অধ্যাপক অমৰজ্যোতি চৌধুৰীৰ সৈতে সাক্ষাৎকাৰ

4

সন্ধান: ছাৰ নমস্কাৰ ৷
অমৰজ্যোতি চৌধুৰী: নমস্কাৰ ৷

সন্ধান: ছাৰ আপোনাক সন্ধান’ৰ তৰফৰ পৰা উষ্ম আদৰণি জনাইছোঁ ৷
অ. চৌধুৰী: ধন্যবাদ ৷

সন্ধান: ছাৰ আজি আমি আপোনাৰ জীৱনৰ একা-বেঁকা বাটৰ কিছুমান কথা জানিব বিচাৰিম ৷ ছাৰ, শৈশৱটো সকলোৰে কাৰণে মধুৰ ৷ আপোনাৰ শৈশৱত আপুনি অসমৰ সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তিসকলৰ লগত কটোৱাৰ সুবিধা পাইছে৷ তেখেতসকলৰ লগত কটোৱা কেইটামান মুহূৰ্তৰ কথা আমাক ক’ব নেকি?

অ. চৌধুৰী:  হয়, মোৰ দেউতা লক্ষ্যধৰ চৌধুৰী সাংস্কৃতিক জগতৰ লগত ওতঃপ্ৰোতঃ ভাৱে জড়িত আছিল আৰু সেইকাৰণেই সেইখিনি সময়ৰ সংস্কৃতিৰ পুৰোধা ব্যক্তি সকলৰ লগত মোৰ সংযোগ হোৱাৰ  সৌভাগ্য হৈছিল ৷ উদাহৰণ স্বৰূপে মোৰ মনত আছে বিষ্ণু ৰাভা ডাঙৰীয়াৰ লগতো সান্নিধ্যৰ সৌভাগ্য হৈছিল ৷ মই এটা ঘটনা কওঁ, আমি তেতিয়া তৃতীয় শ্ৰেণীত পঢ়োঁ, চেনিকুঠী স্কুলত ৷ আমি বিহু চাবলৈ গ’লো ৷ বিহু চাই দেখিলো যে বিহুৰ আগতে বক্তৃতা দি থাকে মানুহে, খুব আমনি লাগে ৷ আৰু সেইকাৰণে আমি প্ৰায় দহ জন মান ল’ৰা লগ হৈ বিহু সমিতিলৈ ক’বলৈ গ’লো যে এই উদ্বোধনী ভাষণটো গুচাই দিব লাগে ৷ যাওঁতে মোৰেই দুৰ্ভাগ্য আছিল নেকি সেই সমিতিৰ সচিব আছিল মোৰ দেউতা ৷ তেতিয়াই মই ক’বলৈ গৈ অলপ মান অসুবিধা পাইছিলো ৷ কিন্তু তাৰ পিছত মোৰ দেউতাই কোনোবা এজনক মাতি ক’লে যে – ৰাভা, এইফালে আহকচোন ৷ মই তেতিয়া ধৰিব পৰা নাই কাৰ কথা কৈছে ৷ বিষ্ণু ৰাভাই সেইদিনাখন বিহু উন্মোচন কৰাৰ কথা আছিল ৷ দেউতাই মতাত তেখেত আহিল আৰু তেখেতক ক’লে যে এই ল’ৰা কেইটাই উন্মোচনী ভাষণটো গুচাই দিব দিছে, আপুনি কওকচোন ইহঁতক ৷ তেখেত আহি মোক সুধিলে, তহঁতে জান নেকি ঢোলত কিয় চাপৰ মাৰে? আমি ক’লো – স্ফূৰ্তি লাগে কাৰণে মাৰে৷ তেখেতে ক’লে- “এইটো হয়, কিন্তু আৰু কি?” আমি ক’লো আৰুতো নাজানো ৷ আকৌ সুধিলে গগণাটো কিয় বজায়? আমাৰ আকৌ একেই উত্তৰ ৷ তেতিয়া তেখেতে আমাক বুজাব ধৰিলে যে আচলতে ঢোলৰ চাপৰত মেঘৰ শব্দ বা গগণাত চৰাইৰ শব্দ  ধৰি ৰাখিব খোজো যাতে আমি প্ৰকৃতিক দেখা পাওঁ ৷ তেতিয়াহ’লে এইবোৰ কথা তহঁতক কোনে ক’ব যদি উন্মোচনী ভাষণত মই নকওঁ? এইবুলি ক’ই আমাক বুজাই বঢ়াই মিঠাই খুৱাই ওভতাই পঠিয়াইছে ৷ তেনেধৰণে মই সৰুতে চিনেমা কৰিছিলো আৰু তেনেকৈ ফণী শৰ্মা ডাঙৰীয়াৰ লগত মোৰ চিনাকী হৈছিল ৷  মই দুখন চিনেমা কৰিছিলো ‘মাক আৰু মৰম’ আৰু ‘আমাৰ ঘৰ’ ৷ ‘আমাৰ ঘৰ’ কৰোতে মই ফণী শৰ্মা ডাঙৰীয়াৰ লগত একেলগে অভিনয় কৰাৰ সুযোগ পাইছিলো ৷ তেখেতে তাৰ পিছত মোক ইমান মৰম কৰিব ধৰিলে যে এবাৰ তেজপুৰৰ বাণ মঞ্চত ‘চিৰাজ’ চলি থাকোতে আগদিনাই গুৱাহাটীৰ পৰা মোক লৈ আনিছিল নাটক খন দেখুওৱাবলৈ ৷গতিকে এইটো মই মোৰ জীৱনৰ পৰম সৌভাগ্যৰ কথা বুলি ভাৱো ৷ সিদিনা ‘চিৰাজ’ৰ অভিনয়ৰ আগতে সংগীত হৈছিল ৷ ইয়াক আগতে “গান-মাৰা” বুলি কৈছিল। এই গোটেইখিনি কৰিছিল বিষ্ণু ৰাভা ডাঙৰীয়াই ৷ (মঞ্চৰ) তলত এটা অংশ থাকে, তাতে বহুত সংগীত শিল্পী একেলগে  বহি বিভিন্ন ধৰণৰ সুৰ-সমলয়ৰ সৃষ্টি কৰে আৰু সেইটো পৰিচালনা কৰিছিল বিষ্ণু ৰাভা ডাঙৰীয়াই ৷ গতিকে এইবোৰ কথা মোৰ মনত আছে ৷

