এণ্টাৰ্কটিকাৰ সমীপত আৰ্নেষ্ট শ্বেকল্টনৰ অন্তিম নিশাকেইটা

0

এসময়ৰ জনপ্ৰিয় কবিৰ কল্পনাৰ “দূৰ দীগন্ত” বিয়পা “নীলিম সলিলৰাশি”, “বাধাহীন উৰ্মিমালা” অতিক্ৰম কৰি দক্ষিণলৈ যদি গৈ থকা যায় তেন্তে পোৱা যায় সাগৰৰে আন এক বিচিত্ৰ ৰূপ, য’ত সমস্ত উত্তাল জল-তৰংগ গোট মাৰি সৃষ্টি হয় বৰফৰ নানা-গঢ়ি স্থাপত্য-ভাস্কৰ্য; পোৱা যায় কেইবা বৰ্গকিঃমিঃ পৃষ্ঠৰ বৰফৰ ভাসমান অঞ্চলৰ সমাহাৰ, চাৰিওপিনে বগাৰ সমলয়। তাকো অতিক্ৰমী আৰু দক্ষিণলৈ গ’লে আছে “Wild continent” বুলি পৰিচিত এক ভূখণ্ড, যাৰ ৯৮ শতাংশই গড়ে ১.৯ কিঃমিঃ ডাঠ বৰফে আবৃত। পৃথিৱীৰ ৯০ শতাংশ বৰফ তাতেই আছে। মাটিকালি হিচাপত সেই ভূখণ্ড সাতখন মহাদেশৰ পঞ্চম বৃহৎ মহাদেশ। পৃথিৱীৰ শীতলতম, শুষ্কতম, শৃঙ্গময় সেই ঠাইত সঘনাই বলি থাকে পৃথিৱীৰ আটাইতকৈ তীব্ৰ ধুমুহা। আজিও কোৱা হয় যে— মানুহে চন্দ্ৰৰ যিমানখিনি ৰহস্য ভেদ কৰিছে, পৃথিৱীতে থকা সেই অংশটিৰ সিমানখিনি ৰহস্যও এতিয়াও ভেদ কৰা হোৱাগৈ নাই।

আমাৰ জনবসতিৰ মূল ভূখণ্ডসমূহৰ পৰা কেইবা হাজাৰ মাইল নিলগত সেই ভূখণ্ডটি আছে বুলি মানুহে অনুমান কৰাৰ, বিশ্লেষণ কৰাৰ বহু শতিকাৰজোৰা পুৰণি ইতিহাস আছে; কিন্তু উদ্দাম সাগৰৰ কাল-বাধা, বৰফৰ ফান্দ, কোনোপিনে ভূমি নেদেখা সাগৰীয় স্থানৰ ৰোধহীন তীব্ৰ ধুমুহা অতিক্ৰমী তাক ওচৰৰ পৰা দেখি অহাৰ আৰু তাত খোজ পেলোৱাৰ সম্ভৱ হৈছিল ঊনৈছ শতিকাতহে। এণ্টাৰ্কটিকা নামৰ সেই মহাদেশখনৰ দাঁতিত ঊনৈছ শতিকাত মানুহে খোজ পেলালে যদিও, তাৰো দক্ষীণে, মহাদেশখনৰ প্ৰায় মাজভাগত, অৰ্থাৎ পৃথিৱীৰ দক্ষীণ মেৰুত ভৰি দিবলৈ ১৯১১ চনৰ শেষভাগ পৰ্যন্ত কোনো সক্ষম হোৱা নাছিল। আদিম যুগৰ পৰা সেই বিজয় সাব্যস্তৰ দিনলৈকে, ক্ৰমে ক্ৰমে দূৰতৰ যাত্ৰাত ওলাই কিমান বীৰ নাৱিকে, কিমান অভিযাত্ৰীয়ে প্ৰাণ দিলে তাৰ সীমা-সংখ্যা নাই। তাৰ পাছতো, আনকি সৌ সিদিনা নাছাৰ এক বৈজ্ঞানিক অন্বেষণত গৈ এজন প্ৰখ্যাত পৰিৱেশ বিজ্ঞানী কোমল বৰফৰ স্তুপত পৰি জীৱন্তে অতল গহ্বৰত নিৰুদ্দেশ হৈ যায়।

