সম্পাদকীয়: ৩য় বৰ্ষ, ১ম সংখ্যা

0

গুৱাহাটী হ’ল উত্তৰ পূৰ্ৱাঞ্চলৰ প্ৰৱেশ দ্বাৰ ৷ বহুজনে আকৌ মেত্ৰ’পলিটানৰ আখ্যাও দিব খোজে ৷ ব্ৰহ্মপুত্ৰ , কাজিৰঙা, বিহু আদিৰ লগতে গুৱাহাটীক লৈও সমগ্ৰ অসমবাসী গৌৰৱান্বিত ৷ অসমৰ চৰকাৰ খনৰ লগতে প্ৰায়্ভাগ দপ্তৰ , অনুষ্ঠান প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় গুৱাহাটীত৷ বিগত দুই- তিনিটা দশকত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শত সহশ্ৰ লোকে আহি নিজৰ জীৱিকা নিৰ্বাহৰ সূত্ৰে এইখন চহৰকে নিজৰ ঠিকনা কৰি লৈছে ৷ এতিয়া কিন্তু গুৱাহাটী বিভিন্ন সমস্যাত জৰ্জৰিত ৷

গুৱাহাটী এতিয়া এক ঘন জনাৰণ্য ৷ দৈনিক এক প্ৰবল জনসোঁতৰ লগতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰকোপে গুৱাহাটীৱাসীলৈ এক প্ৰবল সংকেট কঢ়িয়াই অনা দেখা গৈছে ৷ সময়ৰ গতিৰ লগতে অট্টালিকা, অফিচ-কাছাৰি, যান বাহনৰ সংখ্যাও বৃদ্ধি হৈছে ৷ মুঠৰ ওপৰত এতিয়াৰ গুৱাহাটীত ঠাইৰ অভাৱ ৷ কৰবাত যদি থিয় দিব ঠাই নাই কৰবাত আকৌ গাড়ী ৰখোৱা ঠাইৰ অভাৱ ৷ এনেকুৱা এক পৰিৱেশত চৰকাৰৰ লগতে গুৱাহাটীৰ মানুহবোৰেও কিন্তু নলা নৰ্দমাক বিশেষ গুৰুত্ব দিব পাহৰি যোৱা পৰিলক্ষিত হৈছে ৷ যাৰ ফলত এজাক বৰষুণতে এক সাগৰত পৰিণত হয় প্ৰায়ভাগ গুৱাহাটী ৷ কিছু ঠাইত নলা নৰ্দমাবোৰ উপযুক্ত পৰিমাণে বহল আৰু গভীৰ যদিও বহু ঠাইত সেই একেটা নলাই বহুখিনি সংকুচিত হোৱা পৰিলক্ষিত হৈছে ৷ সুপৰিকল্পনাৰ অভাৱৰ ফলত বহু মানুহে নিজ স্বাৰ্থক ত্যাগ নকৰি নলাবোৰক গুৰুত্বহীন কৰি পেলাইছে ৷ যাৰ ফলত অধিক পানীৰ সোঁত কঢ়িযাব নোৱাৰি ওফণ্ডি উঠে নলা নৰ্দমাবোৰ ৷ বিগত চৰকাৰবোৰেও ভৰলু নদীৰ লগতে চহৰ খনৰ আটাইবোৰ নলাক সুপৰিকল্পিত আৰু সুনিয়ন্ত্ৰিত ভাৱে সংযোগ কৰিব পৰা কোনো ধৰণৰ কাম হাতত লোৱা পৰিলক্ষিত নহ’ল ৷ আৰু এইখিনিত কিন্তু গুৱাহাটীবাসীৰ ভুমিকাও অতিকৈ পুতৌজনক ৷ এই ক্ষেত্ৰত চৰকাৰ খনৰ লগতে গুৱাহাটী বাসীও সমানেই দায়ী বুলি কব খোজো ৷ তদুপৰি চৰকাৰ এখনে যদি গৃহ চহৰ খনকেই ঠিক কৰিব নোৱাৰে তেন্তে একেখন চৰকাৰে ধেমাজীত মথাউৰি বন্ধাৰ আশা কৰাটো তেনেই অৰ্থহীন ৷

গুৱাহাটীবাসী এতিয়া জাগ্ৰত হোৱাৰ সময় ৷ নকৈ নোৱাৰি ; বাৰিষাৰ দিনত গুৱাহাটীক মেত্ৰ’পলিটান বুলি আখ্যা দিয়াটো দূৰৰে কথা এখন চহৰ বুলিবলৈও ভাবিব লাগে ৷ ইয়াতকৈ লজ্জাজনক কথা একো হ’ব নোৱাৰে যাক লৈ আমি সকলোৱে এক অন্যতম বুলি গৌৰৱ বোধ কৰো সেই অন্যতম চহৰতেই নলা নৰ্দমাৰ এক সু-ব্যৱস্থাৰ বাৰুকৈয়ে অভাৱ ৷

বিশ বছৰ আগৰ গুৱাহাটী আৰু এতিয়াৰ গুৱাহাটীৰ মাজত আকাশ পাতাল প্ৰভেদ ৷

 

– অলকেশ

মুখ্য সম্পাদক, সন্ধান

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.