বিহুগীতত ব্যৱহাৰ হোৱা বিভিন্ন বাদ্যযন্ত্ৰৰ বিষয়ে এক চমু আলোকপাত (২)

1

(আগৰ সংখ্যা)

) গগনাঃগগনা এনে এবিধ বাদ্যযন্ত্ৰ যাক প্ৰধানকৈ বিহুগীতত ব্যৱহাৰ কৰা হয়৷ গগনাক মুখত লৈ বজোৱা যায় বাবে ইয়াক ‘Jaw Harp’   বুলিও জনা যায়৷ গগনা হৈছে মংগোলীয় সংস্কৃতিৰ এক অৱদান৷ অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত গগনাক বিভিন্ন নামেৰে জনা যায়৷ গগনাৰ সুৰ অতি মধুৰ আৰু শুৱলা হোৱাৰ বাবে অসমীয়া বিহুগীতত ই এক মর্যাদাপূর্ণ স্হান দখল কৰি আহিছে৷

বিহুগীতত ওপৰিও অসমৰ সকলো মংগোলীয় জনগোষ্ঠীৰ লোকগীত আৰু লোকনৃত্যত গগনাৰ বহুল প্ৰচলন আছে৷ আজিকালি বিভিন্ন বিহুৱতী প্ৰতিযোগীতাত নাচনীৰ বাবে মঞ্চত উঠি গগনা বজোৱাতো একপ্ৰকাৰ বাধ্যতামূলক হৈ পৰিছে৷ গগনাৰ আটাইতকৈ তাৎপর্যপূর্ণ দিশটো হৈছে যে ইয়াৰ আকাৰ সৰু হোৱাৰ বাবে গগনাৰ পৰিবেশন নকৰাৰ সময়তো নাচনীয়ে ইয়াক চুলিত মাৰিবলৈ ‘ Hairpin’ হিচাবে ব্যৱহাৰ কৰে৷

)তালঃঅসমীয়া লোক-সংগীতত তালৰ বহুল প্ৰচলন দেখিবলৈ পোৱা যায়৷ লোকসংগীতৰ বিভিন্ন অধ্যয়নৰ পৰা তাল যে বহু বছৰৰ পৰা প্ৰচলন হৈ আহিছে তাৰ এক স্পষ্ট উমান পোৱা গৈছে৷ তাল বিশেষকৈ বিভিন্ন ধর্মীয় অনুষ্ঠান সমূহৰ এক অবিচ্ছেদ্য অংগ৷ ই এবিধ অতি প্ৰাচীন বাদ্যযন্ত্ৰ যদিও তালৰ গুৰুত্ব আৰু মর্য্যদা অপৰিসীম৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কর্ম আৰু জীৱনৰ বিষয়ে লিখা বিভিন্ন পুথিত উল্লেখ থকা মতে গুৰুজনাই তাল বনোৱা লোকক মতাই নিজৰ পছন্দ অনুযায়ী বিভিন্ন ধৰণৰ তাল বনোৱাইছিল৷ কিন্তু দুর্ভাগ্যক্ৰমে সময়ৰ সোঁতত বিভিন্ন প্ৰকাৰৰ তাল অসমীয়া লোক-সংস্কৃতিৰ পৰা চিৰদিনৰ বাবে বিলুপ্ত হৈ গল৷

অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত তালক বিভিন্ন নামেৰে জনা যায়৷ বড়োসকলৰ মাজত ‘জথা’, কার্বিসকলৰ মাজত ‘চেংচ’, আৰু মিচিংসকলৰ মাজত ‘লুপি’ নামেৰে তাল পৰিচিত৷ অসমৰ লোক-সংস্কৃতিত ব্যৱহাৰ হোৱা তালৰ ভিন্ন প্ৰকাৰৰ ভিতৰত ভৰ তাল, পাটী তাল, বিহু তাল, খুটি তাল আৰু মন্জিৰা অন্যতম৷ ইয়াৰ ওপৰিও বিভিন্ন তাল যেনে কৰি তাল, কৰ তাল, খাঞ্জাৰীৰো গুৰুত্ব অপৰিসীম৷

 

) টকাঃটকা অসমীয়া লোক সংগীতত ব্যৱহাৰ হোৱা এবিধ জনপ্ৰিয় বাদ্যযন্ত্ৰ৷ টকাক বিশেষকৈ বাঁহেৰে তৈয়াৰ কৰা হয় আৰু ইয়াক অসমৰ লোক সংগীতৰ সংগীতজ্ঞসকলে বহুলভাবে ব্যৱহাৰ কৰে৷ টকা হৈছে বিহুগীতত ব্যৱহাৰ হোৱা আঠবিধ প্ৰধান বাদ্যযন্ত্ৰৰ ভিতৰত অন্যতম৷ বড়োসকলে ব্যৱহাৰ কৰা টকাক ‘ঠৰকা’ নামেৰে জনা যায়৷

টকাৰ নির্মাণ পদ্ধতি আৰু ব্যৱহাৰ পদ্ধতি সহজ হোৱাৰ বাবে বিহুগীতৰ ওপৰিও মুগা ৰখীয়া আৰু ধান ৰখীয়া সকলৰ মাজত টকাই বিশেষ স্থান দখল কৰি আহিছে৷ গাভৰু বিহুৰ প্ৰধান বাদ্যযন্ত্ৰ হোৱাৰ বাবে এই বিহুক ‘টকা বিহু’ বুলিও জনা যায়৷ সেইদৰে জেং বিহুৰ প্ৰধান বাদ্যযন্ত্ৰ হৈছে টকা, গগনা আৰু সুতুলি৷

