থলুৱা উৎপাদন: আমদানিকৃত মুনাফাৰ দুৰ্দান্ত বিকল্প?

0

অসম অৰ্থনৈতিক সমীক্ষা ২০১৬-১৭ ৰ প্ৰতিবেদনৰ তথ্যই কাক চুই যোৱা নাই ? প্ৰাথমিক নিত্য ব্যৱহাৰ্য তথা প্ৰয়োজনীয় সামগ্ৰীৰ ক্ষেত্ৰত আমদানিৰ ওপৰত নিৰ্ভৰশীলতা অপৰিৱৰ্তিতভাৱে শোচনীয় অৱস্থাতে আছে। অসমে ৬৪ শতাংশ দুগ্ধজাত সামগ্ৰী, ৮৮ শতাংশ মাংস, ৯২ শতাংশ কণী ৰাজ্যৰ বাহিৰৰ পৰা আমদানি কৰে। তাৰোপৰি প্ৰতিবেদনৰ মতে অসমে বছৰি বিশ হেজাৰ মেট্ৰিকটনৰো অধিক পুষ্টিকৰ খাদ্য বহিঃৰাজ্যৰ পৰা আমদানি কৰিব লাগে । এনে পৰিসাংখ্যিক তথ্যবিলাকৰ বিপৰীতে ৰাজ্যৰ মুঠ উৎপাদনলৈ প্ৰায় ২০% অৱদান আগবঢ়োৱা কৃষি আৰু কৃষি সমন্ধীয় খণ্ডৰ বিকাশৰ হাৰ শোচনীয়ভাৱে স্থবিৰ হৈ পৰিছে ।
এই শোচনীয় ছবিখনৰ আন এক স্পষ্ট সূচক হৈছে অসমৰ অনুসূচিত বাণিজ্যিক বেংকসমূহৰ ঝৃণ আৰু জমাৰ অনুপাত । ২০১৬ চনৰ ৩১ মাৰ্চত এই অনুপাত আছিল ৰাষ্ট্ৰীয় প্ৰায় ৭৭ শতাংশৰ পৰিবৰ্তে ৪৪ শতাংশ মাত্ৰ । ই এইটোৱেই ইংগিত দিয়ে যে থলুৱাভাৱে কৰা উপাৰ্জনবোৰ থলুৱাভাৱে কৰা উৎপাদনত খৰচ কৰা হোৱা নাই আৰু থলুৱা অৰ্থনীতিত সৰবৰাহ হৈ থকা নাই । থলুৱা উৎপাদনৰ ভেটি হ’ল উদ্যোগীকৰণৰো প্ৰাথমিক প্ৰয়োজনীয়তা । কাৰণ থলুৱা উৎপাদনক আমদানিৰ বিকল্প পৰ্যায়লৈ উন্নিত কৰিবলৈ পুঁজি ভিত্তিক উৎপাদন ক্ষমতা আৰু বজাৰ অনিবাৰ্য ।

