পৰিচয় (দ্বিতীয় খণ্ড)

0

পৰিচয়

(প্ৰথম খণ্ড… )
দুটা দিন ভোকে লঘোণে তিনিচুকীয়া চহৰত ঘূৰি ফুৰাৰ পাছত তৃতীয় দিনা সি গৈ এখন চেলুনৰ সন্মুখত উপস্থিত হ’ল ।‌ তাৰ শুকাই যোৱা মুখমণ্ডল আৰু জধলা মূৰ দেখি চেলুনৰ নাপিতজন আগবাঢ়ি আহিল আৰু চকীখনত বহিবলৈ ইংগিত দিলে ।‌ সি কোনো উত্তৰ নিদি মৌন হৈ চেলুনৰ সন্মুখৰ বেঞ্চিখনত বহিল ।‌ নাপিতজনে তাক বহু সময় ধৰি লক্ষ্য কৰি আছিল ।‌ কিন্তু তালৈ তাৰ কোনো ভ্ৰূক্ষেপ নাছিল ।‌নাপিতটোৱে তাক সুধিলে -: ক’ত যাবা ?

: নাজানো ।‌

নাপিতটোলৈ নোচোৱাকৈয়ে সি উত্তৰ দিলে ।‌ তাৰ কথা শুনি নাপিতটো বোধহয় আচৰিত হ’ল ।‌ গ্ৰাহকৰ অনুপস্থিতিত তাৰ লগত কথা পাতি সময় ব্যয় কৰাৰ মানসেৰে তেওঁ বেঞ্চিখনত বহিছিল ।‌ কিছুসময় তাক নিৰীক্ষণ কৰি তেওঁ পুনৰ সুধিলে –

: তোমাৰ ঘৰ ?

সি নাপিতটোৰ মুখলৈ চালে ।‌ উত্তৰৰ  পৰিৱৰ্তে সি ওলোটাই প্ৰশ্ন কৰিলে –

: মোক কাম লাগে ।‌ পোৱা যাব ?

তাৰ কথা শুনি নাপিতটো খন্তেক ৰ’ল ।‌ তাৰপিছত কলে –

: চুলি কাটিব পাৰিবা ?

: হুঁ ।‌

নাপিতটোৰ কথা শুনি সি নজনাকৈয়ে এটা হুমুনিয়াহ বাগৰি গ’ল তাৰ নাকেৰে ।‌ থৰ হৈ পৰিল চকু ।‌ জঠৰ যেন হৈ পৰিল শৰীৰ ।‌ চুলি কাটিব সি ? নাপিত হ’ব ? পাৰিবনে সি এনে কৰিব ? পাৰিব জানো সি ইয়াক জীৱনৰ সম্বল স্বৰূপে গ্ৰহণ কৰিব ? অযুত প্ৰশ্নই তাৰ মস্তিস্ক উতলাই তুলিলে ।‌ কিন্তু , মাত্ৰ কেইটামান মূহুৰ্ত ।‌  হঠাৎ সি বহাৰ পৰা উঠি থিয় হ’ল আৰু নাপিতটোলৈ চাই ক’লে-

: ও ।‌ পাৰিম …।‌


..  সিহঁতৰ সমাজত অসমীয়া ল’ৰাই হাজিৰা কৰি সংসাৰ চলোৱাৰ বহুত উদাহৰণ আছে কিন্তু এইখন সমাজত আজি পৰ্যন্ত কোনেও নাপিত কৰাৰ নজিৰ নাই ।‌..


: … সেইটো  নিৰ্বান নহয় নে ?

আগফালৰ পৰা ভাঁহি অহা কাৰোবাৰ মাতত তাৰ তন্ময়তা ভাগিল ।‌ কিন্তু আন্ধাৰত কোন  ধৰিব নোৱাৰিলে ।‌ অতীতৰ প্ৰতিচ্ছবিখন তাৰ মনৰ পৰ্দাৰ  ভাঙি থানবান হৈ গ’ল ।‌ ওচৰ চাপি লক্ষ্য কৰিলে সিহঁতৰ গাৱঁৰে এজন মানুহ ।‌ মানুহজন তাৰ কাষ চাপি আহি ক’লে –

:  তই ৰাতিপুৱা আমাৰ ঘৰত সোমাই যাবিচোন ।‌ আমাৰ সৰু ল’ৰাটোৰ চুলিকিডাল কাটিব লাগে অ’ ।‌

