থলুৱা বীজ সংৰক্ষণ আন্দোলনৰ অংশীদাৰ : মহান চন্দ্ৰ বৰা

2

থলুৱা বীজ সংৰক্ষণ আন্দোলনৰ অংশীদাৰ : মহান চন্দ্ৰ বৰা

সমগ্ৰ বিশ্বত জৈৱিক সেউজ বিপ্লৱৰ সমান্তৰালভাৱে থলুৱা বীজ সংৰক্ষণে এক নীৰৱ বিপ্লৱৰ সূচনা কৰিছে ৷ সেই একে সময়তে কৃষি প্ৰধান ৰাজ্য অসমত এই আন্দোলনৰ অগ্ৰণী সৈনিকৰ ভূমিকা পালন কৰি আহিছে যোৰহাটৰ উচ্চ শিক্ষিত জৈৱিক কৃষক মহান চন্দ্ৰ বৰা ই ৷ বিগত দহ বছৰধৰি একক প্ৰচেষ্টাৰে বীজ সংৰক্ষণ ক্ষেত্ৰখনত আত্মনিয়োগ কৰি গঢ়ি তুলিছে এটা “বীজ সংৰক্ষণ ভঁৰাল”৷ ‘অন্নপূৰ্ণা ছীড লেণ্ডিং লাইব্ৰেৰী’ নামকৰণেৰে আৰম্ভ কৰা বীজ ভঁৰালটিক মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াস্থিত ‘ৰিচম’ণ্ড গ্ৰ’জ ছীড লেণ্ডিং লাইব্ৰেৰী’ নামৰ আন্ত:ৰাষ্ট্ৰীয় সংস্থাটোৱে এছিয়াৰ সৰ্বপ্ৰথম বীজ সংৰক্ষণ ভঁৰাল হিচাপে স্বীকৃতি দিছে ৷

সম্প্ৰতি তেওঁ অসমৰ বহু লুপ্তপ্ৰায় ধানৰ বীজৰ উপৰিও অৰুণাচল, মণিপুৰ, ত্ৰিপুৰা আদিত খেতি কৰা ২০০ প্ৰজাতিৰ ধানৰ লগতে জলকীয়া, বেঙেনা আৰু বিলাহীৰ বীজ সংৰক্ষণ কৰিছে৷ জৈৱিক কৃষি আৰু বীজ সংৰক্ষণৰ সজাগতা বৃদ্ধিৰ বাবে বিদ্যালয়-মহাবিদ্যালয় পৰ্য্যায়ত পাঠদান আৰু কৰ্মশালা নিয়মীয়াকৈ অনুষ্ঠিত কৰি আহিছে ৷ দেশ-বিদেশৰ বহুকেইটা বীজ সংৰক্ষণ আৰু জৈৱিক কৃষি বিষয়ক সংগঠনৰ সৈতে জড়িত হোৱাৰ উপৰিও অসমৰ শদিয়া, বালিপাৰা, কাজিৰঙাত মহান বৰাৰ বীজ সংৰক্ষণ ভঁৰাল শাখা স্থাপিত হৈছে ৷

১) অসমৰ সন্তান হৈ আন্ত:ৰাষ্ট্ৰীয় ক্ষেত্ৰখনৰ পৰা অসমলৈ সন্মান কঢ়িয়াই আনিলে, এই ক্ষেত্ৰত আপোনাৰ অনুভৱ কেনেকুৱা?
উত্তৰ: ভালেই লাগিছে ৷ তেতিয়াহে বেছি ভাল লাগিব, যেতিয়া অসম বীজৰ ক্ষেত্ৰত স্বাৱলম্বী হ’ব, যেতিয়া অসমৰ কৃষিয়ে ৰাষ্ট্ৰীয়/আন্ত:ৰাষ্ট্ৰীয় বজাৰ দখল কৰিব পাৰিব ৷xondhan-annapurna-seed-library-02

২) আপুনি কৃষিৰ ক্ষেত্ৰখনত কেতিয়াৰ পৰা আৰু কেনেকৈ খোজ পেলাইছিল?
উত্তৰ:  এটি কৃষি প্ৰধান অঞ্চলৰ কৃষক পৰিয়ালত জন্মলাভ কৰা সূত্ৰেই জন্মৰে পৰাই কৃষিকৰ্মত জড়িত ৷

