কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ সৈতে এটি সাক্ষাৎকাৰ

0

একো একোটা বিষয়ৰ গুৰুত্বৰ প্ৰতি বিভিন্ন শ্ৰেণীৰ মানুহক সচেতন কৰি তোলাতে হওক বা বহু মানুহে মুখেৰে বা আন কোনো পদ্ধতিৰে প্ৰকাশ কৰিব নোৱৰা প্ৰসংগএকোটাক প্ৰকাশ কৰাতেই হওক বা কোনো এটা ইছ্যুত কি দৃষ্টিভংগী গ্ৰহণ কৰা উচিত তাক বহুতে ঠিৰাং কৰিব নোৱৰা অৱস্থাত একোটা দিশ দেখুৱাই দিয়াতেই হওক— এই সকলো ক্ষেত্ৰতে কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে তেওঁৰ খুৱ সুতীক্ষ্ণ ৰাজনৈতিক তথা সামাজিক কাৰ্টুনসমূহৰ জৰিয়তে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। ইয়াৰ দ্বাৰা কম বয়সতেই তেওঁ এজন প্ৰভাৱশালী ব্যক্তিত পৰিণত হৈছে। তেওঁ কেনেদৰে কাৰ্টুনিষ্ট জীৱনত প্ৰৱেশ কৰিলে, তাৰে বিভিন্ন অভিজ্ঞতা, তেওঁৰ লক্ষ্য, উদ্দেশ্য তথা দৃষ্টিভংগী আদিৰ সম্পৰ্কে জানিবলৈ কেইটামান প্ৰশ্ন আগবঢ়াইছিলোঁ। আৰু আমাৰ অনুৰোধ ৰক্ষা কৰি সেই প্ৰশ্নসমূহৰ তেওঁ আগবঢ়োৱা উত্তৰসমূহ তলত প্ৰকাশ কৰা হ’ল।

    ) প্ৰথমে আপোনাৰ সৰুকালৰ কথা অলপ জানিব বিচাৰিছোঁ ছবি কেতিয়া আঁকিবলৈ লৈছিল আৰু যিকোনো ছবি অঁকাৰ পৰা কাৰ্টুন অঁকাৰ প্ৰক্ৰিয়াটো কেনেকৈ আৰম্ভ ? আপুনি নিজে নিজেই কিবা কাৰ্টুন আঁকিছিল নে কোনোবাই কৈছিলতুমি কাৰ্টুন আঁকিব পাৰিবা”?

উত্তৰ অইন দহটা ল’ৰা-ছোৱালীৰ দৰেই সৰুতে খেলি ভাল পাইছিলোঁ, নলগা জেঙত লাগি অদ্ভুত আনন্দত বুৰ গৈছিলোঁ, বাৰীয়ে বাৰীয়ে ঘুৰ্মুটিয়াই চুৰি কৰি বিশেষ তৃপ্তি লাভ কৰিছিলোঁ। ছবি আঁকিম বুলি কোনোদিনে মনলৈ অহা নাছিল। অৱশ্যে, লগৰ কাৰোবাক জোকাবলৈ বা অতিপাত হিতাহিত জ্ঞান হেৰুওৱাকৈ উঠা খঙৰ বহিৰ্প্ৰকাশ কৰিবলৈ কিছুমান আদিম ছবি বিদ্যুতৰ খুঁটা, ৰাজহুৱা শৌচাগাৰৰ দুৱাৰ আৰু আমাৰ ঘৰৰ কাষতে থকা পুৰণি প্ৰেক্ষাগৃহ এটাৰ দেৱালত আঁকিছিলোঁ। পিছলৈ গম পাইছিলো, এনে ধৰণৰ ছবি আঁকিও বিখ্যাত হ’ব পাৰি। যি নহওক, প্ৰাথমিক বিদ্যালয়ত ছবি আঁকিব লগা হৈছিল যদিও সেয়া পাঠ্যপুথিৰ অন্তৰ্গতহে আছিল। ইয়াত কোনো শৈল্পিক চৰ্চা নাছিল। আমাৰ পুৰণি ঘৰটো ‘হাইওৱে’ৰ কাষত আছিল বাবে মাজে মাজে ডাঙৰ ডাঙৰ বাছবোৰ আঁকি ভাল পাইছিলোঁ, কাৰণ মোৰ এটা সপোন আছিল বাছৰ পাকৈত আৰু জনপ্ৰিয় হেণ্ডিমেন হোৱাৰ…। সপোনবোৰ অন্তহীন আছিল। বিপিন ভিনি আৰু “পকা” দুয়ো চোৰ আছিল মোৰ পৰম বন্ধু। সেইসূত্ৰে জীৱনত এজন কাজী চোৰ হ’ম বুলি পণ লৈছিলোঁ। কিছুকাল দুয়োজনৰ পৰা প্ৰশিক্ষণো লৈছিলোঁ! পকাৰ লগত লগ হৈ বহুদিন ক্ষুদ্ৰ বহেমিয়ানৰো ৰূপ লৈছিলোঁ। দুয়ো মিলি পূজাই-বিহুৱে পাতিছিলোঁ থলুৱা পৰম্পৰাগত জুৱাৰ আড্ডা। তেনেদৰে খেলি থাকোঁতে কেতিয়াবা কপিলদেৱ, পেলে, মাৰাডোনা হ’ম বুলিও ভাবিছিলোঁ। ডাক্তৰ-ইঞ্জিনিয়াৰ হোৱাৰ সপোন নাছিল। পিছলৈ এটা সপোনে গঢ় লৈছিল— ব্ৰুছ লীৰ দৰে হোৱাৰ। সেয়ে মাৰ্চিয়েল আৰ্ট মোৰ অতি প্ৰিয় হৈ পৰিছিল। ৰাস্তাই-ঘাটে, পথাৰে-সমাৰে কিম্বা স্কুলতো দুৰ্বলী আৰু অলপ-ধতুৱাটোৰ ওপৰত ইয়াৰ সঘন প্ৰয়োগ কৰিছিলোঁ। মোৰ প্ৰায় সমনীয়া, সম্বন্ধীয় খুৰা এটাৰ দেহটোত প্ৰায়েই অনুশীলন চলাইছিলোঁ। এনেতে মাৰ্চিয়েল আৰ্টৰ আনুষ্ঠানিক প্ৰশিক্ষণৰ বাবে আমাৰ ঘৰৰ ওচৰতে কেন্দ্ৰ এটা স্থাপন হওঁতে, তাত নামভৰ্তিৰ বাবে যাৱতীয় প্ৰস্তুতি চলাওঁতেই, মাহঁতে কথাটো গম পাই মোক জোৰকৈ ফাইন-আৰ্টতহে নামটো লগাই দিলে, যাতে মই সুমতি লাভ কৰোঁ! ইয়াৰ আন এক কাৰণ আছিল, আমি পঢ়া প্ৰাথমিক বিদ্যালয়খনতেই শনি আৰু দেওবাৰে অস্থায়ীভাৱে সংগীতৰ বিদ্যালয় এখনো চলিছিল। আমি সদায় আবেলি সেইখিনিতে মাৰ্বল খেলি থাকোঁ। আৰু বিশেষকৈ শনি আৰু দেওবাৰে খেলতকৈ আমাৰ প্ৰধান ৰাপ আছিল গান শিকিবলৈ অহা ফ্ৰক পিন্ধা ছোৱালীবোৰ জোকোৱাতহে। সেই কোমল বয়সতেই আমাৰ এই নাৰীপ্ৰীতি দেখি সংগীত বিদ্যালয়খনৰ অধ্যক্ষই আমাক ছবি অঁকাৰ প্ৰতি পতিয়ন নিয়াবলৈ চেষ্টা চলাইছিল। আমাৰ দলটোৰ “পকা”ই মাথোঁ ঢোল বজাব জানিছিল, অতি শিল্পসন্মত আৰু ভুলভাৱে। তাৰ ঢোলৰ মাত শুনি বহুকেইবাৰ তাক কুকুৰে খেদিছিল! আমাৰ দলটোত সিয়েই একমাত্ৰ সংস্কৃতিৱান আছিল। বাকী আমিকেইটা আছিলোঁ সম্পূৰ্ণ বেসুৰা। গতিকে গান শিকা বা অন্য বাদ্য বজাবলৈ শিকা কথাটো মনলৈ অনা নাছিলোঁ। আমাৰ বাবে ই কষ্টদায়ক নাছিল যদিও দুখজনক আছিল, কিয়নো সেই বিদ্যা থকা হ’লে গানগোৱা ছোৱালীকেইজনীক ওচৰতে পালোঁহেতেন! পিছে, সেই দুখৰ অন্ত পৰিছিল, যেতিয়া সংগীত বিদ্যালয়ৰ অধ্যক্ষৰ আৱাহন আৰু মাহঁতৰ হেঁচোকনীত সেইখন সংগীত বিদ্যালয়ৰে ছবি অঁকাৰ শ্ৰেণীত নামভৰ্তি কৰিছিলোঁ। পিছে, সেই নামভৰ্তিয়ে সপোনৰ গতিপথো সলনি কৰিলে। ছবিৰ প্ৰকৃত মহত্ব যেতিয়া লাহে লাহে বুজিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়া এজন চিত্ৰকৰৰ দৰেই নিজক ভাবিবলৈ ল’লোঁ। পিছে, কাৰ্টুনিষ্ট হ’ম বুলি কেতিয়াও মনলৈ অহা নাছিল। এনে প্ৰেক্ষাপটত যি উদ্দেশ্যৰে ছবি অঁকাৰ শ্ৰেণীত নামভৰ্তি কৰিছিলো, সেয়াও সলনি হৈ থাকিল। এতিয়া সেই গান গোৱা ছোৱালীকেইজনীৰ সন্তানৰ মোমায়েক হে হৈ থাকিলোঁ। যি নহওক, ছবি অঁকা শিকি থকাৰ সময়ছোৱাত তৎকালীন বাতৰি কাগজত প্ৰকাশিত কাৰ্টুনসমূহে মোক এখন নতুন পৃথিৱীৰ সন্ধান দিলে। মোৰ মন আৰু মগজুৱে ইমানদিনে কঢ়িয়াই লৈ ফুৰা এক বিষে বাৰুকৈ ক্ৰিয়া কৰিবলৈ ল’লে। উমান পালোঁ, সেই বিষটো আছিল সাধাৰণজনৰ যন্ত্ৰণাৰ একো একোটা স্তুপ, যিবোৰ মই কাকো ক’ব পৰা নাছিলোঁ। অথচ, এই কথাবোৰ ক’ৰবাত কাৰোবাৰ আগত কোৱাটো নিতান্তই উচিত আছিল। দেখিছিলোঁ, বাতৰি কাগজত প্ৰকাশ পোৱা কাৰ্টুন বা ব্যংগচিত্ৰই মোৰ আৰু সাধাৰণজনৰ মনৰ ক্ষোভখিনিকে প্ৰকাশ কৰিছে। ইয়ে মোক সাহস আৰু প্ৰেৰণা দিলে। মই নিশ্চিত হলোঁ যে কাৰ্টুনৰ দৰে অতি শক্তিশালী মাধ্যমটোৱেই মোৰ বাবে জীৱনৰ মূল আধাৰ হ’ব পাৰে। মই ঠিক কৰি ল’লো মোৰ সমস্ত জীৱন এই কাৰ্টুনৰ বাবেই। তেতিয়া বয়স মোৰ তেনেই কম যদিও মানুহৰ দুখবোধক উপলব্ধি কৰিব পাৰিছিলোঁ। আৰু তেনেদৰেই কাৰ্টুন আঁকিম বুলি লৈ তেতিয়া প্ৰকাশ পোৱা হাস্য-ব্যংগ আলোচনী “অবিকল”ত কাৰ্টুন আঁকিবলৈ এক চেষ্টা চলালোঁ। অপৰিপক্ক চিন্তা আৰু কৌতুকসদৃশ আছিল সেই ছবিবোৰ। মোক কোনেও কেতিয়াও কাৰ্টুন আঁকিবলৈ কোৱা নাছিল। মা-দেউতা, সৰু বাইদেউ-ভিনদেউৰ বাদে ঘৰৰ অন্য মানুহ অথবা বন্ধু-বৰ্গই মোক উপলুঙা কৰিছিল আৰু বাধা প্ৰদান কৰিছিল। কোনেও কোৱা নাছিল “তুমি কাৰ্টুন আঁকিব পাৰিবা” বুলি। পিছে, মা-দেউতা আৰু বাইদেউ-ভিনদেৱে মোক মোৰ পথত এৰি দিছিল। আৰু যাৰ বাবে মই কাৰ্টুনৰ কাৰণেই জীৱন উছৰ্গা কৰিবলৈ মৰসাহ কৰিছিলোঁ।