এনে বহিঃ নিৰ্ভৰশীল সীমান্তবৰ্তী অৰ্থনীতিৰ ঐতিহাসিক বিশ্লেষণ কৰিলে দেখা যায় যে অসমত থলুৱা উৎপাদন পদ্ধতিৰ ঐতিহাসিক বিৱৰ্তন আধৰুৱা হৈ xondhan-agriculture-riceৰৈছিল । ঔপনিবেশিক শাসনৰ অঘোষিত নিয়মেই হৈছে বিনিময়ৰ অসমান ব্যৱস্থা । ঔপনিৱেশিক সম্প্ৰসাৰণত হোৱা প্ৰাৰম্ভিক অৰ্থনীতিৰ মুদ্ৰাকৰণ প্ৰক্ৰিয়াই আচলতে থলুৱা উদ্যমিতা আৰু উৎপাদন পদ্ধতি একাষৰীয়া কৰিছিল । ঔপনিৱেশিক শাসকসকলে নিজৰ স্বাৰ্থজড়িত ক্ষেত্ৰসমূহত, যেনে চাহ, খনিজ পদাৰ্থ আদিবোৰত থলুৱা পুঁজিৰ গঠন প্ৰক্ৰিয়া সীমাবদ্ধ ৰাখিছিল। স্পষ্ট কাৰণতে পৰম্পৰাগত ভূস্বামী সকলে ৰাষ্ট্ৰীয় পুঁজিৰ সৈতে প্ৰতিদ্বন্দিতা কৰিব পৰাকৈ কোনো উদ্যমী পদক্ষেপ লব পৰা নাছিল। উক্ত সময়ছোৱাত ভাৰতৰ মূল ভূখণ্ডৰ এক বণিক শ্ৰেণী ঔপনিবেশিক শাসকসকলৰ স্বাৰ্থৰ খাতিৰত এক মধ্যস্থতাকাৰী শ্ৰেণী হিচাপে নিয়োজিত হৈছিল । পৰৱৰ্তী সময়ত এই বণিক শ্ৰেণীটোৱে ঔদ্যোগিক বিনিয়োগেৰে উদ্যমী হৈ উঠাৰ পৰিৱৰ্তে কেৱল বেহা-বেপাৰৰ মুনাফাতেই সীমাবদ্ধ এক সংকীৰ্ণ অৰ্থনৈতিক পৰিসীমাত আৱদ্ধ হৈ ৰৈছিল । এনে ঐতিহাসিক বেপাৰৰ মুনাফাই অসমৰ ৰাজনৈতিক তথা আৰ্থ-সামাজিক ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰাৰ লগে লগে থলুৱা উৎপাদনৰ ক্ষেত্ৰত উদগনি যোগাব পৰা কাৰকসমূহক বাধা দি আহিল ।

ৰাষ্ট্ৰীয় পৰ্যায়ত, স্বাধীনতাৰ পাছৰ অভ্যন্তৰিনমুখী চৰকাৰী নীতিসমূহ একধৰণৰ বণ্টনকেন্দ্ৰিক অৰ্থনৈতিক প্ৰক্ৰিয়াত পৰিণত হৈছিল। তদুপৰি ঔপনিবেশিকতাবাদেই জন্ম দিয়া আঞ্চলিক দ্বৈতবাদৰ ধাৰাবাহিকতাত উদাৰীকৰনৰ পাছতো ৰাষ্ট্ৰীয় আৰু বহু-ৰাষ্ট্ৰীয় পুঁজি ইতিপূৰ্বেই উন্নত ৰাজ্যসমূহলৈহে ধাৱমান হোৱা দেখা গ’ল। অসমত খাৰুৱা তেলৰ সন্ধান আছিল ঔপনিবেশিক উদ্যোগৰ এক গুৰুত্বপূৰ্ণ অংশ। এই উদ্যোগ স্বৰাজোত্তৰ কালত ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহলৈ হস্তান্তৰ হ’ল । বাস্তৱ ক্ষেত্ৰত এই পৰিবৰ্তনে কিন্তু অনুন্নত অৰ্থনীতিৰ বুনিয়াদ সলাব নোৱাৰিলে । অসমৰ চাহ উদ্যোগেও বৃহৎ পুঁজিৰ হাতত শোষণৰ বলি হৈ আহিবলগীয়া হল। বছৰি প্ৰায় ৬০০ মিলিয়ন কেজি উৎপাদনেৰে সৰ্বোচ্চ চাহ উৎপাদনকাৰী ৰাজ্য অসমত আজি ক্ষুদ্ৰ চাহ খেতিয়কসকল অনিশ্চয়তাত ভুগিছে । তথ্যমতে যদি ক্ষুদ্ৰ চাহ খেতিয়কে অসমৰ মুঠ উৎপাদনৰ ২৫% চাহ উৎপাদন কৰে, তেন্তে এই চাহৰ পৰিমান নিশ্চয় বছৰি ১৫০ মিলিয়ন কেজিতকৈ বেছি হ’ব । গতিকে, এই বৃহৎ চাহ উৎপাদনৰ বজাৰৰ বাবে ফলপ্ৰসূ সংগঠিত ব্যৱস্থা নিশ্চয় লাগিব । উমৈহতীয়াকৈ অংশীদাৰি হিচাবে চাহ খেতিয়কসকলে এক সমবায়ৰ আৰ্হিত চাহ সংসাধনত বিনিয়োগ কৰিব পাৰে । অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে প্ৰাকৃতিকভাৱেই এক বহনক্ষম উদ্যমিতাৰ আৰ্হি দাঙি ধৰিছে ।

