অসম পর্যটনক ব্ৰেণ্ড এম্বেছেডৰৰ প্ৰয়োজন আছে

0

অসম বুলি কলে সাধাৰণতে উত্তৰ পূর্বাঞ্চলৰ বাহিৰৰ মানুহৰ মনলৈ কেনেকুৱা এখন ছবি ভাহি আহে? সকলোৱেই ভাবে প্ৰাকৃতিক সৌন্দর্যৰে পৰিপূর্ণ এখন ঠাই যত কেইটিমান মূহুর্ত কটাব পাৰিলেই তেওঁলোকে মানসিক প্ৰশান্তি লাভ কৰিব পাৰিব৷ ৰাজ্যখনৰ সেউজীয়া প্ৰাকৃতিক পৰিবেশ, জৈৱ-বৈচিত্ৰ, কৃষ্টি-সংস্কৃতি ইত্যাদিয়ে যুগ যুগ ধৰি পর্যটকৰ বাবে আকর্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে৷ ভৌগোলিক তথা প্ৰাকৃতিকভাবে থকা কিছু সীমাবদ্ধতাৰ বাবেই অসমে অর্থনৈতিকভাবে আন আন ৰাজ্যসমূহতকৈ কিছু ক্ষেত্ৰত পিছপৰি ৰৈছে৷ বানপানী, গৰাখহনীয়া আদিকে ধৰি নানা সমস্যাই জোকাৰি যোৱা ৰাজ্যখনক অর্থনৈতিক ভাবে টনকীয়াল কৰিবলৈ হলে ঈশ্বৰপ্ৰদত্ত প্ৰাকৃতিক সম্পদসমূহৰ সুব্যৱহাৰ অপৰিহার্য্য৷ পর্যটন খণ্ডক অধিক শক্তিশালীৰূপে গঢ় দি তুলিব পাৰিলে অসমৰ ভাগ্যই সলনি হৈ যোৱাৰ অৱকাশ আছে৷ নিবনুৱা সমস্যাৰ দূৰীকৰণকে আদি কৰি যুৱ প্ৰজন্মক আত্মনির্ভৰশীলৰূপে গঢ় দি তোলাৰ স্বার্থতো পর্যটন খণ্ডৰ উন্নয়নৰ বিকল্প নাই৷


… চৰকাৰে ইতিমধ্যে ‘আমাৰ আলহী’ ৰূপত এখন প্ৰশংসনীয় আৰু অদ্বিতীয় আঁচনি হাতত লৈছেই৷ এই আঁচনিৰ অধীনত ইতিমধ্যে পর্যটকৰ বাবে নিজ নিজ এলেকাত অতিথিগৃহ নির্মাণৰ উদ্দেশ্য ৩১ মে’ৰ পূর্বে যুৱক-যুৱতীসকলৰ পৰা অনলাইন আবেদন বিচৰা হৈছে৷ …


