পৰিচয় (প্ৰথম খণ্ড)

1

এক বিশেষ কায়দাৰে কেঁচিখনৰ গুৰিফালে থকা ফুটা দুটাৰ এটা ফুটাত সোঁহাতখনৰ বুঢ়া আঙুলিটো আৰু আনটো ফুটাত অনামিকা আঙুলিটো সোমোৱাই লৈ ওখ চকীখনত এজন জীৱিত মানুহক মৃত মানুহ এজনৰ দৰে বহুৱাই তেওঁৰ চাৰিওফালে ঘূৰি ঘূৰি দীঘল আৰু অসমান হৈ থকা চুলিবোৰ সমান কৰিবলৈ যেতিয়া সি চেষ্টা কৰে , সেই সময়ত তাৰ মনলৈ সামান্য ভাৱ এটাও নাহে যে সমাজত  তাৰ পৰিচয় এজন নাপিত ।‌ ‘কৰ্মই ধৰ্ম’ বুলি কোৱা কথাষাৰিৰ আঁত ধৰি এটা যন্ত্ৰৰ দৰে সি কেৱল কৰি যায় নিজৰ কাম ।‌ এনেকুৱা সময়তে কেতিয়াবা হাতত কম সময় থকা ব্যস্ত মানুহ এজন আহি ওলাইহি আৰু তালৈ চাই প্ৰশ্ন কৰে –

: ভাইটি, হ’বনে এতিয়া? আৰু কেইজন আছে ?

: দুজন ।‌

– মানুহজনলৈ নোচোৱাকৈয়ে চিৰাচৰিত উত্তৰটো দি সি হাতৰ কেঁচিখন ওখ চকীখনত বহি থকা মানুহজনৰ মূৰৰ ওপৰত এৰি দিয়ে ।‌

দৈনিক বিশ-পঁচিশজন মানুহৰ আগমন ঘটা তাৰ চেলুনখনলৈ কেতিয়াবা দুই- এজন নতুন গ্ৰাহক আহে ।‌ তিনি আলিটোৰ আশে-পাশে প্ৰায় তিনি কিলোমিটাৰ ধৰি অন্য চেলুন নথকাৰ বাবে তাৰ চেলুনৰ দুৱাৰমুখ মানুহৰ ভিৰত সদায় গমগমীয়া হৈ থাকে ।‌চেলুনখনৰ সন্মুখত পাৰি দিয়া দীঘল বেঞ্চিখনত চুলি বা ডাঢ়ি খুৰাবলৈ অপেক্ষাৰত মানুহবোৰ বহি এটা সৰু-সুৰা আড্ডাও সৃষ্টি কৰে ।‌ সেই আড্ডাৰ মাজলৈ প্ৰায় তাকো আমন্ত্ৰণ জনাই ।‌ সি মাথোঁ স্বাভাৱিক উত্তৰ কেইটা দি আড্ডাৰ অন্তৰ্ভাগৰ পৰা বিৰত থাকে ।‌ তাৰ উত্তৰবোৰ সদায় একেই থাকে । – “ওঁ, হয়, আছে, নাই, হ’ব, আহক-বহক … ।‌”

বচ, এইকেইটা শব্দ আজি ছটা বছৰে অনেক মানুহক কৈ কৈ তাৰ যেন মুখস্থ হৈ গৈছে ।‌

পুৱা ন বজাত চেলুন খুলি , সন্ধ্যা ছয় বজাত বন্ধ কৰি দিনটোৰ উপাৰ্জনখিনি পকেটত সুমুৱাই তিনি আলিটোৰ কাষতে বহা দৈনিক বজাৰ খনৰ পৰা লাগতিয়াল বস্তু দুপদ মান লৈ কেতিয়াবা খোজকাঢ়ি অথবা কেতিয়াবা পুৰণি চাইকেলখনত উঠি যেতিয়া সি ঘৰমুৱা হয় , সেই সময়ত তাৰ ভাৰাক্ৰান্ত মনলৈ এটা কথা সঘনাই আহে – আজি সমাজত তাৰ পৰিচয় এজন নাপিত ! কিন্তু মাক দেউতাকৰ নিষ্পাপ মুখ দুখন, পত্নীৰ আকলুৱা মৰম আৰু তাৰ সদ্যজাত কেচুৱাটোৰ মুখৰ হাঁহিটো দুচকুত ভাঁহি উঠাৰ লগে লগে মনৰ সকলো হতাশা নিমিষতে যেন ছাৰখাৰ হৈ যায় ।‌সমাজৰ স’তে নিজক তুলনা কৰিবলৈ যোৱা মানেই যে সি এই প্ৰাণীকেইটাৰ সেৱাৰ পৰা বঞ্চিত হ’ব ।‌ এটা অকৰ্মণ্য পুত্ৰ অথবা স্বামীৰ লাঞ্ছনা ভোগ কৰি থকাটো কিমান পৰিতাপৰ আৰু লজ্জাজনক কথা, সেয়া সি তেতিয়াই অনুভৱ কৰিছিল যেতিয়া জীৱনৰ ছন্দ বিচাৰি হাবাথুৰি খায় ফুৰিছিল ।‌

