সম্পাদকলৈ চিঠি – ফাৰহীনা ৰহমান

0

পৰিৱৰ্তিত সামাজিক অৱস্থাৰ লগত নিজকে খাপ খুৱাবলৈ পৰম্পৰাগত ব্যৱস্থাক নতুন পথেৰে গ্ৰহণ কৰাৰ আৱশ্যকতাৰ খুবেই প্ৰয়োজন ৷ এই গতিশীল সময়ৰ লগত খোজত খোজ মিলাই আগুৱাই যোৱাৰ বাসনা জগাই তুলিছে ইউনিকোডত প্ৰকাশিত অসমীয়া ই-আলোচনী ‘সন্ধান’-এ ৷ অসমীয়া সমাজ ব্যৱস্থাৰ লগতে অসমীয়া ভাষা-সাহিত্য-বুৰঞ্জী আদিক সুন্দৰ ভাৱে প্ৰতিনিধিত্ব কৰা ‘সন্ধান’-ৰ এই পদক্ষেপ সঁচাকৈয়ে শলাগিবলগীয়া ৷ দৰাচলতে চাবলৈ গ’লে ব্যস্ততাৰে ভৰা জীৱনত সাহিত্য চৰ্চাৰ দিশত গুৰুত্ব দিয়াৰ অৱকাশ হয়তো খুব কম সংখ্যক লোকৰহে থাকে ৷ বিশেষকৈ নৱ-প্ৰজন্মৰ মাজত লিখা-মেলাৰ হেঁপাহ বাৰুকৈয়ে কমি গৈছে ৷ গোলকীকৰণৰ গ্ৰাসত পৰি জাতিৰ সত্তা হেৰুৱাই যাব খোজা কালছোৱাতেই ‘সন্ধান’ৰ এই নতুন প্ৰচেষ্টাই নৱ-প্ৰজন্মক সাহিত্য চৰ্চা কৰাত উদ্বুদ্ধ কৰাইছে ৷ প্ৰায় সকলো দিশ সামৰা ‘সন্ধান’-এ যদি অসমৰ বুৰঞ্জী প্ৰসিদ্ধ সনামধন্য লোকসকলৰ কৰ্মময় জীৱনী, তেওঁলোকে লিখা কবিতা-গল্প আদিৰ বিশ্লেষণৰ বিষয়ে লিখাত প্ৰাধান্য আগবঢ়াই তেতিয়া হয়তো ‘সন্ধান’-ৰ যোগেদিয়েই পঢ়ুৱৈসকলে জ্ঞান-গৰ্ভ ৰসৰ নৱ সোৱাদ পাব পাৰিব ৷ বৰ্তমান সমাজ ব্যৱস্থাত নাৰী সকলৰ স্থান, নাৰী সকলৰ সামাজিক অৱস্থা, নাৰী সকললৈ আগবঢ়োৱা সহায় সুবিধা আদিৰ ওপৰত প্ৰকাশিত লিখনীয়ে নাৰীসকলৰ নিৰাপত্তাত আৰু ভৱিষ্যত জীৱন সুনিশ্চিত্ত কৰাত সহায় কৰিব ৷ সংস্কাৰমুখী মনোভাৱেৰে গতিশীল ই-আলোচনী ‘সন্ধান’ সফলতাৰ শিখৰত উপনিত হওক, তাৰেই আশাৰে…

ফাৰহীনা ৰহমান,

এ. ডি. পি. মহাবিদ্যালয়,

নগাওঁ ৷

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.