সম্পাদকীয় : ২য় বৰ্ষ, ১০ম সংখ্যা

0

বিহুৰ বতৰ এয়া ৷ অসমখন এতিয়া অনাগত ৰঙালী বিহুক আদৰাৰ অপেক্ষাত ৷ নতুন কাপোৰ , নতুন পঘা ইত্যাদি সামগ্ৰীসমূহেই এতিয়া বিহুৰ বজাৰ ৷ নতুন বছৰটোৰ বাবে সকলোৱেই যেন এক নতুন আশাৰ সাগৰত সাঁতুৰি আছে ৷ সকলোৰে গাত এক বুজাব নোৱাৰা আনন্দ – উদ্দীপনা ৷ মুঠৰ ওপৰত কিবা এটা নতুনত্বৰ বাবেই বাট চাই আছে অসমী আইৰ বহাগী মন ৷

সাপ্তাহিক বজাৰখনলৈও উলাই গলে ; এতিয়া বিক্ৰেতাজনে গ্ৰাহক জনৰ ওচৰত একেবাৰে ভাল বস্তুহে বিক্ৰী কৰিছে ; বহুদিনৰ শাক-পাচলীবোৰ পানীৰে ধুই বিক্ৰী কৰিব গৈ গ্ৰাহক সকলক বিমুখ কৰিব যোৱা নাই ৷ কাপোৰৰ দোকান বোৰতো একেবাৰে দুখীয়া পৰিয়ালৰ পৰা ধনপতিসমুহেও ভিৰ কৰিছে ৷ উদ্দেশ্য একেটাই ; কম বেছি পৰিমাণে হ’লেওঁ আপোনজনৰ বাবে এখন বিহুৱান কিনাৰ ৷

গাঁৱৰ ফালে কোনো শিপিণী মহিলাই নিজৰ জোৱায়েকলৈ বুলি ভিন্ন ফুলৰ গামোচা তৈয়াৰ কৰি উলিয়াইছে ৷ কোনোৱে নিজৰ মানুহজনলৈ ৰঙীন কাপোৰত ধুনীয়া ফুল তুলি সৰু সৰু ৰুমাল বনাইছে ৷

বিহুৰ বতৰত অতিকৈ মৰমলগা ফুল বিধ হ’ল কপৌ ফুল ৷ এই ফুলবিধতেই বিহুৱা নাচনীৰ সৌন্দৰ্য্যৰ গৌৰৱ ৷ আজিকালি অৱশ্যে কৃত্ৰিম কপৌ ফুলো বজাৰত পোৱা যাই ৷ আচল ফুলবিধৰ অভাৱনীয়তাৰ ফলত এনেকুৱা হোৱা বুলি ধাৰণা কৰিব পাৰি ৷ তথাপিতো বহু সময়ত নাচনী বোৰে এনেকুৱা ধৰণৰ কৃত্ৰিমতাৰ পৰা নিজকে দূৰতে ৰাখিব খোজা পৰিলক্ষিত হৈছে ৷ বিহুৱা ডেকা সকলোৰো এতিয়া গাত তত নাইকিয়া ৷ আগন্তুক বিহুৰ বাবে নিজৰ নিজৰ ঢোল, পেপা, তাল আদিক ধুনীয়াকৈ সজাই পৰাই বিহু নৃত্যৰ আখৰাত ব্যস্ত সকলো ৷

মুঠৰ ওপৰত বিহুৰ শুভেচ্ছা দিয়াৰ ক্ষেত্ৰত কোনেও পিছ পৰি ৰব ইচ্ছা কৰা নাই ৷

সকলোৱে নিজৰ নিজৰ সামৰ্থ্যানুসৰি বিহুটিক এক নতুন ৰূপ দিবলৈ চেষ্টা কৰিছে ৷ নাচনিৰ কঁকালৰ ভাজে ভাজে নৃত্যময়ী নল বিৰিণা খাগৰি ইত্যাদিৰ সৈতে সকলোৱে এতিয়া অনাগত ৰঙালী বিহুৰ বিহুৱানলৈ অপেক্ষাৰত ……. ৷৷

 

বিহুৰ শুভেচ্ছাৰে ……

 

– অলকেশ শৰ্মা,

  মুখ্য-সম্পাদক, সন্ধান

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.