xondhan-golpo | Subrat Baruah

সৰু মোনাটোত টিফিন বক্সটো ভৰাই , চেলুনৰ দৰ্জাখনত ডাঙৰ তলাটো ওলমাই তিনি আলিটোৰ দক্ষিণ দিশত অৱস্থিত দৈনিক বজাৰখনৰ ফালে সি ৰাওনা হ’ল ।‌ সন্ধ্যাৰ সময় ।‌ অলপ সময় ইফালে-সিফালে চাই বেপাৰী দুজনমানৰ পৰা দৰ দাম নকৰাকৈ প্ৰয়োজনীয় শাক-পাচলি কেইটামান লৈ সি ঘৰলৈ আহিবলৈ সাজু হ’ল ।‌ আজি ঘৰৰ পৰা আহোঁতে সি চাইকেল অনা নাছিল ।‌ গতিকে এতিয়া খোজকাঢ়িয়ে ঘৰলৈ যাব লাগিব ।‌ মনতে ভাবিলে সি ।‌

তিনি আলিটোৰ পৰা তাৰ ঘৰলৈ মাত্ৰ ৫০০ মিটাৰ বাট ।‌ সন্ধ্যা সময়ত অলপমান খোজকাঢ়ি অৱশ্যে বেয়া নালাগে ।‌ দিনটো প্ৰায় জঠৰ হৈ থকা শৰীৰটোলৈ খোজকাঢ়িলে কিছু সতেজতাও আহে ।‌ আনহাতে পাৰ হৈ যোৱা দিনটোৰ কিছুমান কথা বিশ্লেষণ কৰি আহি থাকোতে কেতিয়া যে ঘৰ পাইহি সি ধৰিবই নোৱাৰে । ‌কেতিয়াবা এনেকুৱা মুহুৰ্তবোৰত তাৰ মানসপটত অতীতৰ কথা কিছুমানে ওন্দুলি দিয়ে ।‌ সেইটো অতীত , যিটো অতীতত তাৰ আশা আৰু স্বপ্নবোৰ বিস্তৃত আকাশৰ সমান বহল আছিল অথবা যিটো অতীতে তাক অভিজ্ঞ কৰি তুলিছিল যে – জীৱনটো কেৱল আশা আৰু স্বপ্নক লৈয়ে পূৰ্ণাংগ নহয় ।‌ স্বপ্নৰ বোকোচাত উঠি মানুহে জীৱনটো যিমান ৰঙীন দেখে বাস্তৱত মলীনতাই ভৰপূৰ জীৱনৰ ৰং ।‌ সেই মলিনতাক আঁতৰাবলৈ মানুহে বহুত শ্ৰম আৰু ধৈৰ্য ধৰিবলগীয়া হয় ।‌

এছাটি মৃদু বতাহে তাৰ সৰ্বাংগ চুই গ’ল ।‌ শীতকালৰ বতাহ ।‌ সেই বতাহ ছাটিয়ে যেন সুদূৰ অতীতৰ দৃশ্যাংশ তাৰ মানস পৰ্দাত প্ৰতিফলিত কৰি তুলিছে ।‌

হাইস্কুলত পঢ়ি থকা সময়ৰ কথা ।‌ অসমীয়া বিষয় শিক্ষক সদানন্দ শইকীয়াই এদিন সিহঁতক নিজৰ জীৱনৰ লক্ষ্যৰ ওপৰত ৰচনা লিখিবলৈ দিছিল ।‌ সি আৰু তাৰ সহপাঠি সুসান্তই দেশ প্ৰতিৰক্ষা বাহিনীত যোগদান কৰাৰ কথা লিখিছিল ।‌ কেৱল লিখাই নহয় সৰুৰে পৰা সি  মনত আৰ্মি হোৱাৰ সপোন এটাও পুহি ৰাখিছিল ।‌ কিন্তু তাৰ সপোন পূৰ্ণ নহ’ল অথচ সুসান্ত এদিন নিজৰ লক্ষ্যত উপনীত হ’ল ।‌ সৰুৰে পৰা একেখন কাঁহীতে  ভাত খোৱা , একেলগে খেলি, ওমলি ডাঙৰ হোৱা সুসান্তৰ লগত এদিন তাৰ সকলো সম্পৰ্ক শেষ হৈছিল ।‌ তেতিয়া সি হায়াৰ ছেকেণ্ডাৰীত পঢ়ি আছিল ।‌ ইয়াৰ একমাত্ৰ কাৰণ স্বৰূপে সিহঁতৰ মাজত থিয় হৈছিল সুসান্তৰ ভগ্নী কৰবী ।‌