সন্ধান: ককা লক্ষ্যধৰ চৌধুৰীক ইহ সংসাৰৰ পৰা বিদায় জনাব লগা হোৱাটো আমাৰ সময়ৰ অসংখ্য কিশোৰ-কিশোৰী আৰু যুৱক-যুৱতীৰ বাবে অতিশয় অসহায় বোধৰ কথা আছিল। আজি আপোনাৰ মুখেৰে ককাৰ বিষয়ে কিছু কথা জানিব বিচাৰিছোঁ। তেখেতৰ কি কি আদৰ্শই আপোনাক সৰুতে অনুপ্ৰাণিত কৰিছিল আৰু এতিয়া তেখেতৰ কোনবোৰ আদৰ্শৰ কথা আপুনি সুঁৱৰিব বিচাৰে?

অ. চৌধুৰী: মোক এতিয়া যদি শৈশৱৰ কি পুৰণি কথা সোঁৱৰণ কৰিব পাৰোঁ বুলি সোধা হয় তেন্তে মোৰ বোধকৰোঁ দেউতাৰ মুখখনেই মনত আছে ৷ দেউতাই মানে এবাৰ গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অভিনয়ৰ কাৰণে আছিল, দেউতা বোধকৰো লক্ষ্মণ হৈছিল ৷ মোৰ তেতিয়া টাইফয়ড হৈছিল ৷ মোৰ জ্বৰ বেছি হৈছিল গতিকে ঘৰৰ পৰা যাব নিদিলে ৷ তেতিয়া এনেকুৱা হ’ল যে ডাক্তৰ কেইজন মান আহি মোৰ ওচৰত আছিল ৷  ডাক্তৰ আনন্দেশ্বৰ বৰঠাকুৰ, তেখেতৰ কথা মোৰ বিশেষ ভাৱে মনত আছে ৷ তেখেত মোৰ লগত আছিল আৰু দেউতাক পঠিয়াই দিছিল যাতে কোনো চিন্তা কৰিব নালাগে ৷ আমাৰ ঘৰৰ ওচৰত ভাস্কৰ নাট্য মন্দিৰ আছিল ৷ সেইখিনি সময়ত দৃশ্যাংক হয়, এটা দৃশ্যৰ পিছত এটা দৃশ্য ৷ সেইখিনি সময়ত বহু সময় খালি থাকে ৷ মই এটা চৰ্তত দেউতাক যাব দিছিলো যে সেই খালি থকা সময় খিনিত মোক চাই যায় ৷ সেইকাৰণে মোৰ এতিয়াও দেউতাৰ মেক-আপ কৰা লক্ষ্মণৰ মুখখন মনত পৰে ৷

সন্ধান: ছাৰ, নাটকৰ সেই লক্ষ্মণৰ চৰিত্ৰটোৱে আপোনাৰ জীৱনত কেনেবাকৈ প্ৰভাৱ পেলাইছিল নেকি বাৰু?

