সম্পাদকীয় : ২য় বৰ্ষ, ৮ম সংখ্যা

0

দৰিদ্ৰতা আৰু চৰকাৰী আঁচনিসমূহ ….. !!

২০১৩ চনত প্ৰকাশ পোৱা মতে প্ৰায় ২২% ভাৰতীয় দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰে ৷ ইয়াৰে ২৫.৭% গ্ৰামাঞ্চলৰ আৰু ১৩.৭% নগৰাঞ্চলৰ বাসিন্দা ৷ আনহাতে ২০০৯-১০ আৰু ২০০৪-০৫ বৰ্ষৰ পৰিসংখ্যা অনুসৰি ২৯.৮% আৰু ৩৭.২% ভাৰতীয় উক্ত সীমা ৰেখাৰ তলত বসবাস কৰিছিল ৷ গতিকে পৰিসংখ্যা অনুসৰি দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰাৰ হাৰ দ্ৰুত গতিত হ্ৰাস হৈছে ৷ এনে হ্ৰাসৰ শ্ৰেয় কম বেছি পৰিমাণে হলেও আমি চৰকাৰী আঁচনি সমূহক দিবই লাগিব ৷

প্ৰতি বছৰে আমাৰ চৰকাৰে ভাৰতবৰ্ষৰ ১২০ কোটি জনতাৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি নানা ধৰণৰ আঁচনি প্ৰণয়ন কৰে ৷ তাৰে বহুখিনি সফল ভাৱে ৰূপায়িত হয় যদিও কিছুমান আকৌ নানা কাৰণত বহুতো বাধা অতিক্ৰম কৰিব লগা হয় ৷ বাৰু যা হওক বিগত বছৰবোৰত আমি আঁচনিসমূহৰ প্ৰভাৱ এক অৰ্থনৈতিক পৰিৱৰ্তনৰ ৰূপত দেখিবলৈ সক্ষম হৈছোহক ৷ আৰু ই এক ভাৰতবৰ্ষৰ দৰে দেশ এখনৰ বাবে অতিকৈ ধনাত্মক দিশ ৷

উদাহৰণস্বৰূপে ইন্দিৰা আৱাস যোজনাৰ জৰিয়তে বহু গৃহহীন লোকে এক সুস্থিৰ আৱাস চৰকাৰৰ তৰফৰ পৰা লাভ কৰিবলৈ সক্ষম হৈছে ৷ প্ৰধানমন্ত্ৰীৰ গ্ৰাম স্বড়ক যোজনাৰ অধীনত ভাৰতৰ প্ৰায় সকলো পিছপৰা গ্ৰামাঞ্চলৰ ঘাই ৰাস্তা সমূহ এতিয়া যাতায়তৰ বাবে এক উন্নত মানদণ্ডৰ স্তৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ তদুপৰি শিক্ষা আৰু স্বাস্থ্য বিভাগতো বহুতো সুবিধা ভাৰত চৰকাৰৰ তৰফৰ পৰা লাভ কৰাটো দেখা যায় ৷  

কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল উক্ত আঁচনি সমূহ প্ৰকৃতাৰ্থত জনসাধাৰণৰ মাজত সফল ভাৱে ৰূপায়িত হৈছে নে নাই সেইটো পৰিলক্ষিত কৰাটো ৷ বা যিকোনো এখন আঁচনি প্ৰণয়ন হোৱাৰ পিছত সেইখন আঁচনিয়ে দৰিদ্ৰ জনতাৰ হকে কাম কৰিছে নে নাই ;সেইবোৰ নিয়াৰিকৈ চোৱা চিতা কৰিলেহে সঁচা অৰ্থত আঁচনিখন সফল হোৱা বুলি ক’ব পৰা যাব  নহ’লে তেনে আঁচনি সমূহৰ পৰা দৰিদ্ৰ সকলৰ সলনি কেতবোৰ দালাল সম্প্ৰদায়ৰ লোকহে অধিকভাৱে লাভাম্বিত হ’ব ৷

– অলকেশ শৰ্মা,

মুখ্য-সম্পাদক, ‘সন্ধান’ অসমীয়া ই-আলোচনী

 

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.