অসমীয়া লোক সংগীতত ব্যৱহাৰ হোৱা টকা প্ৰধানকৈ তিনি প্ৰকাৰৰঃ-

) পাটী টকা বা হাত টকাঃএই টকাবিধ ১.৫ ৰ পৰা ২ ফুট দীঘল৷ হাতত লৈ সহজে বজাব পাৰি বাবে ইয়াক হাত টকা বুলি কোৱা হয়৷

) বৰ টকা বা মাটি টকাঃএইবিধ টকাৰ আকাৰ ডাঙৰ হোৱাৰ বাবে ইয়াক মাটিত থৈ বজাব লাগে৷ সেয়েহে ইয়াক মাটি টকা বুলি কোৱা হয়৷

) জেং টকা বা ধুতুং:- জেং টকাৰ নির্মাণ পদ্ধতি কিছু জটিল আৰু ইয়াৰ পৰা যথেষ্ট সুন্দৰ মানদণ্ডৰ সুৰ সৃষ্টি কৰিব পাৰি৷ লহৰী সংগীতত জেং টকাত বিশেষ তাৎপর্য আছে৷

 

হেৰ’ সমনীয়া,

খেলো আমি লহৰীয়া

ফুটুকলা মৃদং, বজাইদে ধুতং

নাচ এৈ নাচ এৈ লগৰীয়া

) বাঁহীঃবাঁহীক অসমৰ এবিধ খিলঞ্জীয়া বাদ্যযন্ত্ৰ বুলি ক’ব নোৱাৰি যদিও বিহুগীত বা অসমীয়া লোকসংগীতত বাঁহীৰ বিশেষ তাৎপর্য আছে৷ ভগৱান শ্ৰীকৃষ্ণই বজোৱা এবিধ বাদ্যযন্ত্ৰ হিচাবে অসমৰ বৈষ্ণৱ সমাজত বাঁহীক পবিত্ৰ বুলি গণ্য কৰা হয়৷ প্ৰাচীন বৈষ্ণৱ সাহিত্যত বাঁহীৰ কথা সঘনে উল্লেখ আছে৷ বাঁহী সর্বপ্ৰথম চীন দেশত ব্যৱহাৰ কৰা হৈছিল বুলি বিশ্বাস কৰা হয়, কিন্ত ভাৰতীয় লোকসংগীতত ইয়াৰ আগমন সম্পৰ্কে বুৰঞ্জীয়েও উত্তৰ দিব পৰা নাই৷

বাঁহী অসমীয়া বিহুগীতৰ এক প্ৰধান বাদ্যযন্ত্ৰ৷ অসমৰ বিভিন্ন জনগোষ্ঠী যেনে মিচিং, ৰাভা, বড়ো আদিয়েও তেওঁলোকৰ লোকসংগীতত বাঁহীৰ ব্যৱহাৰ কৰে, হলেও তেওঁলোকৰ বাঁহীসমূহৰ নির্মাণ পদ্ধতি আৰু আকাৰৰ ক্ষেত্ৰত পার্থক্য লক্ষ্য কৰা যায়৷ দেওধানী নৃত্যৰ বাবে বাঁহী বিশেষ গুৰুত্বপূর্ণ বাদ্যযন্ত্ৰ৷ বিভিন্ন বৈষ্ণৱ সংগীত যেনে ভাওনা, ৰাসোৎসৱ, বৰগীত আদিতো বাঁহী ব্যৱহাৰ কৰা হয়৷

ইয়াৰ ওপৰিও সুতুলি আৰু বীণাও বিহুগীতৰ বাদ্যযন্ত্ৰৰ ভিতৰত অন্যতম যদিও এই দুবিধ বাদ্যযন্ত্ৰৰ ব্যৱহাৰ আৰু প্ৰচলন দিনক দিনে কমি আহিবলৈ ধৰিছে৷ কেৱল পেছাদাৰী সংগীতজ্ঞসকলৰ মাজতহে এই দুবিধ বাদ্যযন্ত্ৰই স্থান পাবলৈ সক্ষম হৈছে৷

বিহু হৈছে গীত আৰু নৃত্যৰ এক উৎসৱ আৰু সেইধৰণেই বিহুগীতত ব্যৱহাৰ হোৱা বাদ্যযন্ত্ৰসমূহৰো গুৰুত্ব অপৰিসীম৷ আধুনিক যুগৰ সৈতে খাপ খুৱাবলৈ বিহুক মঞ্চমুখী কৰি তোলা হৈছে: আগৰ দিনৰ দৰে ঘৰৰ চোতালত আৰু গছৰ তলত বিহু মৰাৰ দৃশ্য আজিকালি দুর্লভ হৈ পৰিছে৷ তৎসত্বেও বিহুগীতৰ বাদ্যযন্ত্ৰসমূহৰ গুৰুত্বক কোনেও নুই কৰিব নোৱাৰে৷ সকলো লোকগীত আৰু লোকসংগীততেই এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে এই বাদ্যযন্ত্ৰসমূহে৷ লোকসংস্কৃতিক জীয়াই ৰাখিবলৈ হলে বাদ্যযন্ত্ৰসমূহৰ সঠিক ব্যৱহাৰ অৰু প্ৰচলনৰ ওপৰত আমি গুৰুত্ব দিব লাগিব৷ তেতিয়াহে আমি সাংস্কৃতিকভাবে চহকী জাতি হিচাবে বিশ্ববাসীৰ আগত চিনাকি দিব পাৰিম৷

: অভিনন্দন গোস্বামী

স্নাতকোত্তৰ ছাত্ৰ , ৰাষ্ট্রীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান অৰুণাচল প্ৰদেশ

ফোনঃ-08402852801

অন্যান্য লেখা :

Share.