পেপচি, ৰাছিয়া, সামৰিক শক্তি ইত্যাদি..

0

পেপচি বিশ্বৰ এক অতিশয় বৃহৎ বহুজাতিক প্ৰতিস্থান ৷ 1893 চনত আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথমবাৰৰ বাবে উৎপাদন আৰম্ভ হোৱাৰ সময়ত ইয়াৰ নাম আছিল ‘Brad’s Drink‘ ৷

পৃথিৱীৰ প্ৰায়বোৰ দেশৰেই চুকে-কোণে আজি পেপচিৰ শীতল পানীয় উপলব্ধ যদিও পেপচি কোম্পানীয়ে ছোভিয়েট ৰাছিয়াৰ বজাৰত বহুদিনলৈ সোমাব পৰা নাছিল ৷ ছোভিয়েট ৰাছিয়াৰ দৰে বৃহৎ বজাৰ এখনক বহুদিনলৈ উপেক্ষা কৰি থকাতো পৃথিৱীৰ যিকোনো ব্যৱসায়িক প্ৰতিস্থানৰ কাৰণে লোকচানদায়ক ৷ সেয়ে অৱশেষত বহু প্ৰচেষ্টাৰ অন্তত আমেৰিকাৰ সেই সময়ৰ ৰাষ্ট্ৰপতি ৰিচাৰ্ড নিক্সনৰ মধ্যস্থতাত 1972 চনত ছোভিয়েট ৰাছিয়াই পেপচিক তেওঁলোকৰ দেশত ব্যৱসায় আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰে ৷ কিন্তু প্ৰয়োজনীয় অনুমতি পোৱাৰ পিছত এই চুক্তিত আন এটা ডাঙৰ সমস্যাই দেখা দিলে ৷ সেই সময়ত পেপচিৰ বটলবোৰ কিনি আনিবলৈ ৰাছিয়াৰ হাতত আমেৰিকান ডলাৰ বা আন তেনেকুৱা সৰ্বগ্ৰহণযোগ্য আন্ত:ৰাষ্ট্ৰীয় মুদ্ৰা নাছিল ৷ আনহাতে ৰাছিয়াৰ নিজ মুদ্ৰা ৰুবুল সেই সময়ত আন্তৰ্জাতিক বজাৰত গ্ৰহণযোগ্য নাছিল ৷ সেয়ে পেপচি আৰু ৰাছিয়াই এই সমস্যাৰ সমাধান এক বেলেগ উপায়েৰে কৰিলে ৷ আন্ত:ৰাষ্ট্ৰীয় মুদ্ৰাৰ অভাৱ থাকিলেও ৰাছিয়াৰ বজাৰত কোনোকালেই অভাৱ নোহোৱা এটা বস্তু হ’ল ভ’দকা ৷ তেওঁলোকৰ মাজত চুক্তি হ’ল যে ৰাছিয়ালৈ অহা পেপচিৰ দাম কোনো মূদ্ৰাৰ সহায়ত পৰিশোধ কৰাৰ সলনি ভদকাৰ সহায়ত কৰা হব ৷ পেপচি কোম্পানীয়ে ৰাছিয়াক পেপচি দিব আৰু তাৰ সলনি ৰাছিয়াই পেপচিক ষ্টলিস্নায়া কোম্পানীৰ ভ’দকা দিব ৷ আৰু সেই ভ’দকা আমেৰিকাৰ বজাৰত বিপণন আৰু বিক্ৰী কৰি টকাখিনি পেপচিয়ে ৰাখিব ৷ এনেদৰে বহু বছৰলৈ পেপচি কোম্পানীৰ ৰাছিয়াত আৰু ষ্টলিস্নায়া ভ’দকাৰ আমেৰিকাত বজাৰ চলি থাকিল ৷ কিন্তু 1989 চনত এই চুক্তি যেতিয়া শেষ হ’বলৈ ওলাল তেতিয়া সেই চুক্তিৰ নৱীকৰণত এটা নতুন সমস্যা আহিল ৷ তেতিয়ালৈ পেপচি কোম্পানীয়ে ৰাছিয়াৰ শীতল পানীয় বজাৰৰ এক বৃহৎ অংশ দখল কৰি লৈছিল ৷ সেই সময়ত অকল ৰাছিয়াতেই পেপচিৰ উদ্যোগ আছিল 20 টা ৷ ইমান বৃহৎ বজাৰৰ চাহিদা পূৰণ কৰিবলৈ প্ৰয়োজন হোৱা পেপচিৰ সলনি সম দামৰ ষ্ট’লিনস্নায়া ভ’দকা যোগান ধৰা ৰাছিয়াৰ পক্ষে অসম্ভৱ হৈ পৰিল ৷ গতিকে ভ’দকা দিয়াৰ পিছতো বাকী থকা দাম পৰিশোধ কৰাৰ বাবে নতুন নতুন উপায় ভাবি উলিয়াবলৈ দুয়ো পক্ষ লাগি গ’ল ৷ শেষত ৰাছিয়াই এটা উপায় ভাবি পালে ৷ তেতিয়া ৰাছিয়াত ভ’দকাতকৈও বেছি সহজলভ্য বস্তুটো আছিল- যুদ্ধাস্ত্ৰ ৷ শীতল যুদ্ধৰ সময়ত ৰাছিয়াত ইমানেই অস্ত্ৰ-শস্ত্ৰ উৎপাদন হৈছিল যে সেই সময়ত ধেমালিতে কোৱা হৈছিল যে যদিহে ৰাছিয়াত ৰাস্তাত পৰি থকা ভঙা ছিঙা লোহাৰ টুকুৰা কেইটামান বুটলি লৈ যোৰা লগাব খোজা হয়, তেন্তে শেষত দেখা যাব যে সেইটো এটা বন্দুকেই হৈছে ৷ গতিকে এইবাৰ নতুন চুক্তি হ’ল যে ৰাছিয়াই পেপচিক ষ্টলিস্নায়া ভ’দকাৰ উপৰিও পুৰণি যুদ্ধাস্ত্ৰ দিব ৷ সেইবোৰ পেপচি কোম্পানীয়ে কাটি কুটি লৈ ভঙা ছিঙা ( Scrap) হিচাবে বিক্ৰী কৰি টকা উপাৰ্জন কৰিব ৷ চুক্তি অনুসৰি ৰাছিয়াই পেপচিক 17 খন চাবমেৰিন, এখন ক্ৰুইজাৰ, এখন ফ্ৰিগেট আৰু এখন ডেষ্ট্ৰয়াৰ দিয়ে ৷ ইয়াৰ লগতে দিয়া হয় 10 খন পুৰণি বাণিজ্যিক জাহাজ ৷ পেপচিয়ে সেই বস্তুবোৰ ছুইডেনৰ এটা কোম্পানীক বিক্ৰী কৰি নিজৰ লাভ উলিয়াই লয় ৷ এক বহুজাতিক কোম্পানীৰ লগত এখন দেশে কৰা এই চুক্তি ইমানেই আচৰিত ধৰণৰ আছিল যে এই যুদ্ধাস্ত্ৰ খিনি পোৱাৰ পিছত ( যদিও সেয়া অকামিলা আছিল) চাবমেৰিনৰ সংখ্যাৰ ফালৰ পৰা পেপচি কোম্পানী সেই সময়ত বিশ্বৰ সপ্তম শক্তিশালী সামৰিক শক্তি আছিল ৷

  • অলকেশ ভাগৱতী,

গুৱাহাটী

অন্যান্য লেখা :

Share.

Leave A Reply