অ. চৌধুৰী: সেই দৃশ্যটো সিদিনাখন মই দেখা নাছিলো, মইটো যাব পৰা নাছিলো ৷ পিছত দেখিছো ৷ পিছলৈ দেউতাই তৰণীসেনৰ অভিনয় কৰিছিল ৷ তৰণীসেনৰ অভিনয় চাওঁতে যি দেশপ্ৰেমমূলক কথা কয় সেইবোৰে প্ৰভাৱিত কৰিছিল ৷ আচলতে আমাৰ এটা খুৱ ভাল সময়ত জন্ম হৈছিল, আমি সৌভাগ্যৱান বুলি ভাৱো ৷ ১৯৫০ চনত আমাৰ জন্ম হৈছিল ৷ সেইখিনি সময়ত দেশ স্বাধীন হৈছিল ৷ সেইখিনি সময়ত আমাৰ যি সকল ৰাজনৈতিক নেতা আছিল, তেখেত সকলকো মানুহে সন্মানৰ চকুৰে চাইছিল ৷ সেইখিনি সময়ত জৱাহৰলাল নেহেৰু গুৱাহাটীলৈ আহিছিল এবাৰ ৷ মনত আছে যে তেখেত খোলা জীপ এখনত আহিছিল, লগত কোনো নাছিল ৷ মোৰ সেইখিনি সময়ত খুব পানী লাগিছিল, পানী লাগি চকু ৰঙা হৈ আছিল ৷ স্কুলৰ পৰা লৈ গৈছে আমাক ৷ তেখেতে মোক তেনেকে দেখি নামি আহিছে আৰু হিন্দীতে কিবা কিবি সুধিছে, মই উত্তৰ দিব পৰা নাই ৷ কিন্তু এনেকৈ যে দেশৰ এজন প্ৰধানমন্ত্ৰী সকলোৰে বাবে লক্ষ্য ৰাখিছিল আৰু সকলোৰে লগত মিলি যি আদৰ্শৰ সৃষ্টি কৰিছিল, সেইখিনি সময়ত আমি এই আদৰ্শবিলাক নাটক, গীত, কবিতা আদিত পৰ্যাপ্ত ৰূপত দেখিবলৈ পাইছিলোঁ ৷ সেই কাৰণে মই ভাৱো যে আমাৰ সেই ভাল সময়খিনি বোধকৰো ইয়াৰ পিছত আন কোনেও পোৱা নাই ৷ সেইকাৰণে আমাৰ সময়ৰ আমাৰ বয়সৰ যিসকল মানুহ সৎ পথত থাকিব পৰা নাই, মই ভাৱো যে তাতকৈ আৰু দুষ্কাৰ্য একো হ’ব নোৱাৰে ৷ কাৰণ দেশখনে আমাক ইমান ভাল সময় দিছিল ৷ আৰু এইটোও হয় যে সেইখিনি সময়ৰ শিক্ষক সকলও বোধকৰো ভাল আছিল ৷ খুব চমুকৈ কৈছো, তেতিয়া মই চেনিকুঠী বুনিয়াদী বিদ্যালয়ত পঢ়ো, প্ৰথম নে দ্বিতীয় শ্ৰেণীত পঢ়ো ৷ সিদিনা স্বাধীনতা দিৱসৰ দিনা খুব বৰষুণ হ’ল ৷ ফ্লেগ খন উৰুওৱা হ’ল, কিন্তু ডাঙৰ ধুমুহা আহিল ৷ ধুমুহা বৰষুণত যিডাল বাহত পতাকাখন উৰুওৱা হৈছিল, সেইডাল হালি পৰি যোৱাৰ উপক্ৰম হ’ল ৷ তেতিয়া আমাৰ প্ৰধান শিক্ষক চণ্ডী শৰ্মা ডাঙৰীয়াই চিঞৰি আমাক বাৰাণ্ডাত উঠিব দিলে, আমি সকলো ল’ৰা-ছোৱালী বাৰাণ্ডাত উঠিলোগৈ ৷ তাৰ পিছত তেখেতে প্ৰায় ৪৫ মিনিট মান সময় বৰষুণত তিতি বাহ ডাল ধৰি আছিল৷ এনেকুৱা ধৰণৰ দৃষ্টান্তও পাইছিলোঁ ৷ এতিয়া এনেকুৱা দৃষ্টান্ত আছে নে নাই নাজানো, কিন্তু আমি অত্যন্ত সৌভাগ্যৱান বুলি ভাৱো ৷

সন্ধান: আপোনাৰ দেউতা লক্ষ্যধৰ চৌধুৰী, ৰাজনীতিবিদ লক্ষ্যধৰ চৌধুৰী আৰু সাহিত্যিক লক্ষ্যধৰ চৌধুৰী কোনজনে আপোনাক আটাইতকৈ বেছি আকৰ্ষিত কৰে? কিয়?

অ. চৌধুৰী: এনেকুৱাকৈ ঠিক ক’ব নোৱাৰি, কিন্তু সেইখনি সময়ত ৰাজনীতি এটা আদৰ্শ আছিল ৷ তেখেত সমাজবাদী পন্থাত বিশ্বাস কৰিছিল, গতিকে সকলোৱে সমান অধিকাৰ পাব লাগে সেইটোৱে কথা ৷ আৰু সেইটো কৰিবলৈ যাওতে, যে কাৰো বেছি মাটি থাকিব নালাগে ৷ দেউতাৰ বহুত মাটি আছিল, আমাৰ আগৰ পৰিয়ালৰ মাটি আছিল ৷ কিন্তু বোধকৰো এই পন্থাত বিশ্বাস কৰিছিল বাবেই দেউতাই আমাৰ উত্তৰ গুৱাহাটীত থকা মাটি খেতিয়কক দি দিছিল ৷ গতিকে ৰাজনীতি আৰু আদৰ্শৰ মাজত সমন্বয় দেখিছিলোঁ, যিটো কথা তেখেতৰ সাহিত্যতোঁ দেখিছিলো ৷ গতিকে মই ভাৱো যে এই গোটেইখিনি কথা ভাগ ভাগ কৰি থব পৰা বস্তু নহয় ৷

সন্ধান: ছাৰ তাৰ মানে আপুনি ক’ব বিচাৰিছে যে ৰাজনীতিবিদ ককা লক্ষ্যধৰ চৌধুৰীক বেছি ভাল পায়?

অ. চৌধুৰী: মই ঠিক সেইটো কোৱা নাই ৷ এনেয়ে তেখেতৰ ৰচনা পঢ়ি বেছি ভাল পাও ৷ কিন্তু এইটোও হৈছিল যে ৰাজনীতি কৰি থকা বাবে আমাৰ ওচৰত তেওঁ বেছি সময় থাকিব নোৱাৰে, মানুহৰ লগত গুছি যাব লাগে ৷ সেইকাৰণে আমাৰ খুব আপত্তি ৷ দেউতা এনে ঘৰত থাকিলে আমাক অনবৰত সাধু কৈ থাকে, নাটকৰ কথা কৈ থাকে আৰু খুহুতীয়া কথা কৈ তাকে, আমাৰ ফূৰ্ত্তি হৈ থাকে ৷ আমাৰ ঘৰত আগতে খুব বানপানী হয়, বৰষুণ দিলেই পানী হয় ৷ বানপানী হ’লেই আমাৰ খুব ফূৰ্ত্তি হয়, দেউতা তেতিয়া ওলাই যাৱ নোৱাৰে ৷ মায়ে তেতিয়া খাতত উঠি (আমাৰ এটা ষ্টভ আছিল) ষ্টভত পকৰি বা মালপোৱা ভাজি দিয়ে ৷ গতিকে সেইখিনি আমাৰ অত্যন্ত সুখৰ সময় ৷

