সাক্ষাৎকাৰ: যাদৱ পায়েং

0

‘মুলাই’ নামেৰে বিখ্যাত যাদৱ পায়েঙৰ জন্ম হৈছিল ১৯৬৩ চনত৷ ৰাজ্যখনৰ সেউজ বিপ্লৱৰ অন্যতম আদৰ্শ যাদৱ পায়েঙে  পোনপ্ৰথমে ১৯৭৯ চনত যোৰহাট নগৰীৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত বৃক্ষৰোপণ আৰম্ভ কৰিছিল৷ দুবছৰৰ পাছত তেখেতে বনবিভাগৰ সামাজিক বনানীকৰণ অধীনত চাপৰি অঞ্চলৰ ২০০ হেক্টৰ মাটিত বৃক্ষৰোপণ আঁচনিত সহায় কৰে৷ এই সেৱাৰ বাবে তেখেতে নিজৰ পৰিবাৰ, বিনীতা পায়েঙ আৰু পৰিয়ালৰ সৈতে অৰণ্যৰ ভিতৰত শিবিৰ পাতি লৈছিল৷ উল্লেখযোগ্য যে এই আঁচনি ১৯৮৮ চনত শেষ হোৱাৰ পাছতো তেওঁ আঁচনিৰ কামত ব্ৰতী থাকে৷

বেদখলকাৰীৰ নেৰানেপেৰা প্ৰচেষ্টাৰ পাছতো যাদৱ পায়েঙৰ তত্ত্বাৱধানত এই বনভূমি ১০০০ হেক্টৰ অঞ্চললৈ বিস্তাৰিত হয়৷ বৰ্তমান তেখেতে নতুনকৈ ২০০ হেক্টৰ মাটিত বনানীকৰণ আঁচনি হাতত লৈছে৷ এই বনাঞ্চল মাজুলীৰ বনগাঁওলৈকে সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা আছে৷ যোৰহাট চহৰৰ পৰা ২০ কি: মি: উত্তৰ-পূৱ দিশত অৱস্থিত এই ঘন বনাঞ্চলত এতিয়া বাঘ, হাতী, হৰিণাৰ উপৰিও বিভিন্ন প্ৰজাতিৰ সৰীসৃপ প্ৰাণী তথা পৰিভ্ৰমী চৰাই দেখিবলৈ পোৱা যায়৷ তেখেতে বাঘ সংৰক্ষণৰ ওপৰতো পদক্ষেপ হাতত লৈছে৷ যাদৱ পায়েঙ দুগ্ধ প্ৰকল্পৰ সৈতেও জড়িত৷ বৰ্তমান ২০০তকৈও অধিক গৰু –ম’হৰ প্ৰতিপালন কৰি আছে৷ তাৰোপৰি ১০০-তকৈও অধিক গৰু-ম’হ কাজিৰঙাৰ পৰা অহা বাঘৰ বাবে হেৰুৱাবলগীয়া হৈছে৷

উল্লেখযোগ্য যে যাদৱ পায়েঙ সৰুকালৰে পৰা অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানী তথা পৰিবেশ বিজ্ঞানীসকলৰ অনুপ্ৰেৰণাৰে উদ্বুদ্ধ৷ বিশেষকৈ কৃষি বিজ্ঞানী ড০ যদু বেজবৰুৱাদেৱে তেখেতক পৰিৱেশ কৰ্মী হিচাপে গঢ়ি তোলাত যথেষ্ট বৰঙণি আছে৷ সেউজ বিপ্লৱৰ সৈতে জড়িত উল্লেখযোগ্য কামৰ বাবে যাদৱ পায়েঙক জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ পৰা “ফৰেষ্ট মেন অৱ ইণ্ডিয়া” নামেৰে সন্মান প্ৰদান কৰে৷

xondhan-jadav-payengxondhan-jadav-payengxondhan-jadav-payengxondhan-jadav-payeng

এইজন মহান ব্যক্তিৰ বিষয়ে জানিবলৈ আমি তেখেতৰ ওচৰত গৈছিলোঁ৷ তেখেতৰ বিষয়ে জানিব খোজাত তেখেতে নিজে আৰম্ভ কৰিলে:

যাদৱ পায়েং: ১৯৭৯ চনত এই অঞ্চল সম্পূৰ্ণ বালি আছিল৷ সেইবাৰৰ বানপানীত বাৰিষা শতাধিক সাপ জামতে লাগি ধৰিছিল৷ পাছত এটা সময়ত সেই সাপবোৰ গৰমৰ প্ৰকোপত বালিতে মৰি গৈছিল৷ সাপৰ বেদনাত এদিন ওচৰতে থকা দেউৰী সম্প্ৰদায়ৰ বুঢ়াসকলক সুধিলোঁ যে সাপবোৰ মৰি গৈছে, কি হ’ব? মই দেখিছিলোঁ যে গৰমৰ উষ্ণতাত জীৱ-জন্তুৰ লগতে মানুহবোৰো আনকি পানীত নামি গৈছিল৷ তেওঁলোকে তেতিয়া পৃথিৱীৰ দীৰ্ঘতম ঘাঁহ অৰ্থাৎ বাঁহ গছ ৰুবলৈ ক’লে৷ বাঁহেই প্ৰথম ৰুইছোঁ৷ প্ৰথমে ৫০টা বাঁহৰ মুঢ়া দিলে, ২৫ ডাল বাঁহ দিলে তেওঁলোকে৷ সেইবোৰ ঘেৰাও কৰি ৰোৱা হ’ল৷ দোপতদোপে বাঁহ, গছ-গছনি বছৰি বছৰি ৰোওঁতে ৰোওঁতে এটা দিনত ইমান ডাঙৰ হাবি হ’ব সেইটো কথা মই তেতিয়া ভবা নাছিলোঁ৷ আৰু এনেকৈ বিশ্বৰ ওচৰ পাব সেইটো কথাও মই চিন্তা কৰা নাছিলোঁ৷ কিন্তু মই এতিয়া যিটো বুজি পালোঁ যে পৃথিৱীৰ যি উষ্ণতা বেছি হৈছে, গোলকীয় উষ্ণতা যি হাৰত বাঢ়িছে, সেই উষ্ণতা নিবাৰণ কৰি গছেহে ৰক্ষা কৰিব পাৰিব আৰু পৃথিৱীক বচাব পাৰিব৷ গছৰ অবিহনে পৃথিৱীক বচাবলৈ, বা প্ৰাণীজগতক বচাবলৈ আৰু কোনো উপায় নায়৷ সেয়েহে ‘Environmental Science’ বা পৰিৱেশ বিজ্ঞান বিষয়টো সমগ্ৰ পৃথিৱীতে প্ৰাথমিক শ্ৰেণীৰ পৰা অন্তৰ্ভুক্ত কৰিব লাগে৷ সেই আদিমযুগত গছে আমাক কাপোৰ পিন্ধাবলৈ শিকাইছিল, সেইদিন ধৰি প্ৰকৃতিক দাস হিচাপে ব্যৱহাৰ কৰা হৈছে৷ দাস হিচাপে ব্যৱহাৰ কৰাৰ ফলত গোলকীয় উষ্ণতাটো তীব্ৰ ৰূপ বৃদ্ধি পাই আহিছে৷ সেয়েহে মই আশা ৰাখিছোঁ বিশ্ববাসীয়ে পৰিবেশ বিজ্ঞান বা Environmental Science প্ৰাথমিক শ্ৰেণীৰ পৰা দিলে সংস্কাৰ, সংৰক্ষণৰ দায়বদ্ধতা বাঢ়িব৷ এজন ছাত্ৰই যেতিয়া নাম ভৰ্তি কৰিব, তেতিয়া দুজোপা গছ ৰুব৷ পিছৰ পাঁচ বছৰত গছজোপা ডাঙৰ-দীঘল কৰিব লাগিব, প্ৰতিপাল কৰিব লাগিব৷ তাৰ পিছৰ পাঁচ বছৰত আকৌ দুজোপা গছ ৰুব৷ এনেকৈ তেওঁ নিজৰ প্ৰয়োজনীয় অক্সিজেনখিনি নিজে পাব৷ এনেদৰে প্ৰতিবছৰে বহু কোটি ছাত্ৰ-ছাত্ৰীয়ে নাম ভৰ্তি কৰে, গতিকে বহু কোটি গছ ৰোৱা যাব৷ তেনেকৈ তেওঁলোকে আকৌ নতুন পৃথিৱীৰ আৱিষ্কাৰ কৰিব, সংৰক্ষণ কৰিব, গোলকীয় উষ্ণতাৰ পৰা পৃথিৱীখনক বচাব পাৰিব বুলি মই আশা ৰাখিছোঁ৷

সন্ধান: আপুনি ৰোৱাৰ আগত আৰু এতিয়াৰ পাৰ্থক্য কি দেখা পাইছে?

যাদৱ পায়েং: এতিয়া এই হাবিত বিভিন্ন জীৱ-জন্তু, যেনে হাতী, গঁড়, হৰিণা, বাঘ আহিছে; আৰু সেইদৰে বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকটি, বিলুপ্ত প্ৰজাতিৰ শগুন আহিছে, পেলিকান তথা বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই আহিছে৷ বিশ্বৰ বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকটি ইয়াত দেখিবলৈ পোৱা যায়৷ এইদৰে এই অঞ্চলটো বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকটি তথা জীৱ-জন্তুৰ আৱাস হৈ পৰিছে আৰু এনেকৈ প্ৰাণীজগতলৈ নতুন এক ক্ষেত্ৰ সুচনা কৰাৰ বাবে ভাল লাগিছে৷

সন্ধান: বাঘৰ বিষয়ে আপোনাৰ কিবা অভিজ্ঞতাৰ আছে নেকি?