এইখিনিতে অসম পর্যটনৰ ব্ৰেণ্ড এম্বেছেডৰ ৰূপে চুক্তিবদ্ধ হোৱা জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক লৈও শেহতীয়াকৈ কিছু বির্তকৰ সূত্ৰপাত হোৱা দেখা গৈছে৷ বিশেষকৈ প্ৰিয়ংকাৰ অহা-যোৱা, থকা-মেলাৰ খৰচকে আদি কৰি আন আন শিতানত প্ৰচুৰ পৰিমাণৰ ধন ব্যয়ক কিছুৱে অপব্যয় হিচাবেও ব্যাখ্যা কৰিছে৷ প্ৰশ্ন হয়, সঁচাকৈয়ে অসমৰ পর্যটন খণ্ডক ব্ৰেণ্ড এম্বেছেডৰৰ প্ৰয়োজন আছেনে? নে চৰকাৰেও অবাবতে ৰাজকোষৰ ধন ব্যয় কৰিছে? অসম পর্যটনক ব্ৰেন্ড এম্বেছেডৰৰ প্ৰয়োজন নিশ্চয়কৈ আছে আৰু প্ৰিয়ংকাৰ চোপ্ৰাৰ ইয়াৰ সৈতে সংযোজিত কৰি চৰকাৰে এক ইতিবাচক পদক্ষেপ হাতত লৈছে৷ এগৰাকী ব্ৰেণ্ড এম্বেছেডৰে এখন ৰাজ্যৰ পর্যটন খণ্ডলৈ কিদৰে পৰিবর্তন আনিব পাৰে ইয়াৰ বাবে গুজৰাট পর্যটনৰ ব্ৰেণ্ড এম্বেছেডৰৰ ভূমিকা লোৱা মেগাষ্টাৰ অমিতাভ বচ্চনৰ উদাহৰণকে লব পাৰি৷ ‘কুছ পল তো গুজাৰিয়ে গুজৰাট মে’ শীর্ষক তেওঁৰ বিজ্ঞাপনটো টিভিৰ পর্দাত প্ৰতিদিনেই ভাহি উঠিছিল৷ তাতে অমিতাভ বচ্চনৰ আহ্বান! মানুহ কিয় নাযাব! তেওঁৰ এনে প্ৰচেষ্টাৰ বাবে সেইসময়ৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লগ কৰি তেওঁক বিশেষভাবে ধন্যবাদ জনাইছিল৷ গুজৰাটেও অধিক পর্যটকৰ মুখ দেখিছিল৷ সেই একেই কাম প্ৰিয়ংকাৰ দৰে আন্তঃৰাষ্ট্ৰীয় পর্য্যায়তো সুখ্যাতি তথা জনপ্ৰিয়তা থকা এগৰাকী অভিনেত্ৰীয়ে অসমৰ বাবে কৰিব নোৱাৰিব বুলি ভবাৰ কিবা থল আছেনে? অসমৰ দৰে এখন ৰাজ্যই প্ৰচুৰ সম্ভাৱনা থকাৰ স্বত্বেও পর্যটন খণ্ডত বিশেষ আগবাঢ়িব নোৱাৰাৰ এক অন্যতম কাৰণ আছিল ব্ৰেন্ডিং অথবা মার্কেটিঙৰ অভাৱ৷ আজিৰ দিনত এই দিশটোক কোনেও উলাই কৰিব নোৱাৰে৷ অসমৰ মনোৰম সেউজ সম্পদ তথা সাংস্কৃতিক ঐতিহ্যক বিশ্ববাসীৰ আগত আকর্ষনীয় ৰূপত উপস্থাপন কৰি তেওঁলোকক ইয়াৰ সোৱাদ লভিবলৈ আমন্ত্ৰণ জনোৱাৰ উদ্দেশ্য এগৰাকী জনপ্ৰিয় ব্যক্তিক সন্মুখত ৰখাটো প্ৰয়োজন৷ কেৱল অসম বুলিয়েই নহয়, ভাৰতৰ অন্যান্য ৰাজ্যসমূহেও পর্যটকক আকর্ষণ কৰাৰ নিমিত্তে ব্ৰেন্ড এম্বেছেডৰ নিযুক্ত কৰিছে আৰু ইয়াৰ ফলত তেওঁলোক লাভাম্বিতও হৈছে৷ অসমৰ তথ্যসম্বলিত বিজ্ঞাপন আৰু প্ৰিয়ংকাৰ আহ্বান যেতিয়া টিভি বা অন্যান্য মাধ্যমত জিলিকি উঠিব স্বাভাৱিকতে এচাম লোক নিশ্চয়কৈ অসম ভ্ৰমণ কৰিবলৈ আগ্ৰহী হৈ উঠিব৷ ইতিবাচক ৰূপত ইয়াৰ সুযোগ গ্ৰহন কৰিলে ব্যয় কৰা ধনতকৈও বহুগুণ বেছি ৰাজহৰ ৰূপত সংগ্রহ কৰিব পৰা যাব৷ তদুপৰি ইয়াৰ পৰা প্ৰত্যক্ষভাৱে অধিক লাভবান হব কর্মসংস্থাপনৰ তাগিদাত থকা অসমৰ যুৱপ্ৰজন্ম তথা বিভিন্ন লোক৷ চৰকাৰে ইতিমধ্যে ‘আমাৰ আলহী’ ৰূপত এখন প্ৰশংসনীয় আৰু অদ্বিতীয় আঁচনি হাতত লৈছেই৷ এই আঁচনিৰ অধীনত ইতিমধ্যে পর্যটকৰ বাবে নিজ নিজ এলেকাত অতিথিগৃহ নির্মাণৰ উদ্দেশ্য ৩১ মে’ৰ পূর্বে যুৱক-যুৱতীসকলৰ পৰা অনলাইন আবেদন বিচৰা হৈছে৷ গৃহ নির্মাণৰ বাবে প্ৰয়োজনীয় ধনৰ ৭০% চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰাৰ বিপৰীতে বাকী ৩০% নিজাববীয়াকৈ ব্যয় কৰিব লাগিব৷ অসমৰ সকলো জিলাতে থকা পর্যটন ক্ষেত্ৰসমূহ আকর্ষণীয়ৰূপত গঢ়ি তুলিলে এই আঁচনিৰ অধীনত অসমৰ যুৱ প্ৰজন্ম ব্যাপকভাৱে লাভাম্বিত হোৱাৰ অৱকাশ আছে৷ ইয়াৰো ব্ৰেন্ডিং আৰু মার্কেটিং লাগিবই আৰু এই কাম প্ৰিয়ংকাই কৰিব পাৰিব বুলি আমাৰ বিশ্বাস আছে৷