xondhan Endurance shackleton

দক্ষিণ মেৰুত পাঁচ সপ্তাহৰ অগা-পিছাকৈ খোজ পেলোৱা প্ৰথম আৰু দ্বিতীয় মানুহ দুজন হ’ল ক্ৰমে ৰোৱাল্ড আমুণ্ডছেন আৰু ৰবাৰ্ট ফেলকন স্কট। তাত প্ৰথম খোজ পেলোৱাৰ লক্ষ্যৰে সেইবাৰ স্কটৰ নেতৃত্বত দলটোৱে যাত্ৰা কৰাৰ কিছুদিন পাছতে, আমুণ্ডছেনে তেওঁলৈ দি থৈ যোৱা এটা তিৰ্যক বাৰ্তা তেওঁ লাভ কৰিলে যে একেই লক্ষ্যৰে এখন জাহাজে ইতিমধ্যে যাত্ৰা কৰিছে। নাটকীয়ভাৱে দুয়োৰে মাজত আহি পৰা সেই প্ৰচণ্ড প্ৰতিযোগিতাত স্কট জয়ী নহ’ল। দক্ষিণ মেৰুত আমুণ্ডছেনে খোজ পেলালেগৈ ১৯১১ চনৰ ১৪ ডিচেম্বৰত আৰু স্কটে পেলালে ১৯১২ চনৰ ১৭ জানুৱাৰীত। প্ৰকৃততে, প্ৰথম বা দ্বিতীয় বুলি তেওঁলোক কেৱল এজন এজনেই নাছিল; আমুণ্ডছেনৰ লগতে খোজ পোলাইছিল তেওঁৰ দলৰ আন চাৰিজন সদস্যই; আৰু স্কটৰ লগতো আছিল তেওঁৰ দলৰ আন চাৰিজন সদস্য। ওভতনি যাত্ৰাত স্কটৰ সৈতে পাঁচোজনেই ক্ৰমে কৰুণ মৃত্যুক সাবটি ল’লে। কিন্তু বিজয়ী হিচাপে প্ৰথম হ’ব নোৱাৰিলেও মৃত্যুমুখী জটিল উভয়-সংকটত স্কট আৰু তেওঁৰ অন্তিম সংগীকেইজনৰ চৰিত্ৰত ফুটি উঠা কিছুমান মানৱীয় বৈশিষ্ট্যই তেওঁলোককহে ৰূপান্তৰিত কৰিলে কিংবদন্তীলৈ। এটাৰ পাছত এটাকৈ যাতনাই অৱশ কৰি অনাৰ অন্তিম মুহূৰ্ততো তেওঁলোকে বৈজ্ঞানিক অধ্যয়নৰ বাবে সংগ্ৰহ কৰা বস্তুবোৰৰ গধুৰ বোজা দলিয়াই পেলোৱা নাছিল। মৃতপ্ৰায় সংগীজনক ত্যাগ নকৰিলে নিজৰ মৃত্যু হ’ব বুলি জানিও তেওঁলোকে সেইটো কৰা নাছিল। স্কটৰ এই গোটেই অভিযানটোক অভিহিত কৰা হয়— The Worst Journey in the World। অভিযানটোৰ সম্পৰ্কে দহ বছৰৰ পাছত দলটোৰ এজন সদস্যই এই নামেৰে এখন গ্ৰন্থ প্ৰকাশ কৰে। বহু সমাদৰ লাভ কৰা গ্ৰন্থখনক ২০০১ চনত নেচনেল জিঅ’গ্ৰাফিকে প্ৰকাশ কৰা এশখন সৰ্বকালৰ শ্ৰেষ্ঠ অভিযান-গ্ৰন্থৰ তালিকাত প্ৰথম হিচাপে অন্তৰ্ভুক্ত কৰে। ইয়াৰ আধাৰত দুখনমান প্ৰখ্যাত তথ্যচিত্ৰ তথা নাটো নিৰ্মিত হৈছে। অসমীয়া ভাষাত স্কটৰ কাহিনী চমুকৈ সুন্দৰ ভাষা আৰু অনবদ্য উপস্থাপনশৈলীৰে লিখিছে হোমেন বৰগোহাঞিয়ে। বহুতো মানুহক অনুপ্ৰেৰণা যোগোৱা সেই প্ৰখ্যাত ধানমানী কিতাপখনৰ নাম হ’ল “মানুহ হোৱাৰ গৌৰৱ”। যিকোনো ক্ষেত্ৰৰ একোটা বিষয়বস্তু বা ঘটনা সুন্দৰ ভাষাৰে পাঠকৰ সমুখত তুলি ধৰাৰ শিক্ষাও কিতাপখনে প্ৰদান কৰে।


…. স্কটৰ নেতৃত্বত এটা দলে ১৯০১ চনৰ পৰা ১৯০৪ চনলৈ এণ্টাৰ্কটিকাত বৈজ্ঞানিক অন্বেষণ চলাইছিল। সেই দলত শ্বেকল্টনো এজন সদস্য আছিল। ১৯০৭ চনৰ পৰা ১৯০৯ চনলৈ চলোৱা আন এটা এণ্টাৰ্কটিকা অভিযানত তেওঁ দক্ষিণ মেৰুৰ বহু ওচৰ পাইয়ো খাদ্যৰ অভাৱত মৃত্যু মুখত পৰিব বুলি উভটি আহিব লগা হৈছিল …


