৰে ল’ৰা-ছোৱালীখিনিৰ মাজেৰে উলিয়াই দিয়া পথেৰে নাথে চন্দনক লৈ গ’ল গাড়ীখনৰ দৃশত।

 নিজৰ বন্ধু-বৰ্গৰ মাজত এ জে বুলি পৰিচিত অৰ্জুন জাহাংগীৰ বৰুৱাৰ পৰিচয় চমুকৈ দিয়াটো জটিল। প্ৰায় আঠ বছৰ পূৰ্বে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা জন স্ংযোগ বিষয়ত সুখ্যাতিৰে মাষ্টাৰ্চ ডিগ্ৰী লোৱা অৰ্জুনৰ প্ৰথমটো চাকৰি আছিল দ’ ত্ৰুথ বিহাইণ্ড (The Truth Behind ) নামৰ ৰাস্ত্ৰীয় আলোচনীৰ বাবে। অপৰাধৰ পম খেদি ফুৰা উক্ত আলোচনীৰ জেষ্ঠ সাংবাদিক প্ৰ্ভাত ঘোষৰ সহকাৰী ৰুপে তিনিবছৰ কাম কৰোতে অৰ্জুনে দেখিছিল হত্যা, অপহৰন তথা ধৰ্ষণৰ দৰে বহুতো অপৰাধৰ ঘটনাৰ আৰত থকা সৰ্বসাধাৰন ৰাইজে নেদেখা ছবিবোৰ। প্ৰকৃত সত্যৰ সন্ধান নোপোৱালৈকে শান্তিৰ উশাহ নোলোৱা ঘোষৰ লগত কাম কৰি কৰি অৰ্জুনো একে নিচাতে আশক্ত হৈ পৰিছিল। নতুন দিল্লীৰ আশে পাশে কৰবাত অপৰাধ সংঘটিত হোৱাৰ খবৰ পালে কোনো ভোজৰ নিমন্ত্ৰন যেন অনুভব হৈছিল দুয়োৰ। নিতৌ নতুন বিপদৰ সন্মূখীন হৈ অপৰাধৰ প্ৰকৃত সত্য দাঙি ধৰা ঘোষৰ শত্ৰুৰ সংখ্যাও বাঢ়িছিল পদে পদে।কিন্তু ঘোষে কাকো কেৰেপ নকৰি অৰ্জুনক লগত লৈ এটাৰ পিছত এটাকৈ অপৰাধীৰ মূখা খুলি গৈছিল নিজৰ আলোচনীৰ জৰিয়তে। তেনেদৰেই তিনিবছৰ কাল অপৰাধৰ সৈতে যুজি অহাৰ পাছত দুয়োৰ যাত্ৰা থমকি ৰৈছিল ঘোষৰ অকাল মৃত্যুৰ লগে লগে। শোৱা পাটিতে হৃদক্ৰীয়া বন্ধ হৈ জীবন ত্যাগ কৰা ঘোষৰ স্থান লোৱা সাংবাদিক পেট্ৰিকৰ সৈতে ৰাহি-যোৰা মিলোৱাত বহুতো অসুবিধা হৈছিল অৰ্জুনৰ।       

“গোটেই জীবন কি ইয়াতে কটাম বুলি ভাবিছ’?”- জীবিত অবস্থাত ঘোষে হাতত স্ক্টচৰ গ্লাচ লৈ এদিন সুধিছিল অৰ্জুনক।

“নাই ভবা। সৰুৰে পৰাই এটা সপোন আছে মনত,যিদিনাই সপোনটো পূৰা কৰাৰ বাবে নিজকে যোগ্য বুলি ভাবিম সেইদিনাই টালি টুপুলা বান্ধি ঢাপলি মেলিম ইয়াৰ পৰা।”  

“কি সেই সপোন?”

