আজি আপোনাৰ নখত লগা চিয়াঁহীকণৰ বিষয়ে কিছুকথা..

0

ভোটদানত ব্যৱহৃত চিয়াঁহীত থকা ৰাসায়নিক যৌগবিধ ছিলভাৰ নাইট্ৰেট । যি আপোনাৰ ছালত থকা ছডিয়াম ক্ল্’ৰাইডৰ (লৱণ) সতে ৰাসায়নিক বিক্ৰিয়া কৰি ছিলভাৰ ক্ল্’ৰাইড গঠন কৰে । ছিলভাৰ ক্ল্’ৰাইড পানীত অদ্ৰৱণীয় । ই গৰম পানী, সাধাৰণ চাবোন বা, এলক’হলৰ লগতো বিক্ৰিয়া নকৰে । সেয়েহে নতুন ছাল সৃষ্টি নোহোৱালৈকে ইয়াক সাধাৰণ উপায়েৰে মচি পেলোৱা অসম্ভৱ ।

১৯৬২ চনত ভাৰতৰ তৃতীয় লোকসভা নিৰ্বাচনত প্ৰথম ব্যৱহৃত হোৱা এই চিয়াঁহীবিধ আজিলৈকে একেধৰণে ব্যৱহৃত হৈ আহিছে আৰু আমোদজনক কথাটো ভাৰতত এই চিয়াঁহী প্ৰস্তুত কৰাৰ কৰ্তৃত্ব কেৱল Mysore Paints and Varnish Ltd নামৰ কোম্পানীতোৰহে আছে । অৱশ্য এই কোম্পানী কৰ্ণাটক ৰাজ্যিক চৰকাৰৰদ্বাৰা নিয়ন্ৰিত আৰু পৰিচালিত ।

(সংগৃহীত,অনুবাদ)

: মৃগাংক কুমাৰ নাথ,

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, গুৱাহাটী

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.