সাম্প্ৰতিক

0

ধূসৰ সময়

নৈৰ বুকুত তেজ

কুঁৱলী ফালি আগবাঢ়ে কাগজৰ নাওঁ

ধোঁৱাত ৰূদ্ধ কণ্ঠস্বৰ

সিপাৰৰ পৰা কোনে মাতে কাতৰাই

“আই ক’ত, আই?”

দৃষ্টি হেৰুৱাই মাছবোৰ ঢপলিয়াই মৰে

মৰহা বননিত উচপিচাই

এজাক প্ৰজাপতিৰ কজলা দুখ

নিমাত গছবোৰৰ পৰা ওলমি থাকে

মুখ হেৰুৱা একোখন বিবৰ্ণ মুখা

পানীত জ্বলি থকা ঘৰ এটাৰ ছবি

গুৰিবঠা ক’ত হেৰ’ নাৱৰীয়া?

শূণ্যত মলঙেচোন বালিঘড়ীৰ আয়ুস

কুম্ভীৰৰ অনুগ্ৰহত আমাৰ দিন আৰু ৰাতি।

 

– চন্দন চিৰিঙ ফুকন,

তিতাবৰ, যোৰহাট

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.