সম্পাদকীয় : ২য় বৰ্ষ, 8য় সংখ্যা

0

এতিয়া চৌদিশে পূজাৰ বতৰ !! অতিকৈ চেনেহৰ শাৰদীয় পূজাৰ বতৰ !! পূজা বুলি ক’লেই ডাঙৰৰ পৰা সৰু ল’ৰা-ছোৱালীলৈ সকলোৰে মনত এটাই কথা আহে ; সেইটো হ’ল অতি কমেও এযোৰ কাপোৰ ৷ পূজা কাষ চাপি অহা মানেই দোকান সমূহত আই লক্ষ্মীৰ প্ৰৱেশ ৷ প্ৰতিবাৰৰ দৰে এইবেলিও আমাৰ সৰু চহৰখনটো পূজাৰ প্ৰভাৱ দিনক দিনে বাঢ়ি যাব ধৰা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ পুৰুষসকল গোটেই দিনটো পূজা, মণ্ডপ ইত্যাদিৰ কামত ব্যস্ত থাকি আকৌ আবেলি সপৰিয়ালৰ সৈতে কাপোৰৰ বজাৰখনত এপাক মাৰে; কিজানি পছন্দ হৈয়েই যায় ৷ দোকানত থকা প্ৰতিজন গ্ৰাহকেই এতিয়া ফূৰ্তিত ৷ সকলোৰে হাতে হাতে নতুন টোপোলা ৷ টোপোলাটো যিমানেই ডাঙৰ; মুখখনো সিমানেই ফৰকাল ৷বহুতে আকৌ অধিক মাছত বগলি কণা হোৱাৰ নিচিনা হৈ নিতৌ বজাৰত আহিছে৷ মুঠৰ ওপৰত পূজা আহিছে যেতিয়া সুদা হাতে বহি থকা নাই কোনোৱে ৷ দৰমহা নহ’লেও নাই; ধাৰ লৈ হ’লেও কিবা এখন পছন্দৰ কাপোৰ ল’ব লাগিবই ৷ নতুন কাপোৰ আৰু তাৰ লগতে এক সৌহাদ্যপূৰ্ণ পৰিবেশত থাকি সন্ধিয়াৰ মলয়াজাকৰ মাদকতাত সকলোৰে মন শাৰদীয় পূজাৰ আগমনৰ আনন্দত নাচি উঠিছে ৷

পিছে; আজিকালি অকৌ আগৰ দৰে পূজাৰ বতৰ নাই ৷বিংশ শতিকাই যেতিয়া মোট সলাই একৈশ শতিকাৰ ৰূপ ললে; লগে লগে পূজাৰ মাদকতাও সলনি হৈছে ৷ বাঁহি, বেলুনৰ দোকানৰ পৰিৱৰ্তে ৰিমোট কন্ট্ৰোল গাড়ী, জুৱা ইত্যাদিৰ দোকানহে গঢ় লৈ উঠা দেখা গৈছে ৷ পৰিৱৰ্তিত ধাৰাত সকলো সোমাই পৰিছে যদিও বস্তুসমুহৰ উচিত ব্যৱহাৰৰ পৰা এতিয়াও বহুতেই বঞ্চিত হোৱা দেখা গৈছে ৷ যাৰ ফলত মাজে মাজে সমাজৰ এক বিসংগতিৰ প্ৰতিচ্ছবিহে ভাহি উঠে ৷উদাহৰণস্বৰূপে এনেকুৱা পূজা বা মহোত্সৱ আদিক সমাজখনৰ আন্তঃগাঠনিৰ সহায়ক হিচাপে গ্ৰহণ কৰাৰ পৰিৱৰ্তে প্ৰায়বোৰ ঠাইতে ব্যৱসায় কেন্দ্ৰিক কৰি লোৱাহে দেখা গৈছে ৷

তথাপিতো; আজিকালিৰ যান্ত্ৰিক জীৱনৰ ব্যস্ততাকো কাতি কৰি নিজৰ পৰিয়ালৰ বাবে সময় উলিয়াব পৰাটো বাৰুকৈয়ে প্ৰশংসনীয় বুলি ক’ব বিচাৰিছোঁ ৷ বৰ্দ্ধিত মূল্য, ৰাজনৈতিক অৰাজকতা, বৰ্বৰ হিংসা ইত্যাদিয়ে সকলোৰে মনত এক মানসিক অশান্তিৰ সৃষ্টি কৰিছে যদিও শাৰদীয় পূজাৰ যোগেদি সকলোৱে নিজৰ ঘৰখনৰ লগতে সামূহিক ভাৱে শান্তি ঐক্যৰ সমৃদ্ধি বিকাশ কামনা কৰিছে ৷

অৱশেষত শ্ৰদ্ধাৰ সমূহ পাঠকবৃন্দলৈ “সন্ধান”ৰ পৰিয়ালৰ তৰফৰ পৰা শাৰদীয় দূৰ্গা পূজাৰ অশেষ শুভেচ্ছা যাঁচিলো ….. !!!

 

ইতি….

অলকেশ

মুখ্য-সম্পাদক, সন্ধান ই-আলোচনী

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.