Ethnique Fest 2014

1

I-CARD (Institute for Culture And Rural Development) হ’ল ফাডাৰ কে. এ. থমাছৰ বহু কষ্ট আৰু সাধনাৰ ফলত সৃষ্টি হোৱা এটা প্ৰতিষ্ঠান ৷ ১৯৯৮ চনৰ পৰা অসম আৰু অৰুণাচল প্ৰদেশৰ স্কুলীয়া শিক্ষা সাং কৰিব নোৱাৰা মিচিং জনজাতিৰ ছাত্ৰীসকলক বিভিন্ন প্ৰশিক্ষণ দি আহিছে ৷ যোৰহাট জিলাৰ বাঘচোংত ইয়াৰ মুখ্য চৌহদ যাৰ নাম Life Plus ৷ তাৰ উপৰিও শদিয়া আৰু দেৰগাঁওত দুটা প্ৰশিক্ষণ কেন্দ্ৰ আছে ৷ Life Plus এটা আটক-ধুনীয়া চৌহদ ফাডাৰ কে. এ. থমাছৰ বুদ্ধিদীপ্ত ধাৰণা আৰু ডনবস্ক প্ৰতিষ্ঠানৰ সাহাৰ্য্যৰে নিৰ্মিত ৷

অসম আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানৰ পৰা স্কুলীয়া শিক্ষা সাং কৰিব নোৱাৰা ছাত্ৰী কেইগৰাকীমান নিৰ্বাচন কৰি ইয়াত বিনামূলীয়াকৈ এবছৰীয়া প্ৰশিক্ষণ দিয়া হয় ৷ হোষ্টেলৰো সুবিধা থকা প্ৰতিষ্ঠানটোৰ শিক্ষাৰ্থীসকলক খেতি-বাতি, হস্ততাঁত, হস্তশিল্প, শিক্ষা, সাহিত্য কৰ্ম, পশু-পালন, ইংৰাজী শিক্ষা, ব্যক্তিত্ব বিকাশ, নৃত্য-গীত-লোকাচাৰ আদিৰ প্ৰশিক্ষণ দিয়া হয় ৷ ফাডাৰ কে. এ. থমাছৰ উদ্দেশ্য হ’ল মিচিং জনজাতিৰ স্কুলীয়া শিক্ষা শেষ কৰিব নোৱাৰা ছাত্ৰীসকলক সামাজিক আৰু অৰ্থনৈতিক উন্নয়ন যাত্ৰাৰ অংশীদাৰ কৰি তোলা ৷

শ্ৰীমন্ত শংকৰদেৱক গুৰু হিচাপে ভক্তি কৰা ফাডাৰ কে. এ. থমাছে Life Plus-ৰ চৌহদটো ‘সত্ৰ’ৰ আৰ্হিত নিৰ্মাণ কৰি উলিয়াইছে ৷ গোটেই চৌহদটোত মিচিং সমাজাৰ বৃহৎ ঐতিহ্য প্ৰতিফলিত হয় ৷ কাৰছাং-টাকাৰ, জীৱন-শালা, জীৱন ধাৰা আদি নামাকৰণৰ উপৰিও প্ৰতি খোজতে মিচিংসমাজৰ ঐতিহ্যবোৰৰ বিভিন্ন মাধ্যমেৰে উজ্বলাই ৰাখিছে ৷ ২০১২ চনৰে পৰা প্ৰতিষ্ঠানটোৰ ন-পুৰণি প্ৰশিক্ষাৰ্থী সকলক লৈ এটা পৰ্যটন উৎসৱ আৰম্ভ কৰা হয় য’ত কেৱল প্ৰশিক্ষাৰ্থীসকলে নৃত্য-গীত-নাটক আদিৰ উপৰিও তেওঁলোকে নিৰ্মাণ কৰি উলিওৱা সাজ-পোছাক, খাদ্য-বস্তু আদি বিক্ৰীৰ ব্যৱস্থা কৰা হয় ৷ যোৱা দুবছৰৰ দৰে এইবাৰো Ethnique Fest 2014 নামেৰে উক্ত পৰ্যটন উৎসৱটো অনুষ্ঠিত হৈ যায় যোৱা ৩-৫ জানুৱাৰীত ৷

ঐনিতম, গুমৰাগ, লেৰেলি আদি নৃত্য-গীত তিনিও দিন অহৰহ প্ৰদৰ্শন কৰা হয় ৷ আলি-আই-লিগাং, ডবুৰ, বিবাহ কাৰ্য্য, মৃতকৰ সৎকাৰ-শ্ৰাদ্ধ আদি লোকাছাৰসমুহ প্ৰদৰ্শনৰ ব্যৱস্থা কৰি উপস্থিত দৰ্শকক মন্ত্ৰমুগ্ধ কৰে, তাৰ উপৰিও বাটৰ নাট, হস্ত-শিল্প, খাদ্য সম্ভাৰ, ফটো প্ৰদৰ্শনী, সাজ-পোছাক প্ৰদৰ্শনী, সমূহীয়াকৈ মাছধৰা আদিয়ে উৎসৱটোক স্বকীয়তা প্ৰদান কৰে ৷ ফাডাৰ কে. এ. থমাছৰ বিৰল প্ৰচেষ্টা নেদেখাকৈ অনুভৱ কৰিব নোৱাৰি, অতুলনীয়!!!

Ethnique-Fest-2014-01

 

Ethnique-Fest-2014-02

 

Ethnique-Fest-2014-03

 

Ethnique-Fest-2014-04

 

Ethnique-Fest-2014-05

 

Ethnique-Fest-2014-06

 

Ethnique-Fest-2014-07

 

Ethnique-Fest-2014-08

 

Ethnique-Fest-2014-09

 

Ethnique-Fest-2014-11

 

Ethnique-Fest-2014-12

 

Ethnique-Fest-2014-13

 

Ethnique-Fest-2014-14

 

Ethnique-Fest-2014-15

 

Ethnique-Fest-2014-16

– বিজিত দত্ত, যোৰহাট

ৱেবছাইট:http://bijitdutta.wordpress.com/

 

Share.

About Author

1 Comment

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.