আমুণ্ডছেন-স্কটৰ সময়ৰ দক্ষিণ মেৰু অভিযান কিমান জটিল আছিল সেয়া আমি আন এটা কথাৰ পৰাও অনুমান কৰিব পাৰোঁ— তেওঁলোকৰ পাছত তাত মানুহে তৃতীয়বাৰ ভৰি দিবলৈ সক্ষম হৈছিল সুদীৰ্ঘ ৪৬ বছৰ পাছতহে। আৰু সেই মানুহকেইজন আছিল এডমাণ্ড হিলাৰী আৰু তেওঁৰ নেতৃত্বৰ এটি দল। অৱশ্যে ইয়াৰ এবছৰ পূৰ্বে আন এটা অভিযাত্ৰী দলে আকাশীযানেৰে গৈ দক্ষিণ মেৰুত খোজ পেলাইছিল, আৰু “আমুণ্ডছেন-স্কট দক্ষিণ মেৰু আস্থান” নামে এটা গৱেষণা আস্থান প্ৰতিষ্ঠা কৰিছিল। কিন্তু “ভূমি”য়েদি যাত্ৰা কৰা হিচাপে এডমাণ্ড হিলাৰীকে তৃতীয়জন বুলি ধৰা হয়। এডমাণ্ড হিলাৰী, পৃথিৱীৰ আটাইতকৈ উচ্চ অংশ এভাৰেষ্ট শৃংগত টেনজিং নৰ্গেৰ সৈতে প্ৰথম খোজ পেলোৱা বুলিয়েই প্ৰধানকৈ খ্যাতিমান যদিও, তেওঁৰ আৰু দুটা বিৰাট পৰিচয় আছে। এভাৰেষ্ট শৃংগ, দক্ষিণ মেৰু আৰু উত্তৰ মেৰু— এই তিনি অৱস্থানৰ গোটেইকেইটাতে খোজ পেলোৱা ব্যক্তিকেইজনৰ প্ৰথমজন হ’ল তেঁৱেই। আৰু শিক্ষা, চিকিৎসা আদিত সম্পূৰ্ণ পিছ পৰি থকা হিমাচল অঞ্চলত শিক্ষা বিস্তাৰ, চিকিৎসাৰ সুচলতা, কৃষি উন্নতি, সংস্কৃতি তথা বিনন্দীয়া প্ৰকৃতিৰ সৌষ্ঠৱ বৰ্তাই ৰখা, পৰ্যটন আদি ক্ষেত্ৰত তেওঁ বহু প্ৰত্যাহ্বান গ্ৰহণ কৰি তাৰ জনসাধাৰণৰ জীৱন-ধাৰাই সলনি কৰি পেলাইছিল। তেওঁৰ প্ৰচেষ্টাত গঢ়ি উঠিছিল ২৭খন বিদ্যালয়, দুখন চিকিৎসালয়, ভালে সংখ্যক স্বাস্থ্য-কেন্দ্ৰ, যোগাযোগৰ বাবে উদ্ধত নদীৰ ওপৰত কেবাখনো দলং ইত্যাদি। এভাৰেষ্ট বিজয়ৰ ৫০ বছৰ পূৰ্তিত অতীতলৈ উভটি চাই হিলাৰীয়ে এই কাৰ্যসমূহতকৈ এভাৰেষ্ট-শীৰ্ষত উপনীত হোৱাটো বহু দিশৰ পৰাই কম গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰিছিল। ইমানবোৰ ন ন প্ৰত্যাহ্বান গ্ৰহণ কৰি তাক সমাপন কৰাৰ মানসিকতা হিলাৰীৰ মনত গঢ়ি উঠিছিল খুৱ সৰুতেই। তেওঁৰ হাইস্কুললৈ আছিল ৰেলগাড়ীৰে দুঘণ্টাৰ বাট। এই অহা-যোৱাৰ চাৰি ঘণ্টাৰ বাটত প্ৰায় চাৰি বছৰ ধৰি (আৰু পাছতো) তেওঁ অসংখ্য কিতাপ পঢ়িছিল। আৰু তাৰ মাজত বিভিন্ন অভিযান-কাহিনীৰ কিতাপেই আছিল অধিক। হিলাৰীয়ে কৈছিল যে সেইদিন ধৰি তেওঁক সদায় অনুপ্ৰাণিত কৰা অভিযানকাৰীসকলৰ অন্যতম আছিল আৰ্নেষ্ট শ্বেকল্টন নামৰ অভিযাত্ৰীজন।

xondhan-bergsআন বহুতৰ দৰে আৰ্নেষ্ট শ্বেকল্টনৰো লক্ষ্য আছিল দক্ষিণ মেৰু বিজয়। স্কটৰ নেতৃত্বত এটা দলে ১৯০১ চনৰ পৰা ১৯০৪ চনলৈ এণ্টাৰ্কটিকাত বৈজ্ঞানিক অন্বেষণ চলাইছিল। সেই দলত শ্বেকল্টনো এজন সদস্য আছিল। ১৯০৭ চনৰ পৰা ১৯০৯ চনলৈ চলোৱা আন এটা এণ্টাৰ্কটিকা অভিযানত তেওঁ দক্ষিণ মেৰুৰ বহু ওচৰ পাইয়ো খাদ্যৰ অভাৱত মৃত্যু মুখত পৰিব বুলি উভটি আহিব লগা হৈছিল। অৱশ্যে, সেয়া তেওঁ অতিক্ৰম কৰিছিল ৰেকৰ্ড সংখ্যক সৰ্বাধিক দূৰত্ব। আৰু দলটোৱে তাৰ পৰ্বত আদিতো গুৰুত্বপূৰ্ণ অন্বেষণ চলাইছিল। আমুণ্ডচেন-স্কটে দক্ষিণ মেৰুত ভৰি দিয়াৰ খবৰ বিয়পি পৰাৰ পাছত শ্বেকল্টনে এক নতুন লক্ষ্য স্থিৰ কৰি ল’লে যে— তেওঁ দক্ষিণ মেৰুৱেদি পাৰ হৈ গোটেই এণ্টাৰ্কটিকা অতিক্ৰম কৰিব। মহাদেশখনৰ ওপৰেৰে পথটোৰ দৈৰ্ঘ হ’ব প্ৰায় ২৯০০ কিঃমিঃ। সেই লক্ষ্যৰে ১৯১৪ চনত তেওঁৰ নেতৃত্বত ২৮ জনীয়া এটা দলে যাত্ৰা আৰম্ভ কৰিলে। কিন্তু, সেই বিজয় যেন হ’লগৈ অলীক কল্পনাহে! দুৰ্দশাই তেওঁলোকৰ লগত প্ৰচণ্ড যুদ্ধ ঘোষণা কৰিলে। দক্ষিণ মেৰু পাৰ হোৱা দুৰৰ কথা, তেওঁলোকে গৈ এণ্টাৰ্কটিকাৰ দাঁতিয়েই দেখা নাপালে। কিন্তু শ্বেকল্টনে যেনেকুৱা একোটা কাম কৰিলে; আজি অভিযানৰ উপৰি সামাজিক, ৰাজনীতি, কৰ্পৰেট আদি বিবিধ ক্ষেত্ৰত তেওঁৰ সেই কাহিনীৰে নেতৃত্ব তথা ব্যৱস্থাপনাৰ শিক্ষা প্ৰদান কৰা হয়। যিকোনো ক্ষেত্ৰত, সঘনাই জটিল পৰিৱৰ্তন লোৱা পৰিচয়হীন পৰিস্থিতিত আৰু অহৰহ সচেষ্ট হৈ থাকিব লগা ৰূঢ় পৰিস্থিতিত নিজকে খাপ খুৱাই ল’বলৈ আৰু আনক অনুপ্ৰাণিত কৰি পাৰ কৰি নিবলৈ তেওঁৰ পদ্ধতি আদৰ্শ হৈ উঠিল। সম্পূৰ্ণ অনিশ্চয়তাত নিৰ্ভয়ে, দৃঢ়তাৰে নতুন দায়িত্ব নিৰ্ধাৰণ কৰি গোটেই দলটোক তিষ্ঠাই ৰাখি এদিন সকলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাত তেওঁ মহান বীৰ বুলি পৰিগণিত হ’ল।