এইবাৰৰ বাজেটত ৰাজ্যৰ পর্যটন খণ্ডক এক নতুন মাত্ৰা দিয়াৰ উদ্দেশ্য চৰকাৰে কিছুমান অভিলাষী প্ৰকল্প হাতত লৈছে৷ সত্ৰনগৰী মাজুলীত এখন তিনিতাৰকাযুক্ত ৰির্জট নির্মাণ কৰাৰ উপৰি কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ ৰ’পৱে নির্মাণ, পর্যটন স্থলীত ২৪ ঘণ্টাই বিদ্যুতৰ ব্যৱস্থা, কৰ ৰেহাইৰ ব্যৱস্থা আদি অন্যতম৷ কেইবছৰমানৰ পূর্বে যোৰহাট বিমান বন্দৰত এগৰাকী আমেৰিকান পর্যটকক লগ পোৱা মনত আছে৷ তেওঁ বছেৰেকত এবাৰ হলেও মাজুলী দর্শনৰ বাবে আহে৷ অসমৰ মানুহৰ সৰলতা তথা অতিথিপৰায়ণতাত তেওঁ মুগ্ধ৷ তদুপৰি ইয়াৰ প্ৰাকৃতিক সৌন্দর্য তথা সাংস্কৃতিক ঐতিহ্যই তেওঁক এনেভাৱে মুহি পেলাইছে যে ই প্ৰতিবছৰে ইয়ালৈ তেওঁক টানি আনে৷ অসমলৈ যি এবাৰ আহিছে তেওঁ পুনৰবাৰ আহিবলৈ বাধ্য৷ কিন্তু ঠাইখনৰ বিষয়ে কিছু মানুহৰ অজ্ঞতা তথা ভ্ৰান্ত ধাৰণাই ভাৰতৰে কিছু মানুহক ইয়ালৈ অহাত বাধা দি আহিছে৷ অৱশ্যে আজিকালি ছ’ছিয়েল মিডিয়াৰ বিকাশ হোৱাৰ পৰা মানুহৰ মাজত সঠিক তথ্য বিয়পিছে যদিও কেনেকৈ যাম বা ক’ত থাকিম, কি কি ঠাই দর্শন কৰিম ইত্যাদি বহু প্ৰশ্নই মানুহৰ মনত এতিয়াও দোলা দি থাকে৷ মার্কেটিং বা বিজ্ঞাপন প্ৰকাশ কৰাৰ সময়ত এই সকলো প্ৰশ্নৰ এক বিতং তথ্য ৰাইজৰ আগত তুলি ধৰাটো প্ৰয়োজন৷ ইয়াৰ সমান্তৰালভাবে ৰাজ্যৰ বিভিন্ন ঠাইত অৱহেলিত ৰূপত থকা কিছু ঐতিহ্যক্ষেত্ৰক কোটি টকা ব্যয় কৰি হলেও বিশ্বমানৰ ঐতিহ্যক্ষেত্ৰলৈ উন্নীত কৰাটো উচিত৷ উদাহৰণস্বৰূপে শিৱসাগৰ জিলাত থকা ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ গৌৰৱৰ স্বাক্ষৰবহনকাৰী পুৰণি কীর্তিচিহ্নসমূহৰ অৱস্হা এতিয়া তেনেই পুতৌলগা৷ তেনেবোৰ স্থলক উন্নীতকৰণ কৰিলেহে তালৈ দেশী-বিদেশী পর্যটকৰ সমাগম বাঢ়িব আৰু ‘আমাৰ আলহী’ আঁচনিৰ অধীনত স্থানীয় যুৱক-যুৱতীসকলে সুযোগ সুবিধা গ্ৰহণ কৰিব পাৰিব৷

