সম্পাদকীয় : ২য় বৰ্ষ ৯ম সংখ্যা

0

প্ৰতিযোগিতামূলক পৰীক্ষা ……

প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হোৱাটো বৰ্তমানৰ সময়ৰ নিয়োগ ব্যৱস্থাৰ এক অন্যতম অপৰিহাৰ্য হোৱা দেখা গৈছে ৷ অৱশ্যে পৰীক্ষাৰ মাধ্যমেৰে সিদ্ধান্ত গ্ৰহণ কৰা নিয়মটো তাহানিৰ ৰামায়ণৰ দিনৰ পৰাই চলি অহাৰ প্ৰবাদ পোৱা যায় ৷ দেৱী সীতাৰ সতীত্বৰ প্ৰমাণ দিবলৈ স্বয়ং ৰামে সীতাক অগ্নিপৰীক্ষাৰ সন্মুখীন হ’বলৈ আদেশ দিছিল ৷ এফালে আকৌ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বিজ্ঞানী এডিছনৰ মতে কোনো পৰীক্ষাৰ দ্বাৰাই এজন মানুহৰ মগজুৰ সঠিক জোখ মাখ উলিয়াব নোৱাৰি ৷ কিন্তু যদি বৰ্তমানৰ শিক্ষা ব্যৱস্থাটোলৈ মন দিয়া যায় তেতিয়াহ’লে আমি দেখো যে; ভাৰতবৰ্ষৰ প্ৰায় সকলো বিভাগতে পৰীক্ষাৰ এক সু-নিয়ন্ত্ৰিত পৰিচালনা পদ্ধতি ব্যৱহাৰ হৈ আহিছে ৷ কিন্তু উক্ত পদ্ধতিৰ দ্বাৰা কিমান খিনি লাভৱান হব পৰা যায় আমি কেতিয়াও ভাবি চোৱা নাই ৷

প্ৰায় বিংশ শতিকাৰ মাজভাগত (প্ৰধানকৈ ভাৰতৰ স্বাধীনতাৰ পিছত); ইংৰাজে ঠান বান কৰি থৈ যোৱাৰ পিছত লাহে লাহে কিছুমান আগ্ৰহী যুৱক যুৱতী য়ে শিক্ষাৰ ক্ষেত্ৰ খনিত নিজৰ নাম সোণালী আখৰেৰে লিখি থৈ যাবলৈ সক্ষম হৈছিল ৷ তেতিয়াৰ দিনত ছাত্ৰ ছাত্ৰীৰ শিক্ষাগত অৰ্হতানুসৰি নিজৰ নিজৰ যোগ্য চাকৰি বিচাৰি লব পাৰিছিল ৷ উচ্চ শিক্ষিত ছাত্ৰ ছাত্ৰীৰ সংখ্যা তেনেই তাকৰ আছিল বাবে তেতিয়াৰ দিনত পৰীক্ষাৰ মাধ্যমেৰে যোগ্য জনক বাচি উলিয়োৱাটো বৰ বিশেষ লাভজনক নাছিল ৷ ইয়াৰ এটা লাভজনক দিশ হ’ল প্ৰাৰ্থীৰ সংখ্যা তাকৰ হলেও ; গুণগত দিশত তেওঁলোক খুব আগবঢ়া আছিল ৷ যাৰ ফলত তেওঁলোকৰ আৰু বেলেগকৈ পৰীক্ষা লোৱাটো নিৰৰ্থক আছিল ৷

কিন্তু এতিয়া সময়ৰ সলনিৰ লগতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰবাল সোঁতত বিভিন্ন ধৰণৰ শিক্ষা প্ৰতিস্থানৰ সহযোগত একো একোটা বিভাগতে অতি কমেও লাখ লাখ ছাত্ৰ-ছাত্ৰী প্ৰতি বছৰে উলাই আছে ৷ যাৰ ফলত নিয়োগৰ ক্ষেত্ৰতো অংশগ্ৰহণকাৰীৰ সংখ্যা খুব বেছিকৈ বৃদ্ধি পাইছে ৷ এনেকুৱা ধৰণৰ বহু সংখ্যাৰ পৰা বাচনি কৰিবলৈ হ’লে অকল শিক্ষাগত অৰ্হতাই যথেষ্ট নহয় ৷ যাৰ ফলত সকলো বিভাগৰে বাবে বেলেগে বেলেগে এক সুপৰিকল্পিত পৰীক্ষা ব্যৱস্থা প্ৰচলন কৰা হয় ৷ ইয়াৰ ফলত অৱশ্যে অংশগ্ৰহণকাৰীৰ মনত কম বেছি পৰিমাণে হলেও এক প্ৰতিযোগিতামূলক মনোভাৱৰ সৃষ্টি হোৱা দেখা যায় ৷ যাৰ ফলস্বৰূপে প্ৰতিজন অংশগ্ৰহণকাৰীয়ে নিজকে এক উচ্চ মানত প্ৰতিস্থা কৰিবলৈ সুযোগ পায় ৷

 

– অলকেশ শৰ্মা,

মুখ্য সম্পাদক

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.