এমুঠি অণুগল্প (পাপৰি বৰ্মন)

3

অপচয়

“তুমি ফাৰ্মাচীলৈ গৈ আনিব নোৱাৰা। ইমান লাজ। স্মাৰ্ট হোৱা অলপ। তোমাৰ গাৱঁলীয়া স্বভাৱটোৰ বাবেই মোৰ কত পইচা অপচয় হল।” স্বামীৰ কথাত এবোৰচন কক্ষৰপৰা ওলাই অহা পত্নীয়ে চকু পানী মুচি তলপেটৰ বিষটোৰে সৈতে ভাবিলে, “অপচয়তো মোৰো হয় জৰায়ুৰ।”

 হিচাপ

“মাক কৰবাত থোৱাৰ ব্যৱস্থা কৰা। এনেকৈ বিচনাত পেৰালাইচিচ হৈ পৰি বিচনাতে কামফেৰা কৰি থকা দেখি দেখি মোৰ ঘৃণ লাগিছে। ভালকৈ খোৱা লোৱা কৰিব নোৱাৰি মোৰ স্বাস্থ্য বেয়া হৈছে।” পত্নীৰ কথাত স্বামীয়ে দৃঢ়তাৰে কলে, “মায়ে মোক সৰুৰপৰাই ডাঙৰ কৰোঁতে যিমান পেছাৱ পায়খানা আৰু বমিবোৰ ধুলে তাৰ হিচাপ শেষ হবলৈ দিয়া। যদি এই হিচাপত আপত্তি আছে ঘৰৰ পৰা ওলাই যোৱা।”

ভোক 

অফিচ আৰু ঘৰৰ কামৰ ব্যস্ততাত নৱমীয়ে কোনোদিনে ভালকৈ খাবলৈ সময় নাপায়। সিদিনা মৰমৰ বন্ধুয়ে মাতি নি এসাজ খাবলৈ দিয়াত তৃপ্তি পাই সৰহকৈ খাওঁতে বন্ধুৱে হাঁহিলে , ” ইমান ভোক । ” নৱমীয়ে ভাবিলে যত্ন আৰু মৰমত ভোক বাঢ়ে ।

মেনেজমেণ্ট

চৰিত্ৰহীন বুলি কুখ্যাত হোৱা মহিলা গৰাকী চাকৰিসূত্ৰে বদলি হওতে সকলোৱে গামোচা আৰু শৰাই দি তেওঁৰ গুণ গৰিমাৰে পূৰ্ণ মিটিং পাতিলে । ইজনে সিজনক কলে, “তেওঁৰ চৰিত্ৰ ইমানেই বেয়া যে বেয়া সকলোকে মিনিটতে মেনেজ কৰে। যাওঁক আমাৰ জিলাৰ পৰা ভাল ভাৱেৰে। নহলে আমি তেওঁৰ মেনেজৰ কোবত কত কত মেনেজ হও ঠিক নাই।”

দুৰ্নীতি

চিকিৎসালয় প্ৰশাসক বিষয়াজনী বেমাৰীজনীৰ কাষলৈ দৌৰি গৈ কৈছিল, “চিকিৎসালয়ৰ বিচনাচাদৰ আৰু হাৱাই চেন্দলযোৰ ওলিয়াই থক বেগৰ পৰা ।” দুখীয়া বেমাৰীয়ে ওভোতাই কলে, ” আগতে চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া সেৱা বেনাৰখন গুচাই সৌ ডাক্তৰ চাৰে মোৰ পৰা চাহ খাবলৈ লোৱা একহাজাৰ টকাটো ঘূৰাই আনি দিয়ক । চোৰ ধৰক বাইদেউ কিন্তু ডকাইট ধৰাৰ পিছতহে ।”

 দৌৰ

বৃদ্ধগৰাকীয়ে ফুটবল খেলখন চাই কিৰিলি পাৰি উঠিছিল , ” বঢ়িয়া ” । আজি তেওঁৰ খেলিবলৈ ইমান মন গল পিছে ভৰি দুখনেৰে থিয় হব পৰা নাই । হাইস্কুলীয়া দিনৰ বিখ্যাত ফুটবল খেলুৱৈজনে টকা উপাৰ্জনৰ পিছত দৌৰোতে এতিয়া অজস্ৰ সম্পত্তিৰ মাজত দুখন বৃদ্ধ ভৰিৰে নিজৰ ইচ্ছাৰ দৌৰত দৌৰিব পৰা নাই।

 

: পাপৰি বৰ্মন

DPMU,NHM,UDALGURI

OFFICE OF THE JOINT DIRECTOR OF HEALTH SERVICES

DISTRICT HEALTH SOCIETY,UDALGURI

PIN NO: 784509

DIS : UDALGURI,BTAD,ASSAM

Share.

About Author

DPMU, NHM, UDALGURI OFFICE OF THE JOINT DIRECTOR OF HEALTH SERVICES DISTRICT HEALTH SOCIETY, UDALGURI PIN NO: 784509 DIST : UDALGURI, BTAD, ASSAM

3 Comments

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.