যাদৱ পায়েং: ইয়াত বাঘ আছে৷ ইয়াৰ গোহালিৰ পৰা লৈ গৈছে খাবলৈ৷ সি খাবই, এইটো তাৰ আহাৰ হয়৷ পৃথিৱীত তেত্ৰিছ কোটি দেৱতা আছে৷ তাৰ ভিতৰত বাঘো দেৱতা৷ ই মানুহৰ আৰ্জন খাবই লাগিব, মানুহে পুহিলেহে খাব পাৰিব৷ ধৰক ইয়াত এনেকুৱা হৈছে যে সি খালেও এতিয়া মোৰ দুখ নালাগে৷ মোৰ বুলিয়ে নহয়, ইয়াত থকা মানুহৰো কাৰো দুখ নালাগে৷ সি মানুহৰ জীৱ-জন্তু খাইহে জীয়াই থাকিব৷ জীয়াই থকাৰ অধিকাৰ প্ৰাণীজগতৰ প্ৰত্যেকৰে আছে৷ সেইবাবে মানুহে একো দুখ অনুভৱ নকৰে৷

সন্ধান: ভৱিষ্যতৰ কাৰণে আপুনি কেনেকুৱা এটা হোৱাটো বিচাৰে?

যাদৱ পায়েং: ইয়াত এতিয়া দেশী-বিদেশী পৰ্য্যটক আকৰ্ষণমুখী হৈছে৷ জ্ঞান-তথ্য লাভ কৰিছোঁ৷ ভৱিষ্যত প্ৰজন্মৰ বাবে পৃথিৱীক বচাবলৈ পৰিৱেশ বিজ্ঞান বা Environmental Science বিষয়টো প্ৰাথমিক শ্ৰেণীৰ পৰাই দিব লাগে৷ বিশ্ব প্ৰতিবছৰে সকলো ছাত্ৰ-ছাত্ৰীয়ে গছপুলি ৰুব লাগে আৰু নিজৰ বাবে প্ৰয়োজনীয় অক্সিজেনখিনি নিজে নিজে যোগাৰ ল’ব৷ আৰু সেই চামে নতুন পৃথিৱী গঢ়িব আৰু পৃথিৱীখনক বচাই ৰাখিব পাৰিব৷ নহ’লে এতিয়া আৰু বিকল্প ব্যৱস্থা নাই৷

সন্ধান: আপুনি আৰু কিমান বৃক্ষৰোপণ কৰিম বুলি ভাবিছে?

যাদৱ পায়েং: এতিয়ালৈকে মই ১৩০০ হেক্টৰ বৃক্ষৰোপণ (plantation) কৰিছোঁ৷ মই জীয়াই থকালৈকে আৰু ১৩০০ হেক্টৰ কৰিব পাৰিম বুলি ভাবিছোঁ৷ ধৰক ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ বুকুতে বহুত ঠাই আছে৷ ইয়াৰ উপৰিও ভাৰতৰ অন্যান্য ৰাজ্য, যেনে ৰাজস্থান, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰত বহুতো মৰুভূমি অঞ্চল আছে৷ সেইবোৰ ঠাইতো গৈ কেতিয়াবা কৰিব লাগিব৷ গতিকে মই ভাবিছোঁ ভাৰতত বহুত কৰিব লগা কাম আছে৷ ভাৰতৰ জনসংখ্যা ২০৩০ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক হ’ব৷ তেতিয়া ভাৰতীয় মানুহখিনিৰে অসুবিধা হ’ব৷ সেই অসুবিধা দূৰ কৰিবলৈ গছ-গছনি ৰুবই লাগিব৷ ভৱিষ্যতে মই ধৰিত্ৰীক বচাবলৈ যিমান পাৰোঁ কৰি গৈ থাকিম৷

সন্ধান: প্ৰথমে মানুহবোৰে আপোনাকলৈ কি বুলি কৈছিল?