৩) এজন আদৰ্শবান খেতিয়ক হিচাপে নিজকে প্ৰতিষ্ঠা কৰাত আপোনাৰ অনুপ্ৰেৰণাৰ মূলতে কোনো সদাশয় ব্যক্তি জড়িত আছিল নেকি?
উত্তৰ: অনুপ্ৰেৰণাৰ কথা আহিলে মই মোৰ দেউতাৰ নামেই প্ৰথমে ল’ম ৷

৪) আপুনি কৃষি ক্ষেত্ৰত জড়িত হোৱাৰ পৰা বৰ্তমানলৈকে কিমান বিধ ধানৰ খেতি কৰিছে? লগতে কি কি প্ৰজাতিৰ ধানৰ খেতি কৰিছে উল্লেখ কৰিব ৷
উত্তৰ: বৰ্তমান মই প্ৰায় দুশবিধ ধানৰ খেতি কৰি আছোঁ ৷ এই সংখ্যা প্ৰতি বছৰে বৃদ্ধি হৈ আছে ৷ প্ৰজাতি বুলি ক’লে প্ৰধানকৈ শালি আৰু লাহি ধানৰ উপৰিও আহু আৰু বাওঁ খেতিও কৰা হয় ৷

৫) আপুনি বছৰটোত ধান খেতিৰ অবিহনে অন্যান্য খেতি কৰে নেকি? সবিশেষ জনাব ৷
উত্তৰ: হয়, কৰোঁ ৷ বতৰৰ বিভিন্ন শাক পাচলিৰ খেতি কৰোঁ ৷ জলকীয়া, বেঙেনা, বিলাহী আদিৰ বীজ সংৰক্ষণো কৰি আছোঁ ৷

৬) সাধাৰণতে কৃষি ক্ষেত্ৰখনৰ প্ৰতি যুৱ প্ৰজন্ম খুব কমেই আকৃষ্ট হোৱা দেখা যায় বা ইয়াক পেছা হিচাপে কম সংখ্যকেহে গ্ৰহণ কৰে ৷ ইয়াৰ মূলতে কাৰণসমূহ কি কি হ’ব পাৰে বুলি আপুনি অনুভৱ কৰে? নৱ-প্ৰজন্মৰ মাজত কৃষিক এক বৃত্তি হিচাপে গঢ়ি তুলিবলৈ আপুনি কি পৰামৰ্শ আগবঢ়াব ৷
উত্তৰ: কৃষি কৰ্মৰ পৰা কৃষকসকল স্বাৱলম্বী হ’ব নোৱাৰাটোৱেই ইয়াৰ মূল কাৰণ, তাৰ উপৰিও বৃহৎ খণ্ডৰ কৃষি ভূমি বানপানী আৰু গৰাখহনীয়াৰ কবলত পৰা, জলসিঞ্চন ব্যৱস্থাৰ অভাৱ ৷ নুন্যতম সমৰ্থন মূল্য অবিহনে কৃষিকৰ্ম আগবঢ়ায় নিয়াটো বৰ কঠিন ৷ কৃষিকৰ্মৰ প্ৰতি নৱপ্ৰজন্মক আকৰ্ষিত কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে ৷ নিয়মীয়া কৃষিকৰ্মৰ জড়িয়তে অৰ্থনৈতিক লাভালাভৰ উপৰিও শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে আগবাঢ়ি আহিব লাগিব ৷ কৃষি প্ৰধান ৰাজ্য এখনৰ নৱপ্ৰজন্মই কৃষিক অৱহেলা কৰিলে নিজৰ ঐতিহ্যক অৱহেলা কৰা দৰে হ’ব ৷

৭) ভাৰতবৰ্ষৰ চৰকাৰে উদ্যোগক্ষেত্ৰ সম্প্ৰসাৰণৰ বাবে কৃষকৰ পৰা যি ভূমি অধিগ্ৰহণ নীতি গ্ৰহণ কৰিছে, সেই সম্পৰ্কে আপুনি এজন কৃষক হিচাপে কি অনুভৱ কৰে?
উত্তৰ: কৃষিকৰ্মক উদ্যোগৰ মৰ্যদা দিয়াটো প্ৰয়োজন ৷ লগতে এক সুস্পষ্ট ভূমি নীতি অবিহনে কৃষক ৰাইজৰ স্বাৰ্থ সুৰক্ষিত নহয় ৷