আমাৰ পৌৰাণিক সাহিত্য আৰু বুৰঞ্জীৰ পাতত অসমৰ উদ্যোগিক উৎপাদন আৰু শিল্পকলাৰ অপূৰ্ব নিদৰ্শন পোৱা যায় । সমসাময়িক সৰ্বভাৰতীয় পৰ্যায়ৰ লগত অসমৰ শিল্পকলা আৰু উৎপাদনশৈলী কোনো ক্ষেত্ৰতে কম নাছিল – বস্ত্ৰ, ৰেচম, ধাতু-কাঁহ-পিতল, মনি-মুকুতা-অলংকাৰ, কাঠ-বাঁহ-বেত আদি বিভিন্ন খণ্ডত অসমৰ শিল্পীসকলে সুনাম অৰ্জন কৰিছিল । স্বাৱলম্বন মধ্যযুগৰ অসমৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্য আৰু কুটিৰ শিল্পবোৰ অসমৰ সংস্কৃতিৰ অবিচ্ছেদ্য অংগ হৈ পৰিল । গইট আৰু অন্য বহু প্ৰব্ৰজকে উল্লেখ কৰাৰ দৰে থলুৱা শিল্পকলা অতুলনীয়ভাৱে উৎকৃষ্ট আছিল । কিন্তু এই উদ্যোগবোৰ স্বতঃফুৰ্তভাৱে বিকাশ নৌহওতেই ঔপনিৱেশিক কালৰ পৰাই বহিৰাগত মেচিনজাত সামগ্ৰীৰ কবলত এক নিৰ্বাহৰ স্তৰতে ৰৈ গ’ল । এতিয়া এই উদ্যোগবোৰ প্ৰধানকৈ পুঁজি আৰু প্ৰযুক্তি আৰু বজাৰৰ অভাৱত প্ৰায় মৃতপ্ৰায় ।

