চক্ৰৱৎ

0

যমুনাৰ কথাৰেঃ

         ক্ৰমশঃ

ভটিয়াই গ’ল অজস্ৰ বসন্ত মোৰ বুকুৱেদি

অবিৰাম…….

অবিৰত…….৷

পাৰ হৈ গ’ল যুগৰ যুগ

পাৰ হৈ গ’ল বহুতো সভ্যতা

মই মাথোন বৈ আছো

নীৰৱে….

নিৰলে….

গহীনে….৷

ক’ত মানুহ এই বাতে

আহিছে….

গৈছে…..

সাক্ষী মই৷

কেতিয়াবা অশান্ত হওঁ

সভ্যতাৰ উত্থানতো মই

সভ্যতাৰ পতনতো মই

মোৰ গর্ভতেই বিলীন গৈছে ক’ত সভ্যতাৰ সভ্যতা

তাৰ হিচাপ মই ৰাখিছোঁ ৷

কাৰণ…..

মই ইতিহাস ক’ব লাগিব

জীয়া মানুহৰ ইতিহাস

মৰা মানুহৰ ইতিহাস

সময়ৰ ইতিহাস,

সভ্যতাৰ উত্থান-পতনৰ ইতিহাস,

ৰাধা-কানাইৰ ইতিহাস

প্ৰণয়ৰ…৷

 

 

আজিকালি ৰাধা ইয়ালৈ আহে

প্ৰায়েই……

উন্মাদ্দিনী , অশ্ৰুসিক্তা আৰু বিহ্বলাহৈ….

মোক সোধে কানাইৰ বাতৰি৷

 

ৰাধা আজি

অস্থিৰ…

উন্মাদ…

বিৰহ বেদনাৰ বাণে

শয্যাশায়ী ৰাধা৷

মই শান্তনা দিওঁ:-

তুমি হিয়া বিদাৰি নাকান্দিবা ৰাধা,

ক’লীয়া আৰু নাহে৷

ই সময়ৰ নিয়ম

ইয়াক তুমি-মই ধৰি ৰাখিব নোৱাৰোঁ অ’ ৰাধা

ই অৱধাৰিত৷

 

এই যে দেখিছাঁ

মই বৈ আছোঁ

অবিৰাম……

অবিৰত……

        এইয়া পৰিৱর্তনৰ সংকেত

ৰূপান্তৰৰ স্বৰ৷

প্ৰাপ্তি-অপ্ৰাপ্তি এইবোৰ সকলো

অলীক সপোন৷

 

ৰাধা,

প্ৰাপ্তিৰ সুখ খন্তেকীয়া

তুমি কিয় প্ৰাপ্তিৰ মাজতেই

আজীৱন তৃপ্তিৰ কামনা কৰিলা?

তুমি দুখী

তোমাৰ চিন্তাৰ ধৰণতেই দুখৰ উৎপত্তি

তুমি আজিও অন্ধ, অজ্ঞ, কামুক……..৷

কানাইৰ অৱস্হিতি চিৰযুগৰ বুলি

তুমি অহংকাৰী আছিলাঁ

তোমাৰ এই অহংৰ পৰাই দুখৰ উৎপত্তি৷

ৰাধা,

তুমিনো আজি কি হেৰোৱালা

যাৰ বাবে তুমি ম্ৰিয়মান?

তুমি আজি যি হেৰোৱাইছা

সেয়া,

অতীতত হেৰোৱাইছিল

বর্তমানে হেৰোৱাইছে

অনাগত ভৱিষ্যতে হেৰোৱাব৷

 

ৰাধা,

তুমি আজি কান্দিছা

অতীতত কান্দিছিলা

ভৱিষ্যতত কান্দিবা

ই অৱধাৰিত

মোহৰ অভিশাপ

তুমি শান্ত হোৱা ৰাধা

শান্ত হোৱা……………….!!

 

ৰাধাৰ কথাৰেঃ

শান্ত…?

কিদৰে শান্ত হওঁ মই

মইটো এগৰাকী নাৰী

মানৱী নাৰী৷

কানাই,

তুমিতো মোৰ উশাহ

মোৰ হৃদয়

মোৰ………..৷

তোমাৰ অবিহনে মোৰ বাবে

শেৱালী নুফুলে

শৰৎ নাহে

যমুনাৰ খিল-খিল হাহিঁত যৌৱন নাই৷

তোমাৰ অবিহনে

বতাহবোৰ বিষাক্ত হয়

আপোনজনৰ মাতবোৰ কর্কশ যেন লাগে,

বিন্দাবনৰ প্ৰতিটো উপাদানেই

নিথৰ, নিষ্প্ৰভ…৷

 

কানাই…..

মই যদি শৰীৰ

তুমি মোৰ প্ৰাণ৷

মই যদি বিৰিখ

তুমি মোৰ শিপা৷

 

 

তোমাক বিচাৰি মই আজি ক্লান্ত

বৃন্দাৱনৰ গছ-লতিকা, পশু-পক্ষী, মুনিহ-তিৰী

সকলোকে সোধিছোঁ তোমাৰ কথা

সিহঁতে জানে, নকয়!

সিহঁত মিছলীয়া

বৰ মিছলীয়া অ’৷

মানুহবোৰে ক’য়

মই হেনো আজিকালি পাগলী হ’লোঁ?

 

কানাই,

মোৰ গালৰ গোলাপী জামুকবোৰ সৰিল

নাভিদেশৰ পদুম পাহি মৰহি গ’ল৷

হাহিঁবোৰ যমুনাই কাঢ়ি নিলে

কাঢ়ি নিলে মোৰ গর্বৰ বক্ষ

মই আজি

শেঁতা… নিস্তেজ…..