সন্ধান: পিছলৈ পদাৰ্থ বিজ্ঞানৰ প্ৰতি আপোনাৰ ঢাউতি বাঢ়িছিল ৷ কেৱল সাংস্কৃতিক জগতখনৰ সৈতেই সম্পূৰ্ণৰূপে জড়িত হৈ পৰা আৰু বিজ্ঞান অধ্যয়নৰ দিশত অগ্ৰসৰ হোৱা – ইয়াৰ মাজত কোনটো বাছি ল’ব – এনে ধৰণৰ চিন্তা শৈশৱত আহিছিল নেকি?

অ. চৌধুৰী: শৈশৱত মই আচলতে পদাৰ্থ বিজ্ঞান পঢ়িম বুলি ভবা নাছিলোঁ ৷ পঢ়া-শুনাৰ জগতলৈ অহাতো এটা দূৰ্ঘটনা বুলি ক’ব লাগিব ৷ কাৰণ নাটক কৰিয়েই ভাল পাইছিলোঁ ৷ তেতিয়া চিনেমাও কৰিছিলোঁ ৷  বিভিন্ন পৰিচালকে মোক চিনেমাত লোৱাৰ কথাও কৈছিল ৷ আৰু মই তেতিয়া ভাৱিছিলোঁ যে ডাঙৰ হৈ চিনেমাই কৰিম ৷ তেতিয়া “আমাৰ ঘৰ” চিনেমা কৰি ঘৰলৈ ওভতি আহিছো, মই তেতিয়া চতুৰ্থ শ্ৰেণীত পঢ়ো ৷ মই তেতিয়া ফুটবল খেলি ভাল পাইছিলো ৷ অৱশ্যে ভাল নেখেলিলেও খেলি মই খুৱ ভাল পাইছিলো ৷ কিন্তু যেতিয়া এই চিনেমা কৰি ওভতি আহিলো, তেতিয়া এনেকুৱা এটা হৈছিল যে বহুতে সেইখিনি সময়ত চিনেমা কৰা ল’ৰাক ভাল চকুৰে নাচাইছিল ৷ আজিৰ সম্পূৰ্ণ ওলোটা ৷ গতিকে বহু মাক-দেউতাকও মোক তেওঁলোকৰ ল’ৰাৰ লগত খেলিবলৈ দিয়া নাছিল ৷ গতিকে এনেকুৱা এটা অৱস্থা হৈছিল যে ফুটবল খেলা পথাৰৰ কাষত মই বহি থাকো ৷ বলটো চুব পালেও ভাল লাগে, এনেকুৱা ধৰণৰ অৱস্থা হৈছিল ৷ কিন্তু লাহে লাহে এই যে বহি থাকিব লাগে – মই খেলিব নাপাও, সেইটোৰ কাৰণে এটা অনুশোচনা হোৱাৰ নিচিনা হ’ল ৷ লাহে লাহে এটা লাজবোধ হ’ল, আৰু এদিন মই হঠাতে ঠিক কৰিলো যে নাই মই এনেকে বহি নাথাকো ৷ এওঁলোকক সদায় বলতো যোগান ধৰিম – এইটো নহ’ব, মই ইয়াত নাহো ৷ কিন্তু তেতিয়া আবেলি মই কি কৰি থাকিম? মোৰ বন্ধু নোহোৱা নিচিনা হ’ল ৷ গতিকে মই উপায় নাপাই কিতাপ পঢ়িব বাধ্য হ’লো ৷ প্ৰথমে গল্প কিতাপ বেছি পঢ়িছিলোঁ ৷ তাৰ আগতে মোৰ পঢ়া-শুনাৰ প্ৰতি ধাউতি নাছিল, পৰীক্ষাৰ ফলাফলো ভাল নহয় ৷ কিন্তু সেইবাৰ উপায়-নাপাই যে পঢ়িব লগা হ’ল, মই শ্ৰেণীত প্ৰথম হ’লো ৷ প্ৰথমতে মোৰ নিজৰে আচৰিত লাগিছিল, কি হ’ল কথাটো ৷ তেনেকৈ মই প্ৰৱেশিকা পৰীক্ষাত প্ৰথম হ’লো ৷ প্ৰৱেশিকা পৰীক্ষাত প্ৰথম হোৱাটো বহুতে কয় যে এইটো বহুত ভাল হ’ল ৷ এফালৰ পৰা ভাল হ’ল, কিন্তু আনফালৰ পৰা মোৰ বাবে কাল হ’ল বুলি কও মই ৷ কাৰণ বিশিষ্ট পৰিচালক নিপ বৰুৱাই মোক কথা দিছিল অভিনেতা কৰোৱাৰ বাবে ৷ কিন্তু যেতিয়া তেখেতে দেখিলে যে মোৰ পৰীক্ষাৰ ফলাফল এনেকুৱা হৈছে, তেওঁ নিজে আহি মোক ক’লে যে – “তই চিনেমাৰ কথা বাদ দে, পঢ়া-শুনাত লাগ” ৷ গতিকে মোৰ মূৰত সৰগখন ভাগি পৰা যেন লাগিল ৷ এনেকৈ মই দূৰ্ঘটনাক্ৰমে পঢ়া-শুনাৰ জগতখনলৈ আহিলো ৷

সন্ধান:  পদাৰ্থ বিজ্ঞানৰ কোনবোৰ শাখাই আপোনাক আকৰ্ষিত কৰিছে এতিয়ালৈকে?

