সম্পাদকীয় : ২য় বৰ্ষ, ৭ম সংখ্যা

0

থোৰতে ২০১৩ ….. !!

 

অইন বাৰৰ দৰে এইবাৰো ব্যস্ততাৰ মাজেৰে পাৰ হ’ল ২০১৩ বৰ্ষটো ৷ নানা ঘাত-প্ৰতিঘাতৰ মাজেৰেই আমাৰ সকলোৰে বাবে ইতিহাস হ’ল ২০১৩ ৷ কিছু ভাল খবৰ আৰু কিছু বেয়া খবৰৰ সমাহাৰে সকলোকে এটি তিতা-মিঠা অভিজ্ঞতা দি গ’ল বিগত বছৰটোৱে ৷

ভাৰতবৰ্ষৰ পিছে কেনে গ’ল বিগত বছৰটো ? আহকছোন অকনমান ভুমুকি মাৰি চাওঁ …..

বিগত বছৰটোলৈ লক্ষ্য কৰিলে ; বিশেষকৈ ঘাটি বাজেট, ভাৰতৰ অৰ্থনৈতিক দুৰাৱস্থা, ৰাজনৈতিক উত্থান-পতন; ক্ৰীড়াত নানা সফলতা-বিফলতাৰ কথাই মনলৈ আহে ৷

প্ৰতিবাৰৰ দৰে বিগত বছৰটো উত্থাপিত হয় ঘাটি বাজেত ৷ অৰ্থনৈতিক দিশত ভাৰত চৰকাৰে কোনো ফালৰ পৰাই ভাল ফল লাভ কৰা বুলি কব নোৱাৰি, বৰঞ্চ বিগত বছৰত হোৱা অৰ্থনৈতিক স্খলন প্ৰতিজন ভাৰতীয়ৰ বাবে এক ভয়ানক দিঠক ৷ বিগত দশকৰ ভিতৰতে মুদ্ৰাৰ মূল্য আটাইতকৈ বৃদ্ধি হৈছিল (১ ড’লাৰ = প্ৰায় ৭০-৭২ টকা লৈ) ২০১৩ চনত ৷ যাৰ ফলস্বৰূপে আলু, পিয়াজ, পেট্ৰল-ডিজেল, যাতায়তৰ খৰচ, ইত্যাদি প্ৰায় সকলোৰে দামে চুইছিল আকাশলংঘী উচ্চতা ৷ আৰু জনসাধাৰণে অতিকৈ কষ্টৰে পৰিচালনা কৰিব লগা হৈছিল নিজৰ ঘৰ-সংসাৰ ৷ আমাৰ অসমতো মূল্যবৃদ্ধিৰ প্ৰভাৱ বাৰুকৈয়ে পৰা পৰিলক্ষিত হৈছিল ৷

ৰাজনৈতিক ক্ষেত্ৰখন জোকাৰি চালে কেতবোৰ ঘটনা; যেনে টেলেংগানাৰ জন্ম , অসম চৰকাৰৰ আভ্যন্তৰীণ বিসম্বাদ , দিল্লীত আৰৱিন্দ কেজৰিৱালৰ উত্থান ইত্যাদি বোৰে উল্লেখনীয় বুলি কব পাৰি ৷ ইয়াৰ মাজতে টেলেংগানা জন্মৰ আৰ লৈ অসমৰো বহু খিলঞ্জীয়া জনগোষ্ঠীয়ে নিজৰ ৰাজ্য গঠনত গুৰুত্ব দিছিল যদিও এতিয়ালৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সেই ক্ষেত্ৰত কোনো মতামত অহা নাই ৷ আনহাতে আগন্তুক লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰতো প্ৰায়বোৰ সক্ৰিয় ৰাজনৈতিক দলে নিজৰ নিজৰ অভিমত ব্যক্ত কৰা দেখা গ’ল ৷

আনহাতে বিগত বছৰটোত বহুকেইখন গুৰুত্বপূৰ্ণ আইন প্ৰণয়ন কৰা দেখা গ’ল ৷ অতিকৈ বৰ্বৰ হিংসাত জড়িত থকা কনিষ্ঠ শিশুৰ বয়স ১৮ বছৰৰ সলনি ১৬ বছৰ কৰাত বহুখিনি সমস্যা সমাধান হ’ল ৷ তদুপৰি কোনো ধৰণৰ অভিযুক্ত নেতাক ৰাজনীতিৰ পৰা বৰ্খাস্ত কৰা আইন খনেও দেশজুৰি ব্যাপক সান মিহলি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ এনেধৰণৰ কিছুমান আইন প্ৰণয়ন কৰাৰ বাবে ভাৰত চৰকাৰ তথা দেশৰ মহামান্য মূখ্য ন্যায়াধীশক ধন্যবাদ জ্ঞাপন কৰা হ’ল ৷

একেদৰে ক্ৰীড়া জগতখন লক্ষ্য কৰিলে মহান ক্ৰিকেট খেলুৱৈ শচীন টেণ্ডলকাৰৰ বিদায়ী ক্ষণে শত সহস্ৰৰ চকুত চকু পানী দি গ’ল ৷ তদুপৰি অইন বাৰৰ দৰে অন্য ক্ৰীড়া বিভাগ বোৰতো দেশৰ ন খেলুৱৈয়ে নিজৰ সফলতা অৰ্জন কৰি দেশৰ নাম বিশ্বস্তৰত জিলিকাব সক্ষম হৈছে ৷

তথাপিতো নানা ঘাত প্ৰতিঘাত অতিক্ৰম কৰিও আমি এক নতুন বছৰৰ দুৱাৰদলিত ভৰি দিয়াৰ আগতে; ২০১৩ বছৰটোক আমি মৰমেৰে বুকুত সাবটি লবলৈ আগবাঢ়ি আহোহক … আৰু অনাগত সময় যাতে অৰু অধিক মধুৰ হয় সকলোৰে বাবে আৰু ই যাতে সুখ শান্তি কঢ়িয়াই আনক প্ৰতিজনৰ জীৱনলৈ তাকেই কামনা কৰিলো ….. ৷৷

 

(বি:দ্ৰ: বিগত বছৰত যি সকলে শ্বহীদ হ’ল তেখেত সকলৰ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে ‘সন্ধান এক নতুন দিগন্তৰ’ তৰফৰ পৰা তেখেতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰা হ’ল ৷)

 

– অলকেশ শৰ্মা,

মুখ্য-সম্পাদক, ‘সন্ধান’ অসমীয়া ই-আলোচনী

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.