চুলিবোৰত শুকুলা ডাঁৱৰে আহি

বাঁহ ললে৷

ৰূপালী ডালিমবোৰ সৰিছে

কিছুমানে বৰণ সলাইছে৷

 

 

 

উন্মুক্ত কেশ

শেঁতা মুখ

অশ্ৰুসিক্তা নয়ন

অসংযত বার্তালাপ

এইয়াই আজি মোৰ পৰিচয়৷

 

তুমি শুনিছানে কানাই?

যমুনালৈ নোযোৱা আজি বহুদিনেই হ’ল

আজিকালি যমুনা মোৰ ভাল নালাগে

ভাল নালাগে তাইৰ অসংযত হাহিঁ

চঞ্চলতাৰ ডেউকাযোৰ ভাঙিল

সেইবাবে….৷

 

কানাই….

বৃন্দাৱনৰ বিৰিণাবোৰ শুকাল

তুমি-মই বহি আনমনা হোৱা

কদমজোপা লঠঙা হ’ল,

ঝাওবনখিনি নাই

য’ত তুমি ওঁঠেৰে আঁকিছিলা ভূগোল

মোৰ তেজাল সাঁচিপাতত

কথাবোৰ ভাৱিলে

জাৰৰ দিনতো গাটোত পানী বাগৰে৷

 

তুমিযে কৈছিলাঃ-

দেহৰহে বিনাশ, দেহীৰ নহয়,

দেহৰ মাজত সৌন্দর্য্য বিৰাজন

কামুক, অজ্ঞ

আৰুযে কত কি……………

তুমি অৱতাৰী পুৰুষ ইত্যাদি, ইত্যাদি৷”

মই সেইবোৰ একোকে বুজি নাপাওঁ

 

হ’ব পাৰা তুমি অৱতাৰী পুৰুষ

হ’ব পাৰা তুমি জগতৰ ইশ্বৰ, অগতিৰ গতি

কিন্তু………..

কিন্তু মোৰ বাবে,তুমি মোৰ কানাই

তেজ-মঙহেৰে গঢ়া এটি কমনীয় শৰীৰ

যাক মই মোৰ গোসাঁই জ্ঞানকৰো,

যাক মই মোৰ অভিন্ন বুলি ভাৱোঁ,

যাৰ পৰা মই বিচাৰো

মৰম

ভালপোৱা

বিশ্বাস

নিৰাপত্তা

প্ৰেমৰ মন্দাকিনি

জোনৰ নিস্তেজ আবিলতা

 

তোমাৰ দুবাহুত

মই পৃথিৱীৰ নিৰাপত্তা অনুভৱ কৰো

তোমাৰ নয়নত

মই সুমেৰু দেখা পাওঁ

তোমাৰ ওঁঠত

মই অমৃত পান কৰোঁ

তোমাৰ বুকুত

প্ৰেমৰ সৰোবৰ বিচাৰি পাওঁ

তোমাৰ ছাঁত

নিজকে আত্মগোপন কৰি

অনাবিল প্ৰশান্তি পাওঁ৷

 

ক’ব পাৰা তুমিও ৰাধা পাগলী হ’ল

ক’ব পাৰা তুমিও ৰাধা বহুবল্কী হ’ল

ক’ব পাৰা তুমিও ৰাধা…………….৷

 

কানাই,

তোমাৰ বাঁহীৰ মাত

মোৰ বাবে পৃথিৱীৰ শ্ৰেষ্ঠতম সুৰ

তোমাৰ উপস্থিতিত মোৰ বাবে শেৱালি

বুকুৰ কুসুম

স্বর্গৰ পাৰিজাত….

 

কানাই

তুমি শুনিছানে……….?

 

কানাইৰ কথাৰেঃ

বিষাদবোৰ মচি পেলালে চকুবোৰ ধুনীয়া হয়,

প্ৰাপ্তিৰ আকাংক্ষা দুর্বাৰ নহ’লে

শৰীৰৰ সুষমা চৰে,

মৰীচিকাসদৃশ মানুহবোৰ আপোন কৰি নল’লে

মনলৈ প্ৰশান্তি নামে………৷

 

ৰাধা কোন?

ৰাধা, অতৃপ্ত বাসনাৰ এটি জ্বালামুখী

যি নির্বাপিত কৰি আছে সমস্ত প্ৰাণীসত্তা

অতৃপ্ত মানেইটো অসুখ৷

ৰাধা কোন?

এক ভ্ৰম………..!

সত্য?

ৰাধা, কিছুমান ভ্ৰমৰ নিমিলাঅংক৷

 

ৰাধা কোন?

ৰাধা, এক দাম্ভিক নাৰীৰ ছবি

যি পৃথিৱীৰ সর্বোচ্চ প্ৰাপ্তিৰ ক্ষণতাৰ প্ৰতীক৷

 

ৰাধা কোন?

কামুক….

শৰীৰ মন্থন কৰি

সুখ প্ৰাপ্তিৰ বৃথা চেষ্টা কৰা

এগৰাকী সুৰাপায়ী নাৰী,

অতৃপ্ত শৰীৰ

অতৃপ্ত আত্মা৷

 

 

 

ৰাধা, তুমি যমুনাক সোধা

যমুনাই শিকাব পাৰে তোমাক জীৱনৰ পাঠ

মানুহৰ ঘাট-প্ৰতিঘাটৰ কথা

যন্ত্ৰণাত কোঙা হোৱা মানুহবোৰৰ কথা

ভোকাতুৰ বাটৰুৱাৰ কথা

জীৱন ৰহস্যৰ কথা

অতৃপ্তবাসনাৰ কৰুণ গাথা

কাৰণ, যমুনাই জানে

যি নাজানো মই………………৷

 

*************

যতিন বড়া

                     ৰচনাকালঃ নৱেম্বৰ/১৭

 

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.