শ্বেকল্টনৰ আছিল কিছুমান খুৱ উন্মত্ত অথচ প্ৰত্যয়জনক পদ্ধতি। লগতে আছিল খুৱ তীক্ষ্ণ আৰু স্বচ্ছ দৃষ্টিভংগী। অভিযানটোৰ বাবে তেওঁ সদস্য বিচৰাৰ বিজ্ঞাপনটো আছিল এনেধৰণৰ— Men wanted for hazardous journey. Small wages, bitter cold, long months of complete darkness, constant danger. Safe return doubtful. Honor and recognition in case of success. এই বিজ্ঞাপনটো বিশ্বৰ শ্ৰেষ্ঠ এশটা বিজ্ঞাপনৰ এটা বুলি আলোচিত হয়। চাইমন চিনেক নামৰ এজন প্ৰখ্যাত লেখক, বক্তাই তেওঁৰ “Start with why” গ্ৰন্থখনত লিখিছে যে সেই বিজ্ঞাপনটো সাধাৰণ মানুহ বা সাধাৰণ প্ৰতিষ্ঠানবোৰৰ বিজ্ঞাপনৰ দৰে এনেকুৱা নাছিল যে— “Men needed for expedition. Minimum five years’ experience. Must know how to hoist mainsail. Come work for a fantastic captain.” এনে এটা বিজ্ঞাপনেৰেও তেওঁ বহু প্ৰাৰ্থী পালেহেঁতেন, কিন্তু ইয়াৰ দ্বাৰা তেওঁ নাজানিলেহেঁতেন কোন কোন তেওঁৰ লক্ষ্যৰ সৈতে নিমজ্জিত হোৱাৰ উদ্দেশ্যে আহিছে। তেওঁৰ সপোন যিসকলৰ নিজৰেই সপোন হৈ পৰিব— যিসকলে কিবাৰ বিনিময়ত তেওঁৰ বাবে কাম নকৰে, বৰং কামত সম্পূৰ্ণ ইচ্ছাৰে নিবিষ্ট হ’ব নিজৰেই সপোনৰ বাবে— তেওঁ বিচাৰিছিল সেইসকল মানুহ। তাৰ পাছত, আবেদনকাৰীসকলৰ মাজৰ পৰা সদস্য বাছি উলিয়াবলৈয়ো শ্বেকল্টনে কাৰ্যদক্ষতাৰ উপৰি স্বভাৱ, চাৰিত্ৰিক বৈশিষ্ট আদি সূক্ষ্ম দৃষ্টিৰে পৰীক্ষা কৰিছিল। তাৰ পাছত গঢ়ি উঠিছিল তেওঁৰ দলটো, এটা “টীম”, মানে— একো একোটা অংগ পৰস্পৰে পৰস্পৰৰ সৈতে সংযোজিত হৈ সম্পূৰ্ণকৈ গঢ়ি উঠা এটা “এক”!