অসমে ভাৰতবৰ্ষৰ দুই তৃতীয়াংশ এৰি মুগা পাট উৎপাদন কৰে আৰু মুগাৰ ক্ষেত্ৰত একমাত্ৰ । আজি বিহুৰ গামোচাখনও আমদানি কৰিবলৈ লোৱাক লৈ সকলো শংকিত হৈ পৰিছে । আত্মসহায়ক গোটবিলাকৰ উৎপাদনবোৰক সমবায় আৰ্হিত ব্ৰেণ্ডিঙ কৰি ৰপ্তানিৰ স্তৰলৈ উন্নিত কৰিব লাগিব । পৰম্পৰাগত বাঁহ আৰু বেতৰ উৎপাদন হ’ল একেবাৰে নিভাঁজ হস্তশিল্প আৰু সেয়ে এইবিলাকৰ ব্যৱহাৰিক উপযোগিতাৰ উপৰিও কলাত্মক মূল্যৰো চাহিদা আছে । চহা জনজীৱনৰ অৱসৰত জন্ম লোৱা এই কুটীৰ শিল্পক এক বৃহৎ বজাৰকেন্দ্ৰিক উৎপাদন কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ দিশত উদ্যমশীল পদক্ষেপ লাগিব ।এসময়ত অসংগঠিত লোহাৰ উদ্যোগ কেৱল ঘৰুৱা আৰু কৃষিজাত আহিলাৰ উৎপাদনতে সীমাবদ্ধ আছিল । পিছলৈ সমবায় সমিতিৰ বেনাৰত সংগঠিত হৈছিল । এসময়ৰ নদীৰ বালিৰ পৰা সোন ধোৱা উদ্যোগ ব্যয়বহুলতাৰ বাবে শেষ হৈ গ’ল । অসমৰ পৰম্পৰাগত অলংকাৰ উদ্যোগ সম্প্ৰসাৰণৰ যথেষ্ট থল আছে । তেনেকৈ কাঠৰ আচবাবৰ ব্যৱসায়ও ক্ষুদ্ৰ বা কুটিৰ পৰ্যায়তে সীমাবদ্ধ নাৰাখি এক বজাৰমুখী স্তৰলৈ উন্নিত হব লাগিব । সৰ্থেবাৰীৰ অসম কাঁহ-পিতলৰ উৎপাদন সমবায় সমিতিৰ দৰে সংন্থাবিলাকে এক ৰপ্তানিমুখী পদক্ষেপ লৈ আধুনিক প্ৰযুক্তিৰে উৎপাদন প্ৰক্ৰিয়াৰ উন্নিতকৰণ কৰিব লাগিব । পৰ্যটন উদ্যোগ বিকাশৰ লগতো ইয়াক সাঙুৰি ল’ব পাৰি । চৰকাৰীভাৱে মহানগৰবিলাকত খোলা যাদুঘৰ তথা বিপণিবিলাকৰ উপৰি কাছাৰৰ শীতল পাটিৰ দৰে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰা পৰ্যায়লৈ উন্নিত কৰিব লাগিব । তেনেকৈয়ে কাঁহ আৰু পিতলৰ বাচন-বৰ্তনৰ ক্ষেত্ৰত ৰপ্তানিকেন্দ্ৰিক আৰু কলাত্মক মূল্যৰ ওপৰত গুৰুত্ব দিলেহে এই শিল্পৰ উদ্যোগিক বিকাশ হ’ব । হাজোত বহু হস্তশিল্পী পৰিয়াল আছে যাৰ পৰম্পৰাগত শিল্পকলা বিৰল । এই থলুৱা শিল্পৰ বিকাশৰ মূল প্ৰত্যাহ্বান হ’ল বজাৰ আৰু বজাৰলৈ লৈ যোৱাৰ বাবে শিল্পীসকলৰ পূৰ্ণ অংশীদাৰি থকা এক সমবায় ভিত্তিত উদ্যমশীল প্ৰতিস্থান লাগিব । অন্যথা শিল্পীসকল উৎপাদনৰ লগত একেবাৰে জড়িত নথকা বেপাৰৰ দিনমজুৰীলৈ ৰূপান্তৰ হৈ পৰিছে । কাৰণ বজাৰৰ সম্প্ৰসাৰণৰ বাবে পুঁজিৰ নিৱেশেৰে আধিকতম উৎপাদনক্ষম হ’ব লাগিব । এটা বিদ্যায়তনিক অধ্যয়ন মতেও অসমৰ থলুৱা উদ্যোগবিলাক আত্মনিৰ্বাহকভাৱে বহনক্ষম আৰু উৎপাদনক্ষমতা বৃদ্ধিৰে বজাৰমুখী বিকাশ নিশ্চয় সম্ভৱ ।
স্বৰাজোত্তৰ অসমৰ সকলো প্ৰতিবাদী আন্দোলনেই কেন্দ্ৰীয় ৰাজহুৱা ব্যয়ৰ বৃহৎ অংশীদাৰীত্ব আৰু ৰাজহুৱা খণ্ডৰ বিনিয়োগক কেন্দ্ৰ কৰি আবৰ্তিত হয়। এইটো সহজেই অনুমেয় যে আৰ্থ-সামাজিক শক্তিবিলাকৰ উত্থান-পতন আৰু ৰাজনৈতিক আত্মপ্ৰকাশ গনতান্ত্ৰিক প্ৰক্ৰিয়াৰে অংশ । কিন্তু, আমাৰ গনতান্ত্ৰিক প্ৰমূল্যবোৰৰ ভেটিত এক সামাজিক-সাংস্কৃতিক আন্দোলন লাগিব, যি আমাৰ থলুৱা উপাদানবিলাকৰ মাজতে পুঁজিৰ বিকাশ ঘটাব । অনিয়মিতভাৱেই হওক বিভিন্ন এনে প্ৰচেষ্টা অব্যাহত আছে । নিজৰ নিজৰ সীমিত পৰিসৰতেই হওক বিভিন্ন বেচৰকাৰী প্ৰতিষ্ঠানে, বিভিন্ন উদ্যমশীল ব্যক্তিয়ে আৰু নিঃস্বাৰ্থ ৰাজনৈতিক-অৰাজনৈতিক সমাজ সংগঠকে এই প্ৰক্ৰিয়া কিন্তু গনমাধ্যমৰ অগোচৰেই অব্যাহত ৰাখিছে । অসমত কৃষক আন্দোলনৰ অংশ হিচাবেই ভুমিহীনক ভূমি দিয়া, নিজৰ অধিকাৰ সুৰক্ষিত কৰি ভূমিৰ পট্টা প্ৰদান আৰু চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ ক্ষেত্ৰত জনগণক সজাগ কৰি অধিকাৰৰ হকে কাম কৰাৰ দৰে তৃণমূল পৰ্যায়ত যথেষ্ট গঠনমূলক আন্দোলন হৈছে । চৰকাৰৰ পৰা বিভিন্ন সাহাৰ্য আৰু অনুমোদনৰ ব্যৱহাৰৰ আগতে আমাৰ উদ্যমী পৰিকল্পনাবিলাকৰ বহনক্ষমতাৰ বাবে প্ৰযুক্তি-অৰ্থনৈতিক বিশ্লেষণ অপৰিহাৰ্য । নতুন প্ৰজন্মই বহু উদ্যমী পদক্ষেপ লৈছে, বহু উৎসাহী যুৱকক পথ দেখুৱাইছে আৰু আমাৰ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণাৰ কেন্দ্ৰ হৈ পৰিছে । এই বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰচেষ্টাবিলাক নিঃস্বাৰ্থ, সুদুৰপ্ৰসাৰী, তথাকথিত নিৰ্বাচনী ৰাজনীতিৰ পৰা দূৰৈত আৰু সমাজ বিবৰ্তনলৈ প্ৰকৃতাৰ্থত ইতিবাচক অৱদান আগবঢ়োৱা প্ৰগতিশীল পদক্ষেপ ।