Xondhan -Nituparna Rajbogshi

  ) পিছলৈ কোনোবা বিশেষ শিক্ষকৰ সহায় লৈছিল নেকি? যদি লৈছিল, কোনোবা শিক্ষকে এনে ধাৰণা দিছিল নেকি যে এদিন আপুনি আজিৰ আপুনিজন হৈ উঠিব? নে আপোনাৰ স্বশিক্ষাইহে আজিৰ পৰিপক্ক আপুনিজনক গঢ়ি তুলিলে?

উত্তৰ প্ৰকৃততে কাৰ্টুন শিকোৱা নাযায় বা শিকিবও নোৱাৰি। মূলতঃ ড্ৰয়িঙৰ শিক্ষা এইক্ষেত্ৰত অতীৱ প্ৰয়োজনীয়। মই ড্ৰয়িঙৰ শিক্ষা গ্ৰহণৰ পাছত ছবিৰ অন্য মাধ্যমলৈ নগৈ কাৰ্টুন চৰ্চা আৰম্ভ কৰিলোঁ। জ্যেষ্ঠ কাৰ্টুনিষ্টসকলৰ কাৰ্টুনবোৰ প্ৰচুৰ অধ্যয়ন কৰিছিলোঁ আৰু স্ব-শৈলী আৰু স্ব-চিন্তাৰে আঁকিবলৈ প্ৰয়াস কৰিছিলোঁ। বিশেষতঃ মোৰ ভিতৰৰ মানুহটোৱে মোক ভালদৰে চিনি পাইছিল আৰু কৈছিল, “তই নেৰানেপেৰাকৈ কাৰ্টুনেই আঁক”। এই ভিতৰৰ মানুহটো সময়গতিকে মোৰ উগ্ৰ প্ৰশংসক আৰু সময়গতিকে কঠোৰ সমালোচক। এক অৰ্থত স্ব-শিক্ষাৰে আগবাঢ়িছো আৰু আজিও সেই ৰূপেই মই কাৰ্টুন আঁকিবলৈ যত্ন কৰিছোঁ কিম্বা শিকি আছোঁ।

  ) আপোনাৰ প্ৰথম প্ৰকাশিত কাৰ্টুনটোৰ বিষয়ে অলপ নেকি?

উত্ত ১৯৯৭ চনত কাৰ্টুন আঁকিবলৈ আৰম্ভ কৰিছিলোঁ। কিন্তু আত্মবিশ্বাস নাছিল। তথাপি, এখন ব্যংগচিত্ৰ আঁকি জনপ্ৰিয় আলোচনী “অবিকল”লৈ প্ৰেৰণ কৰিছিলোঁ। ১৯৯৮ চনৰ জানুৱাৰী মাহৰ সংখ্যাটোত সেই ছবিখন প্ৰকাশ পাইছিল। সেইখনেই আছিল ছপা আকাৰত প্ৰকাশিত মোৰ প্ৰথম ব্যংগচিত্ৰ। আৰু বিষয়বস্তু আছিল ৰাজনৈতিক। ছবিখন আছিল এনেকুৱা যে – এজন শিক্ষকে ছাত্ৰক সোধে – “ঐ গৰু, পৃথিৱীৰ আটাইতকৈ ওখ ঠাইখন কি?” ছাত্ৰৰ উত্তৰ আছিল— “ছাৰ, মন্ত্ৰীৰ গাদী।” আৰু এয়াই আৰম্ভণি….

  ) আপোনাৰ প্ৰথম কাৰ্টুনটোৰ পৰা এজন পেশাদাৰী কাৰ্টুনিষ্ট হোৱালৈ এই যাত্ৰাৰ বিষয়ে অলপ জনাব নেকি? কিবা বিশেষ মুহূৰ্ত আছেনেকি যি জীৱনৰ গতিটো এইপিনে লৈ আহিছিল?