“নিজৰ জন্মস্থানখনৰ বাবে কিবা কৰি যাব’ বিচাৰো মৰাৰ আগতে, অসমখনক ভাল কৰাৰ বাবে ক্ষুদ্ৰতম অৰিহণাও যদি দিব পাৰো তেন্তে জীবন ধন্য বুলি ভাবিম মোৰ।”-নিজৰ স্ক্টচৰ গ্লাচত শেষ সোহা মাৰি অৰ্জুনে কৈছিল। 

 মুক্তিযোদ্ধা ককাকৰ মূখৰ পৰা কনকলতা, পিয়লি ফুকনৰ কাহিনী শুনি ডাঙৰ হোৱা অৰ্জুনৰ প্ৰতিটো সপোন অসমৰ স্পৰ্শতে গঢ় লৈছিল। বহু বছৰ বাহিৰত থাকিলেও মনৰ এদাল শিপা অসমৰ মাটিত স্থায়ী কৰি থোৱা অৰ্জুনক অসমলৈ উভতাই আনিবলৈ বিশেষ কোনো অনুপ্ৰেৰণাৰ প্ৰয়োজন নাছিল। প্ৰয়োজন আছিল মাত্ৰ উপযুক্ত সময়ৰ আগমনৰ আৰু সেই সময় অহা বুলি সি অনুভব কৰিছিল ঘোষৰ মৃত্যুৰ পাছতে। ৰাষ্ট্ৰীয় সংবাদ জগতৰ এক সোণোৱালী ভবিষ্যতক পিঠি দেখুৱাই উপস্থিত হৈছিলহি সি পূনৰ তাৰ জন্মভূমিত। পিছে অৰ্জুনৰ সাংবাদিকতাৰ দ্বিতীয় ইংনিছ আৰম্ভ সি ভবা সময়ত হৈ উঠা নাছিল। অসমৰ প্ৰতিটোক্ষেত্ৰকে প্ৰদুষিত কৰি তুলা ৰাজনীতিৰ বিষবাস্পৰ পৰা সংবাদ মাধ্যমো সাৰি যোৱা নাছিল, এটা নিউজ চেনেল যদি কোনো প্ৰ্তাপী নেতাৰ ভায়েকৰ নামত আছিল তেন্তে অন্যটো বিৰোধী দলৰ কোনো নেতাৰ পত্নীৰ নামত। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ফুপুলা স্বৰুপে বাৰুকৈয়ে নিৰাশ কৰিছিল অৰ্জুনক। কি কৰো কি নকৰো ভাবি  দিনবোৰ পাৰ কৰি থাকোতেই সি লগ পাইছিল জনপ্ৰিয় সাহিত্যিক তথা সাপ্তাহিক কাকত ‘আলোক’-ৰ মূখ্য সম্পাদক প্ৰ্ভাত চন্দ্ৰ বৰঠাকুৰক। চাঞ্চল্য আৰু মছলা মিশ্ৰিত সাংবাদিকতাৰ দিনতো নিৰপেক্ষভাবে উচিত নীতি নিয়মৰ মাজেৰে সংবাদ প্ৰকাশ কৰি অহা বৰঠাকুৰৰ আদৰ্শত অনুপ্ৰেৰণিত হৈছিল অৰ্জুন। অবশ্যে সি যেতিয়া বৰঠাকুৰক লগ কৰি তেঁওৰ তলত কাম কৰাৰ ইচ্ছা প্ৰ্কাশ কৰিছিল তেতিয়া বৰঠাকুৰ অলপ আচৰিত নোহোৱাকৈ ৰব নোৱাৰিছিল। যি সময়ত বেছি দৰমহাৰ লোভত অন্য সাংবাদিকে বৰঠাকুৰৰ কাকত এৰি গৈ আছিল সেই সময়ত এখন ৰাষ্ট্ৰীয় মাধ্যমৰ আলোচনীৰ চাকৰি এৰি এখন জনপ্ৰিয়তাহীন ককতৰ লগত জড়িত হোৱাৰ ইচ্ছা কৰাত আচৰিত হোৱাটো আছিল স্বাভাবিক, পিছে অলপ সময় কথা বতৰা পাতোতেই অভিজ্ঞ বৰঠাকুৰে বুজিব পাৰিছিল অৰ্জুনৰ মন।

(আগলৈঅহা সংখ্যাত)

পিনাকপাণি বৰুৱা,

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেক্‌ন’লজী,

কুণ্ডৰাবাৰী, ডেকাৰগাঁও, তেজপুৰ- ৭৮৪৫০১

অন্যান্য লেখা :

Share.

Leave A Reply