xondhan-tea-gardenউন্নয়নশীল অৰ্থনীতিৰ ক্ষেত্ৰত মধ্যবিত্ত শ্ৰেণীৰ আয়ৰ স্তৰ হৈছে সুযোগ ভিত্তিক উদ্যমিতাৰ ঘাই চালিকাশক্তি । উদ্যমিতা যদি কোনো সময়ৰ আসন্ন সুযোগ আৰু তাৰ অন্নেষনৰ মাজৰ ভাৰসাম্যহীনতাৰ সৃষ্টি, তেন্তে, অসমীয়া মধ্যবিত্ত শ্ৰেণীটোৰ সুযোগ প্ৰাপ্তিৰ আকাংক্ষাই আমোলাতান্ত্ৰিক প্ৰশাসনীয় অসামৰ্থতাক প্ৰত্যাহ্বান জনাব লাগিব । উপযুক্ত সাধনযুক্ত আৰু নিৰ্বাচনী ৰাজনীতি তথা ৰাজহুৱা ধনৰ পৰা মুক্ত স্বাৱলম্বী থলুৱা উদ্যোগ লাগিব । থলুৱা উৎপাদনক ভিত্তি কৰি এটা উদ্যমী শ্ৰেণী আগবাঢ়ি নহাৰ বাবে বিগত সময়ছোৱাত প্ৰশাসনীয় সামৰ্থতাক সংজ্ঞায়িত কৰিব পৰা সামাজিক-অৰ্থনৈতিক শক্তি পৰিলক্ষিত হোৱা নাছিল । থলুৱা জনগণে যেতিয়ালৈকে উদ্যমিতাৰ সংস্কৃতি আঁকোৱালি নলয়, তেতিয়ালৈকে অনুন্নয়নৰ নিৰবচ্ছিন্ন ধাৰা অব্যাহত থাকিবই।

