সম্পাদকীয় – ১ম বছৰ, ৩য় সংখ্যা

2

“Stop says the red light

Go says the green

Change says the amber one

Blinking in between…”

আবাল-বৃদ্ধা-বনিতা প্ৰত্যেকেই জানিবলগীয়া এটা গুৰুত্বপূৰ্ণ কথাৰে এইটো এটি সৰল অথচ মনপৰশা পদ্য৷ নাৰ্ছাৰী শ্ৰেণীত অধ্যয়নৰত মোৰ ভাগিনক পঢ়াওতে উক্ত পদ্যটি পাইছিলো আৰু ই মোৰ মন-মগজুক বাৰুকৈয়ে চুই গৈছিল৷ পদ্যটিৰ গুৰুত্ব বুজি সেই পাঁচ বছৰীয়া শিশুটিক তাৰ ভিতৰৰ কথাখিনি বুজাবলৈ মই চেষ্টা কৰিছিলো (পাঁচ বছৰীয়া হ’লেও) আৰু সিও বুজি পাই কৈ উঠিছিল – “তাৰমানে ৰঙা লাইট জ্বলিলে ৰখি দিব লাগে আৰু সদায় মানি চলিম৷ মই যে মা-দেউতাৰ লগত সদায় থাকিব বিচাৰো!”

পদ্যটিৰ একেখিনি কথাকেই মায়ো আমাক একালত শিকাইছিল৷ গাঁৱৰ প্ৰাথমিক স্কুলখনৰ ডেওনা অতিক্ৰম কৰাৰ পিছত হাইস্কুলীয়া শিক্ষাৰ বাবে প্ৰথমবাৰলৈ বুলি নগৰলৈ যাব লগা হৈছিল আৰু গাঁৱৰ পৰা নগৰলৈ বুলি এই পথ পৰিক্ৰমাত আমি এটি ৰেলআলি অতিক্ৰম কৰিব লগা হৈছিল৷ নগৰলৈ বুলি মোৰ এই প্ৰথম অকলশৰীয়া যাত্ৰাৰ প্ৰাকমুহুৰ্তত মাই মোক দঢ়াই দঢ়াই কৈছিল – “ছিগনেল পোষ্ট’ৰ ৰঙা নে সেউজীয়া কোনটো জ্বলি থাকে, সেই চাইহে ৰে’লআলি পাৰ হ’বি৷” দহ-এঘাৰমান বয়সত মাই কোৱা কথাখিনি বুকুৰ কোনোবাখিনিত চিৰদিনৰ বাবে এঠা লাগি ৰৈ গ’ল৷ পিচে গুৱাহাটী মহানগৰীত যি দেখি আছোঁ, ভাব হৈছে মাই শিকোৱা কথাটি মান্ধাতা যুগৰ ‘ইটো কৰিব নাপায়, সিটো কৰিব নাপায় ধৰণৰ কথাহে৷’ অৱশ্যে বহুতে বিশেষকৈ ‘আল্ট্ৰা মডাৰ্ণ’ কিছুমান যুৱকে, আনকি ভব্য-গব্য নাগৰিকেও নিৰ্দেশক খুঁটাৰ নিৰ্দেশনা অমান্য কৰাটোৱেই এটা ফেছন তথা পুৰুষত্বৰ কাম বুলি ভাৱে৷ অৱশ্যে কথাটো তেনে নহ’বও পাৰে৷ অজ্ঞতাও ইয়াৰ কাৰণ হ’ব পাৰে৷ হয়তো পাঁচ বছৰীয়া শিশুটিৰ নিচিনা তেওঁলোকৰ পাঠ্যক্ৰমত উল্লিখিত পদ্যটি নাছিল অথবা পিতৃ-মাতৃয়েও তেনে শিক্ষা দিয়া নাই! তদুপৰি ৰাজপথত জন আব্ৰাহামৰ সংখ্যা ইমানেই বাঢ়িছে যে আজি আপুনি য’তে-ত’তে ‘ধুম’ নামৰ বলিউডী বোলছবিখনৰ ‘ষ্টান্ট’ দেখিবলৈ পাব আৰু দেখিবলৈ পাব মাক-দেউতাকৰ প্ৰেছাৰ-ছুগাৰ বঢ়াই প্ৰাইভেট নাৰ্ছিং হোমৰ আই. চি. ইউ.ত জীৱনৰ সৈতে যুজি থকা সেই জন আব্ৰাহামসকলক অথবা দেখিব সেই জন আব্ৰাহামৰ উৎপাতত কোনো নিৰীহ নাগৰিকৰ নাজল নাবল অৱস্থা হোৱা! বহুতেই আকৌ হেলমেট পৰিধান নকৰে! মুঠতে নিয়ম নাভাঙিব লগা নিয়মসমূহ ভংগ কৰাটোৱেই যেন আধুনিক ফেছন৷

ফেছনৰ বাবেই হওক অথবা অজ্ঞতাৰ বাবেই হওক, ‘ট্ৰেফিক ছিগনেল’ অৱমাননা কৰাটো অপৰাধ৷ এনে অপৰাধীৰ সংখ্যা খুব এটা বেছি নহ’লেও যিখিনি আছে, সিখিনিয়েই অঘটন ঘটোৱাৰ কাৰণে যথেষ্ট৷ আমাৰ নিজৰেই অলপতে তেনে অঘটন ঘটাৰ উপক্ৰম হৈছিল৷ ট্ৰেফিক ছিগনেল ভংগ কৰে কোনোবাই আৰু ভুগিব লগা হয় কোনোবাই৷ এটা জীৱনৰ মূল্য এটা পৰিয়ালৰ বাবে কিমান, সেয়া নক’লেও হ’ব৷ গতিকে, নিয়ম ভংগকাৰী এনে অপৰাধীসকলে কিছু ভদ্ৰতা আৰু ‘কমনচেঞ্চ’ দেখুওৱাই ট্ৰেফিক নিয়ম মানি চলিব বুলি আশা কৰিছোঁ৷ এইক্ষেত্ৰত জনসাধাৰণো যথেষ্ট সজাগ হ’ব লাগিব লগতে ট্ৰেফিক পুলিচ তথা প্ৰশাসন কঠোৰ হোৱাটো উচিত৷

– প্ৰণৱ ঠাকুৰীয়া,

সম্পাদক, ‘সন্ধান’

Share.

About Author

2 Comments

  1. Racktim Choudhry on

    Aibaror Pranab Thakuria r Editorial, Bhaskarjyoti Bhattacharya r editoroloi letter parhilo. val hoise. Amarjyoti Choudhry Sir or Interview to aru unnato korar thal asil.
    Xondhan loi svakamona thakil….
    Dhanyabad.

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.