অ. চৌধুৰী: পদাৰ্থ বিজ্ঞানৰ প্ৰথম কথা হ’ল যে ইয়াৰ সকলোবোৰ কথা অতি যুক্তি সংগত ৷ তাৰ লগত যিটো গণিত আছে, সেই গাণিতীক দৃষ্টিৰে সকলো চোৱা হয় ৷ আৰু শেহান্তৰত পৰীক্ষামূলক ভাৱে যিটো আমি দেখো, সেইটোকে চূড়ান্ত সত্য বুলি লও ৷ গতিকে সত্যৰ এটা নতুন ধাৰণা যে যিটো আমি দেখিবলৈ পাইছো বা যিটো আমাক যন্ত্ৰই দেখুৱাইছে, সেইটোহে সত্য ৷ সেই সত্যৰ কাৰণে সেই সত্যটো চূড়ান্ত সত্য বুলি ধৰি লৈ কেনেকৈ আমি বিভিন্ন যিবোৰ আমাৰ তত্ত্ব আছে, সেইবিলাকক আমি সলাই ল’ব পাৰো যাতে সেই সত্যটো তাত প্ৰতিফলিত হয় ৷ গতিকে সেই গোটেই প্ৰক্ৰিয়াটোৱে আচলতে এটা সত্য অন্বেষণৰ পথ ৷ মহাত্মা গান্ধীয়েও সত্য অন্বেষণৰ কাহিনীত তাকে কৈছিল যে তেওঁ সমাজৰ যিটো সত্য সেইটো অনুসন্ধান কৰিব গৈছিল ৷ আৰু পদাৰ্থ বিজ্ঞানৰ এই সত্যটো সাৰ্বজনীন সত্য, সকলো ঠাইতে প্ৰযোজ্য ৷ ওবামাই হওক বা ওচামাই হওক, ইলেক্ট্ৰনৰ ব্যৱহাৰ সদায় একে ৷ গতিকে এটা সমাজবাদ তাত আছে ৷ সেইবাবে পদাৰ্থ বিজ্ঞানৰ কথাবোৰ বিশেষ আকৰ্ষণীয় হয় ৷ তাতকৈ ডাঙৰ কথা হৈছে যে কেৱল খণ্ড খণ্ড কৈ থকা কিছুমান তত্ত্ব তাত আমি নাপাওঁ, কিন্তু তাৰে জীৱনৰ প্ৰতি, জগতৰ প্ৰতি সামূহিক দৰ্শন গঢ়ি তোলাৰ  সুবিধা পাওঁ বুলি মই ভাৱো ৷ এইকাৰণে পদাৰ্থ বিজ্ঞান বোধকৰো ভাল লাগে ৷

সন্ধান: পদাৰ্থ বিজ্ঞানলৈ কেতিয়া অহাৰ কথা আপুনি ভাৱিলে ?

অ. চৌধুৰী: প্ৰৱেশিকা পৰীক্ষাৰ পিছত প্ৰি-ইউনিভাৰ্চিটিত প্ৰথম ফিজিক্স পঢ়িছিলো ৷ আৰু মোৰ খুড়া এজন গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক আছিল ৷ তেখেতে তেতিয়া টেলিস্কোপ, মাইক্ৰ’স্কোপ বোৰ দেখুৱাই, তাৰ জড়িয়তেও অলপ আকৰ্ষণ আছিল ৷ কিন্তু পঢ়া-শুনা কৰাৰ পিছত মোৰ আকৰ্ষণ আৰু বেছি হ’ল ৷

সন্ধান: ছাৰ, আপোনাৰ স্নাতকৰ সময় পৰা ভগৱান কণাৰ আবিস্কাৰলৈ পদাৰ্থবিজ্ঞানৰ যি যাত্ৰা তাৰ বিষয়ে থুলমূলকৈ কি কব?

অ. চৌধুৰী: প্ৰথমতে পদাৰ্থ বিজ্ঞানৰ যিটো ধ্ৰুপদী পদাৰ্থ বিজ্ঞান বুলি কয়, তাৰ নিয়ম কানুন বোৰ কটকটীয়া, ধৰা বন্ধা আছিল ৷ তাৰ পিছত যেতিয়া আমি স্নাতকোত্তৰ শ্ৰেণীলৈ আহিলো, মই তেতিয়া দিল্লী বিশ্ববিদালয়ত আছিলো, তেতিয়া দেখিলো যে তাৰ নিয়ম কানুন বোৰ বহুত সলনি হয় ৷ আমি সাধাৰণ জ্ঞানেৰে যিটো ভাৱো, সাধাৰণ চিন্তাৰে যিটো ভাৱো, সেইটো নহয় ৷ উপন্যাসৰ নিচিনা সেই কোৱাণ্টাম বিজ্ঞানৰ জগত খন ৷ গতিকে সেইটোৱে আৰু এটা বেলেগ আনন্দ দিবলৈ ধৰিলে ৷ হিগছ্ কণা বা ভগৱান কণিকাৰ কথাই ধৰিলে, তাত এনেকুৱা কিছুমান গাণিতীক প্ৰক্ৰিয়াৰে উলিওৱা হৈছে তাৰ সেই চিন্তাটো যে এটা পদাৰ্থ কণা থাকিব লাগে ৷ যিটো মই ভাৱো যে এইটোৰ পৰা জানো সঁচাকৈ (?) ওলাব পাৰে, ইমান আচহুৱা ধাৰণা কিছুমান আছে অংকৰ ৷ কিন্তু তাৰ পৰাই যিটো ওলাল, শেহান্তৰত সেইটোৱেই সত্য বুলি প্ৰমাণিত হৈছে ৷ গতিকে গণিতৰ যিকোনো পৰিঘটনাৰ একেবাৰে ভিতৰলৈকে যোৱাৰ ক্ষমতা আছে, সেইটোৱে মোক বিশেষ ভাৱে আকৰ্ষিত কৰে ৷

