স্বপ্ননীল মোৰ আকাশৰ খহি পৰা জোন

0


স্বপ্ননীল পাহৰা নাই জানা

আজিও

জোনাকৰ সেই ৰাতিৰ স্মৃতি

দিবাস্বপ্ন দেখুৱাই

আজি কাৰ বক্ষত বিচাৰিছা তুমি

সুখৰ স্বপ্ন

স্বপ্ননীল স্বপ্ননীল

তুমি গুচি গ’লা

ক’ত এৰি থৈ গ’লা

তোমাৰ হাতৰ স্পন্দন

তুমি যোৱাৰ পাছত

দুখৰ এসাগৰ পানীত

ডিঙিলৈকে ডুবিছো

শৰীৰৰ প্ৰতিডাল ৰক্তবাহী নলীয়ে

কঢ়িয়াইছে

গোট মৰা বৰফৰ টুকুৰা

স্বপ্ননীল স্বপ্ননীল

ক’ত বিচাৰিম কোৱা তোমাক

তুমি যে মোৰ আকাশৰ

খহি পৰা জোনাক

তুমি দেখুওৱাই দিয়া তৰাটো

একে ঠাইতে ওলায়

আজিও

কাষত নাই মাথো

মোৰ জোন

স্বপ্ননীল স্বপ্ননীল

মোৰ পৃথিৱী এতিয়া আন্ধাৰ

ক’ত বিচাৰি পাম কোৱা

সপোনৰ নীলা স্বপ্ন ৷


ফোন: +918752911705

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.