হেঁপাহৰ বৰষুণ…..

7

এজাক বৰষুণ আহিল …..

অপেক্ষাৰ যেন অন্ত পৰিল,

ফাট মেলা ধৰিত্ৰীৰ বুকুত আশাৰ ভুই ৰুবলৈ,

গছৰ শুকান পাতবোৰক জিপাল কৰিবলৈ ,

এজাক বৰষুণ আহিল …..

মৰহি যোৱা ফুলৰ সুবাসক প্ৰাণ দিবলৈ

প্ৰাণচঞ্চলা নিজৰাটিক নচুৱাবলৈ

এজাক বৰষুণ আহিল …..

কোনো খেতিয়কৰ স্বপ্নাতুৰ দুচকুত

সপোণ সিচিবলৈ ;

বতাহত সোণাৰুৰ গোন্ধ সিচিবলৈ

এজাক বৰষুণ আহিল …

দুচকুত কাজল বোলাই

প্ৰিয়জনলৈ বুলি ৰৈ থকা ;

নৈৰ পাৰৰ সেই গাভৰুজনীক জোকাবলৈ

এজাক বৰষুণ আহিল …..

অপেক্ষাৰ যেন অন্ত পৰিল

এজাক যেন হেঁপাহৰ বৰষুণ ……

 

Share.

About Author

7 Comments

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.