হাউ খেল

0

প্ৰায় ষাঠিৰ পৰা আশী দশকৰ সময়ছোৱাত অসমৰ নানা প্ৰান্তৰ খেলপথাৰবোৰত জনপ্ৰিয়তা লাভ কৰা খেলসমুহৰ ভিতৰত অন্যতম এই “হাউ খেল” । জনা যায় যে, সেই সময়ৰ ঘাইকৈ গাৱলীয়া অঞ্চলবোৰত এই খেলবিধে ডেকা-গাভৰুসকলৰ অৱসৰ বিনোদনৰ লগতে শৰীৰ চৰ্চাৰো এক আমোদজনক মাধ্যম আছিল । কিন্তু আশী দশকৰ পৰৱৰ্তী কালছোৱাত অন্য কিছুমান খেলেহে (ক্ৰিকেট, বেডমিণ্টন, টেনিছ ইত্যাদি) মানুহক আকৰ্ষিত কৰাতো পৰিলক্ষিত হয়। অৱশ্যে যান্ত্ৰিকতাৰ অঙ্কুৰণ আৰু মানুহৰ মনত ইয়াৰ বিস্তৰ প্ৰভাৱেই ইয়াৰ প্ৰধান কাৰণ বুলি মানি লব পাৰি । কথাতে কয় “ চকুৰ আতৰ হ’লে; মনৰো আতৰ হয়”। প্ৰায় নব্বৈ দশকলৈ এই খেল বিধৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা এটা অৱস্থাই দেখা গ’ল । যাৰ ফলত আজি এই খেল বিধ প্ৰায় নাইকিয়া হৈ যোৱা বুলি কলেওঁ ভুল নহয় ।

 

উপাদেয় খিনি..

১. অলপ বহল ঠাই/ কিছু নিৰ্দ্দিষ্ট সীমা

২. এটি ঘাই খুটি বা কেন্দ্ৰ বিন্দু

৩. এজনতকৈ বেছি খেলুৱৈ

 

নিয়মাৱলী

১. সৰ্বপ্ৰথমে দলটোৰ যিকোনো এজন ( নিজৰ ইচ্ছা মতে) গৈ ঘাই খুটি টোৰ ওচৰত থিয় হ’ব আৰু বাকি কেইজন এটি নিৰ্দ্দিষ্ট দূৰত্বত থাকিব ।

২. তাৰ পিছত বাকীকেইজনে নিৰ্ধাৰিত কৰা সময় অনুযায়ী ঘাই খুটিটোৰ ওচৰত থকাজনে আনটো পক্ষৰ ওচৰলৈ খেদি যোৱাৰ দৰে যাব লাগে ।

৩. খেদি যোৱাৰ সময়ছোৱাত খেলুৱৈজনে মুখেৰে “হাউ কুট …. হাউ কুট…” বুলি উচ্চাৰণ কৰিহে যাব লাগিব ।

৪. খেদি যোৱা খেলুৱৈজনৰ মুল উদ্দেশ্য হ’ল বিপৰীত দলৰ অতি কমেওঁ এজনক চুই আহি সফলতাৰে নিজৰ ঘাই খুটি পোৱা আৰু যদি তেনে কৰাত ব্যৰ্থ হয় তেন্তে একেজন খেলুৱৈয়ে আকৌ সেই দায়িত্বৰ পুনৰাবৃত্তি কৰিব ।

৫. সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল খেদি যোৱা খেলুৱৈজনে দ্বিতীয় বাৰ উশাহ নোলোৱাকৈয়ে তেওঁৰ দায়িত্ব সম্পন্ন কৰিব লাগিব আৰু যদি খেদি থকা মুহূৰ্ত্তত তেওঁ দ্বিতীয় উশাহ লয় তেতিয়া হ’লেও তেওঁ তেওঁৰ দায়িত্বৰ পুনৰাবৃত্তি কৰিব ।

৬. তদুপৰি বিপক্ষৰো তেওঁক জোৰেৰে ধৰি ৰখাৰ সম্পূৰ্ণ অধিকাৰ থাকে । বিপক্ষৰ উদ্দেশ্য হ’ল ; খেদি যোৱাজনক দ্বিতীয়বাৰৰ বাবে উশাহ লবলৈ বাধ্য কৰোৱা ।

৭. অৱশ্যে কোনো কোনো ঠাইত খেলটো খেলোতে মুখেৰে উচ্চাৰণ নকৰাকৈয়ে খেলাৰো দৃষ্টান্ত পোৱা যায় ।

 

বিভিন্ন অঞ্চলৰ বিভিন্ন জনৰ মত বিচাৰিলে হয়তো সৰু সুৰা আৰু বহুত নিয়ম ওলাব কিন্তু সকলোতে একে থকা অৰ্থা ঘাই নিয়ম বুলিলে ওপৰোক্ত নিয়ম সমূহেই দেখা যায়

 

(উক্ত খেলবিধৰ বিষয়ে গভীৰভাবে জনাৰ বাবে সংগ্ৰাহকে কাষ চাপিছিল ৰঙিয়া টাউন হৰিজন ৱালোৱাৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী অনিমা ভট্টচাৰ্য্য মহোদয়াৰ ওচৰলৈ । তেখেতে আগবঢ়োৱা এই তথ্যখিনি আৰু লগতে আমাক দিয়া বহুমূলীয়া সময়ৰ বাবে অশেষ ধন্যবাদ)

 

সংগ্ৰাহক

অলকেশ শৰ্মা

ৰঙিয়া

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.