স্পেশ্যেল ফিছ গ্ৰেভী

0

যোগাৰ : আঠটুকুৰা ভকুৱা বা বৰালী মাছ, পকা বিলাহী পাঁচটা, মধ্যম আকৃতিৰ আলু চাৰিটা, সৰু পিঁয়াজ এটা, কেঁচা জলকীয়া পাঁচ-ছটামান, আদাৰ মধ্যম আকৃতিৰ টুকুৰা এটা, ধনীয়াপাত, ডেৰ চাহ চামোচ জিৰা গুড়ি।

প্ৰস্তুতি : মাছ কেইটুকুৰা ধুই ভাজি লওক৷ আদাখিনি নবটি এখন ৰোকনাৰে ৰুকি লওক। বিলাহীকেইটা কাটি গুটিবোৰ পেলাই সৰু সৰু টুকুৰা কৰি লওক৷ জলকীয়াকেইটা মাজেৰে দুফাল কৰি লওক৷ আলুকেইটা সৰু সৰুকৈ কাটি টুকুৰা টুকুৰ কৰি লওক৷ পিঁয়াজটো সৰু সৰুকৈ কাটি লওক৷

ৰন্ধন : প্ৰথমে কটা আলুখিনি পানীত দহমিনিট সিজাই লওক৷

তিয়া এটা কেৰাহী (নন্ ষ্টিক্ হ’লে বেছি ভাল) ভালদৰে গৰম হ’বলৈ দি কটা বিলাহীখিনি দি অলপ লৰাই দিয়ক৷ অলপ পাছত যেতিয়া বিলাহীৰ পৰা পানী ওলাব ধৰিব তাত কটা আলুখিনি দি দিয়ক৷ ভালদৰে লৰাই কেইমিনিটমান পিছত সামান্য পানী দি ঢাকোন মাৰি দিয়ক আৰু জুই একেবাৰে কমাই দিয়ক৷ কেইমিনিটমান পিছত ঢাকনিখন গুচাই হেতা এখনেৰে বিলাহী আৰু আলুখিনি ভাঙি ফেনেকি দিয়ক আৰু যেতিয়া ই এক পেষ্টৰ নিচিনা হ’ব জুইৰ পৰা নমাই ৰাখক৷

[এই পেষ্টটো মাইক্ৰ’ৱেভ অভেনত সহজে তৈয়াৰ কৰিব পাৰি৷ অভেনত ব্যৱহাৰ কৰিব পৰা পাত্ৰ এটাত বিলাহী, আলুখিনি সামান্য পানীৰ লগত মাইক্ৰ’ ম’ডত ৯০০ ডিগ্ৰী চেলছিয়াচত ৪-৫ মিনিটমান ৰাখিলে সিজি যাব৷ তেতিয়া অভেনৰ পৰা উলিয়াই আলু-বিলাহীখিনি ভাঙি দিলেই পেষ্টটো তৈয়াৰ হৈ যাব]

আন এটা কেৰাহী ভালদৰে গৰম হ’বলৈ দিয়ক৷ এতিয়া কেৰাহীত চাৰি চাহচামোচ মিঠাতেল দি ভালদৰে গৰম হোৱা যেন পালে তাত পিঁয়াজখিনি ভাজক৷ তাৰপিছত ইতিমধ্যে সাজু কৰা বিলাহী আৰু আলুৰ পেষ্টখিনি দি দিয়ক আৰু এবাৰ ভালদৰে লৰাই ঢাকনিখন মাৰি দুইমিনিটমান ৰাখক৷ তেলত দিয়া পেষ্টখিনি উতলিব ধৰা যেন পালে জিৰা গুড়িখিনি আৰু আণ্ডাজমতে হালধি দি অলপ সময় ভালদৰে লৰাই থাকক৷ এতিয়া তাত তিনি কাপ গৰমপানী ঢালি দি উতলিবলৈ দিয়ক৷ ভালদৰে উতলিব আৰম্ভ কৰিলে তাত আদা, জলকীয়া, মাছকেইটুকুৰা আৰু সোৱাদ অনুযায়ী নিমখ দি উতলি থাকিব দিয়ক৷

পানীখিনি শুহি কমি আহি গ্ৰেভীৰ নিচিনা হ’লে জুই বন্ধ কৰি ধনীয়াপাতখিনি কুটি দি ঢাকনিখন মাৰি দিয়ক৷

এতিয়া গৰমে গৰমে ভাতৰ লগত পৰিবেশন কৰক৷

১৯.০৯.১৪
মৃদুল কুমাৰ শৰ্মা,
http://www.mridulkumar.com/bhinnaswad/fishgravy.html

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.