: হ’ব ।‌

মানুহজনক খুব চমুকৈ উত্তৰটো দি সি আকৌ খোজ ল’লে ।‌ বাহিৰত নিয়ৰ পৰিছে ।‌ শৰীৰটোৰ লগতে তাৰ মনটোৱে যেন নিয়ৰে সেমেকাই তুলিছে ।‌ খোজৰ গতি বঢ়াৰ লগে লগে তাৰ মনলৈ আকৌ  অতীতৰ প্ৰতিচ্ছবিখন আহি ধৰা দিলেহি ।‌ জোৰ কৰিও আজি সেই অতীতৰ কথাবোৰ সি মনৰ  পৰা আঁতৰাই পঠাব পৰা নাই ।‌

সুদীৰ্ঘ তেৰ  মাহৰ  পাছত সি যেতিয়া তিনিচুকীয়াৰ  পৰা ঘৰলৈ উভতিছিল তেতিয়া তাৰ মত অনেক কথা, অনেক প্ৰশ্নই উন্দুলি দিছিল ।‌ জীৱনত কম মূলধনেৰে উপাৰ্জন কৰিব  পৰা বিদ্যা এটা সি শিকিলে সঁচা ,কিন্তু তাৰ এই বিদ্যাক ঘৰখনে , সমাজখনে আদৰি ল’বনে ? সিহঁতৰ সমাজত অসমীয়া ল’ৰাই হাজিৰা কৰি সংসাৰ চলোৱাৰ বহুত উদাহৰণ আছে কিন্তু এইখন সমাজত আজি পৰ্যন্ত কোনেও নাপিত কৰাৰ নজিৰ নাই ।‌ পাৰিবজানো সি তাৰ এই ৰূপক সমাজৰ আগত দাঙি ধৰিব ? আৰু কৰবী ? তাই জানো কেতিয়াবা তাক নাপিত ৰূপত কল্পনা কৰিছে ? যেতিয়া তাই কেতিয়াও নভবা তাৰ ৰূপটো দেখিব , পাৰিব জানো তাক গ্ৰহণ কৰিব ?সীমাহীন প্ৰশ্ন আৰু ভাৱনাই তিনিচুকীয়াৰ পৰা তিতাবৰলৈ অহা সমগ্ৰ বাটছোৱা তাৰ মনটো ভাৰাক্ৰান্ত কৰি তুলিলে ।‌ অন্তিমত মনৰ ভিতৰতে সি এটাই সিদ্ধান্ত ল’লে যে – লজ্জাই হৈছে জীৱনৰ  আটাইতকৈ ডাঙৰ অভিশাপ ।‌ এই লজ্জাক প্ৰত্যাহ্বানস্বৰূপে লৈ সি আগুৱাই যাব । ‌ইয়াৰোপৰি কৰ্মৰ সৰু বৰ নাই ।‌ সি জানে ইয়াৰ বাবে লাগিব অসীম ধৈৰ্য আৰু  সাহস ।‌ ইতিমধ্যে এই তেৰটা মাহ সি সাহসিকতাৰে বুকুত ধৈৰ্য লৈ কৰি গ’ল নিজৰ কাম যাৰ ফলস্বৰূপে আজি সি নিজৰ ভৰিত থিয় হ’ব পৰাৰ  সামৰ্থ্য অৰ্জন কৰিছে আৰু ভৱিষ্যতেও তাক এই কাৰ্যত বিশ্বাসঘাতকতা নকৰে বুলি তাৰ বিশ্বাস ।‌ কথাবোৰ ভবাৰ লগে লগে তাৰ মনটো পাতল পাতল যেন লাগিল ।‌ গাড়ীৰ পৰা নামি মনৰ সমস্ত আৱেগ নেওচি আনন্দৰে সি ঘৰত প্ৰৱেশ কৰিলে ।‌

তেৰটা মাহৰ পিছত তাৰ উপস্থিতিয়ে ঘৰখনলৈ এক আনন্দৰ পৰিৱেশ কঢ়িয়াই আনিলে ।‌ কেইটামান দিন ঘৰখন প্ৰায় উৎসৱমুখৰ হৈ পৰিল ।‌ অৱশ্যে সেই তেৰটা মাহৰ ভিতৰত সি ঘৰৰ পৰিৱৰ্তন লক্ষ্য কৰিলে ।‌ দেউতাক আগতকৈ বৃদ্ধ হোৱা যেন অনুমান কৰিলে ।‌ মাকৰ মুখৰ হাঁহিটো ক’ৰবাত যেন ম্লান হৈ পৰিল ।‌ তাতোকৈও সি আচৰিত হৈছিল তেতিয়া, যেতিয়া দুমাহ পূৰ্বে পলোৱাই অনা ভাই বোৱাৰীয়ে তাৰ চৰণ চুইছিল ।‌ মনতে সি ভাবিছিল – কিবা এটা পৰিৱৰ্তন হ’বলৈ যেন বেছি সময়ৰ প্ৰয়োজন নাই ।‌

