সমৰ কলাৰ নিয়মৰ শৃংখলা

0

আধুনিক পৃথিৱীৰ সকলো দেশ, ৰাজ্যজুৰি জনপ্ৰিয় সমৰকলা হ’ল আত্মৰক্ষাৰ কলা আৰু এবিধ আকৰ্ষণীয় খেল । সমৰকলা অভ্যাস কৰোতাজনে অভ্যাসৰ বলত প্ৰচণ্ড শাৰীৰিক শক্তি আৰু গতিশীলতাৰ লগতে সুন্দৰ সুঠাম ভাৰসাম্য শৰীৰৰ অধিকাৰী হ’ব হয় । আত্মৰক্ষাৰ প্ৰশিক্ষণে এজনক যিকোনো পৰিস্থিতিৰ বাবে সচেতন আৰু সাহসী কৰি তোলে । আধ্যাত্মিক দিশত আগবঢ়াত সহায় হয় যেতিয়া এজনৰ শাৰীৰিক আৰু মানসীক নিয়ন্ত্ৰণ থাকে, সেয়েহে চাগে ধৰ্মপ্ৰচাৰক সকলে ধৰ্মৰ লগতে ব্যায়াম, যোগ আৰু আত্মৰক্ষাৰ কৌশলসমুহৰ প্ৰচাৰ আৰু প্ৰসাৰত বিশেষভাৱে মনোযোগ দিছিল ।

প্ৰাচ্যদেশৰ বহুধা বিভক্ত যুঁজৰ কৌশল সমূহেই হ’ল বৰ্তমানৰ সমৰ কলাৰ ঘাই শিপা । প্ৰাচ্য মুলীয় সমৰকলাত প্ৰাচ্যদেশৰ বহু জনবিশ্বাস, শ্ৰুতি আৰু পৰম্পৰাক প্ৰতিফলিত কৰাৰ লগতে এনে সমৰকলাৰ অভ্যাস কৰোতাৰ জীৱন প্ৰণালীত প্ৰাচ্যৰ দৰ্শনৰ প্ৰভাৱ পেলায় । সমৰকলাত ইজনে সিজনক আদৰ-সন্মান দিয়াৰ পৰা খাদ্যাভাসলৈ জাপান আৰু চীনা সংস্কৃতি আৰু সমৰকলাৰ প্ৰভাৱ দেখা যায় ।সমৰকলাৰ বৰ্তমানৰ জনপ্ৰিয় ভাগ সমূহ হৈছে-আকাইড’, যুডু , মুৱাই থাই, ঊছু, টাংছু-ডু, যুযুত-সু, কেৰাটে, কংফু, বক্সিং আৰু কিক্‌বক্সিং । আধুনিক পৃথিৱীৰ ৬৪ বিধ কলাৰ ভিতৰৰ সমৰ কলাৰ উত্‍পত্তিৰ বিষয়ে নানা মতবাদ শুনা যায় যদিও মূলত ভাৰতবৰ্ষৰ পৰা চীনলৈ যোৱা বৌদ্ধ ভিক্ষু-সকলৰ দ্বাৰা চীনলৈ প্ৰসাৰিত হোৱাৰ কথা জনা যায় । ভাৰতবৰ্ষৰ পৰা বুদ্ধিধৰ্ম নামৰ ধৰ্মপ্ৰচাৰক জন চাউলিন মন্দিৰলৈ যাওঁতে লক্ষ্য কৰিলে যে তাত থকাসকল শাৰীৰিকভাৱে খুৱেই দুৰ্বল আৰু সেয়েহে তেওঁ শৰীৰ ঘুৰুৱাৰ(মোভিং এক্সাৰচাইজ) অভ্যাসৰ শিক্ষা দিবলৈ আৰম্ভ কৰিলে যিবোৰ অভ্যাস তৈয়াৰ কৰা হৈছিল তেওঁলোকৰ শাৰীৰিত।