উত্তৰপ্ৰথম কাৰ্টুনখন প্ৰকাশ পোৱাৰ পাছত দেখিলোঁ যে, মোৰ দায়িত্ব আছে। সমানে বিশ্বাস বাঢ়িছিল। মই দৃঢ় হৈছিলো যে এই মাধ্যমটোৰে মূক মানুহৰ কথা ক’ব পাৰিম। একো বিশেষ কথা নাভাবিলো তেতিয়া। কাৰ্টুন আঁকি খাম বুলি নহয়, কাৰ্টুন আঁকিয়েই মানুহৰ হকে থিয় হ’ম বুলি আৰম্ভ কৰিলো এক কঠোৰ যাত্ৰা। বিশেষতঃ কিছুবছৰ মই যেতিয়া ঘৰৰ পাছলি-ফল আদি দৈনিক বজাৰত বিক্ৰী কৰিছিলো, তেতিয়া বিভিন্ন চৰিত্ৰৰ মানুহৰ সংস্পৰ্শ পাইছিলো। জীৱন-জীৱিকা, আচাৰ-ব্যৱহাৰ, শোষণ-উপহাস-ক্ষোভ-দ্ৰোহ-অসন্তুষ্টি এনে বহু কথাই অতি নিকটৰ পৰা দেখিছিলো। ইয়ে মোক মোৰ যাত্ৰাত ইন্ধন যোগালে। তেনে অৱস্থাত নিজৰ অলক্ষিতেই প্ৰতিক্ৰিয়াশীল আৰু প্ৰতিবাদী হৈ পৰিলোঁ। মুখা-মুখি বহু অনৈতিক কথাৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হ’ল। ইয়ে আহি ছবিত খোপনি পুতিলেহি। তাৰ ফলশ্ৰুতিত আৰম্ভ হ’ল এখনৰ পাছত আন এখন ব্যংগচিত্ৰ। আজিও সেই গতিৰেই চলি আছোঁ। সমাজ আৰু সময়ে প্ৰতিটো মুহূৰ্ততেই মোক হাতত তুলিকা ল’বলৈ নিৰন্তৰে দায়বদ্ধ কৰি ৰাখে। কাৰ্টুন মোৰ বাবে এক অভিযান আৰু পেছা। পেছাদাৰী কাৰ্টুনিষ্ট হিচাপে বহুসময়ত পেছাৰ খাতিৰত কৰিবলগীয়া কামখিনিয়েই শেষ কথা নহয়। সবাৰোপৰি এজন সচেতন কাৰ্টুনিষ্ট হ’বলৈ মই সদায় চেষ্টা কৰি থাকোঁ।

  ) বৰ্তমান আপুনি এজন সফল পেশাদাৰী কাৰ্টুনিষ্ট৷ এই পেশাটোৰ সম্পৰ্কে আপুনি কেনেধৰণৰ উপদেশ দিব? ইয়াক পেশা হিচাপে গ্ৰহণ কৰাৰ সময়ত পোৱা বিভিন্নধৰণৰ তিতামিঠা অভিজ্ঞতাৰ বিষয়ে জনাওকচোন?

উত্তৰ এজন কাৰ্টুনিষ্ট হিচাপে মই কিমান যোগ্য সেয়া মোৰ কামেহে নিৰ্ণয় কৰিব। কিন্তু কাৰ্টুন আঁকিবলৈ সমাজ, ৰাজনীতিৰ প্ৰতিটো দিশৰ পুংখানুপুংখ অধ্যয়ন, ব্যৱহাৰিক জ্ঞান, প্ৰচুৰ পৰিশ্ৰম, অংকন দক্ষতা, বিষয়বস্তু উপস্থাপনৰ বুদ্ধিদীপ্ততা – এই সকলোবোৰ আহৰণ কৰিবলৈ চেষ্টা কৰোঁ; সেই গতিকে এজন কাৰ্টুনিষ্টৰ বাবে এইখিনি অতি গুৰুত্বপূৰ্ণ বুলি ভাবোঁ। কাৰ্টুনক পেশা হিচাপেই নহয়, এক অভিযান হিচাপে লওঁতে বাৰম্বাৰ উজুটি খাইছোঁ। পিছে এই উজুটিক সদায় উচিত শিক্ষা হিচাপে গ্ৰহণ কৰি আহিছোঁ। মুঠ কথাত কাৰ্টুন আঁকি কিমান মাননি পাম সেই কথাটোতকৈ মোৰ বাবে গুৰুত্বপূৰ্ণ আছিল কাৰ্টুনৰ প্ৰকৃত অৰ্থক জনতাৰ মাজলৈ লৈ যোৱাটোহে। কাৰণ কাৰ্টুন কৌতুক নহয়। পিছে আমাৰ ইয়াত দীৰ্ঘসময় জুৰি ইয়াক কৌতুক হিচাপেই ব্যৱহাৰ কৰা হৈ আহিছে। কিন্তু কাৰ্টুনে কয় মানুহৰ মনৰ ক্ষোভ আৰু দ্ৰোহৰ কথা। ইয়াত নাথাকে ফুচুৰি। ইয়াত থাকে প্ৰচণ্ড দুখবোধ। আৰম্ভণিতে মই কছৰৎ কৰোঁতে কৰোঁতে কাৰ্টুন আঁকিবলৈ সঠিক ঠাই বিচাৰি হাঁহাকাৰ কৰিবলগীয়া হৈছিল। এনে প্ৰেক্ষাপটত কাৰ্টুন আঁকিম বুলি গৈ অনিচ্ছাস্বত্ত্বেও একালত সাংবাদিক হৈ পৰিবলগীয়া হৈছিলো। চৰ্ত আছিল মই অঁকা কাৰ্টুনো সংশ্লিষ্ট কাকত-কৰ্তৃপক্ষই মাজে-মধ্যে প্ৰকাশ কৰিব। এই বেপাৰটোত সমূলি সন্তুষ্ট নাছিলো যদিও কাৰ্টুনক জীয়াই ৰখাৰ স্বাৰ্থত এইখিনি মানি লৈছিলোঁ। মোৰ বহু শুভাকাংক্ষী আৰু সমালোচকে মোৰ এই সিদ্ধান্তক ভাল পোৱা নাছিল। কিন্তু মোৰ হাতত উপায়ো নাছিল। পিছত এক কঠোৰ সিদ্ধান্ত লৈ সাংবাদিকতা ত্যাগ কৰিছিলোঁ। আৰু সম্পূৰ্ণৰূপে কাৰ্টুন আঁকিম বুলিয়েই যাত্ৰা আৰম্ভ কৰিলোঁ। সাধাৰণতে আমাৰ একাংশ মানুহৰ এক প্ৰৱণতা আছে; ছবি অঁকা মানুহজনে যেন এনেয়ে পাক এটা মাৰিলেই ছবি হৈ যায়। গতিকে এই “সাধাৰণ কাম”ৰ বাবে বহুতেই মাননি দিবলৈ টান পায়। এনে দশা বহুবাৰ হৈছে। শেহতীয়াকৈ দুটা সম্ভ্ৰান্ত প্ৰকাশন প্ৰতিষ্ঠানেও অতি ভদ্ৰতা আৰু বৈষ্ণৱী বিনয়েৰে মোৰ কামৰ মাননি নিদিয়াকৈ নিৰাপদ স্থানত অৱস্থান লৈছে। তেওঁলোকৰ প্ৰতি মোৰ কাহানিও ক্ষোভ নাই। আছে বৰং পুতৌ। কাৰণ, মোক দিবলগীয়া মাননিকেইটাৰে যদি তেওঁলোকৰ সংসাৰ সুখৰ হয়, তেন্তে মই পৰম আহ্লাদিত হ’ম। সাধাৰণতে মই অক্ষমতাৰ ভাও ধৰা সক্ষম ভিক্ষাৰীক ভিক্ষা নিদিও। কিন্তু কেতিয়াবা দিবলগীয়া হয় এইদৰে। পিছে বহুসময়ত বহু অনুষ্ঠান বা ব্যক্তিবিশেষৰ বাবে মই মাননি অবিহনেই কাৰ্টুন আঁকি দিছো তেওঁলোকৰ উদ্দেশ্যত নিহিত থকা মহত্বৰ বাবে। মই যদিও পেছাদাৰী, স্থান-কাল-পাত্ৰ ভেদে ব্যৱসায়িক নহওঁ। অন্যদিশে কাৰ্টুন আঁকি বহু মিঠা অভিজ্ঞতাৰো মুখামুখি হৈছো। বহুতে মোৰ নামটো ইংৰাজীত পঢ়ি ছোৱালী বুলি ভাবি অত্যুৎসাহেৰে বাৰ্তাও প্ৰেৰণ নকৰাকৈ থকা নাই! কিছুৱে আকৌ মোক কাৰ্টুন (কাৰ্টন) বনোৱা ফেক্টৰীৰ মালিক বুলিও ভাবে। তেনেদৰে, আকৌ গাঁৱৰ খাটিখোৱা খেতিয়কেও অন্যকামত গুৱাহাটীলৈ আহোঁতে মোক চাবলৈ বুলি আগবাঢ়ি অহাৰ দৰে ঘটনাও ঘটিছে। আকৌ বহুসময়ত বহুজনে তেওঁলোকৰ অভিজ্ঞতা আৰু চিন্তাৰ ভিত্তিত মোক কাৰ্টুন আঁকিবলৈ অনুৰোধ জনাই থাকে। এনে অনুৰোধৰ সকলোবোৰ ৰক্ষা কৰা সম্ভৱ নহ’লেও প্ৰায়খিনি অনুৰোধেই ৰক্ষা কৰিবলৈ যত্ন কৰোঁ। ই মোৰ বাবে এক অন্য অভিজ্ঞতা। এনেবোৰ তিতা-মিঠা অভিজ্ঞতাই মোৰ পৰম প্ৰাপ্তি।

  ) আন সৃষ্টিশীল পেশাবোৰতকৈ কাৰ্টুনিষ্টৰ পেশা একে নে বেলেগ বুলি ?

