সম্পাদকীয় : ২য় বৰ্ষ, ৬ষ্ঠ সংখ্যা

2

ডেকা সমাজ,চ্চ শিক্ষা আৰু অসমৰ উদ্যোগীকৰণ ……

বিগত দুটা দশক পৰিলক্ষিত কৰিলে আমি দেখা পাম যে অসমত শিক্ষাৰ মানদণ্ড আৰু অসমীয়া ডেকাচামৰ উচ্চ শিক্ষাৰ প্ৰতি থকা ধাউতি যথেষ্টভাবে সলনি হৈছে ৷ সকলো ক্ষেত্ৰতে এক আন্তৰ্জাতিক মানদণ্ডৰ প্ৰতি লক্ষ্য ৰখা দেখা গৈছে ৷ অসমীয়াসকল এতিয়া বহুমুখি হ’বলৈ শিকিছে ৷ আৰু ই এক অতিকৈ আনন্দৰ কথা ৷ বিশ্বৰ আগশাৰীৰ দেশবোৰত বহু অসমীয়াই নিজক এজন সুদক্ষ হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে ৷ বিজ্ঞান -প্ৰযুক্তিবিদ্যা , কলা ইত্যাদিৰ লগতে খেল ধেমালি আদিতো বহু অসমীয়াৰ নাম বিশ্বৰ ইতিহাসত খোদিত হৈছে ৷

প্ৰতি বছৰে যুৱ সমাজৰ কিছু অংশ অসমীয়া ভাৰতৰ বাহিৰৰ আগশাৰীৰ দেশবোৰত অথবা অসমৰ বাহিৰৰ বহুতো ঠাইত উচ্চ শিক্ষা বা সংস্থাপনৰ উদ্দেশ্যে গমন কৰে ৷ নিজৰ কামত সফল হৈ বহুতে বাহিৰতে অস্থায়ী বা স্থায়ী ভাবে নিজৰ জীৱিকা নিৰ্বাচন কৰি লয় ৷ খুব কম সংখ্যকে নিজ মাটিলৈ আকৌ উভতি আহে ৷

কিন্তু বহুতে নিজ মাটিত উভতি আহি নানা কাৰণত মুখ ঠেকেছা খাই আকৌ বেলেগ দেশ , বেলেগ ৰাজ্য আদিক সাৱতি ল’ব লগা হয় ৷ ইয়াৰ এক অন্যতম ঘাই কাৰণ হ’ল অসমৰ লেহেমীয়া উদ্যোগীকৰণ প্ৰক্ৰিয়া আৰু ইয়াৰ মানদণ্ড ৷

বিগত দুটা দশক যদি আমি ভালদৰে পৰ্য্যালোচনা কৰো তেতিয়া আমি গম পাম যে অসমৰ ভালেমান অৰ্থনৈতিক ভাবে স্বাৱলম্বী; ব্যক্তিগত ও ৰাজহুৱা খণ্ডৰ উদ্যোগ বৰ্তমান বন্ধ হৈ গৈছে অথবা খুবেই পৰিত্যক্ত অৱস্থাত পৰিচালনা হৈ আছে ৷ উদাহৰণ স্বৰূপে তুলসীবাৰীৰ “এপল” পলিয়েষ্টাৰ মিল , আমিনগাঁওৰ বনস্পতি উদ্যোগ, শিলঘাটৰ মৰাপাট উদ্যোগ ইত্যাদি বহুতো আগশাৰীৰ উদ্যোগ এতিয়া মৃত ৷ এটা সময়ত অসম গৌৰৱ এইবোৰ উদ্যোগক জীৱন দান দিবলৈ সক্ষম হোৱা নাই চৰকাৰো ৷ গতিকে এনে স্থলত স্বাভাৱিকতে কোনো এজন উচ্চ শিক্ষিত যুৱকে অসমখনত নিজকে প্ৰতিষ্ঠা কৰাৰ আগত বহুবাৰ ভাবি চাবই ৷ আৰু যদি উঠি অহা ডেকাচামক উপযুক্ত সা-সুবিধা খিনি কৰি দিব পৰা নাযায় তেন্তে যুৱ শক্তি আন কোনোবা আমোলাৰহে সহায়ক হ’ব ৷ কিছু কিছু ক্ষেত্ৰত সংস্থাপনৰ সুবিধা এতিয়াও এক প্ৰশংসনীয় পৰ্য্যায়ত আছে যদিও বাকি আন বহু ক্ষেত্ৰতেই ই এক ভয়ানক ৰূপ লৈছেগৈ ৷

