স্বাগতম ২০১৪

0

আকৌ আয়োজন
আকৌ স্বাগতম
নতুনত্বৰ সন্ধান বিচাৰি
প্ৰস্তুতি এখন আৱৰণৰ..!

আৱৰণ সৃষ্টি
প্ৰতিটো নৱবৰ্ষতে
নতুন ৰং, নতুন উদ্যম
এনেকুৱা লাগে যেন
সকলো সলনিৰ পথত,
দেখিবলৈ পাম এখন নতুন জগত
অৰাজকতাবোৰ ঢাক খাব আৱৰণত !
আমি লম নতুন আঁচনি
নতুন প্ৰতিশ্ৰুতি
হিংসাবোৰ দলিয়াই দিম
আকোৱালি লম শান্তিক !
আমি জনাম স্বাগতম নতুনক !

আশাবোৰ মেল খাব জানো ?
সকলো যেন হব ফুটুকাৰ ফেন !
নতুন লাহেকৈ পুৰণি হব
আজি যেনেকৈ পুৰণি সকলো !

আৰু বিদায় মেলা
কেনেকৈ হব উৎযাপন…
মাতাল নহ’লে জানো হ’ব ?
পশ্চিমীয়া বতাহজাকে চোন
বাৰুকৈয়ে কোবাই আছে ‌!

এনেকৈয়ে সৃষ্টি হয় আৱৰণৰ
এনেকৈয়ে আহে
আৰু আহি থাকিব নতুন…..!!

–নবজ্যোতি মিশ্ৰ (চিকু)

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.