সি ঘৰলৈ অহাৰ পিছত ঠিক তৃতীয় দিনাহে কৰবীক লগ পোৱাৰ সুভাগ্য ঘটিছিল ।‌ সি পঢ়া হাইস্কুলখনৰ দাঁতিতে থকা বেলগছজোপাৰ তলত যেতিয়া তাইক লগ পাইছিল তাৰ বুকুখন সঘনে কঁপিছিল ।‌ তেৰটা মাহৰ পাছত তাৰ সংগ পায় তাইক সুখী যেন লাগিছিল ।‌ কিন্তু বহুত চেষ্টা কৰিও সি ক’ব পৰা নাছিল যে যোৱা তেৰটা মাহে সি নাপিতৰ বিদ্যা আয়ত্ব কৰি আছিল ।‌ ক’ব খুজিও আপোনা আপুনি তাৰ  ওঁঠযোৰ জাপ খাই গৈছিল ।‌ উপৰুৱা কথা কিছুমান পতাৰ পিছত এটা সময়ত সি সকলো কথা  তাইক বিৱৰি কৈছিল ।‌ কথাবোৰ শুনাৰ পিছত তাইৰ মুখখন গহীন হৈ পৰা সি লক্ষ্য কৰিছিল ।‌ তালৈ নোচোৱাকৈয়ে তাই ক’লে –

: পৃথিৱীত ইমানবোৰ কাম থকা স্বত্বেও তই এনেকুৱা এটা কামহে বিচাৰি পালি ?

: মই জীৱন যুঁজত বহুবাৰ হাৰিলোঁ ।‌ আৰু হাৰিব নোখোজা ।‌ তই অন্ততঃ বুজি পা কৰবী ।‌ ইয়াতকৈ আৰু ভাল কাম নিবিচাৰো …।‌

তাইৰ হাতখন চেপামাৰি সি ক’লে ।‌ দৃষ্টি তাইৰ চকুত ।‌

: টকা পইচাই আচলতে সুখৰ কাৰণ নহয় ।‌ মানুহক জীয়াই থাকিবলৈ টকা পইচাৰ অনুপাতে এটা ষ্টেটাচ্ লাগে ।‌ নাপিত হোৱাৰ পিছত সমাজত তোৰ কিবা ষ্টেটাচ থাকিব নে ?

পাছৰ শব্দকেইটা তাই কিছু জোৰ দি ক’লে ।‌ এপাট শৰৰ দৰে তাৰ বুকু বিন্ধিলে তাইৰ কথাবোৰে ।‌ তথাপি নিজৰ দুৰ্বলতাক তাইক জানিবলৈ সুযোগ নিদি সি ক’লে –

: এই মূহুৰ্তত মোৰ কাৰণে টকাৰ প্ৰয়োজন অধিক ।‌ ষ্টেটাচৰ কথা  আৰু নাভাবোঁ ।‌ মোক আৰু মোৰ বৃত্তিক সমাজে হাঁহিলেও তই অন্ততঃ মোক দুৰ্বল নকৰিবি ।‌ আজি তোৰ সহমত মোৰ একান্তই প্ৰয়োজন কৰবী …।‌

একো নোকোৱাকৈ সেইদিনা কৰবী তাৰ ওচৰৰ পৰা আঁতৰি গৈছিল ।‌ জঠৰ হৈ ৰৈছিল সি বেলগছৰ ছাঁত ।‌ আবেলিৰ বেলিটো পশ্চিম দিগন্তত মাৰ যোৱাৰ দৰে তাৰ আশাবোৰ , বুকুত উৎপাদিত সপোনবোৰ তাইৰ এনে আচৰণে ম্লান কি তুলিছিল ।‌ এটা সময়ত পৰাজিত সৈনিকৰ দৰে সি খোজ পোনাইছিল ঘৰলৈ ।‌