যাদব পায়েং: মানুহবোৰেতো ভবাটো ভাবিছিলেই৷ কিন্তু তাৰ পৰা তেওঁলোকৰ অপকাৰো হৈছিল৷ তেওঁলোক আচলতে পৰিবেশৰ বিষয়ে অজ্ঞ৷ যেনে হাতীজুম নহালৈকৈ গছ-গছনি কটা-মেলা বন্ধ কৰাত সিহঁতৰ ধাণ্ডা নাছিল৷ হাতীজুমে ঘৰ ভঙাতহে তাহাঁতে নিজৰ ভুল বুজিছিল৷ এতিয়া কিন্তু মানুহবোৰৰ সংস্কাৰ হৈছে৷ গছ নাথাকিলেই যে মানুহ নাথাকিব নোৱাৰে এতিয়া সকলোৱে বুজি পাইছে৷ সেইকাৰণে এই দুখন গাঁওত যিমান গছ-গছনি আছে, অসমৰ কোনো এখন গাওঁতে নাই৷ প্ৰকৃতিয়ে দিয়ে আৰু প্ৰকৃতিৰ পৰা লয়, এইটোৱে হৈছে প্ৰকৃতি৷ মিছিং সম্প্ৰদায়ৰ গানতেই আছে৷  সেইকাৰণে এইখিনি মানুহৰ জীৱ-বৈচিত্ৰৰ লগত ওতঃ পোতঃ ভাৱে সম্পৰ্ক আছে৷ তেনেকৈ এতিয়া ভৱিষ্যত প্ৰজন্মৰ যিখিনি আছে, পৃথিৱীখনক সেউজীকৰণ কৰাটো শিকিব৷ এতিয়া সকলোৱে ভালেই পাইছে৷ মানুহ আহিছে, দেশী-বিদেশী পৰ্যটক আহিছে৷ জ্ঞান- আহৰণ হৈছে৷ গতিকে মোৰ লগতে সকলোৱে শিকিব পাৰিছে৷ সেইকাৰণে এই হাবিবোৰ বৰ দৰকাৰী৷

সন্ধান: আপোনাৰ এই কামবোৰ পাছলৈ আগবঢ়াই নিবৰ বাবে আপোনাৰ কি পৰিকল্পনা? আপোনাৰ পৰিয়ালৰ আগ্ৰহ কেনেকুৱা?

যাদৱ পায়েং: মই যেনেকৈ এই কামবোৰ কৰিছোঁ, মোৰ সৰু ল’ৰাটোও গছ-গছনি, জীৱ-জন্তু ভাল পায়, হাতীৰ লগতো কথা পাতে৷ সি ঘৰত মাক-বাপেকক এৰি ইয়াতে হাবিত থাকে৷ গতিকে সি আগলৈকো এইবোৰ পৰিচালনা কৰিব পাৰিব, আৰু অন্যকো নেতৃত্ব দি শিকাব পাৰিব বুলি মোৰ বিশ্বাস৷

সন্ধান: ভৱিষ্যত পৰিকল্পনা?

যাদৱ পায়েং: ভৱিষ্যত মানে ইয়াত কোনো অসুবিধা নাই৷ গৰুৰ গাখীৰ, দমৰা, ম’হৰ গাখীৰ, পোৱালি বোৰ বিক্ৰী কৰি থাকিব পাৰি৷ হাবিত অট্টালিকা বনাব নালাগে৷ জীয়াই থাকিবৰ বাবে প্ৰয়োজনীয়খিনি প্ৰকৃতিয়েই দিব, প্ৰকৃতিৰ পৰাই ল’ব লাগিব৷ সিহঁতক প্ৰতিপালন কৰিব লাগিব, সিহঁতক চাব লাগিব৷ সেইকাৰণে মই ভাবিছোঁ যে আমি অট্টালিকা বনাই গড়ালত সোমাব নালাগে৷ পৰিবেশ বিনষ্ট কৰিব নালাগে৷ আমি সুন্দৰকৈ জীৱন-যাপন কৰিবৰ বাবে এই পৰিবেশেই সুন্দৰ৷ ইয়াতকৈ আৰু একো উৎকৃষ্ট হ’ব নোৱাৰে পৃথিৱীত৷ এই প্ৰকৃতিত থাকিলেহে সম-পৰ্য্যায়ৰ জীৱ বৈচিত্ৰৰ অৱদান অনুভৱ কৰিব পাৰি৷ অট্টালিকা কৰি, নগৰীকৰণ কৰি, উদ্যোগীকৰণ কৰি গৈ থাকিলে সেইটো আমাৰ প্ৰকৃতি হৈ নাথাকিব৷ আৰু তেনেকুৱা পৰিবেশত থাকি ভাল নালাগে৷

 

(‘সন্ধান’ৰ হৈ এই সাক্ষাৎ গ্ৰহণ কৰিলে বিজিত দত্তই৷ অতিশীঘ্ৰে সাক্ষাৎকাৰটোৰ ভিডিঅ’ অংশ মুকলি কৰা হ’ব)

অন্যান্য লেখা :

Share.

About Author

Leave A Reply