প্ৰেমৰ সাগৰখন যিমান বহল সিমান গভীৰও ।‌ যি সেই গভীৰতাত ডুব যায় , তাৰ পৰা উঠিবলৈ সাধ্য নাই ।‌কৰবীৰ প্ৰেমৰ সাগৰত ডুব গৈ  সি মৰমৰ মৌ পান কৰিবলৈ সমৰ্থ হৈছিল সঁচা কিন্তু হেৰুৱাব লগা হৈছিল তাৰ একালৰ প্ৰিয়বন্ধু সুসান্তক ।‌ আৰু ক্ৰমান্বয়ে তাৰ জীৱনৰ ৰঙো যেন সলনি হবলৈ ধৰিছিল ।‌ সিহঁতৰ সম্পৰ্কৰ কথা অৱগত হোৱাৰ পিছত সুসান্তই মাত্ৰ তাক এষাৰ কথাই কৈছিল –

: তই মোৰ বন্ধু ।‌ কিন্তু বন্ধুৱে যেতিয়া বন্ধুৰ ভনীয়েকক নিজৰ ভনী হিচাপে গ্ৰহণ কিব নোৱাৰে , সেই বন্ধুত্বৰ কোনো অৰ্থ নাথাকে… ।‌

কথাষাৰ কৈ সুসান্ত তাৰ ওচৰৰ পৰা আঁতৰি গৈছিল ।‌ সুসান্তৰ যুক্তিৰ প্ৰত্যুত্তৰ সি একো দিব পৰা নাছিল ।‌ নিজকে স্বাৰ্থপৰ যেন লাগিছিল তাৰ ।‌ সি যেন বন্ধুত্বৰ নামত এক কলংক ।‌ যাৰ মৰ্যাদা ৰাখিবলৈ সি অসমৰ্থ হ’ল ।‌ বিশ্লেষণ কৰিবলৈ বাধ্য হৈছিল সি – কোন শ্ৰেষ্ঠ ? প্ৰেম নে বন্ধুত্ব ? এপাচি শাকত এটা জালুকৰ জ্বালা নথকাৰ দৰে তাৰ অপৰিসীম ভাৱনাৰ ওচৰত সেই প্ৰশ্নৰ সমিধান নাছিল ।‌ সমিধান দিছিল কৰবীয়ে –

: যৌৱনত প্ৰথম খোজ দিয়ে তোক লগ পালো ।‌ এতিয়া তই মোক উজুটি খোৱাই এৰি যাব ওলাইছ! জীৱনত বন্ধু বহুত পোৱা যায় ।‌ কিন্তু ভালপোৱা মাথোঁ এবাৰেই আহে আৰু মোৰ ভালপোৱা কেৱল তই ।‌ মই তোৰ বাহিৰে আনক কেতিয়াও গ্ৰহণ কৰিব নোৱাৰো নিৰ্বানদা ।‌

কৰবীৰ সজল দুচকুৰ পাৰ ভেদি বৈ অহা চকুলোৱে তাৰ মনৰ সমস্ত ভাৱনা যেন ধুই নিকা কৰি দিছিল । ‌আলফুলে তাইক সাৱতি লৈ সি প্ৰতিশ্ৰুতি দিছিল –

: তই সদায়ে মোৰ হৈয়ে থাকিবি কৰবী ।‌ কেতিয়াও তোক মই আনৰ হ’বলৈ নিদো ।‌ মোৰ বিশ্বাস আমাৰ ভালপোৱা যদি সঁচা আৰু পবিত্ৰ হয় মোৰ বন্ধুত্ব এদিন নিশ্চয় ঘূৰি আহিব ।‌