দুসপ্তাহমান পাৰ হোৱাৰ পিছত তাৰ প্ৰতি ঘৰৰ মানুহবোৰৰ কৌতুহল লাহে-লাহে কমি আহিল ।‌ সি আকৌ জীৱনৰ সেই শূন্য প্ৰান্তত উপনীত হ’ল য’ৰ পৰা ইতিমধ্যে তাৰ জীৱনৰ সৰল ৰেখাডাল অংকন কৰা হৈছিল ।‌  মাক দেউতাকৰ আগত সি এটা কোম্পানীত কাম কৰাৰ কথা মিছাকৈ কৈছিল ।‌ কিন্তু এই মিছা কথাষাৰ সঁচা হৈ থকা মানেই যে সি শূন্যতাত উপঙি থাকিব লাগিব সেই কথা সি মৰ্মে মৰ্মে উপলব্ধি কৰিছিল ।‌ অৱশেষত সি সকলো চিন্তা পৰিহাৰ কৰি সমাজত তাৰ আচল স্বৰূপ উদঙাই দিবলৈ আগবাঢ়িল আৰু এদিন সকলোকে আচৰিত কৰি হাতত থকা জমা টকাৰে চকী , গ্লাছ আদি আনি ওচৰৰ তিনিআলিটোৰ এটা কোণত ‘ নিৰ্বান চেলুন’ৰ আধাৰশিলা স্থাপন কৰিলে ।‌ নিৰ্বান তাৰ নিজৰ নাম ।‌ তাৰ এনে কাৰ্যই ঘৰৰ পৰা ধৰি অঞ্চলটোৰ প্ৰায় মানুহক আচৰিত কৰি তুলিলে ।‌ সকলোৰে মুখত এটাই প্ৰশ্ন – ” অসমীয়া ল’ৰাই চুলি কাটিব ! নাপিত হ’ব ? ”

সি যেন জগতত নোহোৱা এটা কাম কৰিলে ।‌ তাৰ চেলুনলৈ যেন জনসমুদ্ৰৰ সোঁত ববলৈ ধৰিলে ।‌ চুলি কটাবলৈ নহয় , তাক চাবলৈ …।‌

লাহে লাহে দিনবোৰ অতিক্ৰান্ত হোৱাৰ লগে লগে তাৰ জীৱনৰ ধৰাও যেন সলনি হৈ আহিল ।‌ অঞ্চলটোত সি এজন ভাল নপিত ৰূপে সবাৰে পৰিচিত হৈ পৰিল ।‌ এদিন স্থানীয় সংবাদদাতা এজনে তাৰ সাক্ষাৎকাৰ এটাও  বাতৰি কাকতত ফটোসহ প্ৰকাশ কৰি উলিয়ালে –

” অসমীয়া ল’ৰাই কাম বিচাৰি বিদেশলৈ যায় ।‌ অথচ এইখন  অসমতেই কম মূলধনেৰে অধিক লাভবান হ’ব পৰা বহুত কাম পৰি আছে ।‌ মাথোঁ অসমীয়াই নিজৰ লাজ নিবাৰণ কৰি আগবাঢ়ি গ’লেই হ’ল ।‌ তাৰেই এক সুন্দৰ নিদৰ্শন অসমীয়া যুবক নিৰ্বাণ ভড়ালী ।‌”

সেই দিন ধৰি সি আৰু পাছলৈ উভতি চাব লগা হোৱা নাই ।‌ ইতিমধ্যে তাৰ আৰ্থিক অৱস্থাও যথেষ্ট উন্নত হৈছিল ।‌কিন্তু সকলো সহজ হৈ গ’লেও কৰবীৰ ওচৰত সি সহজ হ’ব  পৰা নাছিল ।‌ বেলগছৰ তলত তাৰ কথালৈ গুৰুত্ব নিদি গুছি যোৱাৰ পাছৰে পৰা তাইক আৰু সি লগ পোৱা নাছিল ।‌ তাৰ সংকল্প আছিল – যিদিনা সি নিজকে সকলো দিশৰ পৰা স্বচ্ছল বুলি ভাবিব সেইদিনাহে সি তাইৰ কাষ চাপিব ! ইতিমধ্যে তাৰ জীৱন স্বচ্ছলতাই পৰিপূৰ্ণ হৈ উঠিছিল আৰু  সি তাইক লগ কৰি তাৰ সপোনবোৰ , আশাবোৰক বাস্তৱ ৰূপ দিয়াৰ কথা ভাবিছিল ।

(আগলৈ..)

: প্ৰদীপ দাস

                তিতাবৰ ,  যোৰহাট , অসম ।

অন্যান্য লেখা :

Share.

Leave A Reply