সন্ধান: বৰ্তমান পদাৰ্থ-বিজ্ঞানত খলকনি তোলা ‘ভগবান কণিকা’ৰ বিষয়ে আমাৰ পাঠক তথা শ্ৰোতাক আৰু অলপ বহলাই কব নেকি?

অ. চৌধুৰী: ভগৱান বা ঈশ্বৰ কণিকা যিটো কয়, নামটো এইটো কাৰণে দিয়া হয় যে এটা সময়ত ঠিক কৰা হ’ল যে কিহে পদাৰ্থক ভৰ দিয়ে ৷ ভৰ মানে দেহ বা অবয়ব দিয়াৰ নিচিনা, বা কোনে শৰীৰ দিয়ে ৷ সেই ভৰ থাকে বাবেই অণু-পৰমাণু বোৰ থাকে, অণু পৰমাণু হোৱাৰ কাৰণেই এটা সময়ত জীৱন সম্ভৱ হয় ৷ গতিকে এক দৃষ্টিৰে চালে যি ভৰ দিয়ে সিয়েই ইশ্বৰ ৷ আৰু যিখন ক্ষেত্ৰই এই ভৰ দিছে সেইখনক আমি ইশ্বৰ ক্ষেত্ৰ বুলি ক’লো ৷ আৰু ঈশ্বৰ ক্ষেত্ৰই এনেকুৱা কাম কৰে, মই এটা উদাহৰনেৰে বুজাবলৈ ভাল পাও, ধৰিলো আমি সকলো এটা কোঠালীত আছো ৷ বহুত মানুহ তাত আছো, সকলোৱে পৰিপাটীকৈ বেলেগ বেলেগ অংশত কিবা কিবি কৰি আছে ৷ এনেতে যদি হঠাতে অমিতাভ বচ্চনৰ নিচিনা মানুহ কোঠালীটোলৈ সোমাই আহে, তেতিয়া সৰহভাগ মানুহে তেওঁক চুবলৈ বা চাবলৈ ওচৰলৈ আহিব ৷ গতিকে তেওঁৰ চাৰিওফালে মানুহৰ এটা গাঁঠনি হোৱাৰ নিচিনা হ’ব ৷ সেইটো অতিক্ৰম কৰি আহিবলৈ যাতায়তৰ অলপ মান অসুবিধা হ’ব ৷ গতিকে ভৰ আচলতে হৈছে যাতায়তৰ অসুবিধা ৷ ভৰে শক্তিৰ গতিত প্ৰতিৰোধ দিয়ে ৷ এই যে হিগছ্ ক্ষেত্ৰ খন আছে, সেইখন ঠিক আমাৰ অমিতাভ বচ্চনৰ নিচিনা ৷ চাৰিওফালে এনেকুৱা ধৰণৰ কিছুমান ক্ষেত্ৰৰ সৃষ্টি কৰে যে তাৰ ভেদি যিকোনো বস্তু ওলাই আহিবলৈ অসুবিধা হয় ৷ তেতিয়া পদাৰ্থটোৰ এনেকুৱা অনুভৱ হয় যেন তাৰ ভৰ হৈছে বা তাৰ ওজন বাঢ়িছে ৷ সেইটোৱেই আচলতে গোটেই চিন্তাৰ মূল ৷ কিন্তু গোটেই কথাটো Spontaneous Symmetry Breaking বুলি কয় বা স্বত:স্ফুতভাৱে সমমিতি ভাঙন ৷ সমমিতি মানে পদাৰ্থৰ একে নিয়ম পালন কৰিব লাগে বুলি কয় ৷ কিন্তু এইটো ভাঙি যায় কাৰণ কিছুমান কণাৰ ভৰ আছে, কিছুমান কণাৰ ভৰ নাই ৷ উদাহৰণ স্বৰূপে পোহৰৰ কণাৰ ভৰ নাই, ইলেক্ট্ৰন বা প্ৰট’নৰ ভৰ আছে ৷ হিগছ্ কণাৰো ভৰ তেনেকৈ পোৱা গৈছে ৷

 

সন্ধান: আপুনি নেন’-প্ৰযুক্তি শাখাটোলৈ আকৰ্ষিত হ’ল কেনেদৰে?