উত্তৰ আন সৃষ্টিশীল পেশাবোৰৰ সৈতে মোৰ চিনাকি আছে যদিও সেই পেশাবোৰৰ ভিতৰুৱা কথা যিহেতু মই নাজানো, গতিকে মোৰ পেশাৰ সৈতে সেইসমূহ একেই নে কিবা পাৰ্থক্য আছে, সেই সম্পৰ্কে মন্তব্য আগবঢ়াব নোৱাৰিম। কিন্তু যিহেতু মই সাধাৰণ মানুহৰ কথাই ক’বলৈ চেষ্টা কৰি আহিছোঁ, সেই গতিকে মই মোৰ কামত সদায় তৰল কথা আৰু চিন্তাবোৰ পৰিহাৰ কৰি আহিছোঁ। কাৰ্টুন এক দৃশ্য মাধ্যম হ’লেও ইয়াক কাহানিও মনোৰঞ্জনৰ আহিলা হ’বলৈ দিয়া নাই। সেয়ে এই ক্ষেত্ৰত একাংশ সংবাদ কৰ্তৃপক্ষৰ সৈতে মোৰ মতাদৰ্শগত বিৰোধ আছে। একাংশ সংবাদ মাধ্যম আৰু প্ৰকাশন প্ৰতিষ্ঠানে কাৰ্টুনক আজিও মনোৰঞ্জনৰ আহিলা বা খালী ঠাই পূৰণৰ ব্যৱস্থা হিচাপে ব্যৱহাৰ কৰাত মনোনিৱেশ কৰি আহিছে। ইয়ে কাৰ্টুনৰ প্ৰকৃত গূঢ়াৰ্থ আৰু ৰুচিবোধক অন্যায় কৰিছে। মই এই পন্থাৰ পৰা সদায় আঁতৰি থাকোঁ। গতিকে অন্য সৃষ্টিশীল পেশাক একাংশই পণ্য কৰাৰ দৰে কাৰ্টুনক মই পণ্য কৰিব নিবিচাৰোঁ।

  ) দুটা কথাযিকোনো এটা বিষয়ত একোটা বিশেষ ভংগীৰ অবয়ৱ অংকণ কৰা আৰু একোজন বিশেষ ব্যক্তিৰ মুখাবয়ৱ ফুটাই তোলা! সৰহভাগ মানুহেই বহু চেষ্টা কৰিও কাৰোবাৰ ৰূপ এটা ফুটাই তুলিব নোৱাৰে, তেওঁলোকৰ বাবে আপোনালোকৰ এই দক্ষতাবোৰ ৰহস্য এই কামবোৰ আপোনালোকে কেনেকৈ কৰিব পাৰে?

উত্তৰ দীৰ্ঘদিনীয়া অভ্যাস, অধ্যয়ন আৰু কচৰতৰ জৰিয়তেহে এইদৰে এডাল ৰেখাৰে একোটা বিশেষ ভংগী বা বিশেষ ব্যক্তিৰ মুখাৱয়ব ফুটাই তুলিবলৈ চেষ্টা কৰা হয়। কাৰ্টুনিষ্টভেদে ইয়াৰ প্ৰকাশো ভিন্ন হয়। মই ভাবোঁ, চেষ্টাৰ অসাধ্য একো নাই। কথাতেই আছে, “অভ্যাসৰ নৰ, কৰ্ণপথে শৰ।” সেয়ে, এই কাৰবাৰটোক ৰহস্য বুলিও ভাবিব নালাগে।

  ) কেতিয়াবা এনেকুৱা হয় নেকিআপুনি বিচৰাধৰণে কাৰ্টুন এটা আঁকিব পৰা নাই? বিচৰা ধৰণেৰে নোৱাৰিলে অথবা কোনো নতুন ধাৰণা মনলৈ নাহিলে হতাশা আহে নেকি?

উত্তৰ কেতিয়াবা বিচৰাধৰণে কাৰ্টুন আঁকিব নোৱাৰিলে বা নতুন ধাৰণা নাহিলে হতাশ নহওঁ, কিন্তু নিজৰ ওপৰত সাংঘাতিক খং উঠে। সন্মুখত যাকে পাওঁ, তাকেই গালি পাৰি শান্তি পাওঁ। নহ’লে ক’ৰবালৈ ওলাই গুচি যাওঁ। নিজৰ মাজত এখন যুদ্ধ কৰোঁ, এই যুদ্ধত কেতিয়াবা বহু বিৰিণাৰো মৰণ ঘটে। যি নহওক, এই প্ৰক্ৰিয়াৰ মাজেৰেই মই সদায় আঁকিবলৈ চেষ্টা কৰোঁ। পৰ্য্যায়ক্ৰমে একোটা বিষয় লৈ, সেই বিষয়ৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াসমূহ চালি-জাৰি চাই বাৰম্বাৰ তাক বিভিন্ন কোণৰ পৰা বিশ্লেষণ কৰি একোটা ধাৰণাৰ জন্ম দিবলৈ চেষ্টা কৰোঁ। ই এক প্ৰক্ৰিয়া; মাথোঁ এই ধাৰণাবোৰ কেতিয়াবা হঠাতে আহে, কেতিয়াবা হয়তো দিনৰ দিনটো লাগি যায়। কিন্তু অনবৰত এই লৈ পাগুলি থাকোঁ।

  ) আপুনি ভালেকেইটা কাৰ্টুন প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিছে বা নিজেও আয়োজন কৰিছে এইসমূহত ভাগলোৱাৰ দুটিমান উদ্দেশ্য জনাওকচোন? নতুন চামক পেশাদাৰী হোৱাৰ আগ্ৰহ আনিবলৈ নে পেশা হিচাপে নললেও নতুন চামৰ কল্পনাশক্তি বিকাশ বলৈ আপুনি এইবোৰৰ জৰিয়তে আশা কৰে? অংশগ্ৰহণকাৰীসকলৰ অনুশীলন তথা প্ৰচেষ্টাৰ সম্পৰ্কে কি ?

উত্তৰ কাৰ্টুন প্ৰশিক্ষণৰ মূল উদ্দেশ্যটো হ’ল – কাৰ্টুনক অধিক জনমুখী কৰা আৰু ইয়াৰ গুৰিকথা প্ৰসাৰিত কৰা। যিহেতু ছবি এক প্ৰাচীন কলা আৰু ব্যংগচিত্ৰৰ আৰম্ভণিও গুহা চিত্ৰসমূহৰ পৰাই, সেয়ে এই পৰম্পৰাগত শৈলীক জানিবলৈ-বুজিবলৈ এনে কৰ্মশালা বা প্ৰশিক্ষণৰ আয়োজন। গুৰুত্বপূৰ্ণ কথাটো হ’ল – ছবি অঁকাটো এক বিজ্ঞানসন্মত মানসিক ব্যায়াম। লগতে কল্পনা বা চিন্তা-শক্তি বিকাশৰ এক সৱল স্বাস্থ্যসন্মত মাধ্যম। ছবি অঁকা শিকিলেই যে, চিত্ৰকৰ বা কাৰ্টুনিষ্ট হ’ব লাগিব তেনে কোনো কথা নাই। কাৰণ, ছবিৰ শিক্ষাই শৈক্ষিক জীৱনত বিৰাট প্ৰভাৱ পেলায়। একোজন শিক্ষাৰ্থীৰ মানসিক বিকাশত ছবিৰ গুৰুত্ব অপৰিসীম। এজন শিক্ষাৰ্থীৰ ইচ্ছাইহে নিৰূপণ কৰিব ছবিৰ শিক্ষা গ্ৰহণ কৰি তেওঁ তাক কি ৰূপে প্ৰয়োগ কৰিব। আমাৰ এই কৰ্মশালা বা প্ৰশিক্ষণৰ যোগেদি এনেবোৰ কথাৰ বাট মোকলাই দিয়াৰ প্ৰয়াস কৰা হয়; কাকো বাধ্য কৰোৱা নহয় যে তুমি চিত্ৰকৰ বা কাৰ্টুনিষ্টেই হ’ব লাগিব। এই কাৰ্য্যসূচীত ছবি অংকনৰ দক্ষতা বা কাৰ্টুনৰ অংকনৰ কৌশলেই নহয়, শিক্ষাৰ্থীসকলৰ মাজত নতুন চিন্তা, নতুন বিষয়ৰ উদ্ভাৱনো দেখিবলৈ পাইছোঁ। তেওঁলোকৰ মাজত কেৱল একোখন যে সাৰ্থক ব্যংগচিত্ৰ সৃষ্টি হৈছে, তেনে নহয়; ভিতৰৰ মানুহটোৰ চিন্তা আৰু কল্পনাৰ ব্যাপ্তিও প্ৰকাশ পাইছে। ইয়াৰ ফলত মই নিজেও তেওঁলোকৰ পৰা বহু নতুন কথাৰ আভাস পোৱাৰ লগতে তেওঁলোকৰ চিন্তাৰ আলমত শিকিছো বহু নতুন কথা। এই কাৰ্য্যসূচী পৰস্পৰৰ পৰিপূৰক।