এডমাণ্ড হিলাৰীৰ দৰে ব্যক্তিৰ অনুপ্ৰেৰণা কেনেকৈ হ’বলৈ পালে বুলি কৌতুহল অনুভৱ কৰি শ্বেকল্টনৰ বিষয়ে পঢ়ি থাকোঁতে আৰু শ্বেকল্টনৰ “South!” নামৰ গ্ৰন্থখন পঢ়িবলৈ লওঁতেই হাতত পৰিল এণ্টাৰ্কটিকাত খোজ পেলোৱা প্ৰথমজন অসমীয়া ৰাঘৱ চন্দ্ৰ ডেকাৰ “পেঙ্গুইনৰ দেশ কুমেৰু” নামৰ গ্ৰন্থখন। ১৯৮৭ চনত ১৫ জনীয়া ভাৰতীয় বিজ্ঞানী দলৰ এজন সদস্য হিচাপে তেওঁ মহাদেশখনৰ এটা অঞ্চলত প্ৰায় ১৪ মাহ থাকি আহে৷ এণ্টাৰ্কটিকাৰ কষ্টকৰ হ’লেও ৰোমাঞ্চকৰ বৈজ্ঞানিক কাম-কাজৰ আভাস; বৰ্তমান সময়ৰ জীৱনধাৰা; প্ৰযুক্তি, চিকিৎসা আদি ক্ষেত্ৰৰ বহু উন্নতিৰ পাছতো সাজ-পোচাক আদিত এতিয়াও থকা সীমাবদ্ধতা; জুই, বৰফৰ ধুমুহা আদিত ক্ষতি নোহোৱাকৈ গৃহ নিৰ্মাণ পদ্ধতি; অতি কণমানি খুঁত বা ভুল খোজ এটায়েই ক্ষন্তেকতে জীৱন শেষ কৰি দিয়াৰ কাহিনী; দীৰ্ঘদিনৰ একেই খাদ্য, দীঘলীয়া এন্ধাৰ আদিয়ে অনা স্বাস্থ্যৰ সমস্যা আৰু হতাশা; দলপতিসকলে তেজস্বী ভাষণেৰে মনোবল বঢ়াই উদ্যমেৰে কামত ব্ৰতী হ’বলৈ উদ্বুদ্ধ কৰাৰ কাহিনী; আনন্দ-উৎসৱৰ ব্যতিক্ৰমী আয়োজন; ভৱিষ্যতৰ অভিযাত্ৰীলৈ সহায়ক তথ্য ৰাখি যোৱাৰ প্ৰচেষ্টা; দক্ষিণ গোলাৰ্ধৰ বিভিন্ন অক্ষাংশত তথা কুমেৰু বৃত্তত বিভিন্ন বিপদ আৰু সাগৰৰ সুশোভন ৰূপ বৰ্ণনা; দিন-ৰাতিৰ পৰিবৰ্তন; প্ৰাণীসমূহৰ বিচৰণ; মেৰুপ্ৰভাৰ মোহনীয় দৃশ্য আৰু ৰহস্য; অসমৰ উচ্চ-পদস্থ বিষয়াই বৈজ্ঞানিকক দেখুওৱা অনিহাৰ উদাহৰণ; বহুকেইটা ঐতিহাসিক অভিযানৰ কাহিনী ইত্যাদি বিবিধ কথা গ্ৰন্থখনত বৰ্ণিত হৈছে। গ্ৰন্থখনে পাঠকৰ মনৰ দীগন্তও বহু প্ৰসাৰিত কৰে। গ্ৰন্থখনত শ্বেকল্টনৰ সেই অভিযানটোৰ কাহিনীও চমুকৈ (১৭টা পৃষ্ঠাজোৰা) সাৱলীলভাৱে বৰ্ণনা কৰিছে; যিখিনি কথা “South!”ত সন্নিৱিষ্ট আছে বিস্তাৰিতভাৱে প্ৰায় সমুদায় তথ্যৰে।

শ্বেকল্টনহঁতৰ জাহাজখনৰ সাধাৰণ গতিবেগ আছিল ঘণ্টাত প্ৰায় ১৯ কিঃমিঃ। জাহাজখনে যেতিয়া ভাসমান বৰফৰ অঞ্চলত প্ৰৱেশ কৰিলেগৈ বতৰৰ তাৰতম্য অনুসৰি কম-বেছি পৰিমাণে বাট কাটি তেওঁলোকে প্ৰতিদিনে গড়ে ৫০ কিঃমিঃমানকৈহে যাত্ৰা কৰিবলৈ সক্ষম হ’ল। বিচিত্ৰ-গঢ়ী স্বচ্ছ বৰফ-পিণ্ড, মাজে মাজে নীল বৰণীয়া পানী, অ’ত-ত’ত মেৰু-দেশৰ বিবিধ প্ৰাণীৰ কলৰব, আকাশত ঘণ ডাৱৰৰ কুণ্ডলী, কোনোবা দিনা কোমল ৰ’দ, আৰু বতাহৰ মাজেৰে— বহু কষ্টকৰ হ’লেও এয়া এক ৰমণীয় যাত্ৰা। এনেদৰে প্ৰায় ৪০দিন গৈ গৈ তেওঁলোক জাহাজৰ লক্ষ্যস্থলৰ ৩২০ কিঃমিঃ সমীপত প্ৰৱেশ কৰিলেগৈ। কিন্তু তেনে এটা নিশাতে বৰফে চাৰিওপিনৰ পৰা জাহাজখন আবৰি ধৰিলে, কোনোদিশেই দূৰ দূৰ পৰ্যন্ত পানীৰ চিনমোকাম নোহোৱা হ’ল। বহু চেষ্টাৰ অন্ততো তেওঁলোক তাতেই আবদ্ধ থাকিল। এমাহ পাৰ হৈ গ’ল। ইফালে শীতকাল কাষ চাপি অহা বাবে বহু মাহলৈ জাহাজ পাৰ কৰি নিয়াৰ কোনো আশা নাথাকিল। আৰু লগতে আহি আছিল দুমাহজোৰা এন্ধাৰ। এন্ধাৰৰ আগে আগে প্ৰাণীসমূহে সেই ঠাইৰ পৰা বিদায় ল’ব। শ্বেকল্টনে দলটোক জাহাজৰ পৰা নামি উপযুক্ত ঠাই বিচাৰি ইগলু সাজিবলৈ, খাদ্য আৰু ইন্ধনৰ বাবে এন্ধাৰ অহাৰ আগতেই পেংগুইন আৰু ছীল চিকাৰ কৰিবলৈ ভাগে ভাগে নিৰ্দেশ দিলে।