xondhan-annapurna-seed-library-03

৮) পাঞ্জাৱে কৃষি ক্ষেত্ৰখনত সেইজ বিপ্লৱৰ সূচনা কৰিছে ৷ এনে এক সন্ধিক্ষণত অসমে কৃষিৰ ক্ষেত্ৰত সমগ্ৰ ভাৰতবৰ্ষক নেতৃত্ব দিবলৈ কেনেধৰণে আগবাঢ়ি যোৱা উচিত বুলি ভাৱে?
উত্তৰ: প্ৰথমে পাঞ্জাৱ আৰু হাৰিয়ানাত সেউজ বিপ্লৱৰ সূচনা হৈছিল আৰু চকুত পৰাকৈ উন্নতিও দেখা গৈছিল ৷ কিন্তু পৰৱৰ্তী সময়ত কৃষকৰ আত্মহত্যাৰ দৰে ঘটনাও সংঘটিত হৈছিল ৷ পাঞ্জাৱত কেঞ্চাৰ ৰোগীৰ সংখ্যা দ্ৰুত বৃদ্ধিও লক্ষণীয় ৷
অসম জৈৱ বৈচিত্ৰত অতিকৈ চহকী ৷ পাহাৰ-ভৈয়াম, দ-বাম, জলমগ্ন দৰে বিভিন্ন ভূমি বৈচিত্ৰও লক্ষণীয় ৷ সেইবাবে মাটি, পানী আৰু বায়ু সংৰক্ষিত কৰি বহনক্ষম (sustainable) কৃষি বিপ্লৱেহে অসমৰ কৃষি অৰ্থনীতি পৰিবৰ্তন কৰিব পাৰিব ৷

৯) আপুনি কৃষি কাৰ্যত পৰম্পৰাগত পদ্ধতি ব্যৱহাৰ কৰিছে নে বিজ্ঞানসন্মত কৃষি প্ৰণালী প্ৰয়োগ কৰিছে?
উত্তৰ: দুয়োবিধ পদ্ধতি মই অনুসৰণ কৰোঁ ৷

১০) পৰম্পৰাগত বীজ সংৰক্ষণৰ ক্ষেত্ৰত আপুনি ব্যক্তিগতভাৱে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে?
উত্তৰ: ইতিমধ্যে পৰম্পৰাগত বীজ সংৰক্ষণৰ যি ব্যৱস্থা আছিল, সেইটো কাৰ্যক্ষম হৈ থকা নাই ৷ আজি কৃষকে বীজ সংৰক্ষণৰ গুৰুত্ব উপলব্ধি কৰা উচিত ৷
ব্যক্তিগত ব্যৱস্থা হিচাপে কৃষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত বীজ ভঁড়াল স্থাপন কৰি এক বীজ আন্দোলন নীৰৱে আগবঢ়ায় নিছোঁ ৷

১১) বৰ্তমান কৃষিৰ বজাৰত পৰম্পৰাগত বীজৰ সলনি কৃত্ৰিমভাৱে উৎপাদিত বীজে স্থান দখল কৰিছে ৷ অধিকাংশ কৃষকেও কৃত্ৰিম বীজকে গ্ৰহণ কৰা দেখা যায় ৷ অদূৰ ভৱিষ্যতে কৃষিৰ ক্ষেত্ৰখনত কেনেধৰণৰ প্ৰভাৱ পৰা আশংকা দেখা যায়?
উত্তৰ: ই এক ভাল লক্ষণ নহয় ৷ পৰম্পৰাগত বীজ সমূহৰ মাজত থকা জীনগত পাৰ্থক্য সমূহে পৰিবেশ পৰিবৰ্তনৰ ফলত কৃষিক্ষেত্ৰত হ’ব পৰা সাম্ভাৱ্য দুৰ্যোগৰ পৰা পৰিত্ৰাণ পৰা যাব ৷ বীজ সংৰক্ষণৰ প্ৰতি অনীহা অব্যাহত থাকিলে হয়তো এসময়ত বহুজাতিক কোম্পানীবোৰক বীজৰ একচেতীয়া (Seed Monopoly) সম্ৰাট কৰি তুলিব ৷ তাৰ ফলত আমাৰ কৃষক ৰাইজ সেই বহুজাতিক কোম্পানীবোৰৰ বহতীয়ালৈ পৰিণত হ’ব ৷

১২) কৃষিৰ ক্ষেত্ৰখনত খোজ দিবলৈ আপোনাৰ আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন হৈছিল নেকি?
উত্তৰ: তেনে কোন শিক্ষা মোৰ নাই ৷