আত্ম-বহনক্ষম বিকাশৰ বাবে উদ্যমিতাৰ পৰিৱেশ গঢ় দিবলৈ হ’লে প্ৰশাসন আৰু সামাজিক উদ্যমী লোকসকলে এক উপযুক্ত ভূমিকা পালন কৰিব লাগিব । এই ক্ষেত্ৰত উত্তৰ-পূবৰ ৰাজ্যসমূহত উদ্যমিতাৰ বাতাবৰণ গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কৰা ষ্টাৰ্ট-আপ সম্প্ৰসাৰনৰ পৰিকল্পনাই নিশ্চয় নৱ উদ্যমি সকলক নতুন আশা আনি দিছে । আমদানি বিকল্পৰ বাদেও নতুন উদ্ভাৱন আৰু বজাৰ সৃষ্টিৰ ক্ষেত্ৰতো উদ্যমীসকল আগবাঢ়ি আহিছে । সম্প্ৰতি সৰ্বভাৰতীয় পৰ্যায়তেই ষ্টাৰ্ট আপ পৰিস্থিতিতন্ত্ৰই যথেষ্ট প্ৰসাৰতা লাভ কৰিছে আৰু ২০১৪ চনৰ ৩১০০ টা ষ্টাৰ্ট আপৰ পৰা ২০২০ চনলৈ ১১,৫০০ টালৈ বৃদ্ধি কৰাৰ পৰিকল্পনা নিশ্চয় বৈপ্লৱিক । এই বিপ্লৱ থলুৱা উৎপাদনৰ ক্ষেত্ৰত নিশ্চয়কৈ যুগান্তকাৰী হ’ব বুলি আশা কৰিব পাৰি ।

উৎপাদনৰ সংগঠিত বজাৰৰ প্ৰয়োজনীয়তাৰ বাবেই সমবায়ৰ যোগেদি উৎপাদকসকলৰ মুক্ত তথা স্বেচ্ছাই অংশগ্ৰহণ, থলুৱা নিয়ন্ত্ৰণ আৰু গনতান্ত্ৰিক সঞ্চালনৰ প্ৰয়োজন হ’ব । অৱশ্যে এনে মনস্তাত্ত্বিক উত্তৰণৰ বাবে পৰম্পৰাগত জড়তাই প্ৰত্যাহ্বান হিচাবে থিয় দিয়ে আৰু সেয়ে এক বৈপ্লৱিক পৰিৱৰ্তন লাগিব । তেতিয়াহে উৰ্বৰ পথাৰৰ মাজত থকা স্ব-নিৰ্বাহিত অসমীয়া ঘৰখনৰ পৰাই এক থলুৱা আত্ম-নিৰ্ভৰশীল উৎপাদনৰ ভেটি গঢ়ি উঠিব ।

ইন্দ্ৰজিৎ বৰা, BE (Mechanical) MBA (Finance)
Superintending Engineer (Production)
Office
3rd Floor Tower A Pandit Deendayal Upadhyaya Urja Bhawan Vasant Kunj ONGC New Delhi – 110070
Residence
2013 Sector B2 Vasant Kunj New Delhi – 110070
Phone: 011-26753058 Mobile: 9968282845

 

অন্যান্য লেখা :

Share.

Leave A Reply