  ১০) আপোনাৰ প্ৰিয় কাৰ্টুনশিল্পী কোনোবা আছে নেকি? আনহাতে, আপোনাৰ মতে সৰ্বশ্ৰেষ্ঠ কাৰ্টুনশিল্পী কোন? আৰু তেওঁলোক আপোনাৰ প্ৰিয় বা আপোনাৰ মতে সৰ্বশ্ৰেষ্ঠ হোৱাৰ কাৰণ কি?

উত্তৰ প্ৰকৃত অৰ্থত কাৰ্টুন অঁকা প্ৰতিজন কাৰ্টুনিষ্টেই মোৰ প্ৰিয়। সৰ্বশ্ৰেষ্ঠ বুলিবলৈ হ’লে আৰ কে লক্ষ্মণৰ কথাই ক’ম। তেওঁ সুদীৰ্ঘ সৃষ্টিশীল পৰিক্ৰমাত ভাৰতীয় সমাজ-ৰাজনীতিক আলোড়িত কৰি থৈ গ’ল। এই আলোড়ন বিশ্ববন্দিত। তেওঁৰ প্ৰতিখন কাৰ্টুনেই তৎকালীন ভাৰতৰ ইতিহাসক লিপিবদ্ধ কৰিছে, যি সদায় প্ৰাসংগিক। সাধাৰণজনৰ পৰা ওখখাপৰ ব্যক্তিলৈ, সৱাৰে মন আৰু বিবেকক জোকাৰি যোৱা লক্ষ্মণৰ কাৰ্টুনে প্ৰতিটো বিষয় লৈয়ে কাৰ্টুন আঁকিছে। যাৰ বাবে সৰু সৰু অঞ্চলৰ সাধাৰণ লোকে তেওঁলোকৰ সমস্যাসমূহ কাৰ্টুনৰ মাধ্যমেৰে প্ৰকাশ কৰি চৰকাৰৰ দৃষ্টিগোচৰ কৰোৱাবলৈ লক্ষ্মণক সাক্ষাৎ কৰাৰ দৰে অভিনৱ ঘটনাও ঘটিছিল। এজন কাৰ্টুনিষ্টৰ বাবে এনে ঘটনা চিৰস্মৰণীয়। লক্ষ্মণ সমাজৰ প্ৰতি প্ৰকৃতাৰ্থত দায়বদ্ধ আছিল বাবে আৰু সততা সহ নিষ্ঠাৰে নিজৰ কাম কৰিছিল বাবেই এয়া সম্ভৱ হৈছিল। গতিকে তেওঁক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বুলি মই সদায় শ্ৰদ্ধা কৰোঁ।

  ১১) আপোনাৰ সম্ভৱতঃ ৯০শতাংশ কাৰ্টুন ৰাজনৈতিক বিষয়ক ইয়াৰ কাৰণ কি? আৰু ৰাজনৈতিক কৰ্ম বা ৰাজনৈতিক নেতা একোজনক সমালোচনা কৰোঁতে আপুনি কোনটো কথাত গুৰুত্ব দিয়েকোনোবা দল, ব্যক্তি নে কিবা দৰ্শন?

উত্তৰ মূলতঃ কাৰ্টুন বিষয়টোৱেই হৈছে ৰাজনৈতিক। মানুহে যেতিয়া সংঘবদ্ধভাৱে সমাজ পাতি জীয়াই থাকিবলৈ ল’লে আৰু তাত সমাজ পৰিচালনাৰ বিষয়টো অহাৰ সূত্ৰে ৰাজনীতিৰ প্ৰাথমিক স্তৰটোৱেও গজালি মেলিলে, তেতিয়াই সমাজ পৰিচালনা কৰাসকলৰ ত্ৰুটি-বিচ্যুতিবোৰ ছবিৰ মাধ্যমেৰে ব্যংগ কৰি সমালোচনা কৰাৰ প্ৰক্ৰিয়াটো সেই প্ৰাচীন কালতে আৰম্ভ হৈছিল। তদুপৰি, আমি যিহেতু ৰাজনৈতিকভাৱে পৰিচালিত ব্যৱস্থা এটাৰ মাজত বাস কৰোঁ, সেয়ে আমাৰ মৌলিক বিষয়বোৰো ইয়াৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে সংযুক্ত। এই আপাহতে, কাৰ্টুনৰ বিষয়সমূহ ৰাজনৈতিক আওঁতাত থাকে। ময়ো তাৰ ব্যতিক্ৰম নহওঁ। অন্যদিশে কোনো দল, ব্যক্তি বা দৰ্শন মোৰ বাবে মূল কথা নহয়, ঘাই কথাটো হ’ল তেওঁলোকৰ নীতি বা কৰ্মসূচীয়ে সাধাৰণ মানুহক কিদৰে উপকৃত কৰিছে বা ইয়ে মানুহক বিভ্ৰান্ত বা ক্ষতি কৰিছে নেকি সেই বিষয় আগত ৰাখি সাধাৰণ মানুহৰ মাজত হোৱা প্ৰতিক্ৰিয়াৰ আধাৰতহে মই কাৰ্টুনসমূহ আঁকিবলৈ যত্ন কৰোঁ। ইয়াত সাধাৰণ মানুহৰ প্ৰতিক্ৰিয়াইহে আধিক প্ৰাধান্য পায়। ব্যক্তিগতভাৱে, মই কোনো দলীয় দৰ্শন বা আদৰ্শ বিশ্বাস নকৰোঁ। মোৰ বাবে পৰাধীন সাধাৰণজনৰ মনোবেদনাই মুঠ কথা।

  ১২) আপোনাৰ কাৰ্টুনসমূহ খুৱ তীক্ষ্ণ হোৱা দেখা যায় ধৰক, কোনোবা এটা কাৰ্টুনে খুৱ সত্য কথা এটাই প্ৰকাশ কৰিছে, যিটো কথা প্ৰতিজন মানুহেই মনেৰে স্বীকাৰ কৰিবলৈ বাধ্য; কিন্তু তাৰ জৰিয়তে সলনি হোৱাৰ পৰিবৰ্তে কেৱল দলীয় অনুগত হোৱা বাবেই কোনোবা একোজনে সেইটোৰ বিৰোধীতাহে কৰিছে এনে কথাৰ মুখামুখি আপুনি নিশ্চয় প্ৰায়েই হৈ থাকে এইবোৰ কেনেদৰে গ্ৰহণ কৰে? কেতিয়াবা আহত কৰে নেকি? নে আপোনাক হাস্যৰস দিয়ে?

