সম্পাদকীয়: ৩য় বৰ্ষ, ৩য় সংখ্যা

0

চেষ্টাৰ লগতে সঠিক পথটিও জনাটো দৰকাৰ …

 

জীৱনত আমি বহুবাৰ বিফলতাৰ সন্মুখীন হ’ব লগা হয় ৷ তাৰ মূল কাৰণ এটাই – সঠিক পথ ৷ অৰ্থাৎ কোনো এটা কাম সফলতাৰে সম্পন্ন কৰিব হ’লে একাগ্ৰতাৰ লগতে কোনটো পথত গতি কৰিলে কামটোত সফলতা লাভ কৰিব পাৰি তাৰ বিষয়ে জ্ঞান থকাটো নিত্যান্তই প্ৰয়োজনীয় ৷অলেখ চেষ্টাৰ পিছতো বহুতে সফলতাৰ মুখ নেদেখি বহু নলবলগীয়া সিদ্ধান্ত গ্ৰহণ কৰে যাৰ ফলত সমাজৰ উঠি অহা যুৱ চামৰ ওপৰত সেই কামটোৰ প্ৰতি এক বিতৃষ্ণাৰ ভাবে গঢ় লৈ উঠে ৷ কিন্তু তেনে ক্ষেত্ৰত আমি খুব কমেই মানুহজনৰ কাম কৰা পদ্ধতিৰ ওপৰত পৰ্য্যালোচনা কৰা দেখা যায় ৷ বিফলতাৰ একমাত্ৰ কাৰণ হিচাপে অকল মানুহ এজনৰ প্ৰচেষ্টাকে দায়ী কৰাটো উচিত নহয় ৷ মানুহজনে হয়তো খুব একাগ্ৰতাৰে নিজৰ প্ৰাণ ঢালি চেষ্টা কৰিছিল কিন্তু তেওঁৰ আগবঢ়া পথটি হয়তো ঠিক নাছিল ৷ অৰ্থাত গছ এডাল কাটিব যোৱাৰ আগতে মানুহজনৰ অকল বল থাকিলেই যথেষ্ট নহয় ৷ কি পদ্ধতিৰে কাটিলে কম কষ্টত আৰু কম সময়তে গছডাল কাটিব পৰা যাব সেইটো জনাটো অতিকৈ দৰকাৰ ৷ তেনে নকৰিলে হয়টো সময়ৰ লগতে মানুহজনৰ এটা সময়ত ধৈৰ্য্যচ্যুতি ঘটি দূৰ্ঘটনাপতিত হ’বও পাৰে ৷আৰু ফলস্বৰূপে মানুহজনে কৰা কষ্টৰ মূল্য হেৰাই যোৱাৰ সম্ভাৱনা থাকে ৷

ঠিক একেদৰে আমি আন এটা উদাহৰণ ল’ব পাৰো ৷ পৰীক্ষাৰ সময়ত দেখা যায় কিছুমান ছাত্ৰ/ছাত্ৰীয়ে দিনৰ সৰহভাগ সময় পঢ়ি যেনেধৰণৰ সফলতা অৰ্জন কৰে ঠিক সমপক্ষৰ এজনে হয়তো বহু খিনি কম সময় পঢ়ি তাতোকৈ ভাল ফল অৰ্জন কৰে ৷ইয়াৰ প্ৰধান কাৰণ এইটো নহয় যে দুয়ো বেলেগ বেলেগ বিষয় পঢ়ে বা কোনোবা এজন খুব ধাৰ্মীক বা কোনোবা এজন অতিকৈ ভাগ্যবান ইত্যাদি ৷ আচলতে ইয়াতে দুয়োজনে একেটা পৰীক্ষাৰ বাবে একেখিনি বিষয়ে পঢ়িছে ৷ কিন্তু দুয়োৰে পঢ়াৰ পদ্ধতিৰ ভিন্নতাৰ বাবে এজনে কম কষ্ট কৰিও ভাল ফল উপাৰ্জন কৰিব সক্ষম হৈছে ৷ ঠিক একেদৰে সকলো ধৰণৰ খেল ধেমালিত চেষ্টাৰ উপৰিও সৰ্বপ্ৰথমে সথিক পথ এটাৰ বেছি দৰকাৰ ৷ সঠিক পথেৰে আগবাঢ়িলে কেতিয়াবা বলেৰে কৰিব নোৱাৰা কাম বুদ্ধিৰেও সম্পন্ন কৰিব পৰা যায় ৷

সেয়েহে জীৱনত সফলতাৰে আগবাঢ়িবলৈ হ’লে আমি সকলোৱে চালি-জাৰি চাই সঠিক পথটো বাচি লৈ সমস্ত একাগ্ৰতাৰে আগুৱাই যাব লাগে ৷ তেতিয়াহে চেষ্টাই সঠিক সময়ত ভাল ফল দেখুৱাব ৷

 

অলকেশ,

সন্ধান –অসমীয়া ই-আলোচনী

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.