ধৰিত্ৰী দিৱস ২০১৬

0

xondhan | Earth-Day-2016প্ৰতিবছৰে পৃথিৱীৰ তথা প্ৰকৃতিৰ সুৰক্ষাৰ বাবে মানুহৰ মাজত সজাগতা বৃদ্ধিৰ বাবে ২২ এপ্ৰিলত ধৰিত্ৰী দিৱস (Earth Day) পালন কৰি অহা হৈছে  ৷  প্ৰথম ধৰিত্ৰী দিৱস ১৯৭০ চনত পালন কৰা হৈছিল, আৰু এতিয়া প্ৰায় ১৯৩ খন দেশত পালন কৰা হয় ৷ এই উপলক্ষে বিশ্বৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ কাৰ্য্যসূচী ৰখা হয় ৷ কিছুমান দেশত সপ্তাহযোৰা ‘ধৰিত্ৰী সপ্তাহ’ পালন কৰা হয় য’ত বিভিন্ন কাৰ্য্যসূচীৰ মাজেৰে মানুহৰ মাজত প্ৰকৃতি সুৰক্ষাৰ সজাগতা সৃষ্টিৰ প্ৰচেষ্টা হাতত লয় ৷

১৯৬৯ চনত ছান ফ্ৰান্সিক’ত অনুষ্ঠিত হোৱা ইউনেস্ক’ অধিবেশনত শান্তি কৰ্মী জন্ মেকক’নেল (John MacConnel)-য়ে প্ৰথম ‘ধৰিত্ৰী দিৱস’ৰ প্ৰস্তাৱ দিয়ে ৷ প্ৰথম ধৰিত্ৰী দিৱস উপলক্ষে আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰায় দুহাজাৰ মহাবিদ্যালয়, দহ হাজাৰ স্কুল, আৰু বিভিন্ন সম্প্ৰদায়ৰ মাজত পালন কৰা হৈছিল ৷ বৰ্তমান ধৰিত্ৰী দিৱস  ‘ধৰিত্ৰী দিৱস নেটৱৰ্ক’ (Earth Day Network)য়ে চোৱা-চিতা কৰি আহিছে ৷ ধৰিত্ৰী দিৱস নেটৱৰ্কৰ অধ্যক্ষ ডেনিচ হেয়ছ(Denis Hayes)ৰ মতে, ধৰিত্ৰী দিৱস হৈছে বিশ্বৰ বৃহৎ ধৰ্মনিৰপেক্ষ দিৱস, যি প্ৰতিবছৰে প্ৰায় বিলিয়ন লোকে পালন কৰি আহিছে ৷

অধিক জানিবৰ বাবে আপুনি ধৰিত্ৰী দিৱসৰ ৱেবচাইট চাব পাৰে: Official Earth Day Website

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.