উত্তৰ কাৰ্টুন কোনো ব্যক্তিগত আক্ৰোশত অঁকা নহয়। এনেকুৱাও হয়, মই ভালপোৱা ব্যক্তিজনৰো কাৰ্টুন আঁকিবলগীয়া হৈছে তেওঁৰ সামাজিক কেতবোৰ কৰ্মই সৃষ্টি কৰা প্ৰতিক্ৰিয়াক লৈহে। ইয়াত সামাজিক কথাটোহে মূল, ব্যক্তি নহয়। গতিকে, এনে কৰোঁতে ৰাজনৈতিক বা অন্য ক্ষেত্ৰৰ ব্যক্তিবিশেষৰ অনুগতসকলে ব্যক্তিজনৰ প্ৰতি অন্ধ সমৰ্থন কৰি যোৱা বাবে বহুসময়ত নিজৰ মৰ্যাদাকে লঘু কৰি মোক ব্যক্তিগতভাৱে বা সমজুৱাকৈ আক্ৰমণ অথবা নিন্দা কৰি আহিছে। খেনোৱে হিতাহিত জ্ঞান হেৰুৱাই অতি অশ্লীল বাক্যও নিক্ষেপ কৰি আহিছে। এনে কৰোঁতে, তেওঁলোকে মোৰ মা-দেউতা বা পৰিয়ালকো এৰা নাই। সম্ভৱতঃ তেওঁলোকৰ বাবে মই বা মোৰ পৰিয়ালটো প্ৰাতঃস্মৰণীয়! এনেবোৰ কথাই মোক আহত নকৰে। বৰং ই মোৰ বাবে পুৰস্কাৰহে। কেতিয়াবা হাহোঁ, পুতৌও ওপজে। আৰু এনে অৱস্থাত লাইন বাছত লিখা কথা এষাৰ সদায় মনলৈ আহে – “আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়।” এনে কথাবোৰৰ বিপৰীতে আকৌ মই যি ব্যক্তিবিশেষক লৈ কাৰ্টুন আঁকো, তেওঁলোকে আকৌ মোৰ কাৰ্টুনৰ অনুৰাগী হৈ পৰাই নহয়, মোক লগ কৰিবলৈও হাবিয়াস কৰে। তদুপৰি, সেই ব্যক্তিজনে প্ৰতিনিধিত্ব কৰা দল বা অনুষ্ঠানে তেওঁলোকৰ বাবে কাৰ্টুন আঁকিবলৈও মোক অনুৰোধ জনায়। কেতিয়াবা এনেকুৱাও হৈছে, চৰ্চালৈ নহা ৰাজনৈতিক দলৰ নেতাই মোক ফোন কৰি কয় যে আমাৰো কাৰ্টুন আঁকিবচোন! এইবোৰ মিশ্ৰিত কথাই মোক পুলকিত কৰে যদিও মোক মোৰ পথত আগুৱাই যোৱাত বিচলিত নকৰে।

  ১৩) আৰু একোটা কাৰ্টুন অঁকাৰ বহুদিনৰ পাছত সেইটোৰ কথা ভাবি কেতিয়াবা এনেকুৱা লাগিছেনেকিসেইটো আপোনাৰ ভুল দৃষ্টিভংগী আছিল? অন্ততঃ কেতিয়াবা তেনেকুৱা হৈছে নেকি?

উত্তৰ প্ৰতিখন ব্যংগচিত্ৰই যিহেতু একোটা ঘটনা, সময়ক প্ৰতিনিধিত্ব কৰি অংকন কৰোঁ, সেয়ে তাত ভুল-শুদ্ধৰ কথাটো আজিলৈ ভাবিবলগীয়া হোৱা নাই। কাৰণ এখন ছবি কোনোবাই ভাল পায়, কোনোবাই বেয়া পায়। তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা ৰাখিয়েই কওঁ, যিখিনি মানুহক মই প্ৰতিনিধিত্ব কৰোঁ, সেই সাধাৰণ মানুহখিনিৰ কথাহে প্ৰকাশ কৰোঁ। মুঠ কথাত তেওঁলোকৰ ভাৱখিনিক তেওঁলোকৰ ধৰণেৰে প্ৰকাশ কৰাটোৱেই মোৰ উদ্দেশ্য। যিহেতু, মই কোনো ব্যক্তিবিশেষৰ অনুগত নহওঁ বা শ্ৰুতলিপি মানি কাৰ্টুন নেআঁকো, তেনে ক্ষেত্ৰত এজন কাৰ্টুনিষ্টৰ স্বাধীনতাৰে মই মোৰ যাৱতীয় কামখিনি যত দূৰ সম্ভৱ নিয়াৰিকৈ সম্পন্ন কৰাৰ চেষ্টা কৰোঁ। ইয়াত ভুল-শুদ্ধৰ প্ৰসংগটো গৌণ।

  ১৪) কেৱল ৰাজনৈতিক দল বা নেতাক সমালোচনা কৰাৰ পৰিৱৰ্তে তথাকথিত বৌদ্ধিকমহলকো সমালোচনা কৰা প্ৰয়োজন বুলি আপুনি ভাবেনে? উদাহৰণস্বৰূপে, শেহতীয়া বানত কেইবাজনো বিশিষ্টবৌদ্ধিকব্যক্তি লেখাত দেখিলোঁ কেৱল কুকুৰে কাইট নোখোৱা ধৰণৰ গালি গগৈক ইমান গালি পাৰিলে আনটো প্ৰধান দলৰ ভক্ত বুলিব বুলি দায় সাৰিবলৈ কোনোজনে একেলগে সোণোৱালকো গালি কিন্তু কোনোটোতেই নাই কিবা এটা সমাধানৰ উপায় কেৱল গালি তেওঁলোকে গালি পাৰিলে, তাতে তৃপ্তি পোৱা জনে প্ৰশংসা কৰিলে, অলপঢতুৱাজনে সাংঘাটিক ক্ষমতাশালী পণ্ডিত বুলি থৰথৰকৈ কঁপিলে আৰু চৰকাৰে প্ৰভাৱশালী এজন বুলি অলপ আতৌপুতৌ কৰাৰ কথা চিন্তা কৰিলে; গতিকে তেওঁলোক হৈ পৰিল একোজন প্ৰতাপী মানুহ কিন্তু উপায় একো নাই, মগজ খালি বৌদ্ধিক অনুশীলনতে ডাঙৰ শূন্যতা এটা বৰ্তী থকা নাইনে? তেওঁলোকক লৈ কাৰ্টুন অঁকাত বাধা আছে নেকি?

উত্তৰ একাংশ বুদ্ধিজীৱিৰ এইৰকমৰ ভূমিকাক লৈ কেবাখনো ব্যংগচিত্ৰ আঁকিছোঁ। তথাকথিত এইচাম বুদ্ধিজীৱিক সমালোচনা কৰাৰ নিতান্তই প্ৰয়োজন। তেওঁলোকৰ দুস্কাৰ্য্যৰ বিৰুদ্ধে অবাধে কাৰ্টুন আঁকিয়েই নহয়, অন্য সৃষ্টিশীল মাধ্যমেৰেও এক জনমত গঠন কৰিব পাৰি। কাৰণ, আমাৰ সামাজিক পৰিকাঠামো, ঐতিহ্য-পৰম্পৰা বিনষ্ট, বিভ্ৰান্ত, বিভেদমুখী আৰু বিকৃতকৰণত এইচাম বুদ্ধিজীৱিয়ে পূৰ্বাপৰ নিজস্ব দুষ্কাৰ্য্য চলাই আহিছে। এওঁলোকক একাংশ সংবাদ-মাধ্যমে বৰপীৰা পাৰি জোঁৱাই আদৰাদি আদৰাৰ ফলত ই আৰু মাৰাত্মক হৈ পৰিছে। পিছে, আমাৰ সমাজেই আকৌ এওঁলোকৰ গ্লেমাৰত উবুৰি খাই দিবা-নৈশ পূজন-ভোজন কৰিবলৈ নেৰা হৈছে। এইচাম বুদ্ধিজীৱিতকৈ মই অনবৰত লগত লৈ ফুৰা চিক্সটিন জিবিৰ পেন-ড্ৰাইভটোৱেই বহু ওপৰৰ, কাৰণ ইয়াত মই মোৰ ভাল লগা ছবি-চিনেমা-গান কঢ়িয়াই লৈ ফুৰোঁ, যিয়ে সমাজৰ কোনো ক্ষতি নকৰে।

  ১৫) পৰিৱেশবিজ্ঞান সংক্ৰান্তীয় আপোনাৰ এটা নে দুটা খুব ভাল কাৰ্টুন দেখিবলৈ পাইছিলোঁ আমি আপোনাৰ পৰা মাজেমাজে বিজ্ঞানকাৰ্টুনো আশাকৰোঁ ধৰক, মাহে এটা, নতুবা বছৰত ছটা আপুনি এনে কাৰ্টুন আঁকিব বিচাৰেনে?