চি ফ্ল’ বা শৰীৰত চি শক্তি বোৱাবলৈ (চি এনাৰ্জি বা শক্তি হৈছে শৰীৰৰ মাজেদি প্ৰৱাহিত হোৱা এক শক্তিৰ ধাৰা) আৰু শাৰীৰিক সক্ষমতা বঢ়োৱাৰ বাবে । এই অভ্যাসবোৰ ১৮ ধৰণৰ যাক লোহান মোভমেন্ট বা লোহান গতি বুলি কোৱা হয় । সময় বাগৰাৰ লগে লগে এই ১৮ ধৰণৰ গতি ৫৪ হৈ ১০৮ টা হ’লগৈ যিবোৰক প্ৰথমে চাউলিন চাউৱান বা চাউলিন মুঠি বুলি জনা গৈছিল, পাছলৈ কংফু বুলি জনাজাত হৈ পৰে ।চীনা সমৰকলাৰ প্ৰভাৱত(বিশেষকৈ ফুইজান হোৱাইট ক্ৰেন অভ্যাসৰ ধৰণটিৰ প্ৰভাৱত) কেৰাটেৰ জন্ম হৈছিল ৰাইওকুউ নামৰ দ্বীপ এটাৰ এটাত হৈছিল যাক বৰ্তমান অকিনাৱা দ্বীপ বুলি জনা যায় । ১৪৭০ চনত জাপানে অধিকাৰ কৰা এই দ্বীপত কেৰাটেৰ জন্মদাতা হ’ল গিছিন ফুনোকোছি । অস্ত্ৰ নোহোৱাকৈ খালী হাতেৰে যুঁজ কৰা বাবেই এই পদ্ধতিক খালী-হাত বা এমটি হেণ্ড । এনেদৰে বিকশিত ধাৰাত সমৰ কলা বিভিন্ন সময়ত বিভিন্নজনৰ অভিজ্ঞতাৰ মাজৰে বিকশিত হৈছে আৰু সেয়েহে বৰ্তমানৰ কিক্‌বক্সিঙে এই সকলোবোৰ সামৰি লৈছে আৰু আন আন সমৰকলাৰ খেলতকৈ অধিক জনপ্ৰিয় হৈ উঠিছে ।মুৱাই থাই আৰু প্ৰাচাত্য মল্লযুঁজৰ পৰা সৃষ্টি হোৱা কিক্‌বক্সিং মূলত অভ্যাস কৰা হয় আত্মৰক্ষা, স্বাস্থ্য ৰক্ষা আৰু স্পৰ্শ খেল(কন্টেক স্পৰ্টচ্‍)ৰ বাবে । কিকবক্সিঙৰ আৰম্ভণি হৈছিল জাপানত ১৯৬০ চনত; কাৰাটে, আমেৰিকান কিক্‍-বক্সিঙৰ আৰম্ভণি হৈছিল ১৯৭০ চনৰ ৰ পৰা । জাপানিজ কিক্‌বক্সিঙৰ কে-১(থাই কিক্‌বক্সিং)লৈ বিকশিত হৈছিল ১৯৯৩ চনত । সেয়েহে কিক্‍বক্সিঙক বিভিন্ন সমৰ কলাৰ তত্ব সমূহ থকাৰ বাবে হাইব্ৰিড সমৰ কলা বুলিব পাৰি আৰু কিক্‌বক্সিঙে এনেদৰে সংমিশ্ৰিত সমৰ কলা(মিক্স মাৰ্চিয়েল আৰ্ট)ৰ উত্‍পত্তিত সহায় কৰিছে ।

