সম্বাদ : আদিবাসী সন্মিলন

0

 

দেশৰ সৰ্ববৃহৎ তীখা উদ্যোগ “টাটা ষ্টীল”ৰ আদিবাসী সাংস্কৃতিক সমাজৰ উদ্যোগত টাটা নগৰ (জামছেদপুৰ)ত যোৱা ১৫ নবেম্বৰৰ পৰা ১৮ নবেম্বৰলৈকে অনুষ্ঠিত হৈ যায় “সম্বাদ- আদিবাসী সন্মিলন” ৷ এই সন্মিলন দেশৰ আদিবাসীসকলক একে মঞ্চত সংলগ্ন কৰি তেওঁলোকৰ সাংস্কৃতিক বিভিন্নতা, ঐতিহ্য, জীৱন-প্ৰণালী, সমস্যা আদিৰ চৰ্চাৰ উদ্দেশ্য আগত ৰাখি অনুষ্ঠিত কৰা হয় ৷

প্ৰথম দিন: ১৫ নবেম্বৰ:

সন্ধিয়া ৫ বজাত টাটা ষ্টীলৰ সঞ্চালক টি ভি নৰেন্দ্ৰনে শুভাৰম্ভ কৰে ‘সম্ভাদ- আদিবাসী সন্মিলন’৷ ১৫১ টা নাগাৰা, মৃদঙ আদিৰ শব্দৰে মুখৰিত অনুষ্ঠানটোৱে তীখা নগৰীৰ আকাশ মুখৰিত কৰি তোলে, তাৰ পাচত একাদিক্ৰমে ছটিছগড়ৰ বাইচন শিঙা নৃত্য, লাডাখৰ চাংপা সকলৰ বিভিন্ন নৃত্য, কেৰালাৰ পানিয়ান জনগোষ্ঠীৰ নৃত্য আৰু বড়োসকলৰ বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰা হয় ৷

দ্বিতীয় দিন: ১৬ নবেম্বৰ:

পুৱা ১০ বজাৰ পৰা দুটি মঞ্চত দুটা আদিবাসী সম্পৰ্কীয় আলোচনা আৰম্ভ হয় ৷ এই আলোচনা চক্ৰত অসমৰ ড° অনিল পেগু আৰু মাটিন ৰাভাই অংশ গ্ৰহণ কৰে ৷ মধ্যাহ্ন ভোজনৰ পাচত আদিবাসী সাধুকথাৰ লগতে এক বক্তৃতানুষ্ঠান আৰম্ভ হয় ৷ লগতে আদিবাসী বিষয়ক চুটি-ছবি প্ৰদৰ্শন কৰা হয়- TheLost Water, Voices from the Forest India, Banam, Johar- Welcome to our world, Songs of Mashangva.
সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান শুভাৰম্ভ কৰা হয় অসমৰ নাট্যকৰ্মী পবিত্ৰ ৰাভাৰ নাট্য দল বাওনা শিল্পীৰ দ্বাৰা অভিনীত ‘দাপোণ’ নাটক প্ৰদৰ্শনেৰে ৷ শিল্পীসকলৰ অভিনয় প্ৰতিভাই উপস্থিত দৰ্শকক মন্ত্ৰমুগ্ধ কৰে ৷ লগতে নাট্যকৰ্মী প্ৰবিত্ৰ ৰাভাক ভূয়সী প্ৰশংসা কৰে ৷ ইয়াৰ পাচত একাদিক্ৰমে ঝাড়খণ্ডৰ মুণ্ডা সকলৰ সকলৰ নৃত্য, ত্ৰিপুৰাৰ ৰিয়াং সকলৰ হজাগিৰি নৃত্য, উৰিষ্যাৰ জুৱাং সকলৰ চাংগি নৃত্য, উৰিষ্যাৰ লানজিয়া চুৱাৰা নৃত্য, মধ্য প্ৰদেশৰ বাইগাছ নৃত্য৷ মধ্য প্ৰদেশৰ কৰ্কুছ নৃত্য, অৰুণাচল প্ৰদেশৰ চিংফৌসকলৰ শ্বপং যাওঙ মানাও পয় উৎসৱৰ নৃত্য প্ৰদৰ্শন, উৰিষ্যাৰ ডঙ্গৰিয়া কন্ধ নৃত্য আৰু ঝাড়খণ্ডৰ পাইকা নৃত্য প্ৰদৰ্শিত হয় ৷