১৩) অসমত তিনিখনকৈ কৃষি বিশ্ববিদ্যালয় আছে ৷ সেই বিশ্ববিদ্যালয় সমূহৰ পৰা ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীও যথেষ্ট আছে ৷ কিন্তু কৃষিৰ ক্ষেত্ৰখনত সবল নেতৃত্ব দিব পৰা ব্যক্তি আমি এই বিশ্ববিদ্যালয় সমূহৰ পৰা আশানুৰূপে পোৱা নাই ৷ ইয়াৰ কাৰণ কি হ’ব পাৰে বুলি আপুনি অনুভৱ কৰে?
উত্তৰ: কথাটো তেনেকুৱা নহয় ৷ কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী বা শিক্ষক সমাজে অসমৰ কৃষি অৰ্থনীতি সম্বল কৰাৰ উপৰিও যথেষ্ট সম্ভাৱনাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ৷

১৪) আপুনি এজন যুৱ প্ৰজন্মৰ আদৰ্শবান প্ৰতিনিধি হিচাপে অসমৰ সাম্প্ৰতিক সমস্যাসমূহ কি কি বুলি ভাৱে আৰু এই বিষয়ে আপোনাৰ ব্যক্তিগত মতামত জনাব ৷
উত্তৰ: বানপানী, গৰাখহনীয়া, জলসিঞ্চনৰ অভাৱ, চৰকাৰী কৃষি বিভাগ আৰু কৃষি বিশ্ববিদ্যালয়ৰ সমন্বয়ৰ অভাৱ, বনৰীয়া জীৱ-জন্তুৰ সমস্যা, উদঙীয়া গৰু ম’হৰ সমস্যা, আৰু কৃষক ৰাইজৰ স্বাৰ্থত এক সুনিৰ্দ্দিষ্ট ভূমি নীতি ৷

১৫) ইতিমধ্যে আপুনি আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বিভিন্ন কৃষি সম্পৰ্কীয় আলোচনা চক্ৰত অংশ গ্ৰহণ কৰি আপুনি কেনেদৰে উপকৃত হৈছে বুলি ভাৱে?
উত্তৰ: ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বহু কৃষক আৰু কৃষি সংগঠক লগ পাইছোঁ ৷ তেখেত সকলৰ পৰা বহু অভিজ্ঞতা আহৰণ কৰিছোঁ ৷ সেই অভিজ্ঞতা সমূহ কাৰ্য্যক্ষেত্ৰত প্ৰয়োগ কৰিছোঁ ৷xondhan-Mahan_Bora-2

১৬) নৱ প্ৰজন্মক কৃষিৰ ক্ষেত্ৰখনত জড়িত হ’বলৈ কিদৰে আহ্বান জনাব?
উত্তৰ: Skill Development আৰু Entrepreneurship Development-ৰ জৰিয়তে চৰকাৰে যুৱ প্ৰজন্মক কৃষি কৰ্মৰ প্ৰতি উৎসাহিত কৰিব লাগিব ৷ কৃষিক বৃত্তি হিচাপে গ্ৰহণ কৰিব পৰা পৰিবেশ সৃষ্টি হ’লে নৱ প্ৰজন্ম পিছ পৰি নাথাকিব ৷

১৭) অতি শেহতীয়াকৈ আপুনি কি কি কাৰ্যসূচীত জড়িত হৈ আছে? ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে জনাব?
উত্তৰ: কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দ্বাৰা স্থাপিত “কাজিৰঙা অৰ্কিড উদ্যান”ৰ বীজ ভঁড়ালৰ লগত জড়িত ৷ তাৰ উপৰিও NEADS কে মুখ্য কৰি কেইবাটাও NGO-ৰ কৃষিভিত্তিক কৰ্ম, কাকজান মহাবিদ্যালয় আৰু চিনামৰা জাতীয় বিদ্যালয়ত কৃষি সম্পৰ্কীয় পাঠদান ৷
ভৱিষ্যতে বিদ্যালয় / মহাবিদ্যালয় পৰ্যায়ৰ কেইটামান বীজ লাইব্ৰেৰী খোলাৰ পৰিকল্পনা আছে ৷

 

(সন্ধানৰ হৈ সাক্ষাৎগ্ৰহণ – বিজিত দত্ত)

Share.

About Author

2 Comments

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.