সমৰকলা বিভিন্ন ঠাইত বিভিন্ন নামেৰে বিভিন্ন পদ্ধতিৰে শিকোৱা হয় যদিও মূলত ইয়াৰ বিষয়বস্তু এটাই; ‘নিজকে যিকোনো প্ৰতিকূল পৰিস্থিতিৰ বাবে শাৰীৰিক আৰু মানসীক ভাৱে প্ৰস্তুত কৰা’। সমৰকলাৰ কৌশলৰ লগতে শক্তি, ধৈয্য, সাহস আৰু বুদ্ধিৰ অতীৱ প্ৰয়োজন । সমৰকলাৰ প্ৰাথমিম নীতি অভ্যাসৰ উপযুক্ত অনুশীলনৰ দ্বাৰাহে সমৰ কলাৰ একো একোজন শিক্ষাৰ্থী পৈনত হৈ উঠিব পাৰে । এইবোৰ হৈছে-

ক) গতিবেগ নিয়ন্ত্ৰন,

খ) শক্তিৰ ঐকিকৰণ,

গ) সময়ৰ সঠিক ব্যৱহাৰ,

ঘ) উশাহ-নিশাহৰ নিয়ন্ত্ৰন,

আৰু ঙ) আত্মনিয়ন্ত্ৰণ ।

নৈতিক শিক্ষা আৰু সামাজিক সুস্থিৰতাৰ ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা সমৰ কলাত আত্মনিয়ন্ত্ৰনৰ বাবে প্ৰতিদিনাই শিক্ষাৰ্থীসকলক শপত দিওঁৱা হয়, এইক্ষেত্ৰত প্ৰশিক্ষকৰ ভূমিকা অপৰিহাৰ্য্য । প্ৰশিক্ষক জনে সুস্থ সমাজৰ বাবে নৈতিক শিক্ষা আৰু জ্ঞানেৰে তেওঁৰ ছাত্ৰ-ছাত্ৰীক সম্ৰৃদ্ধ কৰি তোলা উচিত ।হাই কাজিয়া কৰিবলৈ হাক দিয়াৰ পৰা কৌশলসমূহ অতীৱ প্ৰয়োজনত আত্মৰক্ষাৰ বাবেহে যে ব্যৱহাৰ কৰা উচিত তাৰ শপত দিওঁৱাবই লাগে । এইক্ষেত্ৰত কেৰাটেত ৫ টা প্ৰাথমিক ড’জো কুন(ড’জু মানে প্ৰশিক্ষণৰ ঠাই, কুন মানে শপত) আছে । এইকেইটা হৈছে-

১) মই মোৰ চৰিত্ৰ সৱল কৰিব বিচাৰিম,

২) আনৰ বিশ্বাসভাজন হ’ম,

৩) চেষ্ট হ’বলৈ চেষ্টা কৰিম,

৪) আনক সন্মান কৰিম,

৫) উগ্ৰ ব্যৱহাৰৰ পৰা নিজকে বিৰত ৰাখিম ।

 

সমৰকলাত ধ্যান বা যোগৰ বিশেষ গুৰুত্ব আছে; আৰু প্ৰতিটো সমৰকলাত ইয়াক গুৰুত্ব দিয়া হৈছে । আত্মনিয়ন্ত্ৰনত ধ্যানে বহুলভাৱে সহায় কৰে আৰু একো একোজন শিক্ষাৰ্থী অভ্যাসৰ বলত দূৰদৰ্শী আৰু বহল মনৰ অধিকাৰী হৈ উঠে । সমৰ কলাৰ অভ্যাসত প্ৰতিদ্বন্ধীৰ দুৰ্বলতাৰ সুযোগ ল’বলৈ শিকোৱা হয়, এই ক্ষেত্ৰত দুৰ্বল অংগত প্ৰহাৰ, সুযোগচিত আৰু সময়চিত কৌশলৰ শিক্ষা আৰু মনোবৃত্তিয়ে একো একোজন সমৰকলাবিদক নিজতকৈ বহুগুণ শাৰীৰিকভাৱে শক্তিশালী শত্ৰুকো পৰাভূত কৰিব পৰাৰ ক্ষমতা দিয়ে । এই ক্ষেত্ৰত সমৰকলাৰ অভ্যাস কৰোতে শিক্ষাৰ্থীসকলে বাধ্যতামূলকভাৱে তলত উল্লেখিত দহটা নিয়ম পালন কৰা উচিতঃ

১) নিত্য অনুশীলন,

২) আত্মৰক্ষাৰ বাবেহে কৌশলসমূহৰ ব্যৱহাৰ,

৩) গুৰু আৰু জেষ্ঠ্যজনৰ প্ৰতি সন্মান,

৪) সহপাঠী আৰু কনিষ্ঠ সকলৰ প্ৰতি ভদ্ৰ আৰু নম্য ব্যৱহাৰ,

৫) জুৱাখেল আৰু নিচাজাতীয় সামগ্ৰী সেৱন পৰিহাৰ,

৬) গুৰুৰ শিক্ষাত প্ৰতি এক ধ্যান,

৭) চৰিত্ৰৱান হোৱা আৰু আত্ম ইন্দ্ৰীয় নিয়ন্ত্ৰণ,

৮) স্থিতপ্ৰজ্ঞ আৰু নিষ্ঠাৱান হোৱা,

৯) বাহ্যিকতা ত্যাগ আৰু সমৰ কলাৰ কৌশলসমূহৰ অনাহকত ৰাজহুৱা প্ৰদৰ্শন বন্ধ কৰাটো,

১০) আত্মগৌৰৱ, অহঙ্কাৰ , খং, লোভ-মোহ আদিৰ ত্যাগ আদিৰ অনুশীলনে একো একোজন প্ৰশিক্ষাৰ্থীক পাকৈত সমৰকলাবিদৰ ৰূপত গঢ়ি তুলিব পাৰে ।