বৰফৰ ওপৰতেই তেওঁলোকৰ কেইবামাহো পাৰ হৈ গ’ল। এদিন গম পালে, তেওঁলোক উঠি থকা বৰফৰ ঠাইখিনি জাহাজখনৰ সৈতে পূৰ্বৰ স্থানৰ পৰা প্ৰায় ২০০ কিঃমিঃ আঁতৰি গৈছে। এদিন জাহাজৰ কাষৰ বৰফ ভাগি খহিবলৈ ধৰাত আশাৰ ৰেঙণি দেখি তেওঁলোক বাট মোকলোৱাত লাগি গ’ল, কিন্তু আশা বেছিপৰ স্থায়ী নহ’ল। কিছু বাট মোকোলাওতেই শীতৰ প্ৰকোপত বাটটো তৎক্ষণাৎ পুনৰ বৰফে ভৰি পৰিল। বহুবাৰ এনে আশা দেখি লোৱা সকলো প্ৰচেষ্টা অথলে গ’ল। এইবাৰ খাদ্যবস্তুৰ সন্ধানত তেওঁলোকে ৫০০ কিঃমিঃ দূৰৰ দ্বীপ এটাৰ পিনে বৰফৰ ওপৰৰে যাত্ৰা কৰাৰ পৰিকল্পনা কৰিলে। দ্বীপটোত ১২ বছৰ পূৰ্বে আন এটা দলে বহুখিনি খাদ্যবস্তু এৰি থৈ গৈছিল। জাহাজৰ পৰা দুখন নাও নমাই যাৱতীয় বস্তুৰ সৈতে শ্লেজৰ ওপৰত তুলি তেওঁলোকে যাত্ৰা আৰম্ভ কৰিলে। কিন্তু অলপ দূৰ গৈয়েই দেখিলে যে বৰফখিনি বহু কঠিন। তাৰ ওপৰেৰে যাত্ৰা কৰা সহজ নহয়। আৰু সেয়াটো সমতল ভূমি নহয়, গোটেই ওখোৰা-মোখোৰা। বহু চেষ্টাৰ অন্ততো সামান্য দূৰহে আগবাঢ়িব পাৰে, আৰু তেওঁলোক ভাগৰি পৰে। এনেকৈ শ্লেজসমূহো বেছিদিন নিটিকিব আৰু এটা ডাঙৰ বৰফ-খণ্ডৰ পৰা আন এটালৈ নাওকেইখন পাৰ কৰাও সহজসাধ্য নহ’ব। ফলত তেওঁলোকে তাতেই কেম্প কৰাৰ সিদ্ধান্ত ল’লে। জাহাজত থকা তৃতীয়খন নাৱত অত্যাৱশ্যকীয় বস্তুসমূহ তুলি বৰফৰ ওপৰেৰে লৈ আনিলে।

ইফালে বৰফৰ চাপ লাহে লাহে বাঢ়ি গৈছিল আৰু তাৰ তীব্ৰ চেপাত জাহাজখন এদিন মৰ্মৰণি তুলি ভাগিবলৈ ধৰিলে। কেইদিনমানৰ পাছতে জাহাজখন ডুবি থাকিল। এতিয়া কোনোপিনে সংযোগহীন বৰফখণ্ডই তেওঁলোকৰ একমাত্ৰ আশ্ৰয় হৈ পৰিল। বৰফখণ্ডটো যেনিয়েই যায় সেয়াই হ’ল তেওঁলোকৰ অৱস্থান। সমুখলৈ আহিব পৰা যিকোনো জৰুৰী কামৰ বাবে শ্বেকল্টনে দলটোক অহৰহ সাজু কৰি ৰাখিলে। ইতিমধ্যে এক বছৰ পাৰ হৈ গৈছে। খাদ্যবস্তু কমি আহাত আহাৰ কমকৈ গ্ৰহণ কৰিবলৈ তেওঁ নিৰ্দেশ দিব লগা হ’ল। ইন্ধন বচাবলৈ নিজে নিজেই হাতৰ মুঠিত বৰফ লৈ পানী খাব লগা হ’ল। অৱশেষত লগত থকা কুকুৰকেইটাও মাৰি খাদ্য কৰিবলৈ বাধ্য হ’ল।


…. শ্বেকল্টন কিয় ইমান ডাঙৰ আদৰ্শলৈ ৰূপান্তৰিত হ’ল সেয়া যদি এতিয়াও আমি অনুভৱ কৰিব পৰা নাই তেন্তে সামান্য পৰিস্থিতিতে ক্ৰোধোন্মাদ হৈ উৱাদিহ হেৰুৱাই পেলোৱা আমাৰ নিজৰে বা আমি দেখা পোৱা আনৰ মুহূৰ্তবোৰলৈ মনত পেলাব পাৰোঁ। নতুবা মনত পেলাব পাৰোঁ “The Raft of the Medusa” শীৰ্ষক বিশ্ব-বিখ্যাত পেইণ্টিংখনৰ আঁৰৰ কাহিনীলৈ ..


যেতিয়া গ্ৰীষ্মকালত সোমালহি, তেওঁলোক উঠি থকা বৰফখণ্ড খহি খহি প্ৰায় ২০০ মিটাৰমান ব্যাসাৰ্ধৰ এটা টুকুৰাত পৰিণত হ’লগৈ। এদিন টুকুৰাটো ফাট মেলিবলৈ ধৰিলে। অধিক বিপদলৈ ৰৈ নাথাকি তিনিওখন নাও পানীলৈ নমাই দি তেওঁলোকে দ্বীপৰ সন্ধানত যাত্ৰা কৰিলে।

কেইবাদিনৰ মূৰত তেওঁলোকে এটা ডাঙৰ বৰফখণ্ড পালেগৈ। তাৰে ওপৰত কেইদিনমান জিৰণি লোৱাৰ মন মেলিলে। কিন্তু তাতো তেওঁলোকক বিপদে লগ এৰা নাছিল। পুনৰ গৈ গৈ জাহাজখন ডুবাৰ স্থানৰ পৰা প্ৰায় ৫৫০ কিঃমিঃ দূৰত এটা দ্বীপ পালেগৈ।