দেশৰ বাকী ৰাজ্যত থকা পর্যটনস্হলীসমূহৰ পৰা স্হানীয় লোকসকলৰ অর্থনৈতিক অৱস্থাৰ প্ৰভূত উন্নতি ঘটাৰ নিচিনাকৈ অসমৰ ক্ষেত্ৰত তেনে বিশেষ হোৱা নাই বুলি মোৰ ভাৱ হয়৷ ইয়াৰ প্ৰধান কাৰণ হৈছে মানুহৰ অজ্ঞতা আৰু ইমানদিনে চৰকাৰে প্ৰদর্শন কৰা অনীহা৷ সম্ভাৱনা থকা স্বত্বেও বহু পর্যটনস্থলী এতিয়াও বিকশিত হবলৈ বাকী৷ ব্ৰেন্ড এম্বেছেদৰ নিয়োগ কৰাটোৱেই যে প্ৰথম আৰু শেষ কথা তেনে নহয়, কিন্তু স্বাভাৱিকতেই এনে পদক্ষেপে নিশ্চয়কৈ অসম পর্যটনক এন অনন্য মাত্ৰা প্ৰদান কৰিব৷ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পর্যায়ত অসমৰ সম্পদসমূহ সঠিক ভাবে জিলিকি উঠাটোকেই সকলোৱে কামনা কৰে৷ তাতে প্ৰিয়ংকা চোপ্ৰাৰ দৰে জনপ্ৰিয় অভিনেত্ৰী এগৰাকীয়ে বিশ্ববাসীক অসম ভ্ৰমণ কৰিবলৈ আহ্বান জনোৱাৰ লগে লগে মানুহৰ মাজত যে এক ইতিবাচক প্ৰতিক্ৰিয়াৰ সৃষ্টি হব সেয়া নিশ্চিত৷ এদিন দুদিনত নহয়, কিন্তু ইতিবাচক মনোভাবেৰে আগবাঢ়িলে ভৱিষ্যতে এদিন অসমো বিশ্বৰ পর্যটন মানচিত্ৰত জিলিকি উঠিবলৈ সক্ষম হব৷

অভিনন্দন গোস্বামী

পুনে, মহাৰাষ্ট্ৰ

ফোন০৮৪০২৮৫২৮০১

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.