সমৰকলাৰ অভ্যাস স্থলিত সোমাওতে ওলাওঁতেও শিকাৰো সকলে নিয়মানুৱৰ্তী হ’ব লাগে সেয়েহে তলৰ প্ৰাথমিক নিয়মকেইটাৰ পালন কৰিব লাগেঃ

১) অনুশীলন স্থলিলৈ সোমাওঁতে ওলাওঁতে শিকাৰোসকলে সমৰকলাৰ নিয়মত সন্মান প্ৰদৰ্শন কৰিব লাগে,

২) অভ্যাসস্থলিত ঐক্য সাজ পিন্ধিব লাগে,

৩) অভ্যসস্থলিত থু-খেকাৰ. মূত্ৰ আদি বৰ্জন কৰিব নালগে,

৪) প্ৰশিক্ষনৰ সময়ত তামোল-পান, মূখৰোচক খাদ্য(চুইংগাম আদি) চুবাই থাকিব নালাগে,

৫) প্ৰশিক্ষাৰ্থীসকলে তেওঁলোকৰ শৰীৰ আৰু পোচাক সদায় পৰিষ্কাৰ কৰি ৰাখাৰ লগতে নখ, চুলি আদি চুটিকৈ ৰাখিব লাগে । লগতে অভ্যাসৰ সময়ত আ-অলঙ্কাৰ পিন্ধিব নালাগে,

৬) প্ৰশিক্ষকৰ অনুমতি সাপেক্ষে অভ্যাসস্থলি ত্যাগ কৰা বা সমৰকলাৰ বিভিণ্ন কৌশলৰ অভ্যাস কৰিব লাগে,

৭) সদায় বিনয়ী আৰু সহনশীল হৈ অভ্যাসত ইজনে সিজনক সহায় কৰিব লাগে,

৮) প্ৰশিক্ষকৰ অনুপস্থিতিত কেতিয়াও সমৰ কলাৰ যুঁজৰ অভ্যাস কৰিব নালাগে,

৯) নিয়মানুসৰি সমৰ কলাৰ পোচাকৰ ফিটা পিন্ধিব আৰু খোলিব লাগে

১০) সমৰকলাৰ অভ্যাসৰ শেষত শৰীৰৰ শক্তিসমূহক একত্ৰিত কৰিবলৈ ধ্যান লাগে ।

সমৰ কলা নীতি-নিয়মৰ মাজেৰে শৃংখলাবদ্ধ এটি অতীৱ সুন্দৰ কলা । বৰ্তমানৰ ক্ৰংকিট আৰু মৰনাস্ত্ৰৰ যুগত এই কলাৰ গুৰুত্ব লাঘৱ হৈছে যদিও জনপ্ৰিয় খেল হিচাপে, সুস্বাস্থ্য আৰু আত্মৰক্ষাৰ বাবে এই কলা জীয়াই আছে আৰু ভৱিষ্যতেও জীয়াই থাকিব; ৰূপালী পৰ্দাৰ টম য়ং গং, কিক্‌বক্সাৰ, আনডিচপুটেত, মেত্ৰিক্স, ষ্টাৰ ৱাৰ, দা হিৰো, ফিয়েৰলেচ, কংফু মাষ্টাৰ, এন্টাৰ ডা ড্ৰেগন, কামাণ্ড আদি বহুতো চলচিত্ৰই বৰ্তমান সমৰকলাক জনপ্ৰিয় হৈ কৰিছে । বৰ্তমান সময়ত বহুতো পুৰণি গোপন কৌশলৰ পৰা বিভিন্ন কাটা(পদ্ধতিগত যুঁজ) আদি তথ্যচিত্ৰৰ ৰূপ দিয়াত , বিভিন্ন ঠাইৰ অভিজ্ঞতাৰ মাজেৰে আহৰণ কৰা উচ্চ খাপৰ কৌশল জনসাধাৰণে কাষতে পাব পৰা হোৱাত ধনাত্মক সচেতনতাৰ এক শ্ৰুত বৈ গৈছে প্ৰত্যেকৰ ধমনীয়ে ধমনীয়ে যিয়ে আমাৰ বাবে ভৱিষ্যতে শুভ সংবাদ কঢ়িয়াই আনিব বুলি আশা কৰিলো ।

  -ভবিন গগৈ, ব্লেক বেল্ট থাৰ্ড ডান,  ৰাষ্ট্ৰীয় ৰেফাৰী আৰু বিচাৰক

সহায়কঃ গৌতম বৰুৱা , সাধাৰণ সম্পাদক, ডিব্ৰুগড় জিলা কিক্‌বক্সিং সংস্থা

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.