কথাষাৰ কৈ এটা তপত চুমা আঁকি দিছিল  সি তাইৰ ওঁঠত ।‌

একেখন গাঁৱতে আছিল সিহঁতৰ ঘৰ । মাত্ৰ ৰাস্তাটোৰ ইপাৰ-সিপাৰ ।‌ হায়াৰ ছেকেণ্ডাৰী চুড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সময়তে সুসান্তাই বি.এছ.এফ. ত সুবিধা পাই গুছি গৈছিল দেশ প্ৰতিৰক্ষাৰ কামত আৰু সি থাকি গৈছিল অকলশৰীয়া হৈ ।‌ সুসান্তৰ সংগহীনতাত তাৰ যদিও কষ্ট হৈছিল কৰবীৰ মৰমে সকলো পাহৰাই ৰাখিছিল ।‌

সময় বাগৰিছিল ।‌ ইতিমধ্যে কৰবীয়ে মেট্ৰিক পাছ কৰি কলেজত এডমিশ্যন লৈছিল ।‌ হায়াৰ ছেকেণ্ডাৰী পাছ কৰি এটা বছৰ ডিগ্ৰীত পঢ়াৰ সময়তে তাৰ ককায়েক নৰিয়াত পৰিল ।‌ বৃদ্ধ পিতৃ আৰু তাতকৈ দুবছৰৰ সৰু ভায়েকৰ ওপৰত  ভেজা দি তাৰ আৰু পঢ়িবলৈ মন নগ’ল ।‌ পঢ়াৰ ইচ্ছাক সিমানতে বিসৰ্জন দি  সি ঘৰৰ দায়িত্ব কান্ধপাতি ল’বলৈ অগ্ৰসৰ হ’ল ।‌

কিন্তু সি এতিয়া কৰিব কি ? ক’ৰপৰা আৰাম্ভ কৰিব জীৱনৰ আচল যাত্ৰা ? সি যেন আহি জীৱনৰ শূন্য প্ৰান্তত উপস্থিত হ’ল ।‌ এই শূন্যতাৰ প্ৰান্ত বিন্দুৰ পৰা জীৱনৰ সৰল ৰেখাডাল অংকন কৰিবলৈ  তাৰ হাতত নাই ৰং তুলিকা ।‌ উকা কেনভাচ এখন সন্মুখত লৈ ৰঙৰ অভাৱত হামিয়াই-হিকটিয়াই থকা কোনো চিত্ৰকৰৰ  দৰেই তাৰ অৱস্থা হ’ল শোচনীয় ।‌

দুটা বছৰ বেকাৰ হৈ ঘৰত সময় অতিবাহিত হোৱাৰ পিছত এদিন হঠাৎ দেউতাকৰ হৃদয়বিদাৰক কথা এষাৰ আহি  তাৰ কানত পৰিল ।‌

:মতা ম’হ এটা পুহিলেও খেতিৰ দিনত সহায় হয়।‌ কিন্তু তোৰ দৰে এটা মতা মানুহক পুহি মই কি আশা কৰিব পাৰোঁ… ।‌

মাত্ৰ এষাৰ কথা ।‌ কিন্ত এই এষাৰ কথাই তাৰ জীৱনৰ লক্ষ্য , আশা-আকাংক্ষা সকলো নিমিষতে যেন সলনি কৰি দিলে ।‌ কলেজলৈ নিয়া সৰু বেগটোত দুযোৰ কাপোৰ ভৰাই ৰাতিটো সীমাহীন কথাৰে নিজৰ স’তে যুঁজি যুঁজি সি এটা সিদ্ধান্ত ল’লে আৰু পিছদিনা পুৱাই ওলাই গ’ল ।‌ যোৱাৰ আগমূহুৰ্তত মাত্ৰ কেইটামান ছেকেণ্ডৰ বাবে কৰবীক লগ কৰি এটুকুৰা কাগজ দি গ’ল –

“মই আহালৈ বাট চাবি ।‌”

কৰবীক বিদায় জনাই প্ৰথমে সি তিতাবৰ ৰেল ষ্টেচনত উপস্থিত হ’ল ।‌ তাৰ পৰা তিনিচুকীয়া অভিমুখে যোৱা এখন যাত্ৰীবাহী ট্ৰেইনত উঠি তাৰ অলস দেহাটো ট্ৰেইনৰ ছিটত এৰি দিলে ।‌ লক্ষ্যহীন যাত্ৰা ।‌ মনত সংকল্প – কৰবাত কিবা এটা কাম কৰিব সি ,  যি কামেই নহওক !

(দ্বিতীয় খণ্ড পঢ়িবৰ বাবে ক্লিক কৰক)

               : প্রদীপ দাস

                তিতাবৰ ,  যোৰহাট , অসম ।

Share.

About Author

1 Comment

  1. Pingback: পৰিচয় (দ্বিতীয় খণ্ড) - প্রদীপ দাস | গল্প - সন্ধান | Xondhan

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.