দ্বীপটোত এদিন জিৰণি লৈ তেওঁলোকে, সেইপিনেদি কোনোবা জাহাজ গ’লে পটকৈ চকুত পৰা অৱস্থান এটা বিচাৰি উলিয়াই তালৈ যাত্ৰা কৰিলে। তাৰ পাছত আৰম্ভ হ’ল খাদ্যবস্তুৰ সন্ধান কৰা, নাওকেইখন নিৰাপদ স্থানলৈ উঠাই নিয়া ইত্যাদি নতুন কাম। কিন্তু পৰিস্থিতি আৰু খাদ্যৰ নাটনিলৈ চাই অকণো পলম নকৰাকৈ নিজেই সাহায্য বিচাৰি ক’ৰবালৈ নাৱেৰে যাত্ৰা কৰাটো প্ৰয়োজন হৈ পৰিল। কোনোবাই যে তেওঁলোকৰ সন্ধানত সেই দ্বীপলৈ কেতিয়াবা আহিব তাৰ সামান্যও সম্ভাৱনাই নাই। শ্বেকল্টনে হিচাপ কৰি দেখিলে, সাহায্য বিচাৰি তাৰ পৰা যাবলৈ ন্যূনতম দূৰৰ ঠাইকণলৈ প্ৰায় ৮৫০ কিঃমিঃ হ’ব আৰু দূৰতমকণলৈ হ’ব প্ৰায় ১৩০০ কিঃমিঃ। কিন্তু বতাহৰ দিশ আৰু সাগৰৰ সোঁতলৈ চাই ১৩০০ কিঃমিঃ দূৰৰ পথটো লোৱাই উচিত হ’ব। খুৱ ভালকৈ বিবেচনা কৰি তেওঁ যাত্ৰাটোৰ বাবে এটা ছজনীয়া দল গঠন কৰিলে, আৰু বাকীসকলৰ এজন দলপতি পাতি তেওঁলোক উভটি অহালৈ অপেক্ষা কৰিবলৈ দিলে।

ছজন মানুহৰ বাবে এমাহৰ খাদ্য-বস্তু লৈ শ্বেকল্টন যাত্ৰাটোত ওলাল। ১৬ দিনৰ অন্তত তেওঁলোকে এটা পাৰ পালেগৈ। তাতে দলটো দুটা ভাগত ভগাই, এটা দলে কেম্প পাতিলে আৰু শ্বেকল্টনৰ সৈতে আনটো দলে পাহাৰ বগাই প্ৰায় ৫০ কিঃমিঃ গৈ এটা ফেক্টৰী পালেগৈ। ফেক্টৰীৰ মানুহে তেওঁলোকৰ ৰূপ দেখি ভয় খাই ওচৰৰ পৰা পলাবলৈ ধৰিলে। তেওঁলোকৰ কথাবোৰ শুনাজনেও কোনোবা বহুৱা বুলি প্ৰথমে গুৰুত্ব দিব নিবিচাৰিলে। ফেক্টৰীৰ মেনেজাৰ আৰু শ্বেকল্টনে পূৰ্বতে ইজনে আনজনক জানিছিল। তেওঁক বিচাৰি লগ কৰাত তেওঁ শ্বেকল্টনৰ মাতটো চিনি পালে। লগে লগে শ্বেকল্টনে তেওঁক বিশ্বযুদ্ধ কেতিয়া শেষ হ’ল সুধিলে। শ্বেকল্টনৰ যাত্ৰাৰ প্ৰস্তুতিৰ সময়তে প্ৰথম বিশ্বযুদ্ধৰ উকমুকনি উঠিছিল। তেওঁ দেখিছিল, বহুতো বিশেষজ্ঞই যুদ্ধ ছমাহ হ’ব পাৰে বুলি কৈছে। সেয়েহে দেশৰ হৈ যুদ্ধত জড়িত হৈ পৰাৰ পৰিৱৰ্তে কোনো অনুশোচনা নৰখাকৈয়ে তেওঁ অভিযানটোত ওলাই গৈছিল। তাৰোপৰি, সেই অভিযানে নিজ দেশৰ মান বঢ়োৱাৰ লগতে বৈজ্ঞানিক অন্বেষণৰ দিশৰ পৰাও সি আছিল খুৱ গুৰুত্বপূৰ্ণ। মেনেজাৰজনে প্ৰকাশ কৰিলে যে যুদ্ধ শেষ হোৱাই নাই, নিযুত নিযুত সংখ্যক মানুহ মৰিয়ে আছে, ইউৰোপ পাগল হৈছে, পৃথিৱীখন পাগল হৈছে! সঁচাকৈয়ে, পাগল হৈ উঠা এই পৃথিৱীখনৰ খবৰ পৃথিৱীৰে সেই নিৰ্জন মহাদেশখনৰ সমীপৰ পৰা শ্বেকল্টনহঁতে একেবাৰেই পোৱা নাছিল; আৰু এইখন পৃথিৱীয়েও পৃথিৱীৰে আন এখন মহাদেশৰ সমীপত শ্বেকল্টনহঁতৰ জীৱন-মৰণ যুঁজৰ একো সম্ভেদেই পোৱা নাছিল।

xondhan antarctica icebergযুদ্ধৰ চাকনৈয়াৰ মাজতে শ্বেকল্টনে, নিৰ্জন দ্বীপত এৰি থৈ অহা ২২জন সদস্যক উদ্ধাৰৰ বাবে জাহাজৰ সাহায্য বিচাৰিবলৈ আৰম্ভ কৰিলে। তেওঁৰ কাহিনী শুনি সকলোৱে তবধ মানিলে। সমুদ্ৰত বছৰ বছৰ ধৰি ঘূৰা বীৰ নাবিকেও ভয়ত যি অংশৰে জাহাজ পাৰ কৰা নাছিল, সেই অংশৰে শ্বেকল্টনে মৃত্যু পণ কৰি ২০ ফুটীয়া নাও এখনেৰে পাৰ হৈ আহিল! অৱশেষত জাহাজ যোগাৰ কৰি, চাৰি মাহৰ মূৰত বাকীসকলকো উদ্ধাৰ কৰিবলৈ তেওঁ সক্ষম হ’ল।