উত্তৰ পৰিৱেশ বা বিজ্ঞান সংক্ৰান্তীয় কাৰ্টুন তুলনামূলকভাৱে কম আঁকিছো যদিও মই অঁকা নিৰ্বাচিত পৰিৱেশ সংক্ৰান্তীয় কাৰ্টুনৰ এখন ভ্ৰাম্যমান প্ৰদৰ্শনী “আৰণ্যকে” চলাই থাকে। এই দুই বিষয়ত সময় অনুসৰি বা বিষয়ৰ প্ৰাসংগিকতালৈ চাই এতিয়াও কাৰ্টুন আঁকো। অৱশ্যে আপোনালোকৰ পৰামৰ্শ শ্ৰদ্ধাসহ সাগ্ৰহেৰে গ্ৰহণ কৰি মাহে এটা বা বছৰত ছটা বা ততোধিক কাৰ্টুন আঁকিবলৈ চেষ্টা কৰিম। আপোনালোকৰ এই পৰামৰ্শই মোৰ দৰে কাৰ্টুনৰ এজন সাধাৰণ ছাত্ৰক উপকৃত কৰাই নহয়, অধিক দায়বদ্ধও কৰিলে।

  ১৬) আপুনি সংগীত তথা সংগীতশিল্পীৰ কোনো একোজনক লৈ ভালে কেইখন তীব্ৰ ব্যঙ্গাত্মক কাৰ্টুন আৰু কোনোজনক লৈ যথেষ্ঠ বন্দনাত্মক কাৰ্টুন অংকণ কৰিছে ইয়াৰ দ্বাৰা প্ৰমাণিত হয় সংগীত তথা সংগীতশিল্পীৰ কাৰ্য আদিয়ে সমাজত পেলাব পৰা প্ৰভাৱৰ প্ৰতি আপুনি খুব সচেতন কিন্তু প্ৰায় একেইধৰণৰ আন দুই গ্লেমাৰাছ বিষয়বোলছবি (ভিচি়ডি ছবিকো সামৰি) আৰু নাটক সম্পৰ্কীয় আপোনাৰ কোনো কাৰ্টুন দেখিবলৈ পোৱা নাই ইয়াৰ কাৰণ, সেই প্ৰসংগ দুটাত আপোনাৰ ৰাপ নাই নে ইয়াৰ প্ৰভাৱশালী দিশটোৰ কোনো পৰিস্থিতিয়ে আপোনাৰ মনত ক্ৰিয়া কৰা নাই? এটা উদাহৰণ দিওঁ, নাটক আজি প্ৰধানকৈ আয়োজক কমিটিয়ে মধ্যবিত্তৰ ঘৰে ঘৰে টিকট দি দকাহকা দি উঠাই অনা ধনেৰে চালিত আৰু এনেকৈয়ে সমাজৰ আটাইতকৈ নিষ্ক্ৰিয় মানুহচামৰ সমুখতে অধিক পৰিমাণে প্ৰদৰ্শিত এক ব্যৱস্থা; আৰু আন এচামে কোনো নাট্যগৃহ একোটাত নাট একোখন প্ৰদৰ্শন কৰি প্ৰধানকৈ নিজৰ নামটো প্ৰতিষ্ঠা কৰাৰ এক ব্যৱস্থা নাটকেৰে যিসকলক শিক্ষিত কৰি তোলাৰ প্ৰয়োজন তেওঁলোকৰ কাষ কোনোকালে পোৱাগৈ নাই ডাইনী সজাই হত্যা কৰাৰ মানসিকতা আদি দূৰ কৰিবলৈ তেনে চিন্তাৰ মানুহৰ মাজলৈ গৈ নাটকপ্ৰদৰ্শনেৰে শিক্ষা দিয়াৰ অতি প্ৰয়োজন নাটপ্ৰদৰ্শনৰ জৰিয়তে এই ব্যাধিবোৰ দূৰ বুলি আশা কৰিব পাৰি আপোনাৰ প্ৰভাৱশালী কাৰ্টুনে নাট্যকৰ্মী আদিক প্ৰকৃত কামৰ প্ৰতি উদ্বুদ্ধ কৰি তুলিব পাৰে এনে বিষয়ক কাৰ্টুন অঁকাৰ আপোনাৰ আগ্ৰহ আছেনে?

উত্তৰ সংগীত ক্ষেত্ৰখনৰ লগতে চিনেমা আৰু ভ্ৰাম্যমান থিয়েটাৰক লৈ কেবাখনো ব্যংগচিত্ৰ অঁকা হৈছে আৰু এই ধাৰা অদ্যাপি অব্যাহত। তিনিওটা মাধ্যমত সৃষ্টি হোৱা প্ৰদূষণ, বেমেজালি আৰু উচ্ছৃংখল কাৰবাৰে মোক ক্ৰিয়া কৰে। আমাৰ পূৰ্বজে দি যোৱা সংস্কৃতিৰ নিৰুপম মালাধাৰি একাংশই ছেদেলি-ভেদেলি কৰিলে— এই কথাই মোক ব্যথিত কৰে। অথচ এই তিনিওটা শক্তিশালী মাধ্যমে সমাজত সুস্থ পৰম্পৰা, বৈজ্ঞানিক মানসিকতা সৃষ্টিত প্ৰত্যক্ষ অৰিহণা যোগাব পাৰে। তাকে নকৰি, আপোনালোকে কোৱাৰ দৰে ব্যৱসায় আৰু উদ্ভণ্ডালিত নামিছে একাংশ। এনে বিষয়ত কাৰ্টুন অঁকাৰ প্ৰয়োজনীয়তা নিশ্চয় আছে।

  ১৭) আপোনাৰ কিছুমান কাৰ্টুন, যিসমূহ ৰাষ্ট্ৰীয় বিষয়ক লৈ আপুনি অংকণ কৰিছে, সেইসমূহ ৰাষ্ট্ৰীয় কাকত বা অনলাইন পৰ্টেল আদিত প্ৰকাশ পোৱা যোগ্য ৰাষ্ট্ৰীয় কাকতত দেখা পোৱা কিছু কাৰ্টুন আৰু আপোনাৰ কাৰ্টুনৰ উপস্থাপন, বক্তব্য তথা দৃষ্টিভংগী মন কৰি কথাটো কৈছোঁ মাথোঁ কিছুদিনৰ আগতে এটা হত্যাকাণ্ডক লৈ নিউজচেনেলবোৰে আন সমস্যাৰ কথা পাহৰি মতলীয়া হৈ পৰা কাৰ্যক সমালোচনা কৰি অঁকা আপোনাৰ এটা কাৰ্টুন ৰাষ্ট্ৰখ্যাত ভালেকেইজন গন্যমান্য বাক্তি তথা কেইটামান নিউজপৰ্টেলে প্ৰচাৰ কৰিছে আমি ভাবোঁ সেই বাকী কাৰ্টুনসমূহেও বহুসংখ্যক পাঠকদৰ্শকৰ আগ্ৰহ লাভ কৰিব আপুনি ৰাষ্ট্ৰীয় কাকত আদিত আপোনাৰ কাৰ্টুন প্ৰকাশৰ বাবে চিন্তাচৰ্চা কৰিছেনে?

উত্তৰ ৰাষ্ট্ৰীয় বা আঞ্চলিক এনে ধাৰণাৰে মই কাৰ্টুন অঁকা নাই। যিসমূহ বিষয়ে সাধাৰণজনক বা মোক ক্ৰিয়া কৰে তাকে লৈ আঁকিছো। অৱশ্যে, অসমৰ প্ৰেক্ষাপটত অগ্ৰাধিকাৰ দিয়া হয় এই কাৰণেই, যে অসম বিষয়ক কাৰ্টুন কম। আনহাতে ৰাষ্ট্ৰীয় স্তৰত বুলি যিটো কথা কৈছে, তাৰ বাবে মই ক’তো চেষ্টা কৰা নাই। মোৰ নিজৰ ৱেবছাইটৰ যোগেদিহে তেনে কিছু কাৰ্টুন প্ৰকাশ কৰোঁ। যদি, এইসমূহ ৰাষ্ট্ৰীয় কাকতত প্ৰকাশৰ যোগ্য বুলি সংশ্লিষ্ট কৰ্তৃপক্ষই ভাৱে, তেন্তে নিশ্চয় ব্যৱস্থা লৈ প্ৰকাশ কৰিব। যিদৰে মাজে মাজে ৰাষ্ট্ৰীয় ৱেবপৰ্টেলসমূহে প্ৰকাশ কৰে।

  ১৮) আপোনাৰ Logoটোত কাউৰীৰ ছবি ৰখাৰ কাৰণ কি? আপোনাৰ লেখাতে পঢ়িছিলোঁ কাউৰী আৰ কে লক্ষ্মণৰো প্ৰিয় এই সম্পৰ্কে আপোনালোক দুয়োজনৰ কথা অলপ নেকি?

