ৰংঘৰ বাকৰিৰ মুকলি বিহু

0

বহাগ মাহৰ প্ৰথম দিনটো শিৱসাগৰ জিলাৰ ঐতিহাসিক কীৰ্ত্তিচিহ্ন ৰংঘৰ বাকৰিৰ চৌদিশ পৰিণত হ’ল সাংস্কৃতিক সমন্বয় থলীলৈ ৷

বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু উদযাপন সমিতিয়ে আয়োজন কৰা মুকলি বিহুত ঢোল, পেপাঁ, গগণা আৰু বড়ো, তিৱা, মেচ-কছাৰী, মিচিং, টাই আহোম, নগা আদি বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্যৰ ছন্দই ৰজনজনাই তোলে ৷

পতাকা উত্তোলন, স্মৃতি তৰ্পনৰ পাছতে তলাতল ঘৰ প্ৰাংগনৰ পৰা ৰংঘৰ বাকৰিলৈ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে আহোমৰ প্ৰতীকি স্বৰ্গদেউক আদৰি অনা হয় ৷ কাণত নৰা জাংফাই আৰু গাত গোমচেঙৰ চোলা পৰিধান কৰা স্বৰ্গদেউ তলাতল ঘৰৰ পৰা বৰগোহাঁই, বুঢ়াগোহাঁই সমন্বিতে পৰিষদ বৰ্গৰ সৈতে বাটচ’ৰালৈ ওলাই আহে, স্বৰ্গদেৱে তেওঁৰ বাবে সজাই-পৰাই থোৱা হাতীটোক এখন শৰাইৰে সেৱা ধৰিলে ৷ তাৰ পাছতে স্বৰ্গদেউৰ হাতীত উঠি ৰংঘৰ বাকৰিলৈ যাত্ৰা ৷ স্বৰ্গদেউৰ পিছে পিছে গায়ন-বায়নৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দল ৷ স্বৰ্গদেউয়ে ৰংঘৰৰ আসন গ্ৰহণ কৰি কাৰ্যসূচী আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতে ৰংঘৰ বাকৰিত উঠিল ঢোলৰ গুমগুমনি ৷ সাংস্কৃতিক কাৰ্যসূচী উদ্বোধন কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত এছ এছ মিনাক্ষী সুন্দৰমে ৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অভিনেতা অৰুণ হাজৰিকা, অভিনেত্ৰী মিনু বণিয়া, ইনু বৰুৱা আৰু মুনমী ফুকন ৷ তেওঁলোকে প্ৰদৰ্শন কৰা বিহু নাম আৰু বিহুনাচে দৰ্শকসকলক আপ্লুত কৰে ৷ সাংস্কৃতিক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নিমাইজান বিহু দলে ৷ ইয়াৰ পিছতে ক্ৰম অনুসৰি মৰিগাঁৱৰ তিৱা জনগোষ্ঠীৰ দলে তিৱা লোক নৃত্য, নাগালেণ্ডৰ তুলী সাংস্কৃতিক দলে নগানৃত্য, চৰাইপুঙৰ সাংস্কৃতিক দলে টাই-আহোমৰ লাইলুংখাম নৃত্য, গোৱালপাৰাৰ সাংস্কৃতিক দলে গোৱালপৰীয়া লোকনৃত্য, দৰিকাপাৰ মেচ কছাৰী সাংস্কৃতিক দলে মেচ-কছাৰী নৃত্য, জিকিৰ দলে জিকিৰ, দিচাংমুখৰ মিচিং বিহু নৃত্য, সোণাৰি বেঙেনাবাৰী সাংস্কৃতিক দলে বড়ো নৃত্য প্ৰদৰ্শন কৰে ৷ শিল্পী বিদ্যা চিৰিং ফুকনে পুৰুষ আৰু মহিলা দ্বৈত কণ্ঠত গীত পৰিবেশন কৰে ৷ সাংস্কৃতিক কাৰ্যসূচীৰ মাজতে শিৱসাগৰৰ বৰ্ষীয়ান সাংবাদিক অৱসৰপ্ৰাপ্ত অধ্যাপক গুণ বৰুৱাক সম্বৰ্ধনা জনোৱাৰ লগতে স্মৃতিগ্ৰন্থ “ৰংপুৰৰ ৰংশিঙা-৩” উন্মোচন কৰা হয় ৷

ইতিহাসে ঢুকি পোৱাৰে পৰা অনুষ্ঠিত হৈ অহা ৰংঘৰ বাকৰিৰ মুকলি বিহু প্ৰত্যক্ষ কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উপৰিও দেশ-বিদেশৰ পৰ্যটকে ভিৰ কৰেহি ৷

 

– বিজিত দত্ত,

যোৰহাট

ব্ল’গ: http://bijitdutta.wordpress.com/

 

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.