অ. চৌধুৰী: মোৰ যিটো গৱেষণাৰ ধাৰা, মই ডক্টৰেট কৰিছোঁ অক্সফৰ্ড বিশ্ববিদ্যালয় পৰা। তাত আমি স্কেনিং লেজাৰেৰে নিৰ্মিত ক্ৰমবীক্ষণ অনুবীক্ষণ যন্ত্ৰ সাজিছিলোঁ। ইয়াৰ সহায়ত সৰু সৰু পদাৰ্থ কণিকাবোৰ চাব পাৰি। বিশেষকৈ পদাৰ্থৰ যিবোৰ ধৰ্ম সেইবোৰ অধ্যয়ন কৰিবলৈ সুবিধা। পদাৰ্থৰ এটা ধৰ্ম হ’ল – কিছুমান অনু-পৰমানু গঠন হৈ সময়ত এটা অৱস্থাতে ৰৈ যায়। যিদৰে বনছাই তলৰ শিপাবোৰ কাটি দিয়াৰ বাবে অলপ ওখ হৈয়ে ৰৈ যায়, ঠিক তেনেধৰনে এই গাঠনি বিলাক বাঢ়ি বাঢ়ি এটা সময়ত, এই ধৰা ১০০টা মান অনু-পৰামানু হোৱাৰ পিছত ই ৰৈ যায়। বিভিন্ন ৰাসায়নিক প্ৰক্ৰিয়াৰে এই গাঠনিটো যাতে নহয়, সেইটো বন্ধ কৰি দিব পাৰি। গতিকে কনিকাবোৰৰ তেনেকুৱা কিছুমান থুপ হয়, সেই থুপবিলাকৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে। সেই বৈশিষ্টখিনি অতি আকৰ্ষণীয়। তাৰমানে, যদি গাঠনিৰ আকাৰ সলনি হয়, তেতিয়াহলে তাৰ পৰা ওলোৱা ৰঙো সলনি হব। অকল ৰং সলনি হোৱাই নহয়, ৰং সলনি হোৱাৰ লগে লগে তাৰ বৈদ্যুতিক ধৰ্মৰো সলনি হয়, অকল বৈদ্যুতিক ধৰ্মৰে যে অকল সলনি হয় সেইটোও নহয়, তাৰ চুম্বকীয় ধৰ্মৰো সলনি হয়, এইখিনি সময়তে। গতিকে সেইখিনি খুব আকৰ্ষণীয়। গতিকে সকলোবোৰ ধৰ্ম সলনি হৈ থাকে। এই সলনি হৈ থকা ধৰ্ম, বিজ্ঞানী বা প্ৰযুক্তিবিদ সকলৰ বাবে বিশেষভাবে আকৰ্ষনীয়। বেলেগ বেলেগ আকাৰৰ নেনো যদি আমি বিশেষভাবে ৰাখি দিও তেতিয়াহ’লে সকলোবোৰ ৰং আমি পাব পাৰো। এই পৰিঘটনাবোৰেই নেন’-প্ৰযুক্তি শাখালৈ আকৰ্ষিত হোৱাৰ মূল কাৰণ ৷

সন্ধান: দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈ আপুনি গৱেষণাৰ বাবে অক্সফ’ৰ্ডলৈ গৈছিল। নিঃসন্দেহে তাত বহুতো উৎসাহজনক অভিজ্ঞতাৰ মুখামুখি হৈছিল। পি.এইচ. ডি. কালত হোৱা তেনেকুৱা দুটামান অভিজ্ঞতা মনত পেলাব নেকি?

অ. চৌধুৰী: মই সধাৰণতে এটা কথা কৈ ভাল পাওঁ। মোৰ গৱেষণাৰ বিষয় আছিল ক্ৰমবীক্ষমান অনুবীক্ষণ যন্ত্ৰ (Scanning microscope)। কাম কৰি থাকোতে দেখা গ’ল – আমি 2nd harmonic বুলি কওঁ, মানে বেছি পোহৰ দিলে বেছি উচ্চ কম্পনাংকৰ সংকেট সৃষ্টি হয়। সেই সংকেটবিলাকৰ পৰা পদাৰ্থৰ ভিতৰৰ কথা জানিব পাৰি। এইদৰে কাম কৰি থাকোতে এদিন দেখিলোঁ – সেই কাম কৰিবৰ বাবে কিছুমান লেজাৰ ইতিমধ্যে আবিস্কাৰ হৈছে- “আৰ্গন-আয়ন(Ar+) লেজাৰ”। মই মোৰ যিগৰাকী তত্ত্বাবধায়ক বা supervisor তেওঁৰ কাষলৈ গ’লো আৰু ক’লো যে এনেকুৱা এটা যন্ত্ৰ হ’লে বেয়া নাছিল। আমি যদি কেতিয়াবা কিনিব পাৰো তেতিয়াহলে আমি পৰীক্ষাবোৰ কৰিব পাৰোঁ। মোৰ মুখৰফালে চাই ক’লে – তেতিয়াহলে “কম্পেনীটোক অৰ্ডাৰ দি দিয়া”। মই প্ৰথমতে অবাক হৈছো – আমাৰ ইয়াততো নিয়ম-কানুণবোৰ বৰ দিঘলীয়া। প্ৰথমতে টেণ্ডাৰ আনিব লাগিব  মানে বহুত দিঘলীয়া প্ৰক্ৰিয়া। তাত তেনেকুৱা কথা নাই। তেওঁ কলে কাম কৰিব পৰা হব লাগিব, তুমি চাইছানে নাই? মই কলো – চাইছো, এইটো আমাৰ কাৰণে ঠিক হব। তেতিয়াহলে তুমি লিখি দিয়া মই চহী কৰি দিও, নালাগে চহী কৰিবলে মই ফোন কৰি দিম, বুলি কৈ তেখেতে ফোন কৰি দিলে । পিছদিনা মই জলপান খাই আহিছোঁ-দেখিছোঁ মস্ত ডাঙৰ যন্ত্ৰ এটা আমাৰ department-ৰ কাষতে আছে, লগত কেইজনমান মানুহ। মানুহ কেইজনে ক’লে যে আমি অমুক যন্ত্ৰটো লৈ আহিছোঁ। মই পৰীক্ষাগাৰৰ দৰ্জা খুলি দিলোঁ। তেওঁলোকে যন্ত্ৰটো বহুৱালে। সেইদিনা ১১ মান বজাত আমি মানেই (Reading) লব পাৰিছিলোঁ। মই আগদিনা ছাগে ৩-৪মান বজাত অৰ্ডাৰ দিছিলোঁ, পিছদিনা যন্ত্ৰটো আহিল, তেওঁলোকে বহুৱালে আৰু ১১টা বজাত মই সেইটোৰে মান (Reading)  লব পৰা হৈছিলো। গতিকে সেইখন দেশত গৱেষনা ভাল হব নে আমাৰ দেশত!

