কিমান দূৰ জোনবাই দেশলৈ

0

জিক্ মিকাই থকা তৰা ফুলবোৰেই
প্ৰতি দিনে মোৰ সংগী,
কিয় বাৰু কাষ সিহঁতৰ নাছাপাকৈ থাকোঁ,
কিমান দূৰ জোনবাই দেশলৈ।
জীৱনটো যেন অসহনীয়,
অতি গধুৰ মানৱীয় দেহটো,
যাবলৈ বৰ মন যায় জোনবাই দেশলৈ।।
সেই দিনা তুমি আহিবা,
জানোঁ নহয় তুমি ইমান নিষ্ঠুৰ,
লুকাই তুমি চকুলো টুকিবা,
আৰু এবাৰলৈ হলেও ভাবিবা,
তোমালৈ থকা সেই সীমাহীন,
মৰম আৰু ভালপোৱাৰ কথা।
মই তাৰ পৰাই চাই ৰম,
কিমান দূৰ জোনবাই দেশলৈ।।


: সঞ্জীৱ গোঁহাই
অসামৰিক অভিযান্ত্ৰিক বিভাগ
জি.আই.এম.টি, তেজপুৰ

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.