তৃতীয় দিন: ১৭ নবেম্বৰ

পুৱা দুটা বিভিন্ন মঞ্চত আলোচনা চক্ৰ আৰম্ভ হয় ৷ উক্ত আলোচনাত অসমৰ চিত্ৰ নিৰ্মাতা উৎপল বৰপুজাৰীয়ে অংশগ্ৰহণ কৰে ৷
বিয়লি চিত্ৰ প্ৰদৰ্শনত উৎপল বৰপুজাৰীৰ Songs of the Blue Hills নামৰ ছবিখনৰ উপৰিও Ulgulam- Ek Kranti আৰু Pangi Ke Pangwal দুখন ছবি প্ৰদৰ্শন কৰা হয় ৷
সন্ধিয়া ঝাড়খণ্ডৰ বানাম সমবেত সংগীত প্ৰদৰ্শনেৰে সাংস্কৃতিক সন্ধিয়াৰ শুভাৰম্ভ কৰা হয় ৷ তাৰ পাছতে একাদিক্ৰমে মিজোৰামৰ চেৰাও নৃত্য, ঝাড়খণ্ডৰ চিক বাডাইক সকলৰ কিহ’ নৃত্য, তামিলনাডুৰ কুকুম্বা নৃত্য, ছটিশগড়ৰ মুৰিয়া নৃত্য, অন্ধ্ৰপ্ৰদেশৰ কয়া নৃত্য, ঝাড়খণ্ডৰ খেৰৱাৰ নৃত্য, উৰিষ্যাৰ হো নৃত্য আৰু অৰুণাচল প্ৰদেশৰ নীচি সকলৰ নৃত্য প্ৰদৰ্শন কৰা হয় ৷

চতুৰ্থ দিন – ১৮ নবেম্বৰ:
অন্তিম দিনৰ ৰাতিপুৱাৰ আলোচনা চক্ৰৰ আলোচক হিচাপে উপস্থিত থাকে অসমৰ ‘অৰণ্য মানৱ’ খ্যাত যাদৱ পায়েঙ ৷ তাৰ উপৰিও আদিবাসী মহিলা সম্পৰ্কীয় মেজ-মেল অনুষ্ঠিত হয় ৷ বিয়লিভাগত বোলছবি প্ৰদৰ্শনীত ‘Please don’t beat me, Sir!’, ‘Setu’, ‘Veer Binjhwar’, ‘Birth 1871’ ছবি প্ৰদৰ্শন কৰা হয় ৷
সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয় ঝাড়খণ্ডৰ টুইনা সংগীতানুষ্ঠানেৰে, তাৰ পাছত মণিপুৰৰ নৃত্য, ঝাড়খণ্ডৰ খৰিয়া নৃত্য, মহাৰাষ্ট্ৰৰ ৱাৰলিছ নৃত্য, অৰুণাচল প্ৰদেশৰ গালো সকলৰ মপিন উৎসৱ নৃত্য, ঝাড়খণ্ডৰ ওৰাওন নৃত্য, অন্ধপ্ৰদেশৰ কন্দাৰেদ্দী নৃত্য, নাগালেণ্ডৰ চাকেচাঙ সকলৰ খুডু চেলে ফটা বা কুকুৰা নৃত্য প্ৰদৰ্শনেৰে অনুষ্ঠান সমাপ্ত হয় ৷

– বিজিত দত্ত

যোৰহাট

ব্ল’গ: http://bijitdutta.com/

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.