উত্তৰ কাউৰীয়ে যিদৰে পুৱাই কোৰ্হাল তুলি মানুহক দিনটোৰ কৰ্মৰ বাবে সজাগ কৰে, তেনেদৰে কাৰ্টুনেও একে কাম কৰে বুলি অনুভৱ কৰোঁ। আনহাতে কাউৰী মই বৰ ভাল পাওঁ, তাৰ এই কাৰ্য্যৰ বাবে। একেদৰে আৰ কে লক্ষ্মণৰো কাউৰী অতি প্ৰিয়। তেওঁৰ বহু ছবিত কাউৰীৰ অৱস্থিতি দেখা যায়। গতিকে মোৰ ল’গ’টোত মোৰ প্ৰিয় কাউৰীৰ দায়িত্ববোধক প্ৰকাশ কৰাৰ লগতে মোৰ প্ৰিয় কাৰ্টুনিষ্ট লক্ষ্মণৰ প্ৰতি সন্মান জনাই কাউৰীক এইভাৱে উপস্থাপন কৰা হৈছে।

  ১৯) আপোনাৰ লেখা আৰু সাংবাদিকতা সম্পৰ্কে অলপ জানিব বিচাৰিছোঁ

উত্তৰ কাৰ্টুন আঁকিবলৈ আৰম্ভ কৰাৰ সময়তে লিখিবলৈয়ো লৈছিলোঁ। লিখি ভাল পাওঁ। এনেবোৰ লেখাত কাৰ্টুনৰ কোনো সম্পৰ্ক নাই। আনহাতে সাংবাদিকতা কৰিছিলো ঘটনাক্ৰমেহে। পূৰ্বেই কৈছোঁ, কাৰ্টুনৰ স্বাৰ্থত এইফেৰা কাম কৰিবলগীয়া হৈছিল। অৱশ্যে সাংবাদিকতা কৰা কালছোৱাত ডাইনী সজাই চলোৱা হত্যাকাণ্ডসমূহৰ আঁৰৰ কাৰকসমূহ বিচাৰি চৰজমিন অধ্যয়ন কৰাতেই ক্ষান্ত নাথাকি, শোণিতপুৰ, মাজুলী আদিত নিজাববীয়াকৈ একোখন সজাগতা সভাও অনুষ্ঠিত কৰিছিলোঁ। এই কামত মোৰ স’তে যোৱা গাড়ীচালকজনেও ৰাইজক সজাগ কৰিবলৈ ভাষণ আগবঢ়াইছিল। ই এক অদ্ভূত অভিজ্ঞতা আছিল মোৰ বাবে। সেইদৰে, মাজুলীৰ তিনিটা ৰূপৰ প্ৰকাশ কৰিবলৈ নদীদ্বীপটোলৈ ঢাপলি মেলিছিলো এজন সক্ৰিয় সাংবাদিক হিচাপে। সাংবাদিকতাই মোক কাষ চপাই নিছিল গণশিল্পী ভূপেন হাজৰিকাৰো। তেওঁৰ জীৱনৰ শেষৰ কালছোৱাৰ কেবাটাও অন্তৰংগ মুহূৰ্ত মোৰ বাবে চিৰস্মৰণীয়। সেইদৰে আইন বিষয়ক সাংবাদিকতা কৰি লাভ কৰিছিলো আন এক নতুন অভিজ্ঞতা।

  ২০) কাৰ্টুনৰ উপৰি পেইণ্টিং, ৰ্ট্ৰেইট আদি অকংণতো আপোনাৰ ৰাপ আছে নেকি?

উত্তৰ পেইণ্টিং, প’ট্ৰেইট অঁকাত মই বিশাৰদ নহওঁ, কিন্তু বিষাদ-কাতৰহে। একেবাৰে নাজানো! কিন্তু ৰঙৰ বাহাৰ, ৰঙৰ খেল ভাল পাওঁ। কেতিয়াবা এনেই আঁকো, নিজৰ বাবে।

২১) আন কি কি বিষয়ত আপোনাৰ ৰাপ আছে?

উত্তৰ বিশেষ তেনে ৰাপ বুলিনো কি কওঁ, মানুহৰ মাজত থাকি, প্ৰত্যন্ত এলেকালৈ গৈ, মানুহৰ সৈতে কথা পাতি ভাল পাওঁ। তথাকথিত সামাজিক নহওঁ; এজন সম্পূৰ্ণ “অসামাজিক” মানুহ মই। আৰু পাছলিৰ বজাৰ কৰি ভাল পাওঁ, খুব জোৰত চাইকেল চলাই ভাল পাওঁ, বহুদূৰলৈ গাড়ী আৰু বাইক চলাই ভাল পাওঁ। লোকগানবোৰ, ভূপেন হাজৰিকা, জ্যোতি-বিষ্ণু, নচিকেতা, মনজোৎস্না মহন্তৰ গান শুনি ভাল পাওঁ। ভাল পাওঁ জুবিনৰ দৰদী কণ্ঠৰ নিৰ্বাচিত গান, পাপনৰ “জোনাকী ৰাতি”ৰ গানকেইটা ভাল পাওঁ, টম এণ্ড জেৰীৰ কাৰ্টুন চাই বিৰাট ভাল পাওঁ, এতিয়াও পাকঘৰত থকা নাৰিকলৰ লাড়ুকেইটা কোনেও গম নোপোৱাকৈ চুৰ কৰি খাই ভাল পাওঁ, ঘণ্টাৰ পাছত ঘণ্টা আড্ডা মাৰি ভাল পাওঁ। কেতিয়াবা অকলে থাকিও খুব ভাল পাওঁ, ফটো তুলি ভাল পাওঁ, ভাল চিত্তাকৰ্ষক, ব্যংগ চলচিত্ৰ চাই ভাল পাওঁ। ৰান্ধি ভাল পাওঁ, ডাঙৰ উপন্যাসৰ একদম শেষৰ অংশটো প্ৰথমতেই পঢ়ি অটাই ভাল পাওঁ, মন গ’লেই হীৰুদা অথবা শান্তনু শৰ্মা আৰু মেগন কছাৰীৰ কবিতা পঢ়ি ভাল পাওঁ। শিবানন্দ কাকতিৰ গল্প মোৰ খুব প্ৰিয়। খুব মন বেয়া হৈ থাকিলে হাঁহিবলৈ অসমীয়া নিউজ চেনেল চাওঁ। আৰু যেতিয়াই তেতিয়াই শুই ভাল পাওঁ।

  ২২) শেষত জানিব বিচাৰিছোঁ, আপোনাৰ উত্তৰণত সহযোগ কৰা কোনোবা ব্যক্তি আছে নে? যদি আছে কোন কোন? তেওঁলোকৰ কথা অলপ কওকচোনতেওঁলোকে কেনেকৈ আপোনাক সহযোগ কৰিছে

উত্তৰ কামৰ উত্তৰণ নাজানো। বয়সৰ উত্তৰণ হৈছে। ইটো বেথা। ব্যক্তিবিশেষ বুলি ক’লে আউল লাগে। কিন্তু যিসকলৰ বাধা স্বত্ত্বেও কাৰ্টুন আঁকিবলৈ লৈছিলোঁ, সম্ভৱতঃ তেওঁলোকৰ বাবেই আজিও মই নিৰন্তৰে কাৰ্টুন আঁকি থাকিব পাৰিছোঁ। মা-দেউতাই মূলতঃ চৰকাৰী চাকৰি বিচাৰিবলৈ হেঁচা দি তথাকথিত কেৰিয়াৰ এটা গঢ়িবলৈ মোক ঠেলি নিদি কাৰ্টুন আঁকিবলৈকে ১৮ বছৰ পূৰ্বে সমাজৰ বাবে উচৰ্গা কৰিলে। পৰিয়ালৰ অহৰহ প্ৰেৰণা মোৰ বাবে সাহস। তদুপৰি এই পৰিক্ৰমাত মূলতঃ সমাজ, শুভাকাংক্ষী, মই কাম কৰা প্ৰতিষ্ঠানৰ সম্পাদকবৃন্দ, সতীৰ্থ সাংবাদিক, সংবাদকৰ্মী, সমালোচক, নিন্দুক, মোক বিৰোধিতা কৰাসকল সকলোৰেই ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ বাবেই চাগে অহৰহ মূৰ তুলি কাৰ্টুন আঁকিবলৈ সৎ সাহসখিনি পাইছোঁ। ইয়ে মোক ক্ৰমাৎ দায়িত্বশীল কৰি তুলিছে। সামৰ্থ্য থকালৈকে এই দায়িত্বৰে আগবাঢ়ি যোৱাটোৱেই মোৰ ঘাই উদ্দেশ্য।

(সন্ধানৰ হৈ সাক্ষাৎগ্ৰহণ – পংকজ জ্যোতি মহন্ত)

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.