এই ক্ষেত্ৰত চৰকাৰৰ লগতে জনসাধাৰণৰ প্ৰতিজন দায়িত্বশীল ব্যক্তিয়ে আগভাগ লোৱাটো নিত্যান্তই প্ৰয়োজনীয় ৷ কিয়নো বাহিৰৰ প্ৰায়বোৰ দেশেই সময়ৰ লগতে নিজকো একে গতিত সলনি কৰিবলৈ সক্ষম হৈছে ৷ কাৰণ কোনো ক্ষেত্ৰতে তেওঁলোকে নিজৰ মানৱ সম্পদ হেৰুৱাব নিবিচাৰে ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়ে বাহিৰৰ দেশ সমূহে নিজ দেশৰ জীৱনধাৰা এক আন্তৰ্জাতিক স্তৰলৈ লৈ যাব সক্ষম হৈছে ৷ একেবাৰে নিম্ন শ্ৰেণীৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয় পৰ্য্যন্ত সকলোতে এক বুজন পৰিমাণৰ আধুনিক প্ৰযুক্তিবিদ্যাৰ চিন্তাধাৰাৰ প্ৰতিফলন ঘটা পৰিলক্ষিত হৈছে ৷ যাৰ ফলত সেই দেশসমূহৰ শিক্ষাই বিশ্বযুৰি ছাত্ৰ-ছাত্ৰীবোৰকো বাৰুকৈয়ে আকৰ্ষিত কৰিব ধৰিছে ৷ আৰু লগতে তেনে দেশবোৰত এক দ্ৰুত গতিত উদ্যোগীকৰণ প্ৰক্ৰিয়াও অতি নিয়াৰিকৈ পৰিচালনা হৈ আছে ৷

অৱশ্যে এতিয়া ভাৰতৰো কিছু কিছু ঠাইত (দিল্লী, মুম্বাই, কলকাতা, চেন্নাই, বাংগালুৰু , পঞ্জাৱ ইত্যাদি ) অত্যাধুনিক প্ৰযুক্তিবিদ্যা সম্বলিত পদ্ধতিৰ দ্ৰুত গতিত প্ৰভাৱ বিস্তাৰ কৰা দেখা গৈছে ৷ অসমতো তেনে প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱ পৰিছে যদিও এতিয়াও বাকি বহু ঠাইৰ তুলনাত বহুখিনিয়ে কম ৷ যাৰ ফলত তেনে ঠাই সমূহকে এক বুজন পৰিমাণৰ উচ্চ শিক্ষিত অসমীয়া ডেকা-গাভৰুৱে  নিজৰ জীৱন-নিৰ্বাহৰ বাহৰ পাটি লোৱা দেখা গৈছে ৷

পৰোক্ষভাৱে; কিন্তু ইয়াৰ পৰা অসমৰ ভাবিব নোৱাৰা ধৰণেৰে ক্ষতি হৈ আছে ৷ কাৰণ কোনো এক দেশ বা জাতিৰ প্ৰধান শক্তি হ’ল সেই দেশৰ ডেকাচাম ৷ আৰু নিজৰ মাটিয়ে যদি নিজৰ ডেকা চামকে হেৰাই তেন্তে তেনে মাটিৰ ভৱিষ্যত কোনো ফালৰ পৰাই সুৰক্ষিত বুলি মানি ল’ব নোৱাৰি… ৷

 – অলকেশ শৰ্মা,

মুখ্য-সম্পাদক, ‘সন্ধান’ অসমীয়া ই-আলোচনী

Share.

About Author

2 Comments

  1. ৰক্তিম চৌধুৰী on

    সম্পাদকৰ চিন্তাধাৰা যথেষ্ট উচ্ছমানৰ। কিন্তু ভাষা প্ৰয়োগৰ ক্ষেত্ৰত যথেষ্ট কচৰৎ কৰাৰ প্ৰয়োজন আছে। কিছুমান বাক্যত খুট আছে।

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.