ৰেলগাড়ীৰ ব্ৰেক আৱিষ্কাৰ কৰা অসমীয়া বিজ্ঞানী গুৰুপ্ৰসাদ দাস

0

সেয়া 1905 চনৰ কথা। বৰপেটাৰ বিলৰতাৰি হাটীৰ ৰামপ্ৰসাদ দাসৰ ঘৰত এটি পুত্ৰ সন্তানৰ জন্ম হয়। পিতৃ-মাতৃয়ে নাম ৰাখিলে গুৰুপ্ৰসাদ। প্ৰাথমিক শিক্ষা সাং কৰি গুৰুপ্ৰসাদে নামভৰ্তি কৰিলে Barpeta Govt High Schoolত। পিছে গুৰুপ্ৰসাদৰ পঢ়াশুনালৈ বেছি মন নাই। সপ্তম শ্ৰেণীত পঢ়ি থকা অৱস্থাতেই গুৰুপ্ৰসাদৰ মুৰত ব্যৱসায়ৰ চিন্তাই বাহ লয়। বৰপেটাৰ Ojha Store নামৰ কাপোৰৰ দোকানৰ স্বত্তাধিকাৰী এজনৰ পৰা কেইখনমান এৰী, মূগা আৰু পাটৰ কাপোৰ লৈ গুৰুপ্ৰসাদে এদিন ঘৰৰ কাকো নজনোৱাকৈ ব্যৱসায়ৰ লক্ষ্যৰে কলিকতালৈ বুলি যাত্ৰা কৰিলে। কলিকতাৰ বিভিন্ন স্থানত ঘুৰি ফুৰি গুৰুপ্ৰসাদে আৰম্ভ কৰিলে এক লক্ষ্যহীন জীৱন। হাতৰ কাপোৰ কেইখন বিক্ৰী হোৱাৰ পিছত আৰ্থিক তাগিদাত পৰি গুৰুপ্ৰসাদে ব্যৱসায়ৰ চিন্তা বাদ দি নতুন কামৰ সন্ধান আৰম্ভ কৰিলে। আৰু সোনকালেই গুৰুপ্ৰসাদে এটা মটৰগাড়ীৰ গেৰেজত মেকানিক হিচাবে নতুন কৰ্মময় জীৱন আৰম্ভ কৰিলে। এদিন মটৰগাড়ীৰ খুটিনাটি লৈ সেই গেৰেজলৈ আহিছিল THOMPSON & CO নামৰ তীখা উদ্যোগৰ এজন বৃটিছ ব্যৱসায়ী। গুৰুপ্ৰসাদৰ কামত মুগ্ধ হৈ তেওঁ গুৰুপ্ৰসাদক CALCUTTA TECHNICAL SCHOOLত নামভৰ্তি কৰাই দিয়াৰ লগতে নিজৰ তীখা উদ্যোগতো এটি কাম দিলে। তিনিটা বছৰ পিছত গুৰুপ্ৰসাদে CALCUTTA TECHNICAL SCHOOLৰ পৰা কাৰিকৰী শিক্ষাৰ ডিপ্লোমা লাভ কৰে। কেইবছৰমান পিছত কলকাতাৰ ইডেন গাৰ্ডেনত সৰ্বভাৰতীয় পৰ্যায়ত এখন কাৰিকৰী মেলা অনুস্থিত হৈছিল য’ত THOMPSON & COক প্ৰতিনিধিত্ব কৰি গুৰুপ্ৰসাদে অংশগ্ৰহণ কৰিছিল। গুৰুপ্ৰসাদৰ কৌশলী উদ্ভাৱন ক্ষমতা দেখি বৃটিছ ইঞ্জিনীয়াৰ সকলে তবধ মানিছিল। 1925 চনৰ সেই কাৰিকৰী মেলাত তেতিয়াৰ অসমৰ গৱৰ্ণৰ Bilton Bellএ গুৰুপ্ৰসাদৰ উদ্ভাৱন ক্ষমতা দেখি তেওঁক উন্নত কাৰিকৰী শিক্ষা লাভৰ বাবে ইংলেণ্ডলৈ পঠিওৱাৰ যো-জা কৰিলে। 1927 চনত সম্পূৰ্ণ চৰকাৰী উদ্যোগত গুৰুপ্ৰসাদ ইংলেণ্ড পালেগৈ। ইংলেণ্ডত তেওঁ বাস্প ইঞ্জিন সম্বন্ধে শিক্ষা গ্ৰহণ কৰি সফলতাৰে ডিপ্লোমা লাভ কৰে আৰু তেওঁৰ পাৰদৰ্শিতাৰ বাবে বৃটিছ চৰকাৰে মেকানিকেল ইঞ্জিনীয়াৰিঙৰ স্নাতক পৰীক্ষা দিয়াৰ সুবিধা প্ৰদান কৰে। গুৰুপ্ৰসাদে সফলতাৰে ইঞ্জিনীয়াৰিং ডিগ্ৰী লাভ কৰে আৰু বৃটিছ চাবমেৰিনত প্ৰথম ভাৰতীয় মেকানিকেল ইঞ্জিনীয়াৰ হিচাবে কাম আৰম্ভ কৰে। পৰবৰ্তী সময়ত গুৰুপ্ৰসাদ জাৰ্মানীলৈ গৈ বাস্প ইঞ্জিনৰ ওপৰত বিশদ ভাবে অধ্যয়ন কৰে। এই সময়চোৱাতেই তেওঁ Heat Meter নামৰ যন্ত্ৰটো আৱিষ্কাৰ কৰে। ইংলেণ্ডলৈ ঘূৰি আহি এইবাৰ গুৰুপ্ৰসাদে Imperial Railway Serviceত ইঞ্জিনীয়াৰ হিচাবে যোগদান কৰে আৰু 1930 চনত ৰেলগাড়ীৰ ভেকুৱাম ব্ৰেক আৱিষ্কাৰ কৰে। এই ভেকুৱাম ব্ৰেকক আজিও গুৰুপ্ৰসাদ দাসৰ নাম অনুসৰি GP Vacuum Brakes বুলি কোৱা হয়। 1931 চনত তেওঁ ভাৰতলৈ ঘূৰি আহি কলকাতাৰ হাওৰা ৰেল ষ্টেচনৰ Asst Superintendent হিচাবে কামত যোগদান কৰে। পৰবৰ্তী সময়চোৱাত তেওঁ ভাৰতৰ বিভিন্ন প্ৰদেশত কাৰ্যনিৰ্বাহ কৰি 1970 চনত অৱসৰ গ্ৰহণ কৰে। 1982 চনত এই মহান অসমীয়া বিজ্ঞানীজন পত্নী চঞ্চলা দাস আৰু দুই পুত্ৰৰ লগতে অজস্ৰ গুণমুগ্ধক কন্দুৱাই বৈকুণ্ঠগামী হয়।

প্ৰণৱজ্যোতি দাস,

অধ্যক্ষ, অৰুণোদয় জুনিয়ৰ কলেজ, টংলা

টংলা টাউন

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.