ইমান কঠিন মুহূৰ্তসমূহতো সদায় এটা আশাময় পৰিৱেশ ৰক্ষাৰ বাবে শ্বেকল্টনে দলটোৰ সদস্যসকলক কাম আৰু খেলাধুলাৰ মাজেৰে অহৰহ ব্যস্ত কৰি ৰাখিছিল। প্ৰতিজন সদস্যক নিৰীক্ষণ কৰি তেওঁলোকৰ অসুবিধা নিজৰখিনি ত্যাগ কৰিও পুৰাবলৈ কুণ্ঠাবোধ নকৰিছিল। জীৱন শেষ হৈ যাবলগীয়া পৰিস্থিতিতো জটিল কাম-কাজ কৰাৰ সময়ত কোনোবাজন খঙাল হৈয়ো উঠিল। তেওঁৰ সিদ্ধান্তত কেতিয়াবা অসন্তুষ্ট হোৱা, মনোমালিন্য হোৱা সদস্যজনক উপেক্ষা নকৰি অহৰহ নিজৰ অধিক কাষতহে ৰাখি নিৰীক্ষণ কৰিছিল। তাৰ দ্বাৰা তেনে সদস্যৰ ঋণাত্মক প্ৰভাৱ আনৰ ওপৰত পৰি পৰিস্থিতি অধিক জটিল হোৱাৰ পৰা বচাব পাৰিছিল। এনেদৰেই অন্তিম মুহূৰ্তলৈকে সদস্যসকলে তেওঁৰ প্ৰতি আনুগত্য ৰক্ষা কৰিবলৈ উদ্বুদ্ধ হৈছিল।

শ্বেকল্টন কিয় ইমান ডাঙৰ আদৰ্শলৈ ৰূপান্তৰিত হ’ল সেয়া যদি এতিয়াও আমি অনুভৱ কৰিব পৰা নাই তেন্তে সামান্য পৰিস্থিতিতে ক্ৰোধোন্মাদ হৈ উৱাদিহ হেৰুৱাই পেলোৱা আমাৰ নিজৰে বা আমি দেখা পোৱা আনৰ মুহূৰ্তবোৰলৈ মনত পেলাব পাৰোঁ। নতুবা মনত পেলাব পাৰোঁ “The Raft of the Medusa” শীৰ্ষক বিশ্ব-বিখ্যাত পেইণ্টিংখনৰ আঁৰৰ কাহিনীলৈ। য’ত মানুহে আত্মহত্যা কৰিবলৈ আৰম্ভ কৰিছিল, পৰস্পৰৰ মাজত যুঁজ লাগি সহযাত্ৰীক সমুদ্ৰলৈ দলিয়াই পেলাইছিল, দুৰ্বল সংগীক হত্যা কৰি ভক্ষণ কৰিবলৈ আৰম্ভ কৰিছিল; আৰু অৱশেষত ১৩ দিনৰ মূৰত নৰখাদক বন্যৰূপে উদ্ধাৰ হৈছিলগৈ মাথোঁ কেইজনমান।

দক্ষিণ মেৰুলৈ আগবাঢ়ি যোৱাৰ লগে লগে দিন-ৰাতিৰ দৈৰ্ঘ্যৰ তাৰতম্য ঘটিবলৈ আৰম্ভ কৰে। দক্ষিণ মেৰুত একেৰাহে ছমাহ নিশা আৰু ছমাহ দিন, অৰ্থাৎ এটা দিন, এটা ৰাতি। এনে হিচাপত শ্বেকল্টন আৰু তেওঁৰ দলটোৱে কেইটিমান নিশাহে তাত পাৰ কৰিছিল। কিন্তু আমাৰ ঠাইৰ হিচাপত তেওঁ আবদ্ধ আছিল প্ৰায় ৫০০ দিন, ৫০০ নিশা। এটাও হত্যাকাণ্ড নোহোৱাকৈ, কোনো হৰণ-ভগন নোহোৱাকৈ দিনৰ পাছত দিন, দীঘল দীঘল নিশা পাৰ কৰি গোটেই দলটোক উদ্ধাৰ কৰি শ্বেকল্টন নিজেও হয়তো বিষ্ময়াভিভূত হৈ পৰিছিল। যেতিয়া তেওঁলোক দ্বীপটোত আশ্ৰয় ল’বলৈ পাইছিলগৈ, শ্বেকল্টনে এজন সহযাত্ৰী-বন্ধুক কৈছিল— “Thank God I haven’t killed one of my men!” সহযাত্ৰীজনে উত্তৰ দিছিল— “Whatever happens, we all know that you have worked super-humanly to look after us.”

 

পঙ্কজজ্যোতি মহন্ত,

সম্পাদক, গণিতচ’ৰা 

(http://pankajjyoti.com/)

অন্যান্য লেখা :

Share.

Leave A Reply