সন্ধান: ছাৰ এনেকুৱা আৰু অভিজ্ঞতাৰ কথা মনত পেলাব নেকি?

অ. চৌধুৰী: তাত আমি বহুত দেশী-বিদেশী মানুহ লগ পাইছিলোঁ। অকল যে ইংৰাজসকলকে লগ পাইছিলোঁ তেনে নহয়,গোটেই পৃথিৱীৰ মানুহ অক্সফৰ্ডলৈ আহে। তেওঁলোকৰ লগত সম্পৰ্ক হৈছিল। এই ধৰা, বাতৰি কাকতবোৰে পাকিস্থান বা বাংলাদেশৰ মানুহৰ বিষয়ে এনেকুৱা কিছুমান ধাৰণা দিয়ে, যেন তেওঁলোক মানুহেই নহয়। যেতিয়া তাত গৈ মানুহবোৰ লগ পালোঁ, এই ধৰা, বেনজিৰ ভূট্টো, আমাতকৈ অকণমান কম বয়সৰ, তেওঁ, স্নাতক পঢ়ি আছিল তেতিয়া। তেওঁ অক্সফৰ্ডৰ debating society’ৰ president আছিল। তেওঁলোকৰ লগত দেখা হয়। অকল তেওঁকেই নহয় আন পাকিস্থানৰ বা বাংলাদেশৰ মানুহো লগ পাইছিলোঁ। তেওঁলোকৰ পৰা দেখা পাওঁ যে তেওঁলোক আমাৰ দৰেই কথা কয়, আমাৰ দৰেই ভাবে, আমাৰ দৰেই ফূৰ্ত্তি কৰে, গতিকে বিভেদ একো নাই। সাধাৰণ মানুহৰ মাজত কোনো এই বিভাজনটো কৃত্তিমভাবে ৰখা হৈছে, ৰাজনৈতিকভাবে ৰখা হৈছে।

সন্ধান: এনেকুৱা সুন্দৰ অভিজ্ঞতাৰ হোৱাৰ পিছত আন বহুতৰ দৰে আপুনিও বিদেশতে থাকি যোৱাৰ চিন্তা কৰিছিল নেকি?

অ. চৌধুৰী: এনেকুৱা নহয় যে মই বাহিৰলৈ যোৱাৰ কথা ভবা নাই। মোৰ সদায় এটা ইচ্ছা আছিল যে -হয়! মই বাহিৰলৈ পঢ়িবলৈ যাম, বা এবছৰ দুবছৰ কামৰ বাবেও যাব পাৰোঁ, কিন্তু ইয়ালৈ অহাটো মোৰ বাবে অত্যন্ত জৰুৰী। কাৰণ ইয়াৰ যিখিনি সংস্কৃতি, যিখিনি কৃষ্টি সেইখিনিয়ে মোক বহু পৰিমাণে মানুহ হিচাবে থকাত অৰিহণা যোগাইছে। গতিকে সেইখিনিৰ প্ৰতি মই এটা আকৰ্ষণ অনুভৱ কৰোঁ। গতিকে সেই কাৰণে মই বোধকৰোঁ উভতি আহিছোঁ ৷

 

অহা সংখ্যাত আপোনালোকে পঢ়িবলৈ পাব কৰ্মজীৱন, সমাজ আৰু সাহিত্য সম্পৰ্কে ডঃ চৌধুৰী ছাৰৰ অভিমত…

(পিছৰ সংখ্যা…)

সন্ধানৰ হৈ সাক্ষাৎগ্ৰহন – নৱনাথ চহৰীয়া
ব্যৱস্থাপনা – নয়ন জ্যোতি কলিতা, পংকজ জ্যোতি মহন্ত, মঞ্জিল পি. শইকীয়া
চলমান চিত্ৰগ্ৰহণ – যুৱা প্ৰতীম গগৈ, দিব্য জ্যোতি শৰ্মা, দাপ কুপাৰ তাৰিয়াং, শ্ৰীকান্ত চৌধুৰী
চলমান চিত্ৰগ্ৰহণ লেবৰটৰী – তেজপুৰ বিশ্ববিদ্যালয় গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ চলমান চিত্ৰগ্ৰহণ লেবৰটৰী।

 

অন্যান্য লেখা :

Share.

About Author

4 Comments

    • অতিশীঘ্ৰে আমি সাক্ষাৎকাৰটোৰ ভিডিঅ' মুকলি কৰি আছো ৷ আপোনালোকৰ সহাঁৰিয়ে আমাক উৎসাহিত কৰিব ৷ ধন্যবাদ ৷

Leave A Reply